যোগাযোগ আৰু শিক্ষণ (Teaching)-শিকন (Learning)
চমু প্রশ্নোত্তৰ
১। 'Communis' শব্দৰ অৰ্থ কি?
উত্তৰঃ সাদৃশ্য বা মিল থকা।
২। অন্তঃব্যক্তি যোগাযোগ কি?
উত্তৰঃ যেতিয়া যোগাযোগ প্রক্রিয়াত কেৱল এজন ব্যক্তিয়ে অংশ গ্রহণ কৰে তাকে অন্তঃব্যক্তি যোগাযোগ বোলে।
৩। শিক্ষাদান মেচিনৰ সৃষ্টিকর্তা বুলি কাক কোৱা হয়?
উত্তৰঃ এচ. এল. প্রাচী(S. L. Prassy) হ'ল শিক্ষাদান মেচিনৰ সৃষ্টিকর্তা।
৪। শ্রেণীকক্ষ যোগাযোগৰ প্ৰধান উপাদান কেইটা কি কি?
উত্তৰ: শ্রেণীকক্ষ যোগাযোগৰ প্রধান উপাদান হৈছে- প্রেৰণকাৰী (Sender) বার্তা (Message), মাধ্যম (Medium), গ্রাহক (Receiver), আক প্রতিক্রিয়া (Feedback)।
৫। আধুনিক শ্রেণীকোঠাত থাকিবলগীয়া কেইটামান আধুনিক প্রযুক্তিবিদ্যাৰ নাম লিখা।
উত্তৰঃ (ক) ইন্টাৰনেট (খ) এল চি ডি প্রজেক্ট (গ) স্মার্ট বোর্ড।
৬। INFLIBNET শব্দটোৰ পূৰ্ণ ৰূপ কি?
উত্তৰ: INFLIBNET ৰ পূৰ্ণ ৰূপ হৈছে Information and Library Network
৭। INFLIBNET এ কাৰ অধীনত কাম কৰে?
উত্তৰ: INFLIBNET হৈছে UGC(University Grants Commission)-ৰ অধীনস্থ এক স্বায়ত্তশাসিত সংস্থা।
৮। 'Communis' শব্দৰ অৰ্থ কি?
উত্তৰঃ সাদৃশ্য বা মিল থকা।