Chapter 7

নিয়োগ : বৃদ্ধি, তথ্যগত খবৰ আৰু অন্যান্য বিষয়

অতি চমু আৰু প্রশ্ন উত্তৰ

১। কাম কৰা ব্যক্তি বা শ্রমিক কোনজন?
উত্তৰঃ
যি ব্যক্তি অৰ্থনৈতিক কাম-কাজত জড়িত।

২। অৰ্থনৈতিক কার্যৱলী কি?
উত্তৰঃ
যি কাম দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰে।

৩। কাম কৰা জনসংখ্যাৰ অনুপাত কেনেকৈ গণনা কৰে?
উত্তৰঃ 
কাম কৰা জনসংখ্যাৰ অনুপাত = (কাম কৰা লোকৰ সংখ্যা / মুঠ জনসংখ্যা) × ১০০

৪। গাঁও আৰু নগৰ অঞ্চলত কাম কৰা লোকৰ অনুপাতৰ পাৰ্থক্যৰ কাৰণ?
উত্তৰঃ
গাঁওত কামৰ সুবিধা আৰু সম্পদ সীমিত।

৫। নিৱনুৱা কি?
উত্তৰঃ
যি লোক উৎপাদনমূলক কামত জড়িত নহয়।

৬। স্বেচ্ছাকৃত আৰু অস্বেচ্ছাকৃত নিবনুৱা কি?
উত্তৰঃ

  • স্বেচ্ছাকৃত: কামৰ প্ৰয়োজন নথকা লোক।

  • অস্বেচ্ছাকৃত: কাম বিচাৰি থকা, কিন্তু কাম নোপোৱা লোক।

৭। অস্বেচ্ছাকৃত নিবনুৱাৰ প্ৰকাৰ?
উত্তৰঃ
ঋতুগত, কাৰিকৰী, শ্ৰম বজাৰৰ অপূৰ্ণতা, আৰু অৰ্ধ-নিৱনুৱা।

৮। নিৱনুৱা বৃদ্ধি হোৱাৰ মুখ্য কাৰণ?
উত্তৰঃ
আৰ্থিক প্ৰগতি ধীৰ আৰু কর্মসংস্থানের অভাৱ।

৯। নগৰীয়া নিবনুৱাৰ ভাগ?
উত্তৰঃ
উদ্যোগিক আৰু শিক্ষিত নিবনুৱা।

১০। গ্ৰাম্য নিবনুৱাৰ ভাগ?
উত্তৰঃ
মুক্ত আৰু ছদ্মবেশী নিবনুৱা।

১১। উদ্যোগিক নিবনুৱাৰ কাৰণ?
উত্তৰঃ
নগৰী জনসংখ্যা বৃদ্ধি, প্ৰব্ৰজন, আৰু উদ্যোগিকৰণ ধীৰগতি।

১২। উদ্যোগিক নিবনুৱা সমাধানৰ উপায়?
উত্তৰঃ
উদ্যোগ বিকেন্দ্রীকৰণ আৰু আৰ্থিক উন্নতি।

১৩। শিক্ষিত নিবনুৱাৰ কাৰণ?
উত্তৰঃ
ত্রুটিপূৰ্ণ শিক্ষা, কাৰিকৰী অভাৱ, যোগান-চাহিদা অসমতা, আৰু অতিপূৰণি শিক্ষাপদ্ধতি।

১৪। শিক্ষিত নিবনুৱা সমাধান?
উত্তৰঃ

  • পরিকল্পিত শিক্ষা

  • বুনিয়াদী আৰু কাৰিকৰী শিক্ষাৰ বিস্তাৰ

  • আত্ম-কৰ্মসংস্থানৰ বাবে প্ৰশিক্ষণ আৰু মূলধন

  • কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ উন্নয়ন।

১৫। ঋতুগত নিবনুৱা কি?
উত্তৰঃ
বছৰত কিছু মাহহে কাম পোৱা কৃষক।

১৬। ছদ্মবেশী নিবনুৱা কি?
উত্তৰঃ
কাম কৰি থকা যেন দেখুৱাই উৎপাদন নকৰা লোক।

১৭। নিৱনুৱা সমস্যাৰ কাৰণ?
উত্তৰঃ
ধীৰগতি, কৰ্মসংখ্যা বৃদ্ধি, কাৰিকৰী অসাফল্য, আৰু অসাৰ শিক্ষা।

১৮। নিৱনুৱা সমস্যা সমাধান?
উত্তৰঃ

  • কৰ্মসংস্থান সৃষ্টি

  • দক্ষ কৰ্মীৰ বাবে বিশেষ ব্যৱস্থা

  • আত্ম-সহায়ক গোট

  • বিত্তীয় সাহায্য।

১৯। নিৱনুৱা নিমূলকৰণ আঁচনিৰ নাম?
উত্তৰঃ
SFDA, NREP, ৰাষ্ট্ৰীয় গ্ৰাম্য প্ৰশিক্ষণ, কৰ্ম আঁচনি, SGRY, NREGS, ভাৰত নিৰ্মাণ যোজনা।

২০। ভাৰতৰ নিয়োগৰ বৈশিষ্ট্য?
উত্তৰঃ
কম কাম কৰা লোক, নিম্ন উৎপাদিকা, আৰু গাঁও-নগৰ নিয়োগৰ পাৰ্থক্য।

২১। দশম পঞ্চবাৰ্ষিকত নিবনুৱাৰ পৰিমাণ?
উত্তৰঃ
৩৫.৩ নিযুত।

২২। নিৱনুৱা আৰু দৰিদ্ৰতাৰ সম্পৰ্ক?
উত্তৰঃ
ধনাত্মক; নিবনুৱা বৃদ্ধি হলে দৰিদ্ৰতা বৃদ্ধি।

২৩। শ্রমিক কোন?
উত্তৰঃ
অৰ্থনৈতিক কামত জড়িত যিকোনো অৱস্থাৰ লোক।

২৪। শ্রমিক জনসংখ্যাৰ অনুপাতৰ সংজ্ঞা দিয়া।
উত্তৰঃ
শ্রমিক জনসংখ্যাৰ অনুপাত হৈছে দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত সেইসকল লোকৰ ভাগ, যিসকলে উৎপাদনমূলক কাৰ্যত নিযুক্ত। এই অনুপাতৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কৰ্মসংস্থাপন আৰু মজুৰি ভিত্তিক জনসংখ্যাৰ অবস্থা বুজা যায়।

২৫। ভিক্ষাৰী, চোৰ, চোৰাংকাৰবাৰী, জুৱাৰী—এইসকল শ্রমিক নে? কাৰণ উল্লেখ কৰা।
উত্তৰঃ
এইসকল লোক শ্রমিক নহয়। কাৰণ, শ্রমিক বুলি সেইসকল লোকক কোৱা হয়, যিসকলে অৰ্থনৈতিক উৎপাদনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু মজুৰি অৰ্জন কৰে। ভিক্ষাৰী, চোৰ, চোৰাংকাৰবাৰী, আৰু জুৱাৰীৰ কামৰ দ্বাৰা দেশৰ কোনো উৎপাদন বৃদ্ধি নহয় আৰু তেওঁলোকে মজুৰি নাপায়, সেয়ে তেওঁলোকে শ্রমিক নহয়।

২৬। তলত উল্লেখ কৰা সকলৰ কোনজন সংগতিবিহীন?
(ক) এজন চেলুন স্বত্বাধিকাৰী
(খ) এজন মুচী
(গ) ‘মদাৰ ডায়েৰী’ৰ হিচাপ ৰক্ষক
(ঘ) টিউচন কৰা শিক্ষক
(ঙ) পৰিবহনৰ চালক
(চ) নিৰ্মাণ কাৰ্যৰ শ্ৰমিক

উত্তৰঃ
(ঘ) টিউচন কৰা শিক্ষক

২৭। নতুনকৈ সৃষ্টি হোৱা কামবোৰ প্ৰধানতঃ কোন খণ্ডত দেখা যায়? (সেৱা / প্রস্তুতকৰণ উদ্যোগ)
উত্তৰঃ
সেৱা খণ্ডত

২৮। ৪ জন ভাড়াতীয়া শ্রমিক থকা প্রতিষ্ঠানক কোন খণ্ডৰ প্রতিষ্ঠান বুলি কয়? (আনুষ্ঠানিক / অনানুষ্ঠানিক)
উত্তৰঃ
অনানুষ্ঠানিক খণ্ডৰ প্রতিষ্ঠান

২৯। নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা গাঁৱতকৈ নগৰত কিয় বেছি?
উত্তৰঃ
নগৰত অধিক সুযোগ-সুবিধা, উন্নত কৰ্মসংস্থাপন আৰু বেছি নিয়মিত কামৰ উপলব্ধতাৰ বাবে নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা বেছি।

৩০। মীনা এগৰাকী গৃহিনী। দৈনন্দিন ঘৰুৱা কামৰ উপৰিও তেওঁ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত কাম কৰে। তেওঁক শ্রমিক বুলি ক’ব পাৰিনে? যুক্তি দিয়া।
উত্তৰঃ
হয়, পাৰি। কাৰণ তেওঁ স্বামীৰ নিজস্ব ব্যৱসায়ত কাম কৰি আছে, যাৰ দ্বাৰা তেওঁ উৎপাদনমূলক কামত অংশগ্ৰহণ কৰে।

৩১। সংগতিবিহীন লোকজন বিচাৰি উলিওৱা—
(ক) আনৰ মালিকানাধীন ৰিক্সা চলোৱা ৰিক্সাচালক
(খ) ৰাজমিস্ত্রী
(গ) কাৰিকৰৰ দোকানৰ শ্রমিক
(ঘ) জোতা পলিচ কৰা ল’ৰা

উত্তৰঃ (ক) আনৰ মালিকানাধীন ৰিক্সা চলোৱা ৰিক্সাচালক

দীঘল প্রশ্ন উত্তৰ

১। তলৰ তালিকাখনত ১৯৯৯-২০০০ চনৰ ভাৰতবৰ্ষৰ জনসংখ্যা–শ্রমিকৰ অনুপাত দেখুওৱা হৈছে। এতিয়া ভাৰতৰ শ্রমিক বাহিনীৰ সংখ্যা (নগৰৰ আৰু সৰ্বমুঠ) গণনা কৰি উলিয়াব পাৰিবানে?

অঞ্চলজনসংখ্যা (কোটি)শ্রমিক জনসংখ্যা অনুপাত (%)নিৰূপিত শ্রমিকৰ সংখ্যা (কোটি)
গাঁও৭১.৮৮৪১.৯(৭১.৮৮ × ৪১.৯) / ১০০ = ৩০.১২
নগৰ২৮.৫২৩৩.৭(২৮.৫২ × ৩৩.৭) / ১০০ = ৯.৬১
সৰ্বমুঠ১০০.৪০৩৯.৫(১০০.৪০ × ৩৯.৫) / ১০০ = ৩৯.৬০

২। নিয়মিত বেতনভোগী শ্রমিকৰ মাজত মহিলাৰ সংখ্যা কিয় কম?

উত্তৰঃ নিয়মিত বেতনভোগী কামৰ বাবে উচ্চ কৰ্মদক্ষতা আৰু শিক্ষা প্ৰয়োজন হয়, য’ত মহিলাৰ অংশগ্ৰহণ তুলনামূলক কম। সেয়া বাবে নিয়মিত বেতনভোগী শ্ৰমিকৰ ভিতৰত মহিলাৰ সংখ্যা কম।

৩। ভাৰতত শ্রমবাহিনীৰ খণ্ডভিত্তিক বিভাজনক শেহতীয়া গতিধাৰা বিশ্লেষণ কৰা।
উত্তৰঃ ভাৰতত শ্রমবাহিনী প্ৰাথমিক খণ্ড (কৃষি, খনি, শিল খনন), গৌণ খণ্ড (প্ৰস্তুতকৰণ, বিদ্যুৎ, গেছ, পানী যোগান) আৰু সেৱা খণ্ড (ব্যৱসায়, পৰিবহন, সংৰক্ষণ)ত ভাগ কৰা হয়।
গাঁও অঞ্চলত প্ৰাথমিক খণ্ডত অধিক সংখ্যক শ্ৰমিক, নগৰ অঞ্চলত সেৱা আৰু গৌণ খণ্ডত অধিক শ্ৰমিক নিযুক্ত। মুঠতে, প্ৰাথমিক খণ্ডত আটাইতকৈ বেছি লোকৰ নিয়োগ আছে, কিন্তু সেৱাখণ্ডৰ বৃদ্ধি ধীৰগতিৰে হৈছে।

৪। বিগত ৫০ বছৰত ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ অনুপাতত নিয়োগ সৃষ্টিৰ বৃদ্ধি পাইছেনে? আলোচনা কৰা।
উত্তৰঃ বিগত ৫০ বছৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ধণাত্মকভাৱে বৃদ্ধি পালে যদিও নিয়োগৰ বৃদ্ধিৰ হাৰ কমি গৈছে। বিশেষকৈ ১৯৯০ৰ পিছত উৎপাদন বেছি হলেও নিয়োগৰ সৃষ্টি যথেষ্ট নহয়। এই অৱস্থাক নিয়োগহীন বৃদ্ধি বুলি কয়।

৫। আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ অধিক নিয়োগ সৃষ্টিৰ প্ৰয়োজন কিয়?
উত্তৰঃ আনুষ্ঠানিক খণ্ডত নিযুক্ত শ্ৰমিকসকলে সামাজিক সুৰক্ষা আৰু উচ্চ উপাৰ্জনৰ সুবিধা পায়। অৰ্থনৈতিক উন্নতি আৰু জীৱনৰ মান উন্নত কৰিবলৈ আনুষ্ঠানিক খণ্ডত অধিক নিয়োগ সৃষ্টি কৰাটো প্ৰয়োজন।