[ সূচনা ]
১। অর্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ: আদাম স্মিথক।
২। SEBI ৰ সম্পূৰ্ণ ৰূপটো লিখা।?
উত্তৰ : Securities and Exchange Board of India.
৩। কাম কৰিবলৈ সাজু থকা সকলো শ্রমিকে নিযুক্তি পায় আৰু সকলো কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে বুলি কোনে বিশ্বাস কৰে?
উত্তৰ : কেইন্দ্ৰৰ পূৰ্বৱৰ্তীকালৰ সংস্থাপিত।
8। "The General Theory of Em- ployment, Interest and Money" নামৰ গ্রন্থখন কোনে লিখিছিল?
উত্তৰ : জে এম কেইন্ছ।
৫। "The General Theory of Em- ployment, Interest and Money" নামৰ গ্রন্থখন কিমান চনত প্রকাশ হৈছিল?
উত্তৰঃ ১৯৩৬ চনত।
প্রশ্ন ৬। কোন চনত বৃহৎ মন্দাৱস্থা হৈছিল ?
উত্তৰঃ 1929 চনত ।
প্রশ্ন ২। অর্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে ?
উত্তৰঃ আদাম স্মিথক ।
প্রশ্ন ৩। অর্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনাে এটাৰ নাম লিখা ।
উত্তৰঃ চৰকাৰী খণ্ড ।
প্রশ্ন ৪। অর্থনীতি এখনত পৰিয়াল খণ্ডই কিদৰে প্ৰভাৱ পেলায় লিখা ।
উত্তৰঃ পৰিয়াল খণ্ডই ব্যক্তিগত প্রতিষ্ঠানৰ লগতে চৰকাৰী খণ্ডলৈ শ্ৰমৰ যােগান ধৰে আৰু চৰকাৰক যথেষ্ট পৰিমাণৰ কৰ – কাটল পৰিশােধ কৰে ।
প্রশ্ন ৫। উন্নয়নশীল দেশ এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ এখন উন্নয়নশীল দেশত চৰকাৰে অর্থনৈতিক কার্যকলাপ সম্পাদন ; আইন প্রণয়ন আৰু কল্যাণকামী কার্য সমাধা কৰে ।
প্রশ্ন ৬। ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ সম্পর্ক ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যষ্টিবাদী অর্থনীতি সমষ্টিবাদী অর্থনীতি নিকট সম্পর্ক স্থাপিত হয় যেতিয়া ব্যষ্টিবাদী অর্থনীতিৰ সাধাৰণ ভাৰসাম্যৰ বিষয়ে অধ্যয়ন কৰা হয় ।
প্রশ্ন ৭। সাধাৰণ সলন কি ?
উত্তৰঃ যি অৱস্থাত অর্থনীতি এখনৰ বজাৰৰ চাৰিদা আৰু যােগানৰ মাজত সমতা স্থাপন হয় তাকেই সাধাৰণ সলন বুলি কোৱা হয় ।
প্রশ্ন ৮। বৃহৎ অর্থনৈতিক সিদ্ধান্ত নিৰূপণকাৰী সকল কোন ?
উত্তৰঃ বৃহৎ অর্থনৈতিক সিদ্ধান্ত গ্রহণকাৰীসকল হ’ল ভাৰত চৰকাৰৰ অনুমােদনকাৰী সংগঠন ভাৰতীয় ৰিজাৰ্ভ বেংক , নিৰাপত্তা বিনিময় পৰিষদ আদি ।
প্রশ্ন ৯। কাম কৰিবলৈ সাজু থকা সকলাে শ্রমিকে নিযুক্তি পায় আৰু সকলাে কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে বুলি বিশ্বাস কৰা চিন্তা কুলটোৰ নাম কি ?
উত্তৰঃ পূর্ববর্তী কালৰ সংস্থাপিত অর্থনীতিবিদসকল যেনে- আদাম স্মিথ, আলফ্রেড মাছলি , জন ঔৱার্ট মিল আদি সংস্থাপিত অর্থনীতিৰ কুল ।
প্রশ্ন ১০। সমষ্টিবাদী অর্থনীতিৰ আন এটা নাম লিখা ।
উত্তৰঃ সমষ্টিবাদী অর্থনীতিৰ আন এটা নাম হ’ল — সামগ্রিক অর্থনীতি ।
প্রশ্ন ১১। সমষ্টিবাদী অর্থনীতিৰ দুটা চলকৰ নাম লিখা ।
উত্তৰঃ ভােগব্যয় আৰু জাতীয় আয় ।
প্রশ্ন ১২। ‘The General theory of Employment , Interest and Money’ ( নিয়ােগ , সুত আৰু ধনৰ সাধাৰণ সূত্র ) নামৰ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰঃ জন মেইনার্ড কেইন্স ।
প্ৰশ্ন ১৩। ‘ The General theory of Employment Interest and Money’ ( নিয়ােগ , সুত আৰু ধনৰ সাধাৰণ সূত্র ) নামৰ গ্ৰন্থখন কোন চনত প্রকাশিত হৈছিল ?
উত্তৰঃ ১৯৩৬ চনত ।
৬। খালী ঠাই পূৰণ কৰা।
সমষ্টিবাদী অর্থনীতি এটা অর্থনৈতিক চলকৰ সৈতে জড়িত।
উত্তৰ: সামগ্রিক।
খ. চমু উত্তৰৰ প্ৰশ্নঃ
১। সমষ্টিবাদী অর্থবিজ্ঞান কি?
উত্তৰ: সমষ্টিবাদী অর্থবিজ্ঞান হ'ল দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে সামগ্রিকভাৱে অধ্যয়ন কৰা বিজ্ঞান।
২। নিবনুৱা হাৰ কি?
উত্তৰ: কাম নকৰা লোকৰ সংখ্যা আৰু কাম কৰা লোকৰ সংখ্যাৰ হৰণফলেই হ'ল নিবনুৱাৰ হাৰ।
৩। সাধাৰণ ভাৰসাম্য কি?
উত্তৰ: কোনো এখন বজাৰৰ যোগান আৰু চাহিদাৰ পাৰস্পৰিক সমতাৰ অৱস্থাকেই 'সাধাৰণ ভাৰসাম্য' বুলি কোৱা হয়।
৪। অর্থনৈতিক প্রতিনিধি বুলিলে কি বুজা?
উত্তৰ: অর্থনৈতিক সিদ্ধান্ত গ্রহণ কৰা ব্যক্তি, সংগঠন বা অনুষ্ঠানক। 'অর্থনৈতিক প্রতিনিধি' বোলা হয়।
৫। বহিঃ খণ্ডৰ অর্থ কি?
উত্তৰ: বহিঃখণ্ডৰ অৰ্থ হ'ল- দেশীয় অর্থনীতিৰ লগত বিশ্বৰ আন দেশৰ সৈতে থকা অর্থনৈতিক লেনদেন।
'৬। আমদানি বুলিলে কি বুজা?
উত্তৰ: দেশ এখনে বিশ্বৰ আন আন দেশৰ পৰা সামগ্রী ক্ৰয় কৰাকে 'আমদানি' বোলে।
৭। ৰপ্তানি বুলিলে কি বুজা?
উত্তৰ: দেশীয় সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত বিক্রী - কৰাকে 'ৰপ্তানি' বোলে।
৮। মহা মন্দাৱস্থা কেতিয়া দেখা দিছিল?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ মহা মন্দাৱস্থাই দেখা দিছিল।