Chapter 4

ভাৰতীয় উপন্যাসৰ চানেকি


অতি চমু প্রশ্নোত্তৰ


১। 'পদ্মা নদীৰ মাঝি' উপন্যাসখনৰ ৰচয়িতা কোন?

উত্তৰঃ 'পদ্মা নদীৰ মাঝি' উপন্যাসখনৰ ৰচয়িতা মানিক বন্দোপাধ্যায়।

২। মানিক বন্দোপাধ্যায়ৰ পিতৃদত্ত নাম কি আছিল?

উত্তৰ: মানিক বন্দোপাধ্যায়ৰ পিতৃদত্ত নাম আছিল প্রবোধকুমাৰ।

৩। উপন্যাসখনৰ পটভূমি কোন অঞ্চলত বিস্তৃত?

উত্তৰঃ উপন্যাসখনৰ পটভূমি পূর্ববংগৰ পদ্মা নদী অঞ্চলত বিস্তৃত।

৪। কুবেৰৰ খুলশালীয়েক কোন?


উত্তৰঃ কুবেৰৰ খুলশালীয়েক কপিলা।


৫। পদ্মা নদী উপন্যাসখনত কি ৰূপে প্রতিফলিত হৈছে?

উত্তৰঃ পদ্মা নদী উপন্যাসখনত জীৱন-জীৱিকাৰ নিয়ন্তা ৰূপে প্রতিফলিত হৈছে।

৬। উপন্যাসখনত কোন নদীক জীৱনৰ আধাৰ ৰূপে দেখুওৱা হৈছে?

উত্তৰঃ উপন্যাসখনত পদ্মা নদীক জীৱনৰ আধাৰ ৰূপে দেখুওৱা হৈছে।

৭। হোছেন মিঞাক কিয় 'বঙালী কলম্বাচ' বুলিও কোৱা হয়

উত্তৰঃ কাৰণ তেওঁ জ্ঞান, দুঃসাহস আৰু অভিযাত্ৰীৰ মানসিকতাৰে নতুন ভূমি আৰু সভ্যতা আৱিষ্কাৰৰ প্ৰয়াস কৰে।

৮। হোছেন মিঞাৰ জন্মস্থান কোন অঞ্চলত আছিল

উত্তৰঃ হোছেন মিঞাৰ জন্মস্থান আছিল পূর্ববঙ্গৰ নোৱাখালি অঞ্চল।

৯। 'পদ্মা নদীৰ মাঝি'ত কোনটো জীবনবোধ স্পষ্ট?

উত্তৰঃ 'পদ্মা নদীৰ মাঝি'ত বাস্তৱবাদী জীৱনবোধ স্পষ্ট।

১০। কুবেৰৰ জীৱিকাৰ মূল উপায় কি?

উত্তৰ: কুবেৰৰ জীৱিকাৰ মূল উপায় মাছ ধৰা।


চমু প্রশ্নোত্তৰ


১। 'পদ্মা নদীৰ মাঝি'ত পদ্মা নদীৰ ভূমিকা আলোচনা কৰা।


উত্তৰঃ 'পদ্মা নদীৰ মাঝি' উপন্যাসত পদ্মা নদী কেৱল পটভূমি নহয়, বৰঞ্চ এক সক্রিয় চৰিত্ৰৰ দৰে উপস্থিত। পদ্মাক কেন্দ্ৰ কৰিয়েই মাছমৰীয়াসকলৰ জীৱন, জীৱিকা, সুখ-দুখ আৰু অস্তিত্ব নিৰ্ভৰশীল। পদ্মা নদীয়ে তেওঁলোকক খাদ্য যোগান দিয়ে, আকৌ ধুমুহা আৰু বানৰ জৰিয়তে তেওঁলোকৰ জীৱন ধ্বংসও কৰে।


মাছমৰীয়াসকলৰ জন্ম-মৃত্যু, আশা-নিৰাশা, আনন্দ-বেদনা সকলো পদ্মাৰ সৈতে ওতপ্রোতভাবে জড়িত। পদ্মাৰ ঢৌ, জোৱাৰ-ভাটাৰ সৈতে মাছমৰীয়াসকলৰ জীৱনৰ গতি একাত্ম হৈ পৰে। উপন্যাসৰ আৰম্ভণিতেই ইলিচ ধৰা দৃশ্যৰ বৰ্ণনাই পদ্মাৰ সৈতে মাছমৰীয়াসকলৰ গভীৰ সম্পৰ্কক প্রকাশ কৰে।


পদ্মাৰ প্ৰকৃতিগত উন্মত্ততাই মানুহৰ মনত আদিম প্রবৃত্তি আৰু অনিশ্চয়তাৰ জন্ম দিয়ে। এই নদীৰ বাবেই মাছমৰীয়াসকল সমুদ্রলৈ যাত্ৰা কৰে আৰু ময়নাদ্বীপৰ দৰে অচিন দেশত জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ বাধ্য হয়। এইদৰে পদ্মা নদী উপন্যাসখনত জীবনদায়িনী আৰু বিধ্বংসী দুয়ো ৰূপতেই প্রতিফলিত হৈছে।


২। 'পদ্মা নদীৰ মাঝি' উপন্যাসখনৰ ভাষা আৰু শৈলী আলোচনা কৰা।


উত্তৰঃ 'পদ্মা নদীৰ মাঝি'ৰ ভাষা আৰু শৈলী বাস্তৱবাদী সাহিত্যৰ উৎকৃষ্ট নিদর্শন। মানিক বন্দোপাধ্যায়ে পূর্ববংগৰ কথ্যভাষাক ব্যৱহাৰ কৰি উপন্যাসখনত বাস্তৱতাৰ গভীৰতা বৃদ্ধি কৰিছে। এই ভাষা অলংকাৰবিহীন, সৰল আৰু স্বাভাৱিক।


চৰিত্ৰসমূহে ব্যৱহাৰ কৰা ভাষাই তেওঁলোকৰ সামাজিক অৱস্থা আৰু মানসিকতা প্রকাশ কৰে। যদিও উপন্যাসখনত বিভিন্ন অঞ্চলৰ উপভাষাৰ মিশ্রণ দেখা যায়, তথাপি ই সামগ্রিকভাৱে বাস্তৱিক। লেখকৰ বৰ্ণনাশৈলী সংযত আৰু গভীৰ। নদী, ধুমুহা, ৰাতিৰ মাছধৰা দৃশ্য অতি জীৱন্তভাবে ফুটাই তোলা হৈছে।


এই ভাষা আৰু শৈলীয়ে উপন্যাসখনক পাঠকৰ হৃদয়ত স্থায়ী আসন দিছে আৰু মানৱ জীৱনৰ কঠোৰ বাস্তৱতাক স্পষ্টভাৱে উপস্থাপন কৰিছে।


৩। 'পদ্মা নদীৰ মাঝি'ত পদ্মা নদীৰ ভূমিকা আলোচনা কৰা।


উত্তৰঃ 'পদ্মা নদীৰ মাঝি' উপন্যাসখনত পদ্মা নদী কেৱল প্রাকৃতিক উপাদান নহয়, ই এক শক্তিশালী চৰিত্ৰ। পদ্মা নদীক কেন্দ্ৰ কৰিয়েই মাছমৰীয়াসকলৰ জন্ম, জীৱন আৰু মৃত্যুৰ চক্ৰ গঢ় লৈ উঠিছে। নদীয়ে তেওঁলোকক মাছ দি জীবিকা যোগান ধৰে, কিন্তু একে সময়তে বান, ধুমুহা আৰু ভাঙনেৰে জীৱন ধ্বংস কৰে। পদ্মা নদীৰ জোৱাৰ-ভাটাৰ লগত মাছমৰীয়াসকলৰ আশা-নৈৰাশ্য জড়িত। উপন্যাসখনৰ কাহিনী পদ্মাৰ বুকুৰ পৰা আৰম্ভ হৈ শেষলৈ সমুদ্রলৈ আগবাঢ়ে, কিন্তু পদ্মাৰ প্ৰভাৱ সকলো সময়তে বিদ্যমান। এইদৰে পদ্মা নদী উপন্যাসখনত নিয়তি, শক্তি আৰু জীৱনৰ নিয়ন্তা হিচাপে প্রতিফলিত হৈছে।


৪। হোছেন মিঞাৰ চৰিত্ৰত আধুনিকতা আৰু যুক্তিবাদ কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰা।


উত্তৰঃ হোছেন মিঞাৰ চৰিত্ৰত আধুনিকতা আৰু যুক্তিবাদ অত্যন্ত সুক্ষ্ম আৰু গভীৰভাবে প্রতিফলিত হৈছে। তেওঁ যন্ত্রবিজ্ঞান, নৌ-চালনা, দিক্ নিৰ্ণয়, তৰাৰ গতি বিশ্লেষণ আদি বিষয়ত দক্ষ আৰু আত্মবিশ্বাসী। প্ৰকৃতিৰ অন্ধভয়ৰ পৰিৱৰ্তে জ্ঞানৰ বলত প্ৰকৃতিক জয় কৰিব পাৰি বুলি তেওঁ বিশ্বাস কৰে। গভীৰ সমুদ্ৰৰ মাজত উত্তেজনাবিহীনভাবে নাৱৰ গুৰিবঠা ধৰি বহি থাকিব পৰা ক্ষমতা তেওঁৰ যুক্তিবাদী মনৰেই পৰিচায়ক।


সামাজিক ক্ষেত্ৰতো তেওঁ যুক্তি আৰু ব্যৱহাৰিকতাৰ ওপৰত গুৰুত্ব দিয়ে। ধর্ম, সামাজিক সংস্কাৰ অথবা নৈতিকতাৰ নামত যিবোৰ কথা যুক্তিহীন আৰু জীৱনৰ প্ৰয়োজনবিহীন সেইবোৰ তেওঁ সচেতনভাবে পৰিহাৰ কৰে। তেওঁৰ দৃষ্টিত সমাজ মানে জীৱিত মানুহৰ সংগঠন, কোনো পুৰণি বিধি-বিধানৰ বন্দী নহয়। এই আধুনিক মনোভাৱ ইউৰোপীয় এনলাইটেনমেন্ট যুগৰ চিন্তাৰ লগত সাদৃশ্যপূর্ণ। এই কাৰণতেই হোছেন মিঞা কেৱল এজন গাঁৱলীয়া ব্যক্তি নহয়, বৰং মানৱ সভ্যতাৰ অগ্ৰসৰ চিন্তা-চেতনাৰ এক প্রতিনিধি ৰূপে দেখা দিয়ে।


ৰচনাধৰ্মী প্রশ্নোত্তৰ


১। 'পদ্মা নদীৰ মাঝি' উপন্যাসখন আঞ্চলিক উপন্যাস নে নহয় বিশদ আলোচনা কৰা। 


উত্তৰঃ 'পদ্মা নদীৰ মাঝি' মানিক বন্দোপাধ্যায়ৰ কালজয়ী উপন্যাসসমূহৰ অন্যতম। এই উপন্যাসখন আঞ্চলিক উপন্যাস হিচাপে বিবেচিত হ'ব পাৰে নে নাই, সেই বিষয়টো বাংলা সাহিত্য সমালোচনাত বহুল আলোচিত। আঞ্চলিক উপন্যাস বুলিলে সাধাৰণতে বুজোৱা হয় বিশেষ কোনো অঞ্চলৰ ভৌগোলিক পৰিৱেশ, সামাজিক ৰীতি-নীতি, ভাষা, জীৱন-জীৱিকা আৰু জনমানসৰ সামগ্রিক প্রতিফলন। এই দৃষ্টিৰ পৰা 'পদ্মা নদীৰ মাঝি'ক বিশ্লেষণ কৰিলে বহু আঞ্চলিক বৈশিষ্ট্য স্পষ্ট হয়।


উপন্যাসখন পূর্ববংগৰ পদ্মা নদীৰ পাৰত অৱস্থিত কেতুপুৰ, সোণাখালী আদি গাঁওক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। এই অঞ্চলৰ মাছমৰীয়াসকলৰ জীৱন-যাপন, খাদ্যাভ্যাস, বিশ্বাস, সংস্কাৰ, প্রেম-প্রবৃত্তি আৰু সামাজিক সংকট অতি নিখুঁতভাৱে উপস্থাপন কৰা হৈছে। পদ্মা নদী এই উপন্যাসত অঞ্চল বিশেষৰ প্ৰাকৃতিক পৰিচয় বহন কৰে আৰু মাছমৰীয়াসকলৰ জীৱনৰ সৈতে অচ্ছেদ্যভাবে যুক্ত। এই সকলো দিশে উপন্যাসখন আঞ্চলিক উপন্যাসৰ মৌলিক লক্ষণ বহন কৰে।


কিন্তু একে সময়তে উপন্যাসখনৰ পটভূমি কেৱল পদ্মা নদীৰ পাৰতেই সীমাবদ্ধ নহয়। কাহিনীৰ উল্লেখযোগ্য অংশ ময়নাদ্বীপলৈ বিস্তৃত হয়, যি অঞ্চলটো পদ্মা-পাৰৰ পৰিচিত ভূখণ্ডৰ বাহিৰত। এই বিস্তাৰে আঞ্চলিক সীমাৰ একাংশ ভাঙি পেলায়। ইয়াৰ উপৰিও উপন্যাসখনত ব্যৱহৃত ভাষা একে অঞ্চলৰ একক উপভাষা নহয়। বিভিন্ন অঞ্চলৰ উপভাষাৰ সংমিশ্রণে ইয়াক সংকীর্ণ অর্থত আঞ্চলিক উপন্যাস বুলি কোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা সৃষ্টি কৰে।


তথাপি, 'পদ্মা নদীৰ মাঝি'ত আঞ্চলিক বৈশিষ্ট্য মুখ্য নহ'লেও গৌণভাবে দৃঢ়। উপন্যাসখনৰ মূল আবেদন কেৱল পদ্মা-পাৰৰ মাছমৰীয়াসকলৰ মাজতেই সীমাবদ্ধ নহয়, ই মানৱ সমাজৰ শোষণ, দাৰিদ্ৰ আৰু অসহায়তাৰ বিশ্বজনীন ছবিও দাঙি ধৰে। এই কাৰণেই 'পদ্মা নদীৰ মাঝি'ক সম্পূর্ণ আঞ্চলিক উপন্যাস নুবুলিও, আঞ্চলিকতাৰ আধাৰত গঢ় লৈ উঠা এক সার্বজনীন উপন্যাস বুলি কোৱা অধিক যুক্তিসংগত।


২। কুবেৰ আৰু হোছেন মিঞা চৰিত্ৰৰ তুলনামূলক আলোচনা কৰা।


উত্তৰ: 'পদ্মা নদীৰ মাঝি' উপন্যাসত কুবেৰ আৰু হোছেন মিঞা দুটা বিপৰীত সামাজিক শ্ৰেণীৰ প্ৰতিনিধি। কুবেৰ গৰীব, অশিক্ষিত আৰু শোষিত মাছমৰীয়া সমাজৰ প্রতীক, আনহাতে হোছেন মিঞা ধনী, চালাক আৰু শোষক শ্ৰেণীৰ প্ৰতিনিধি। এই দুয়ো চৰিত্ৰৰ তুলনাই উপন্যাসখনৰ মূল সামাজিক সংঘাতক উন্মোচিত কৰে।-


কুবেৰ কঠোৰ পৰিশ্ৰমী, সৎ আৰু সংযমী। দাৰিদ্ৰ আৰু অসহায়তাৰ বাবে সি অন্যায়ৰ বিৰুদ্ধে মুখ মেলিব নোৱাৰে। কপিলাৰ প্ৰতি তাৰ আকৰ্ষণ থাকিলেও সি নৈতিক সীমা অতিক্ৰম নকৰে। কুবেৰৰ জীৱন সদায় ভয়, অনিশ্চয়তা আৰু আপোচেৰে ভৰা।


অন্যফালে হোছেন মিঞা ধূর্ত, স্বাৰ্থপৰ আৰু ষড়যন্ত্রকাৰী। সি মাছমৰীয়াসকলৰ অসহায়তাৰ সুযোগ লৈ নিজৰ উপনিবেশ স্থাপনৰ পৰিকল্পনা কৰে। আইন, পুলিচ আৰু ভয়ৰ সহায়ত সি কুবেৰক ময়নাদ্বীপলৈ যাবলৈ বাধ্য কৰে।


এই দুয়োটা চৰিত্ৰৰ সংঘাতে শোষিতৰ পৰাজয় আৰু শোষকৰ বিজয়ক প্রতীকী ৰূপত প্রকাশ কৰে। মানিক বন্দোপাধ্যায়ে এই তুলনাৰ জৰিয়তে সমাজৰ বৈষম্যমূলক কাঠামোক কঠোৰভাবে সমালোচনা কৰিছে।



ঊনিশ পুৰা দুকঠা (অনুবাদঃ ভাষতী দেবী)



অতি চমু প্রশ্নোত্তৰ


১। ফকীৰ মোহন সেনাপতি কোন ভাষাৰ সাহিত্যিক আছিল?


উত্তৰঃ ফকীৰ মোহন সেনাপতি উড়িয়া ভাষাৰ আধুনিক সাহিত্যৰ জনক আছিল।


২। উনিশ পুৰা দুকঠাত কিমান শতিকাৰ সমাজ চিত্রিত হৈছে?


উত্তৰঃ এই গ্ৰন্থত উনৈশ শতিকাৰ সমাজ চিত্রিত হৈছে।


৩। উনিশ পুৰা দুকঠাত কোন শ্ৰেণীৰ মানুহৰ জীৱন বর্ণিত হৈছে?

উত্তৰঃ গ্ৰন্থখনত সাধাৰণ আৰু নিম্ন মধ্যবিত্ত মানুহৰ জীৱন বৰ্ণিত।

৪। ফকীৰ মোহন সেনাপতিয়ে সাহিত্যৰ জৰিয়তে কি উদ্দেশ্য লৈছিল? 


উত্তৰঃ সমাজ সংস্কাৰ আৰু জনচেতনাই তেওঁৰ মূল উদ্দেশ্য আছিল।


৫। উনিশ পুৰা দুকঠাত নাৰী জীৱনৰ উল্লেখ আছে নে?

উত্তৰঃ গ্ৰন্থখনত নাৰী জীৱনৰ সীমাবদ্ধতাৰ উল্লেখ আছে।

৬। ফকীৰ মোহন সেনাপতি কিয় যুগপ্রবর্তক লেখক?


উত্তৰঃ তেওঁ উড়িয়া সাহিত্যত আধুনিক বাস্তৱবাদ প্রতিষ্ঠা কৰিছিল।


৭। উনিশ পুৰা দুকঠা সমাজ ইতিহাসৰ কেনে ধৰণৰ দলিল?


উত্তৰঃ ই এক সামাজিক আৰু সাংস্কৃতিক ইতিহাসৰ দলিল।


৮। উনিশ পুৰা দুকঠা কোন ভাষাত লিখা হৈছে?


উত্তৰঃ উনিশ পুৰা দুকঠা উড়িয়া ভাষাত লিখা হৈছে।


৯। গ্ৰন্থখনত ধৰ্মীয় আচাৰ-অনুষ্ঠান কেনেকৈ দেখুওৱা হৈছে?

উত্তৰঃ ধৰ্মীয় আচাৰসমূহক সমাজগত বাস্তৱতাৰ সৈতে সংযুক্ত কৰি দেখুওৱা হৈছে।

১০। গ্রন্থখনত ভাষাৰ ধৰণ কেনে?

উত্তৰঃ ভাষা সৰল, কথ্য আৰু বাস্তৱবাদী।

চমু প্রশ্নোত্তৰ


১। উনিশ পুৰা দুকঠাৰ বিষয়বস্তু আলোচনা কৰা।


উত্তৰঃ ঊনিশ পুৰা দুকঠা ফকীৰ মোহন সেনাপতিৰ এক গুৰুত্বপূৰ্ণ আত্মজীৱনীমূলক ৰচনা। এই গ্ৰন্থখনৰ মূল বিষয় হৈছে উনৈশ শতিকাৰ উড়িশাৰ সমাজজীবন। লেখকে নিজৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে সেই সময়ৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অৱস্থাৰ এক জীৱন্ত ছবি অংকন কৰিছে। গ্ৰন্থখনত শৈশৱৰ স্মৃতি, শিক্ষালাভৰ কষ্ট, দাৰিদ্ৰ, সমাজৰ কুসংস্কাৰ আৰু লোকবিশ্বাসৰ কথা গভীৰভাৱে প্ৰকাশ পাইছে।


লেখকে দেখুৱাইছে যে সেই সময়ত সমাজ আছিল অশিক্ষা, অন্ধবিশ্বাস আৰু সামাজিক বৈষম্যৰে পৰিপূৰ্ণ। শিক্ষা লাভ কৰাটো সহজ নাছিল আৰু সাধাৰণ মানুহৰ জীৱন আছিল কষ্টকৰ। উনিশ পুৰা দুকঠাত লেখকে সমাজৰ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সংগ্ৰামক মুখ্য কৰি তুলিছে। এইদৰে গ্ৰন্থখন উনৈশ শতিকাৰ সমাজৰ এক প্ৰামাণিক দলিল হিচাপে মূল্যবান।


২। ফকীৰ মোহন সেনাপতিৰ সাহিত্যিক দৃষ্টিভংগী আলোচনা কৰা।


উত্তৰঃ ফকীৰ মোহন সেনাপতি বাস্তববাদী সাহিত্যিক আছিল। তেওঁ সমাজৰ কঠোৰ সত্যক লুকুৱাব নোখোজে। সাহিত্যক তেওঁ সমাজ সংস্কাৰৰ মাধ্যম হিচাপে গ্রহণ কৰিছিল। সাধাৰণ মানুহৰ জীৱন, দাৰিদ্ৰ আৰু অশিক্ষাৰ সমস্যা তেওঁৰ লেখাৰ মুখ্য বিষয়।


তেওঁ কুসংস্কাৰ আৰু সামাজিক অনাচাৰৰ কঠোৰ সমালোচনা কৰিছে। এই দৃষ্টিভংগীয়ে তেওঁক আধুনিক উড়িয়া সাহিত্যৰ পথপ্ৰদৰ্শক কৰি তুলিছে।


৩। উনিশ পুৰা দুকঠাৰ সামাজিক তাৎপর্য আলোচনা কৰা।


উত্তৰঃ উনিশ পুৰা দুকঠা সমাজ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দলিল। এই গ্রন্থই উনিশ শতিকাৰ সমাজৰ সমস্যাসমূহ উন্মোচন কৰিছে। শিক্ষা, নাৰী অৱস্থা আৰু কুসংস্কাৰৰ ওপৰত ই গভীৰ আলোচনাৰ সুযোগ প্রদান কৰে।


ৰচনাধৰ্মী প্রশ্নোত্তৰ


১। উনিশ পুৰা দুকঠাত ফকীৰ মোহন সেনাপতিৰ আত্মজীৱনীমূলক চেতনাৰ আলোচনা কৰা।


উত্তৰঃ ঊনিশ পুৰা দুকঠা মূলতঃ ফকীৰ মোহন সেনাপতিৰ আত্মজীৱনীমূলক ৰচনা। এই গ্ৰন্থখনত তেওঁ নিজৰ শৈশৱ, শিক্ষাজীৱন আৰু সমাজৰ সৈতে সংগ্ৰামৰ কাহিনী আন্তৰিকভাৱে বৰ্ণনা কৰিছে। আত্মজীৱনীমূলক চেতনাই গ্রন্থখনক বিশেষ সাহিত্যিক মূল্য প্রদান কৰিছে।


লেখকে নিজৰ জীৱনৰ দুখ-কষ্ট, অভাৱ আৰু সমাজৰ অন্ধকাৰ দিশ লুকুৱাব নোখোজে। এই সততা পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়। আত্মজীৱনীমূলক বৰ্ণনাৰ জৰিয়তে লেখকে বৃহৎ সামাজিক সত্য উন্মোচন কৰিছে।


২। ফকীৰ মোহন সেনাপতিৰ সাহিত্যিক অৱদান আৰু উড়িয়া সাহিত্যত তেওঁৰ স্থান আলোচনা কৰা।


উত্তৰঃ ফকীৰ মোহন সেনাপতি আধুনিক উড়িয়া সাহিত্যৰ জনক। তেওঁ সাহিত্যক সমাজৰ আয়না হিচাপে ব্যৱহাৰ কৰিছিল। উনিশ পুৰা দুকঠাৰ দৰে গ্ৰন্থৰ জৰিয়তে তেওঁ উড়িয়া সাহিত্যত বাস্তববাদ প্রতিষ্ঠা কৰে।


তেওঁৰ সাহিত্যিক অবদান উড়িয়া সমাজৰ ইতিহাস, সংস্কৃতি আৰু মানবিক মূল্যবোধ সাবক্ষণৰ ক্ষেত্রত অমূল্য। এই কাৰণেই ফকীৰ মোহন সেনাপতি উড়িয়া সাহিত্যত যুগপ্রবর্তক হিচাপে স্বীকৃত।

 


Answer Type - Boby Bora