CONCEPTS OF METALS AND NON-METALS

ধাতু আৰু অধাতুৰ ধাৰণা

CHAPTER 8 


EXERCISE (অনুশীলনী)

 

Q. 1. Darken the circle of correct answer (শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকে পূৰ কৰা ।)

(i) Which of the following is not applicable to iron?

(তলৰ কোনটো লোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়?)

(a) sonorous (সনাদী)

(b) dull (অনুজ্জ্বল)

(c) malleable (ঘাতসহনীয়)

(d) ductile (নমনীয়)

Ans. (b)

 

(ii) Which of the following metal reacts vigorously with water and

(তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে?)

(a) magnesium (মেগনেছিয়াম)

(b) copper (তাম)

(c) sodium (ছডিয়াম)

(d) uranium (ইউৰেনিয়াম)

Ans. (c)

 

(iii) Which metal is commonly used to make food packaging materials as it is cheaper, and its thin sheets can be folded easily into any shape? (তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে আঁজ কৰি যিকোনো আকৃতি দিব পাৰি বাবে সাধাৰণতে খাদ্য পেকেজিং সামগ্রী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়?)

(a) Aluminium (এলুমিনিয়াম)

(b) Copper (তাম)

(c) Iron (লো)

(d) Gold (সোণ)

Ans. (a)

 

(iv) Which of the following is formed when the residue obtained on burning sulphur is mixed with water?

(ছালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্টখিনি পানীত দ্ৰৱীভূত কৰিলে তলৰ কোনটো গঠন হয়?)

(a) sulphuric acid (ছালফিউৰিক এছিড)

(b) sulphurous acid (ছালফিউৰাছ এছিড)

(c) sulphonic acid (ছালফনিক এছিড)

(d) sulphur dioxide (ছালফাৰ ডাইঅক্সাইড)

Ans. (b)

 

(v) Bronze is an alloy of:

(ব্র'ঞ্জ হ'ল এবিধ_________ ৰ মিশ্ৰণ।)

(a) copper and zinc তাম আৰু জিংক

(b) copper and iron (তাম আৰু লো)

(c) tin and zinc (টিন আৰু জিংক)

(d) tin and copper (টিন আৰু তাম)

Ans. (d) 

 

Q. 2. Fill up the blanks (খালী ঠাই পূৰ কৰা।)

 

(i) The non-metal that is used as an antiseptic in skin ointments is _______.
(ছালত ব্যৱহাৰ কৰা মলমত এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ'_____
)

Ans. iodine (আয়'ডিন)

 

(ii) The metals present in bell metal are ______ and ______.
(কাঁহ ধাতুত থকা ধাতু দুটা হ'_____ আৰু ____
।) 

Ans. copper, tin (তাম, টিন)

 

(iii) ______ is a metal which is liquid at room temperature.
(_____ধাতু সাধাৰণ উষ্ণতাত তৰল।)

Ans. mercury (পাৰা)

 

(iv) A non-metal that is a good conductor of heat and electricity is _____. (তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ'______)

Ans. graphite (গ্রেফাইট)

 

(v) The property of a metal which is useful in making tin sheets is _______.
(টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধর্মটো হ'_________
)

Ans. malleability (ঘাতসহনীয়তা)

 

Q. 3. State with reasons whether the following statements are true or false.
(তলৰ উক্তিবোৰ শুদ্ধনে অশুদ্ধ কাৰণসহ ব্যাখ্যা কৰা।)

(i) Aluminium and copper are examples of non-metals used for making utensils and statues.
(এলুমিনিয়াম আৰু তাম হ'ল বাচন-বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা অধাতু।)
Ans.
False, because aluminium and copper are both metals. (অশুদ্ধ, কাৰণ এলুমিনিয়াম আৰু তাম দুয়োটাই ধাতু।)

 

(ii) Metals form oxides when combined with oxygen, the solution of which turns blue litmus paper to red.
(ধাতুৱে অক্সিজেনৰ সৈতে লগলাগি অক্সাইড গঠন কৰে, যাৰ দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰে।)

Ans. False, because metallic oxides are basic in nature and they turn red litmus paper blue. (অশুদ্ধ, কাৰণ ধাতুৰ অক্সাইড ক্ষাৰকীয় প্ৰকৃতিৰ আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে।)

 

(iii) Oxygen is a non-metal essential for respiration.
(অক্সিজেন শ্বাস-প্রশ্বাসৰ বাবে অপৰিহাৰ্য অধাতু।)

Ans. True, because oxygen helps in respiration by reacting with food to release energy. (শুদ্ধ, কাৰণ অক্সিজেনে খাদ্যৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰাত সহায় কৰে।)

 

(iv) Copper vessels are used for boiling water because they are good conductors of electricity.
(তামৰ পাত্ৰ পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এইবোৰ বিদ্যুতৰ সুপৰিবাহী।)

Ans. False, because copper vessels are used due to their good conductivity of heat. (অশুদ্ধ, কাৰণ তামৰ পাত্ৰ তাপৰ সুপৰিবাহিতাৰ বাবে ব্যৱহাৰ কৰা হয়।)

 

(v) School bell is made of bell metal because this metal is ductile.
(স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাঁহ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতু নমনীয়।)

Ans. False, because bell metal is used for making bells due to its sonorous nature.
(অশুদ্ধ, কাৰণ কাঁহ ধাতুৰ সনাদতাৰ বাবেই ঘণ্টা তৈয়াৰ কৰা হয়।)

 

(vi) The black part present in hard pencil is a metal that conducts electricity.
(কাঠ পেঞ্চিলত থকা ক'লা অংশটো এক ধাতু যি বিদ্যুত পৰিবহণ কৰে।)

Ans. False, because the black part of a pencil is graphite, which is a non-metal.
(অশুদ্ধ, কাৰণ পেঞ্চিলৰ ক'লা অংশটো গ্রেফাইট নামৰ এক অধাতু।)

 

Q.4. Match Column I with Column II (স্তম্ভ I ৰ সৈতে স্তম্ভ II মিলোৱা।)

Column I (স্তম্ভ I) 

Column II (স্তম্ভ II)

1.  Malleable(ঘাতসহনীয়)

(a) Can be transformed into wire
(তাঁৰ প্ৰস্তুত কৰিব পাৰি।)

2. Ductile (নমনীয়)

(b) For making crackers
(আতচবাজী প্ৰস্তুত কৰা হয়।)

3. Oxygen (অক্সিজেন)

(c) Give sheets on hammering
(হাতুৰীৰে কোবালে পাত সৃষ্টি হয়।)

4. Copper (তাম)

(d) For disinfecting water
(পানী বিশুদ্ধিকৰণৰ বাবে।)

5. Sulphur (ছালফাৰ)

(e) All living beings inhale during breathing

(সকলো জীৱই উশাহত গ্ৰহণ কৰে।)

6. Diamond (হীৰা)

(f) For making electric wires
(বৈদ্যুতিক তাঁৰ প্ৰস্তুত কৰাত।)

7. Sonority (সনাদী)

(g) For making rails
(ৰে'লৰ চিৰি নিৰ্মাণত ব্যৱহৃত।)

8. Iron (লো)

(h) Hardest non-metal
(আটাইতকৈ কঠিন অধাতু।)

9. Chlorine (ক্লৰিন)

(i) Ringing of bells
(ঘণ্টাৰ ৰিং ৰিং শব্দ।)

10. Platinum (প্লেটিনাম)

(j) Used in making ornaments.
(অলংকাৰ প্ৰস্তুতত ব্যৱহৃত।) 

 

Ans. 1. (c), 2. (a), 3. (e), 4. (f), 5. (b), 6. (h), 7. (i), 8. (g), 9. (d), 10. (j)

 

Q.5. Match the uses of metals and non-metals given in Column I with the jumbled names of metals and non-metals given in Column II. 

 

Column I (স্তম্ভ I)

Column II (স্তম্ভ II)

(i) Used in electrical wiring
(বৈদ্যুতিক তাঁৰত ব্যৱহৃত)

(a) ENXYGO (জেক্সিনঅ)

(ii) Most malleable and ductile
(আটাইতকৈ ঘাতসহনীয় আৰু নমনীয়)

 

(b) NECOHIRL (নৰিক্ৰ')

 

(iii) Living organisms cannot survive without it.
(জীৱই ইয়াৰ অবিহনে বাচি থাকিব নোৱাৰে)

 


(c) PEPORC (মতা)

 

(iv) Plants grow healthy when fertilisers containing it are added to the soil
(ই থকা সাৰ মাটিত দিলে উদ্ভিদ লহপহকৈ বাঢ়ে)

 

(d) TENGOINR (নজেনাট্র'ই)

 

(v) Used in water purification
(পানীৰ বিশুদ্ধিকৰণত ব্যৱহৃত) 

(e) OGDL (ণসো) 

 

Ans. (i)-(c), (ii)-(e), (iii)-(a), (iv)-(d), (v)-(b)

 

Q. 6. Complete the following flowchart. (তলৰ প্ৰবাহচিত্ৰটো সম্পূৰ্ণ কৰা।) 

 



Q. 7. Explain the following terms (তলৰ শব্দ কেইটাৰ ব্যাখ্যা দিয়া):

(i) Malleability (ঘাতসহনীয়তা)
Ans.
The property of metals by which they can be hammered into thin sheets is known as malleability. (ধাতুক পিটি বা কোবাই পাতল পাতত পৰিণত কৰিব পৰা গুণটোক ঘাতসহনীয়তা বোলে।)

(ii) Corrosion (ক্ষয়ীভৱন)
Ans.
Corrosion is the slow damage or wearing away of metals due to the action of air, water or chemicals. (বায়ু, পানী বা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱত ধাতু লাহে লাহে ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।)

(iii) Galvanization (দস্তালেপন)
Ans.
The process of coating iron objects with a layer of zinc to prevent rusting is called galvanization. (লোহাৰ বস্তুত মামৰ নধৰিবলৈ জিংকৰ এখন প্ৰলেপ দিয়া প্ৰক্ৰিয়াক দস্তালেপন বোলে।)

 

Q. 8. Write the differences between metals and non-metals. (ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্যসমূহ লিখা।)

Ans.        

Metals (ধাতু)

Non-metals (অধাতু)

(a) They have lustre. (ইহঁতৰ দ্যুতি আছে।)

(a) They do not have lustre. (ইহঁতৰ দ্যুতি নাই।)

(b) They are malleable. (ইহঁত ঘাতসহনশীল।)

 

(b) They are not malleable. (ইহঁত ঘাতসহনশীল নহয়।)

 

(c) They are ductile. (ইহঁত নমনীয়।)

 

(d) They are sonorous. (ইহঁত সনাদী)

(c) They are not ductile. (ইহঁত নমনীয় নহয়।)

(d) They are not sonorous. (ইহঁত সনাদী নহয়।)

(e) They are good conductors of heat and electricity. (ইহঁত তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।) 

(e) They are poor conductors of heat and electricity. (ইহঁত তাপ আৰু বিদ্যুতৰ কুপৰিবাহী।) 

 

Q.9. Mention some applications of non-metals in everyday life.
(দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা।)

Ans.
(i)
Oxygen is used for breathing and respiration.
(শ্বাস-প্রশ্বাস আৰু শ্বসন প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ কৰা হয়।)

(ii) Carbon dioxide is used by plants during photosynthesis.
(উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে।)

(iii) Diamond is used in making ornaments and jewellery.
(গহণা আৰু অলংকাৰ তৈয়াৰ কৰিবলৈ হীৰা ব্যৱহাৰ কৰা হয়।)

(iv) Graphite is used for preparing pencil leads.
(পেঞ্চিলৰ লিড তৈয়াৰ কৰিবলৈ গ্রেফাইট ব্যৱহাৰ কৰা হয়।)

(v) Coal is commonly used as a fuel.
(কয়লা সাধাৰণতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।)

 

Q.10. You are provided with three iron nails, each dipped in oil, water and damped soil. Which iron nail will not rust, and why?
(তোমাক তিনিটা লোৰ গজাল দিয়া হৈছে, প্রতিটোকে পৃথকে তেল, পানী আৰু সেমেকা মাটিত ৰখা হৈছে। কোনটো লোৰ গজালত মামৰ নধৰিব আৰু কিয়?)

Ans. The iron nail kept in oil will not get rusted because the layer of oil prevents the nail from coming in contact with air and water. Both air and water are necessary for rusting.
(তেলত ৰখা লোৰ গজালটোত মামৰ নধৰিব, কাৰণ তেলৰ প্ৰলেপে গজালটোক বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে। মামৰ ধৰিবলৈ বায়ু আৰু পানী দুয়োটাই প্রয়োজন।)

 

Q.11. Metals are used for making electric wires. Can you mention two properties which make them suitable for this purpose?
(বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয়। কি দুটা ধৰ্মৰ বাবে ধাতুবোৰ এই কাৰ্যৰ বাবে উপযুক্ত?

Ans. Ductility and electrical conductivity, (নমনীয়তা আৰু বিদ্যুতৰ পৰিবাহিতা।)

 

Q.12. What properties of gold make it precious? (সোণৰ কি গুণে ইয়াক মূল্যবান কৰি তোলে?)

Ans. The following properties of gold make it precious (তলত দিয়া গুণবোৰে সোণক মূল্যৱান কৰি তোলে-)

(i) It is very lustrous. (ই অতিকৈ উজ্জ্বল।)

(ii) It does not corrode. (ইয়াৰ ক্ষয়ীভৱন নঘটে।)

(iii) It has limited availability. (ইয়াৰ উপলব্ধতা সীমিত।)

 

Q. 13. What product is formed when Magnesium reacts with water? What is the nature of the product? Is it acidic, basic or neutral?
(মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? উৎপন্ন হোৱা পদার্থবিধৰ প্ৰকৃতি কেনেধৰণৰ? ই আম্লিক, ক্ষাৰকীয় নে প্রশম?)
Ans. When magnesium reacts with air, magnesium oxide is formed. It is basic in nature. (মেগনেছিয়ামে বায়ুৰ সৈতে বিক্রিয়া কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। ইয়াৰ প্ৰকৃতি ক্ষাৰকীয়।)