Chapter 9 (part 2) -

 উকি মাৰি ৰে'ল চলে

লিখোঁ আহা – প্ৰশ্ন আৰু উত্তৰ
(ক) ৰে'লগাড়ী কেনেকৈ চলে?
উত্তৰ: ৰে'লগাড়ী উকি মাৰি ঝক্ ঝক্‌ শব্দ কৰি চলে।

(খ) মইনা ক’লৈ যাবলৈ ৰৈ আছিল?
উত্তৰ: মইনা ধুবুৰীলৈ যাব বুলি ৰৈ আছিল।

(গ) আলিবাটত কি কি চলে?
উত্তৰ: আলিবাটত মটৰ, অট', চাইকেল আৰু বাছ চলে।

(ঘ) আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ। নদ-নদী, খাল-বিলত আমি কি দেখা পাওঁ?
উত্তৰ: নদ-নদী, খাল-বিলত আমি জাহাজ আৰু নাও দেখা পাওঁ।

(ঙ) তোমালোকে ৰে'ল, বাছ বা মটৰগাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে? কি কি দেখা পোৱা বাৰু?
উত্তৰ (উদাহৰণস্বৰূপ): হয়, মই ৰে'লগাড়ীৰ খিৰিকীৰে পাহাৰ, খেতি-পথাৰ, গাঁওঘৰ, গৰু-বাছ আদিও দেখা পাওঁ।

 অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Questions & Answers)

(চ) উৰাজাহাজ ক'ত উৰে?
উত্তৰ: উৰাজাহাজ আকাশত উৰে।

(জ) উৰাজাহাজ কি দৰে উৰে?
উত্তৰ: উৰাজাহাজ চৰাইৰ দৰে উৰে।

(ঝ) খিৰিকীৰে আমি কি দেখা পায়?
উত্তৰ: খিৰিকীৰে আমি উৰা মেঘ দেখা পায়।