নিউমোনিয়া 

(PNEUMONIA)


নিউমোনিয়া (PNEUMONIA) কাৰণ কি কি?

👉কেইবিধমান জীৱাণু নিউমোকক্কাচ Pneumococcus, Streptococcus Pneumoniae, Staphylococcus Phyegense, Klebsiella Pneumoniae, Haemoplilus Influenzae,  Mycobactarium Pneumoniae, আৰু বিভিন্ন প্ৰকাৰৰ ভেঁকুৰৰ পৰা এই ৰোগ হয়। ইয়াৰ ভিতৰত প্ৰধান জীৱাণু হ'ল নিউমোকক্কাচ।


নিউমোনিয়া (PNEUMONIA) মূল লক্ষণ কি কি?

👉হঠাতে ঠাণ্ডা লাগি জ্বৰ হয়। ভোক নালাগে। মূৰৰবিষ হয়। জ্বৰ ১০৩/১০৪ ফাঃ পর্যন্ত হয়। গোটেই গাতে বিষ অনুভৱ হয়। বুকুৰ বিষ অধিক হয় আৰু কাহ হয়। প্রথমে শুকান কাহ হয়। কাহোতে কষ্ট হয়। দিন বেছি হ'লে কজলা বা হালধীয়া বৰণৰ খেকাৰ ওলায়। শ্বাস খৰতকীয়া (প্রতি মিনিটত ৩০-৪০ বাৰ) আৰু বেদনাদায়ক হয়। মুখৰ পৰা দুৰ্গন্ধ ওলায়, শৰীৰ দুৰ্বল হৈ পৰে, শৰীৰ চেঁচা হৈ পৰে। দুয়ো কোৱাৰিত ঘা হয়, জিভা বগা হয় আৰু মুখৰ ভিতৰৰ ছাল ছিগে।


নিউমোনিয়া (PNEUMONIA)পৰা কিদৰে বাচিব পাৰি?

👉এক চামুচ নহৰুৰ ৰসৰ লগত সামান্য গৰম পানী মিহলি কৰি খাব লাগে।

👉২ চামুচ কলীয়া তুলসীৰ ৰসত মৰাণ আদ। আধা চামুচ আৰু মৌ মিহলি কৰি দিনে ২ বাৰকৈ খোৱা উচিত।

👉 সিজু জুইত সেকি মূৰত প্ৰলেপ দিব লাগে।

👉দোৰোণ বনৰ ৰস ২ চামুচ কৈ সমপৰিমাণৰ পানী দি দিনে তিনিবাৰ খাব লাগে আৰু খুন্দি মূৰত প্ৰলেপ দিয়া ভাল। দোৰোণ বনৰ পাতৰ ৰস বুকুত মালিচ কৰিলেও ৰোগীয়ে যথেষ্ট আৰাম পায়।

👉 বোন্দা কেঁচু এটা ১০০ মিঃলিঃ পানীত কিছু সময় তিয়াই ৰাখি তাত ৯ টা জালুক খুন্দি মিহলাই কেচুৱাক এক চামুচ আৰু বয়সস্থ লোকক ২ চামুচকৈ দিনে ২ বাৰকৈ একেৰাহে তিনিদিন খুৱাব লাগে।


নিউমোনিয়া (PNEUMONIA) হলে কি খাব লাগে ?

👉শুহনি বন, বগা বাহকৰ ফুল আৰু পাতৰ ৰস, লঘুপাকী খাদ্য উপকাৰী। প্ৰথম অৱস্থাত ৰাতিপুৱা শুদা পেটত একোটাকৈ মুর্গী কণী কেঁচাই খাব লাগে। পাঁচ দিনত পাঁচটা খোৱা ভাল। 

নিউমোনিয়া (PNEUMONIA) হলে কি খাব লাগে ?

👉বিড়ি, চিগাৰেট, ভাং, ধঁপাত, মাদকদ্রব্য, মাংস, মাছ, উৰহী, বৰাচাউল, মাটিকঠাল, বেঙেনা, টেঙাবস্তু, জ্বলা আৰু ভজা- পোৰা বস্তু, মছলা বেয়া। ঠাণ্ডা লগাব নালাগে।


***