Chapter 1 - 

প্ৰাক্ স্বধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা

অতি চমু প্ৰশ্ন-উত্তৰ ✦

১. অৰ্থনৈতিক আস্তঃ গাঁথনি বুলিলে কি বুজা যায়?

উঃ দেশৰ সেইবোৰ মূলভিত্তি যাৰ ওপৰত অৰ্থনীতি নিৰ্ভৰ কৰে, তাক অৰ্থনৈতিক আস্তঃ গাঁথনি বোলে।

২. গৌণ খণ্ড কি?
উঃ উদ্যোগ, যন্ত্ৰপাতি, নিৰ্মাণ আদি সম্পৰ্কীয় খণ্ডক গৌণ খণ্ড বোলে।

৩. সেৱা খণ্ড কি?
উঃ বেংক, বীমা, পৰিবহণ, যোগাযোগ, বেপাৰ-বাণিজ্য আদি সাঙুৰি লোৱা খণ্ড হ’ল সেৱা খণ্ড।

৪. প্ৰাথমিক খণ্ড কি?

উঃ যিবোৰ খণ্ডই কৃষি আৰু কৃষিৰ লগত জড়িত কাম-কাজক সাঙুৰি লয় তাক প্ৰাথমিক খণ্ড বোলে।

৫. স্থৱিৰ অৰ্থনীতি কি?
উঃ যিখন অৰ্থনীতিত উন্নয়নৰ গতি অতি কম, তাক স্থৱিৰ অৰ্থনীতি বোলে।

৬.কাৰ্যভিত্তিক গঠন (Occupational Structure) বুলিলে কি বুজা যায়?

উঃ মানুহে বিভিন্ন খণ্ডত নিয়োজিত হৈ থকা পদ্ধতিক কাৰ্যভিত্তিক গঠন বোলে।

৭. এখন দেশৰ মুখ্য খণ্ড সমূহ কি কি?
উঃ
(ক) প্রাথমিক খণ্ড
(খ) গৌণ খণ্ড
(গ) সেৱা খণ্ড

৮. কৃষিৰ বাণিজ্যিকৰণ বুলিলে কি বুজা?
উঃ শস্যৰ উৎপাদন ভোগৰ বাবে নহয়, বজাৰত বিক্ৰী কৰিবলৈ কৰা উৎপাদনক কৃষিৰ বাণিজ্যিকৰণ বোলে।

৯. প্রাথমিক খণ্ডৰ বিষয়সমূহ কি কি?
উঃ
(ক) কৃষি
(খ) বনাঞ্চল
(গ) মীন পালন
(ঘ) গাখীৰ উৎপাদন
(ঙ) ফুল আৰু শাক-পাচলি
(চ) খনিজ খনন

১০. সেৱা খণ্ডৰ বিষয়সমূহ কি কি?

উঃ
(ক) পৰিবহণ আৰু যোগাযোগ
(খ) বেপাৰ-বাণিজ্য
(গ) বেংক আৰু বিত্ত
(ঘ) বীমা
(ঙ) হোটেল-ৰেষ্টুৰেণ্ট
(চ) চৰকাৰী সেৱা, প্ৰতিৰক্ষা, সামাজিক সেৱা

১১. গৌণ খণ্ডৰ বিষয়সমূহ কি কি?

উঃ
(ক) উদ্যোগ
(খ) যন্ত্ৰপাতি আৰু নিৰ্মাণ
(গ) বিদ্যুৎ
(ঘ) গেছ
(ঙ) পানী যোগান

১২. বৃটিছ শাসনকালত ভাৰতীয় জনসংখ্যাৰ এটা বৈশিষ্ট্য লিখা।
উঃ জন্ম হাৰ আৰু মৃত্যু হাৰ দুয়োটাই খুব উচ্চ আছিল।

১৩. ঔপনিবেশিক শাসন বুলিলে কি বুজা?
উঃ যেতিয়া এটা দেশ আন এখন দেশত গই শাসন স্থাপন কৰে তাক ঔপনিবেশিক শাসন বোলে।

১৪.  ঔপনিবেশিক শাসনকালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইজন অৰ্থনীতিবিদৰ নাম লিখা।

উঃ
(ক) দাদাভাই নৌৰাজী
(খ) ফিন্দলে’ ই ছিৰাচ
(গ) আৰ.চি. দেশাই
(ঘ) ভি.কে.আৰ ভি. ৰাও

১৫. বৃটিছ শাসনকালত ভাৰতীয় অৰ্থনীতিৰ স্থৱিৰতাৰ কাৰণসমূহ কি কি?
উঃ
(ক) নিম্ন মানৰ প্ৰযুক্তি ব্যৱহাৰ
(খ) জলসিঞ্চনৰ অভাৱ
(গ) সাৰ আৰু কীটনাশকৰ অভাৱ
(ঘ) জমিনদাৰী, মহলদাৰী আদি ভূমি প্ৰথাৰ প্ৰয়োগ

১৬. 'সম্পদ নিৰ্গত' বুলিলে কি বুজা?

উঃ এখন দেশৰ সম্পদ আন দেশলৈ নিয়া হওঁকেই সম্পদ নিৰ্গত বোলে।

১৭.  ভাৰতত পৰিকল্পনা কাৰ্য্যকৰী কৰা সংগঠনটোৰ নাম কি?

উঃ পৰিকল্পনা আয়োগ।

১৮.  অৰ্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?

উঃ এটা আগতীয়াকৈ স্থিৰ কৰা পদ্ধতি, যাৰ সহায়ত লক্ষ্য পূৰণৰ চেষ্টা কৰা হয়।

১৯. পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল?

উঃ ভাৰতৰ প্ৰধানমন্ত্ৰী।

২০.পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উঃ ১৯৫০ চনৰ ১৫ মাৰ্চ।

২১. ভাৰতৰ একাদশ পৰিকল্পনাৰ উন্নয়নৰ হাৰ কিমান আছিল?

উঃ বছৰি ৯ শতাংশ (9%)।

২২.  পৰিকল্পনাৰ চূড়ান্ত অনুমোদন জনোৱা সংগঠনটোৰ নাম কি?

উঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ।

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১. ভাৰতত ইংৰাজসকলৰ কিবা ইতিবাচক বৰঙণি আছিল নে? আলোচনা কৰা।

উত্তৰঃ
ইংৰাজসকলে যদিও ভাৰতক শোষণ কৰিছিল, তথাপিও কিছু ইতিবাচক দিশ আছিলঃ

  • (ক) আধুনিক শিক্ষাৰ প্ৰচলন (ইংৰাজী শিক্ষা, মহিলা শিক্ষা)।

  • (খ) উদ্যোগ খণ্ডৰ আধুনিকীকৰণ আৰু ৰাজহুৱা বিনিয়োগ।

  • (গ) ৰেলৱে আৰু টেলিগ্ৰাফৰ দৰে গঠনমূলক অবকাঠামো উন্নয়ন।

  • (ঘ) কৃষিৰ বাণিজ্যিকীকৰণৰ জৰিয়তে উৎপাদনত উৎসাহ।

  • (ঙ) সতীদাহ, বাল্যবিবাহ, বহু বিবাহৰ দৰে কু-প্ৰথাৰ অবসান।

এইসকল দিশে সমাজ আৰু অৰ্থনৈতিক ক্ষেত্ৰত কিছু ইতিবাচক প্ৰভাৱ পেলাইছিল।

২. ঔপনিৱেশিক চৰকাৰে ভাৰতত কি ধৰণৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল আৰু তাত কিমান প্ৰভাৱ পৰিছিল?

উত্তৰ:
ঔপনিৱেশিক চৰকাৰে আত্মকেন্দ্ৰিক নীতি গ্ৰহণ কৰিছিল। তেওঁলোকে ভাৰতীয় অৰ্থনীতিৰ উন্নতিৰ সলনি ইংলেণ্ডৰ লাভৰ দিশে গুৰুত্ব দিছিল। এই নীতিৰ প্ৰভাৱত –

  • ভাৰত কেঁচা সামগ্ৰী যোগান ধৰোঁতা আৰু ইংলেণ্ডৰ সামগ্ৰী গ্ৰাহক দেশ হৈ পৰিল।

  • স্বদেশী উদ্যোগ নষ্ট হ’ল।

  • জনমূৰি আয় আদিৰ গুৰুত্ব বৃটিচে কেতিয়াও নিদিলে।

৩. বৃটিচে ভাৰতক আগবঢ়োৱা ধনাত্মক দানসমূহ কি কি?

উত্তৰ: বৃটিচে ভাৰতক আগবঢ়োৱা ধনাত্মক দানসমূহ অন্তর্ভুক্ত –
(ক) ৰে’ল আৰু পথ ব্যৱস্থাৰ উন্নয়ন।
(খ) জল পৰিবহন আৰু বন্দৰ নিৰ্মাণ।
(গ) ডাক আৰু তাঁৰ ব্যৱস্থাৰ প্ৰচলন।
(ঘ) ইংৰাজী শিক্ষা আৰু স্ত্রী শিক্ষাৰ সূচনা।

৪. ঔপনিৱেশিক শাসনকালত ভাৰতৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট ব্যক্তিৰ নাম লিখা।
উত্তৰ: প্ৰধান ব্যক্তিসকল –

  • দাদাভাই নওৰোজী

  • উইলিয়াম ডিগবি

  • ভি. কে. আৰ. ভি. ৰাও

  • আৰ. টি. দেশাই

  • ফিগুলেছিৱাচ

৫. ঔপনিৱেশিক সময়ত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ কাৰণবোৰ কি আছিল?
উত্তৰ: ভাৰতীয় কৃষিৰ স্থবিৰতাৰ মুখ্য কাৰণসমূহ –
(ক) ভূমি বন্দোবস্তৰ অযথা চাপ।
(খ) উন্নত প্ৰযুক্তিৰ অভাৱ।
(গ) জলসিঞ্চনৰ সুবিধা নথকা।
(ঘ) পৰ্যাপ্ত সাৰ ব্যৱহাৰ নকৰা।

৬. ইংৰাজসকলে নিঃ-উদ্যোগীকৰণ নীতিৰ জৰিয়তে কি উদ্দেশ্য সাধন কৰিবলৈ বিচাৰিছিল?

উত্তৰ:
এই নীতিৰ মূল উদ্দেশ্য আছিল –
(ক) ভাৰতক কেঁচা সামগ্ৰী যোগান ধৰোঁতা দেশৰ ৰূপত ৰাখা।
(খ) ইংলেণ্ডৰ উদ্যোগৰ সামগ্ৰী বিক্ৰীৰ বাবে ভাৰতক বজাৰ হিচাপে ব্যৱহাৰ কৰা।

৭. স্বাধীনতাৰ সময়ত ভাৰতত থকা কিছুমান উদ্যোগৰ নাম লিখা।

উত্তৰ: (ক) বস্ত্ৰ উদ্যোগ (বিশেষকৈ বঙ্গদেশত)।
(খ) টাটা আইৰন এণ্ড ষ্টিল কোম্পানী (TISCO)।
(গ) টাটা এয়াৰলাইন্স।
(ঘ) ইণ্ডিয়ান আইৰন এণ্ড ষ্টিল কোম্পানী (IISCO)।

৮. “ঔপনিৱেশিক শাসনত ভাৰতৰ হস্তশিল্প ধ্বংস হৈছিল” – এই মন্তব্যৰ যুক্তিসহ সমৰ্থন দিয়া।
উত্তৰ:
এই মন্তব্য সত্য। কিয়নো –

  • বৃটিচে যন্ত্র-তৈৰী বস্ত্ৰ ভাৰতলৈ অনি সস্তাত বিক্ৰী কৰিছিল।

  • ভাৰতীয় হস্তশিল্প সেই প্ৰতিযোগিতাত টিকি ৰ’ব পৰা নাছিল।

  • কেঁচা সামগ্ৰীৰ ৰপ্তানি আৰু বজাৰ দখলৰ ফলত পৰম্পৰাগত শিল্প ধ্বংস হ’ল।

৯. ঔপনিবেশিক শাসন কালত ভাৰতীয় সম্পদৰ নিৰ্গমণ বুলিলে তুমি কি বুজা?

উত্তৰঃ
ঔপনিবেশিক শাসন কালত ভাৰতৰ পৰা ইংলণ্ডলৈ ধন-সম্পদৰ যি প্ৰবাহ হৈছিল তাকেই ‘ভাৰতীয় সম্পদৰ নিৰ্গমণ’ বোলে। দাদাভাই নৌৰাজীয়ে এই বিষয়টো ‘Drain Theory’ ৰ জৰিয়তে দাঙি ধৰে। ১৮৭৬ চনত তেওঁৰ গৱেষণা গ্ৰন্থ "Poverty of India" ত তেওঁ কৈছিল যে, ১৭৬৭ চনৰ পিছৰ পৰা ইংৰাজসকলে ভাৰতৰ পৰা বিশাল পৰিমাণৰ ধন ইংলণ্ডলৈ লৈ গৈছিল, যাৰ ফলত ভাৰত দাৰিদ্ৰ্যকবলিত আৰু অৰ্থনৈতিকভাৱে অনুন্নত হৈ পৰিছিল।
এই ধনৰ নিৰ্গমন কেইবাদৰে হৈছিল—

  • ইউৰোপীয় কৰ্মচাৰীসকলে ইয়াত উপাৰ্জিত ধন ইংলণ্ডলৈ পঠাইছিল।

  • দৰমহা আৰু পেঞ্চনৰ ৰূপত সম্পদ স্থানান্তৰ হৈছিল।

  • ভাৰতক ভাৰত আৰু ইংলেণ্ড উভয় চৰকাৰৰ ব্যয় বহন কৰিব লগা হৈছিল।

  • ৰপ্তানি অধিক আৰু আমদানি কম কৰাৰ ফলত ভাৰতে ধনৰ ক্ষতি ভুগিছিল।

১০. বৃটিচ ঔপনিৱেশিক চৰকাৰে প্ৰৱৰ্তন কৰা ঔদ্যোগিক নীতিৰ কিছুমান ক্ৰুটিৰ সমালোচনাত্মক মূল্যায়ন দিয়া।
উত্তৰ:
বৃটিচ ঔদ্যোগিক নীতিৰ ক্ৰুটিসমূহ –
(ক) উদ্যোগৰ বিকাশ কেবল কপাহী বস্ত্ৰ আৰু মৰাপাটলৈ সীমাবদ্ধ আছিল।
(খ) মূলধন সামগ্ৰী (Capital Goods) উৎপাদন শিল্প গঢ়ি উঠা নাছিল।
(গ) দেশীয় উদ্যোগৰ বিকাশত কোনো সহায় দিয়া হোৱা নাছিল।
(ঘ) উপযুক্ত বিত্তীয় সহায় বা পুঁজিৰ সুবিধা প্ৰদান কৰা হোৱা নাছিল।

১১.বৃটিচে আন্তঃগাঁঠনি উন্নয়নৰ জৰিয়তে কি লাভ কৰিবলৈ চেষ্টা কৰিছিল?

উত্তৰ:
বৃটিচে আন্তঃগাঁঠনি (infrastructure) উন্নয়ন কৰিলেও মূল লক্ষ্য আছিল –

  • সৈন্য পৰিবহন আৰু কেঁচা সামগ্ৰী ৰপ্তানি সহজ কৰা।

  • ৰে’ল, পথ, বন্দৰ, ডাক-তাৰ আদি উন্নয়নৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ বাণিজ্যিক লাভ, জনসাধাৰণৰ উপকাৰ নহয়।

১২. ঔপনিবেশিক শাসনকালত ভাৰতবৰ্ষত জনসংখ্যাৰ দৃশ্যপট সম্বন্ধে এটি পৰিমাণগত বিশ্লেষণ আগবঢ়োৱা।
উত্তৰঃ
১৮৮১ চনত প্ৰথমবাৰৰ বাবে ভাৰতত জনগণনা কৰা হৈছিল। এই সময়চোৱাত জনসংখ্যাৰ বৃদ্ধি অতি কম আছিল।

  • ১৯২১ চনৰ আগলৈকে ভাৰত ‘জনসংখ্যা সঞ্চৰণৰ প্ৰথম পৰ্যায়’ত আছিল।

  • ১৯২১ৰ পাছৰে পৰা দ্বিতীয় পৰ্যায় আৰম্ভ হয়।

  • সাক্ষৰতা ১৬% ৰো তলত আছিল; বিশেষকৈ মহিলাসকল অশিক্ষিত আছিল।

  • স্বাস্থ্য সেৱা অতি সীমিত আছিল, পানী আৰু বায়ুৰে জন্মোৱা ৰোগে বহু লোকৰ মৃত্যু ঘটাইছিল।

  • শিশুমৃত্যুৰ হাৰ ১০০০ত ২১৮ জন আছিল।

  • আয়ুস আছিল কেৱল ৩২ বছৰ।

  • দাৰিদ্ৰ্য আৰু অপুষ্টি সমাজত ব্যাপকভাৱে বিৰাজ কৰিছিল।

১৩. ভাৰতৰ প্ৰায়-স্বাধীনতা কালৰ বৃত্তিগত গাঠনিৰ মূল বৈশিষ্ট্যসমূহ দাঙি ধৰা।
উত্তৰঃ
স্বাধীনতাৰ সময়ত ভাৰতৰ বৃত্তিগত গাঠনি অধিক কৃষিনির্ভৰ আছিল।

  • ৭০-৭৫% লোক কৃষিখণ্ডত নিয়োজিত আছিল।

  • কেৱল ১০% লোক নিৰ্মাণ খণ্ডত আৰু ১৫-২০% লোক সেৱা খণ্ডত কাৰ্যৰত আছিল।

  • দক্ষিণ ভাৰত (তামিলনাড়ু, অন্ধ্ৰ প্ৰদেশ, কেৰেলা, পশ্চিমবংগ) ত বিকল্প খণ্ডসমূহত লোকৰ অংশগ্ৰহণ বাঢ়িছিল।

  • আনহাতে উৰিষ্যা, পাঞ্জাব আদি ৰাজ্যত কৃষিনিৰ্ভৰতা অধিক আছিল।

  • গোটেই দেশতে খণ্ডসমূহৰ ভিতৰত লোকৰ সংখ্যালঘুতাত পৰিৱর্তন খুব কম আছিল।

১৪. স্বাধীনতাৰ সময়ৰ ভাৰতৰ মুখ্য অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ কি আছিল?
উত্তৰঃ
স্বাধীনতাৰ সময়ত ভাৰতক বহুতো অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিলঃ

  • (ক) দাৰিদ্ৰ্য, অপুষ্টি আৰু অস্বাস্থ্য।

  • (খ) অনুন্নত কৃষি ব্যৱস্থা।

  • (গ) সিমিত উদ্যোগিক বিকাশ।

  • (ঘ) বৃটিছসকলে নিয়ন্ত্ৰিত বৈদেশিক বাণিজ্য।

  • (ঙ) অস্বাভাৱিক জনসংখ্যা বৃদ্ধি।

  • (চ) খণ্ডসমূহৰ ভিতৰত শ্ৰমিকৰ অনুপাতে কোনোধৰণৰ গঠনগত পৰিৱর্তন হোৱা নাছিল।

১৫. স্বাধীনতাৰ সময়ত ভাৰতৰ আন্তর্জাতিক বাণিজ্যৰ আয়তন আৰু দিশৰ বিষয়ে লিখা।
উত্তৰঃ
স্বাধীনতাৰ সময়ত ভাৰতৰ বৈদেশিক বাণিজ্যত বৃটিছসকলৰ একচেটিয়া নিয়ন্ত্ৰণ আছিল।

  • ভাৰতৰ পৰা কাঁচামাল—কপাহ, ৰেচম, নীল, মৰাপাট—ৰপ্তানি কৰা হৈছিল।

  • ইংলেণ্ডৰ পৰা তৈয়াৰী সামগ্ৰী—বস্ত্ৰ, যন্ত্ৰপাতি—আমদানি কৰা হৈছিল।

  • ভাৰতৰ ৰপ্তানি বেছি আৰু আমদানি কম আছিল, তথাপি এইৰ পৰা মুনাফা বৃটিছসকলে লৈ গৈছিল।

  • ৫০% তকৈ অধিক বাণিজ্য ইংলেণ্ডৰ সৈতে হৈছিল।

  • বাকীখিনি চীন, শ্ৰীলংকা, ইৰাণ আদি দেশৰ সৈতে হৈছিল।

  • ভাৰতৰ এই উদ্বৃত্ত ৰপ্তানিয়ে মূলত বৃটিছসকলৰ লাভৰ বাবে কাম কৰিছিল, ভাৰতৰ উন্নয়নৰ বাবে নহয়।

১৬.  স্বাধীনতাৰ সময়ত ভাৰতে মুখামুখি হোৱা অৰ্থনৈতিক সমস্যাবোৰ কি আছিল?

উত্তৰ:
স্বাধীনতাৰ সময়ত ভাৰতে মুখামুখি হোৱা মুখ্য অৰ্থনৈতিক সমস্যাবোৰ আছিল –
(ক) আত্ম-নিৰ্ভৰশীল অৰ্থনীতি গঠন কৰা।
(খ) আন্তঃগাঁঠনিক (infrastructure) উন্নয়ন।
(গ) উদ্যোগ ক্ষেত্ৰৰ উন্নয়ন।
(ঘ) দৰিদ্ৰতা আৰু বেকাৰত্ব দূৰ কৰা।
(ঙ) স্বাস্থ্য আৰু শিক্ষাৰ উন্নতি সাধন।