Chapter 1

শিক্ষাত পৰিমাপণ আৰু মূল্যায়ন


অতি চমু প্রশ্নোত্তৰ

১। শৈক্ষিক পৰিমাপণ বুলিলে কি বুজা?

উত্তৰঃ সৰল অৰ্থত শিক্ষা প্ৰক্ৰিয়াৰ সফলতা বা বিফলতাসমূহ নিৰূপন কৰাৰ বাবে ব্যৱহাৰ কৰা পৰিমাপৰ নানা প্রক্রিয়াই হৈছে শৈক্ষিক পৰিমাপ

২। Stern ৰ পৰিমাপণৰ সংজ্ঞা দিয়া

উত্তৰঃ Stern ৰ মতে, কোনো বিষয় বা বস্তুত নিৰ্ধাৰিত নিয়ম অনুসৰি সাংখ্যিকমান প্ৰদান কৰা কাৰ্যকে পৰিমাপ বুলি কোৱা হয়

৩। পৰিমাপণ কি?

উত্তৰঃ কোনো বস্তু বা ঘটনাৰ পৰিমাণক নিয়ম অনুসৰি সংখ্যা দিয়ে প্ৰকাশ কৰাক পৰিমাপণ বোলা হয়

৪। ভৌতিক পৰিমাপণ কি?

উত্তৰঃ বাহ্যিক বস্তুৰ আকাৰ, ওজন আদি জোখাৰ প্ৰক্ৰিয়াই ভৌতিক পৰিমাপণ

৫। প্রত্যক্ষ পৰিমাপণ কি?

উত্তৰঃ কোনো বস্তু সৰাসৰি জুখি লোৱা প্ৰক্ৰিয়াই প্রত্যক্ষ পৰিমাপণ

৬। ভৌতিক পৰিমাপণৰ আৰম্ভণি বিন্দু কি?

উত্তৰঃ ভৌতিক পৰিমাপণ পৰম শূন্য বিন্দুৰ পৰা আৰম্ভ হয়

৭। নামান্তৰ মাপকাঠী কি?

উত্তৰঃ বস্তু বা ব্যক্তিক চিনাক্ত কৰিবলৈ চিহ্ন বা নম্বৰ প্ৰদান কৰা মাপকাঠী নামান্তৰ মাপকাঠী

৮। ভৌতিক পৰিমাপণ বস্তুনিষ্ঠ নেকি?

উত্তৰঃ হয়, ভৌতিক পৰিমাপণ সম্পূৰ্ণ বস্তুনিষ্ঠ

৯। মনোবৈজ্ঞানিক পৰিমাপণত ব্যৱহৃত একক কেনে?

উত্তৰঃ মানসিক পৰিমাপণৰ একক অপ্রত্যক্ষ আৰু অনির্দিষ্ট

১০। ভৌতিক পৰিমাপণত যন্ত্ৰৰ মান একে থাকে নে?

উত্তৰঃ হয়, ভৌতিক পৰিমাপণত একক আৰু মান স্থিৰ থাকে

১১। মূল্যাংকন প্ৰণালীৰ প্ৰধান পৰীক্ষা দুটাৰ নাম উল্লেখ কৰা

উত্তৰঃ মূল্যাংকন প্ৰণালীৰ প্ৰধান পৰীক্ষা দুটা হ'ল- (ক) মৌখিক পৰীক্ষা আৰু (খ) লিখিত পৰীক্ষা

১২। বস্তুনিষ্ঠ পৰীক্ষাৰ এটা দোষ লিখা

উত্তৰঃ বস্তুনিষ্ঠ পৰীক্ষাত পৰীক্ষকৰ ব্যক্তিনিষ্ঠতা নাই যদিও প্রশ্নকর্তাৰ ব্যক্তিনিষ্ঠতা আছে।প্রশ্নকর্তাই নিজে ভালপোৱা কেইটামান বিশেষ অধ্যায়ৰ পৰা সকলো প্ৰশ্ন যুগুত কৰি দিব পাৰে

 চমু প্রশ্নোত্তৰ

 ১। পৰিমাপন কি?

উত্তৰঃ পৰিমাপন (Measurement) হৈছে কোনো বস্তু, ব্যক্তি বা ঘটনাৰ নিৰ্দিষ্ট গুণ, বৈশিষ্ট্য বা আচৰণক সংখ্যাৰ সাহায্যে প্ৰকাশ কৰাৰ প্ৰক্ৰিয়া। শিক্ষা-শাস্ত্রত এটি বিদ্যার্থীৰ কৃতিত্ব, সক্ষমতা, মনোভাৱ, গতি-প্রকৃতি আদি গুণাগুণক সমান মানদণ্ডৰ মাধ্যমে তুলনা কৰিব পৰা পৰিমাণীয় ৰূপত ধৰা হয়। ই মূলতঃ পৰিমাণ আৰু তুলনাৰ ওপৰত ভিত্তি কৰি গঠিত

২। পৰিমাপনৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ পৰিমাপন বহু দিশত বিভক্ত। সাধাৰণতে ই তলত দিয়া প্রধান প্ৰকাৰসমূহত দেখা যায়-

(ক) শাৰীৰিক পৰিমাপন (Physical Measurement):  উচ্চতা, ওজন, দৈর্ঘ্য, সময়, আয়তন আদি সঠিক একক ব্যৱহাৰ কৰি পৰিমাপন কৰা

(খ) মনস্তাত্ত্বিক পৰিমাপন (Psychological Measurement): বুদ্ধিমত্তা, ব্যক্তিত্ব, মনোভাৱ, প্ৰেৰণা, আগ্রহ যেনে- অদৃশ্য গুণক পৰিসংখ্যানিক যন্ত্ৰৰ সাহায্যত ধৰা

(গ) শৈক্ষিক পৰিমাপন (Educational Measurement): বিদ্যার্থীৰ শৈক্ষিক সফলতা, দক্ষতা, সক্ষমতা, কৃতিত্ব আদি পৰিমাপন

(ঘ) গুণগত পৰিমাপন (Qualitative Measurement): গুণ, আচৰণ, মতামত বা অবিচ্ছিন্ন ধৰণৰ বৈশিষ্ট্যৰ দৰমহা লৈ কৰা পৰিমাপন

(ঙ) পৰিমাণগত পৰিমাপন (Quantitative Measurement): সংখ্যাৰ মাধ্যমেৰে পৰিমাণগত তথ্য সংগ্ৰহ কৰি তুলনামূলক ৰূপত ধৰা

(চ) সৰল আৰু জটিল পৰিমাপনঃ নির্দিষ্ট এককেৰে সহজে পৰিমাপ কৰিব পৰা গুণ সৰল। জটিল যেনে-বুদ্ধিমত্তা বা মনোভাৱৰ পৰিমাপনত পৰিসংখ্যানিক বিশ্লেষণৰ প্রয়োজন

৩। পৰিমাপন আৰু মূল্যায়নৰ সম্বন্ধ আৰু পাৰ্থক্যবোৰ কি কি?

উত্তৰঃ সম্বন্ধঃ পৰিমাপন আৰু মূল্যায়ন পৰস্পৰ নিৰ্ভৰশীল। পৰিমাপনে সংখ্যাগত তথ্য দিয়ে, আৰু মূল্যায়নে সেই সংখ্যা ব্যাখ্যা কৰি সিদ্ধান্ত গ্ৰহণ কৰে। পৰিমাপন অবিহনে মূল্যায়ন

অসম্পূর্ণ; আৰু মূল্যায়ন অবিহনে পৰিমাপন নিষ্ক্রিয়। শৈক্ষিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দুয়োটি একে প্ৰক্ৰিয়াৰ দুইটো পর্যায়

পার্থক্যঃ

(ক) স্বভাৱঃ পৰিমাপন পৰিমাণগত; মূল্যায়ন গুণগত আৰু সিদ্ধান্তমূলক

(খ) লক্ষ্যঃ পৰিমাপন "কিমান" বা "কেতিয়া”-এই দিশত কেন্দ্রিত; মূল্যায়ন "কৰিব লাগে নে?"-এই সিদ্ধান্তত কেন্দ্রিত

(গ) যন্ত্রঃ পৰিমাপনে scale, test, score ব্যৱহাৰ কৰে; মূল্যায়নে judgement, criteria, interpretation ব্যৱহাৰ কৰে

(ঘ) ফলাফলঃ পৰিমাপনে সংখ্যা দেখুৱায়; মূল্যায়নে তাত অর্থ সংযোগ কৰে

(ঙ) প্রকৃতিঃ পৰিমাপন বস্তুনিষ্ঠ; মূল্যায়ন তুলনামূলকভাৱে অধিক ব্যক্তিগত। সেয়ে দুয়োকে মিলাই শিক্ষাৰ মান উন্নয়নত উপযোগী ব্যৱস্থা গঠন হয়

৪। শৈক্ষিক মূল্যায়নৰ পদক্ষেপবোৰ কি কি?

উত্তৰঃ শৈক্ষিক মূল্যায়ন কিছু ধাপ অনুসৰি সম্পন্ন হয়-

(ক) উদ্দেশ্য নির্ধাৰণঃ কি মূল্যায়ন কৰিব— জ্ঞান, দক্ষতা, আচৰণ — এইটো আগতে স্থিৰ কৰা

(খ) মানদণ্ড নির্মাণঃ উত্তীর্ণ মান, উৎকৃষ্টতা, লক্ষ্য আচৰণ আদি নিৰ্ধাৰণ

(গ) যন্ত্র নির্বাচনঃ  test, assignment, observation schedule, checklist আদি বাছনি

(ঘ) তথ্য সংগ্রহঃ পৰীক্ষা, প্রশ্ন-পত্ৰ, project, interview জৰিয়তে তথ্য সংগ্রহ

(ঙ) বিশ্লেষণঃ সংগৃহীত তথ্য পৰিসংখ্যানিক পদ্ধতিতে বিশ্লেষণ কৰি pattern বা ফলাফল চিনাক্ত

(চ) ব্যাখ্যা আৰু সিদ্ধান্তঃ বিশ্লেষণৰ ফলাফল লক্ষ্যৰ সৈতে মিলাই সিদ্ধান্ত গ্রহণ

(ছ) প্রতিক্রিয়াঃ শিক্ষক-বিদ্যার্থী উভয়কেই পর্যায়ত feedback দিয়াই শিক্ষাৰ মান উন্নয়ন

 এই অনুসৰি শৈক্ষিক মূল্যায়ন বৈজ্ঞানিক আৰু কাৰ্যকৰী হোৱা নিশ্চিত হয়

৫। পৰিমাপনৰ পৰিসৰ (Scope of Measurement) কি?

উত্তৰঃ পৰিমাপণৰ পৰিসৰ বহুমাত্রিক। ই কেৱল শাৰীৰিক বৈশিষ্ট্য বা বস্তুসমূহৰ মাত্ৰাই নির্ধাৰণ কৰাতে সীমাবদ্ধ নহয়; বৰং শিক্ষা, মনোবিজ্ঞান, সমাজবিজ্ঞান, ব্যৱস্থাপনা, বিজ্ঞান, ৰাজনীতি আদি প্রায় সকলো ক্ষেত্ৰতেই পৰিমাপণৰ ব্যৱহাৰ দেখা যায়। শিক্ষাক্ষেত্ৰত শিক্ষার্থীৰ কৃতিত্ব, চেতনা, দক্ষতা, মনোভাব, আগ্রহ, বুদ্ধিমত্তা আদিক পৰিমাপ কৰা যায়। মনোবিজ্ঞানত মানসিক স্বাস্থ্য, বুদ্ধি, ব্যক্তিত্ব, প্ৰেৰণা, উদ্বেগ আদি অদৃশ্য বৈশিষ্ট্যকে বিভিন্ন টেষ্টৰ সহায়ত পৰিমাণগত ৰূপত নিৰ্ণয় কৰা হয়। সমাজবিজ্ঞানে জনসংখ্যা, দাবিদ্র্য, স্বাক্ষৰতা, সামাজিক মনোভাৱ, আচৰণিক ধাৰণা আদি পৰিমাপ কৰে। ব্যৱস্থাপনাত উৎপাদনশীলতা, কার্যক্ষমতা, সময়-ব্যৱস্থাপনা, সংগঠনগত আচৰণ আদি পৰিমাপ কৰা হয়। ইমানে বিস্তৃত ক্ষেত্ৰত পৰিমাপণ ব্যৱহাৰ হোৱাৰ মূল কাৰণ হ'ল- সিদ্ধান্ত গ্রহণ, তুলনা, মূল্যায়ন, পৰিকল্পনা আৰু উন্নয়নৰ বাবে সঠিক তথ্যৰ প্ৰয়োজনীয়তা। সংক্ষেপে, পৰিমাপণৰ পৰিসৰ ব্যক্তি, বস্তু, প্রক্রিয়া, প্রদর্শন আৰু মানসিক বৈশিষ্ট্য-সকলোকে আৱৰি ৰাখে

৬। মূল্যায়নৰ ধাৰণা (Concept of Evaluation) সম্বন্ধে চমুকৈ লিখা

উত্তৰঃ মূল্যায়ন বুলিলে কোনো ব্যক্তিৰ কৃতিত্ব, আচৰণ, কাৰ্যক্ষমতা বা বৈশিষ্ট্যৰ মান আৰু গুণ নির্ধাৰণ কৰি সিদ্ধান্ত লোৱাক বুজায়। মূল্যায়ন কেৱল সাংখ্যিক পৰিমাপ নহয়; ই গুণগত আৰু পৰিমাণগত দুয়ো দিশক আৱৰি ৰাখে। শিক্ষাক্ষেত্ৰত মূল্যায়নৰ মূল উদ্দেশ্য হ'ল— শিক্ষার্থীয়ে কি শিকিলে, কিমান শিকিলে, শিকাৰ গুণ কিমান উন্নত হ'ল আৰু কোন ক্ষেত্ৰত উন্নতিৰ প্ৰয়োজন আছে সেইটো নিৰ্ণয় কৰা। মূল্যায়নৰ সৈতে পৰিমাপণৰ ঘনিষ্ঠ সম্পর্ক আছে, কিন্তু মূল্যায়ন পৰিমাপণতকৈ বিস্তৃত, কাৰণ ইয়াত বিচাৰ-প্রবণতা, মানদণ্ড, মান, মানস্থান, আৰু কামৰ গুণৰ মূল্য নির্ধাৰণ থাকে। মূল্যায়ন শিক্ষক, শিক্ষার্থী, অভিভাৱক আৰু ব্যৱস্থাপক সকলক শিক্ষণ-শিক্ষণৰ ফলাফল উপলব্ধি কৰাত সহায় কৰে। গঠনমূলক আৰু সংক্ষিপ্ত মূল্যায়ন, প্রমোচনৰ সিদ্ধান্ত, বাছনি, পৰামৰ্শ, পাঠ্যক্ৰম সংশোধন— সকলোতে মূল্যায়নৰ ভূমিকা অতি গুৰুত্বপূর্ণ। সংক্ষেপে, মূল্যায়ন হৈছে- "মানদণ্ড অনুসৰি ফলাফল বুজা, তুলনা কৰা আৰু সিদ্ধান্ত লোৱা।"

৭। শৈক্ষিক পৰিমাপন (Educational Measurement) কি?

উত্তৰঃ শিক্ষা-ক্ষেত্ৰত শিক্ষার্থীৰ জ্ঞান, দক্ষতা, মনোভাৱ, আচৰণ, আগ্রহ, বৌদ্ধিক ক্ষমতা আদি বৈজ্ঞানিকভাৱে সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰাকে শৈক্ষিক পৰিমাপণ বোলে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিকাৰ গতি পর্যবেক্ষণ, শিক্ষণ-পদ্ধতি মূল্যায়ন, পাঠ্যক্রম উন্নয়ন, বাছনি আৰু প্ৰমোচনৰ সিদ্ধান্ত আদিৰ বাবে শৈক্ষিক পৰিমাপণ অত্যন্ত প্রয়োজনীয়। এই পৰিমাপণ লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা, প্রায়োগিক কার্য, প্রজেক্ট-কর্ম, মানসিক পৰীক্ষা আদি ৰূপত দেখা যায়। শৈক্ষিক পৰিমাপণে শিক্ষাৰ্থীৰ শক্তি-দুৰ্বলতা চিনাক্ত কৰে, শিক্ষকক পাঠদানে উপযুক্ত কৌশল নির্ধাৰণত সহায় কৰে আৰু বিদ্যালয় ব্যৱস্থাপনাক শৈক্ষিক গুণমান উন্নয়নলৈ দিশ প্ৰদান কৰে। ই বস্তুনিষ্ঠতা, শুদ্ধতা আৰু প্ৰমাণ-ভিত্তিক সিদ্ধান্ত গ্ৰহণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সংক্ষেপে, শৈক্ষিক পৰিমাপণ শিক্ষাব্যৱস্থাৰ মাপন, মূল্যায়ন আৰু উন্নয়নৰ ভিত্তি

৮। গঠনমূলক মূল্যায়ন (Formative Evaluation) কি?

উত্তৰঃ গঠনমূলক মূল্যায়ন অর্থাৎ অধ্যয়ন চলি থাকোতেই নিয়মিতভাৱে কৰা মূল্যায়ন। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল- শিক্ষার্থীৰ শিকাৰ গতি, সমস্যা, ভুল-বুজাবুজি আৰু উন্নয়নৰ ক্ষেত্ৰবোৰ তৎক্ষণাত চিহ্নিত কৰা। শিক্ষক এই মূল্যায়নৰ সহায়ত পাঠদানে সংশোধন কৰে, নতুন কৌশল গ্রহণ কৰে আৰু শিক্ষার্থীক তৎক্ষণাত প্রতিক্রিয়া প্রদান কৰে। গঠনমূলক মূল্যায়নৰ উপায়সমূহ হ'ল-মৌখিক প্রশ্ন, সৰু কুইজ, ক্লাছ-টেষ্ট, হোম-ৱাৰ্ক, প্রজেক্ট পর্যবেক্ষণ, আলোচনা, পোর্টফ'লিঅ' আদি। ই শিক্ষার্থী-কেন্দ্রিক আৰু উন্নয়নমুখী। গঠনমূলক মূল্যায়নে শিক্ষার্থীৰ স্ব-শিক্ষণ, আত্মবিশ্বাস, সক্রিয়তা আৰু চিন্তাশক্তি বৃদ্ধি কৰে। ই সংক্ষিপ্ত মূল্যায়নক ফলপ্রসূ কৰি তুলিবলৈ প্রাথমিক ডাটা প্ৰদান কৰে। সংক্ষেপে, গঠনমূলক মূল্যায়ন হৈছে- "নিয়মিত মূল্যায়নৰ জৰিয়তে শিকাৰ গুণমান উন্নত কৰাৰ প্ৰক্ৰিয়া।”

৯। নামান্তৰ মাপকাঠী (Nominal Scale) কি?

উত্তৰঃ নামান্তৰ মাপকাঠী হৈছে পৰিমাপণৰ আটাইতকৈ নিম্ন স্তৰ। ইয়াত বস্তু বা ব্যক্তিক কেৱল বৰ্গীকৰণ কৰা হয়; সংখ্যা কেৱল চিহ্ন হিচাপে ব্যৱহৃত হয়, মানৰ কোনো শৃংখলা, দূৰত্ব, বা তুলনামূলক ধাৰণা থাকেন। উদাহৰণ- লিংগঃ 1= পুৰুষ, 2= মহিলা; ধর্মঃ 1 = হিন্দু, 2 = মুছলিম, 3 = খ্রীষ্টান; ৰক্তৰ গোটঃ A, B, AB, Oনামান্তৰ মাপকাঠীত সংখ্যাৰ একমাত্র উদ্দেশ্য হ'ল- বর্গ চিনাক্ত কৰা। কোনো ব্যক্তিক 2 মান নির্ধাৰণ কৰিলে ৰ মানৰ ব্যক্তিতকৈ উচ্চ নে নিম্ন সেই কথা কোৱা নাযায়। ই সমাজবিজ্ঞান, শিক্ষা, মনোবিজ্ঞান আৰু গবেষণাত বৰ্গীকৰণৰ বাবে বহুল ব্যৱহৃত। নামান্তৰ তথ্যৰ ওপৰত শতাংশ, বাৰম্বাৰতা (frequency) আদি গণনা কৰিব পাৰি, কিন্তু গড় বা মান বিচাৰ কৰিব নোৱাৰে

১০। মূল্যায়নৰ উদ্দেশ্য (Objectives of Evaluation) কি?

উত্তৰঃ মূল্যায়নৰ মুখ্য উদ্দেশ্য হ'ল শিক্ষার্থীৰ শিকাৰ স্তৰ, কৃতিত্ব আৰু সক্ষমতা বুজা। প্রথমতে, মূল্যায়নে শিক্ষার্থীয়ে কি শিকিলে, কিমান শিকিলে আৰু কোন দিশত শিকাৰ ঘাতি আছে সেইটো স্পষ্ট কৰে। দ্বিতীয়তে, শিক্ষণ-পদ্ধতি কার্যকৰী নে, পাঠদান সংশোধনৰ প্ৰয়োজন আছে নে সেইটো শিক্ষকক বুজিবলৈ সহায় কৰে। তৃতীয়তে, মূল্যায়ন শ্রেণী-উন্নয়ন, পদোন্নতি, বৃত্তি প্রদান, বাছনি আদি প্রশাসনিক সিদ্ধান্তৰ বাবে অত্যন্ত প্রয়োজনীয়। চতুর্থতে, মূল্যায়নে শিক্ষার্থীৰ ব্যক্তিগত বৃদ্ধি-মনোভাব, দক্ষতা, সৃজনশীলতা, সামাজিক আচৰণ আদি পর্যবেক্ষণ কৰি তেওঁলোকৰ সামগ্রিক উন্নয়ন নিশ্চিত কৰে। পঞ্চমতে, পাঠ্যক্ৰম আৰু শিক্ষণ-পদ্ধতি মূল্যায়নৰ মাধ্যমে সংশোধন, আধুনিকীকৰণ আৰু উন্নয়ন সম্ভৱ হয়। ষষ্ঠতে, মূল্যায়নে প্রত্যেক শিক্ষার্থীৰ শক্তি দুর্বলতা চিহ্নিত কৰি ব্যক্তিগত পৰামৰ্শ প্রদানত সহায় কৰে

    সংক্ষেপে, মূল্যায়নৰ উদ্দেশ্য হ'ল- সিদ্ধান্ত গ্রহণ, শিকাৰ গুণমান উন্নয়ন, শিক্ষাৰ মান নিশ্চয়তা আৰু ভবিষ্যৎ শিক্ষণ-পদ্ধতি উন্নয়নৰ পথ দেখুওৱা

১১। অনুপাত মাপকাঠী (Ratio Scale) কি?

উত্তৰঃ অনুপাত মাপকাঠী বুলিলে পৰিমাপণৰ আটাইতকৈ উচ্চতম আৰু পূর্ণাঙ্গ মাপকাঠী বুজায়। ইয়াত সংখ্যা-মূল্যসমূহৰ মাজত সমান দূৰত্ব থাকে (interval) আৰু একেবাৰে সত্য শূন্যবিন্দু থাকে। শূন্য মান অর্থাৎ কোনো বৈশিষ্ট্যই উপস্থিত নাই। উদাহৰণ-দৈর্ঘ্য (০ মানে দৈর্ঘ্য নাই), ওজন, সময়, আয়, দূৰত্ব। এই মাপকাঠীত যোগ-বিয়োগ, গুণ-ভাগ সকলো গাণিতিক প্রক্রিয়া প্রয়োগ কৰিব পাৰি। ইয়াৰ সহায়ত তথ্য তুলনামূলকভাবে সবাতোকৈ স্পষ্ট আৰু বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰিব পাৰি। অনুপাত মাপকাঠী বিজ্ঞান, ইঞ্জিনিয়াৰিং, অর্থনীতি, মনোবিজ্ঞান আৰু শিক্ষাক্ষেত্ৰত বহুল ব্যৱহৃত হয়। উদাহৰণস্বরূপ, এখন প্রশ্নতৰ ২০ নম্বৰৰ ভিতৰত ১০ নাম পোৱা মানে ৫ নাম পোৱাতকৈ দ্বিগুণ দক্ষতা। সেয়ে অনুপাত মাপকাঠী সঠিকতা, বস্তুনিষ্ঠতা আৰু তুলনাৰ দিশত সবাতোকৈ উন্নত মাপকাঠী

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। "পৰিমাপণৰ বৈশিষ্ট্যসমূহ কি কি ব্যাখ্যা কৰা।"

উত্তৰঃ পৰিমাপণ (Measurement) হৈছে কোনো বস্তু, গুণ, আচৰণ বা মানসিক সক্ষমতাক নির্দিষ্ট নীতি-নিয়ম অনুসৰি সাংখ্যিক ৰূপত প্ৰকাশ কৰাৰ এটা বৈজ্ঞানিক প্রক্রিয়া। দৈনন্দিন জীৱন, শিক্ষা, বিজ্ঞান, মনোবিজ্ঞান, ৰাজনীতি, অর্থনীতি আদি সকলোক্ষেত্রতেই পৰিমাপণৰ গুৰুত্ব অপৰিসীম। শৈশৱৰে পৰা জীৱনৰ শেষ সময়লৈকে মানুহৰ দৈনন্দিন কার্য্য, সিদ্ধান্ত গ্রহণ, মূল্যায়ন, উন্নয়ন আৰু তুলনামূলক বিশ্লেষণ সকলোতে পৰিমাপণৰ ভূমিকা স্পষ্ট। পৰিমাপণৰ বৈশিষ্ট্যসমূহ বুজা মানে এই সামগ্রিক প্রক্ৰিয়াটোৰ সীমা, ক্ষমতা, বৈজ্ঞানিকতা, বস্তুনিষ্ঠতা আৰু প্রয়োগযোগ্যতা বুজা

ইয়াৰ প্ৰেক্ষাপটত তলত পৰিমাপণৰ মুখ্য বৈশিষ্ট্যসমূহ বিস্তাৰিতভাবে আলোচনা কৰা হৈছে— 

(ক) সাংখ্যিক বর্ণনাঃ পৰিমাপণ প্রথমে যিটো বিষয় স্পষ্ট কৰে, সেয়া হৈছে- কোনো বস্তু, আচৰণ বা বৈশিষ্ট্যক সংখ্যাৰ সহায়ত বর্ণনা কৰা। গুণগত বিষয়ক ব্যবস্থাপূর্ণভাবে পৰিমাণগত ৰূপত ৰূপান্তৰ কৰি সাংখ্যিক মূল্য দিয়া হৈছে পৰিমাপণৰ মূল লক্ষ্য। উদাহৰণস্বৰূপে- উচ্চতা, ওজন, শিক্ষার্থীৰ নম্বৰ, IQ স্ক'ৰ আদিকে সংখ্যা দিয়ে প্রকাশ কৰা

(খ) তথ্যৰ জোখ-মাখ বা ব্যাখ্যাঃ পৰিমাপণ কেবল সংখ্যা দিয়া কাম নহয়, এই সংখ্যা সমূহ তথ্য (Data) রূপে সংগৃহীত হয় আৰু সেই তথ্যই বস্তুৰ গুণমান বুজিব দিয়ে। ইয়াৰ দ্বাৰা কোনো আচৰণ, সক্ষমতা বা ঘটনাৰ জোখ-মাখৰ বৈজ্ঞানিক 'ভিত্তি প্রদান কৰা হয়

(গ) দুটা প্রধান ধৰণ- ভৌতিক আৰু মানসিক পৰিমাপণঃ পৰিমাপণ মূলতে দুটা ক্ষেত্রত প্রযোজ্য

(১) ভৌতিক পৰিমাপণ— দৈর্ঘ্য, ওজন, গতি, আয়তন আদি

(২) মানসিক পৰিমাপণ— বুদ্ধি, মনোভাৱ, আগ্রহ, ব্যক্তিত্ব, সৃষ্টিশীলতা আদি। ভৌতিক পৰিমাপণ সহজ আৰু সঠিক, কিন্তু মানসিক পৰিমাপণ তুলনামূলকভাবে জটিল, কাৰণ মানসিক গুণাবলী অদৃশ্য আৰু ধাৰণাত্মক

(ঘ) কোনো বস্তুৰ গুণাগুণ নিৰ্ধাৰণৰ প্ৰচেষ্টাঃ পৰিমাপণৰ মূল স্বৰূপ হ'ল- কোনো বস্তু বা ব্যক্তিৰ বিশেষ বৈশিষ্ট্য কেনেকুৱা, কিমানদূৰ উপস্থিত, কিমান প্রবল বা দুৰ্বল- সেইবোৰ স্পষ্টভাৱে জানিবলৈ জোখ-মাখ কৰাৰ চেষ্টা। সঠিক পৰিমাপণ নোহোৱা পর্যন্ত কোনো বস্তুক সঠিকভাবে তুলনা, বিশ্লেষণ বা মূল্যায়ন কৰিব নোৱাৰি

(ঙ) জীৱনৰ সকলো দিশৰ সৈতে জড়িতঃ পৰিমাপণ কেৱল বিজ্ঞান বা শিক্ষা-ক্ষেত্রতেই সীমাবদ্ধ নহয়। জীৱনৰ প্ৰতিটো স্তৰ-অর্থনীতি, ব্যৱসায়, চিকিৎসা, ক্রীড়া, পৰিৱেশ, নীতি-নিৰ্ধাৰণ, সময় পৰিচালনা আদি সকলোতে পৰিমাপণ লাগেই। সেয়ে পৰিমাপণ এক দৈনন্দিন চর্চা

(চ) বস্তুনিষ্ঠ আৰু ব্যক্তিনিৰপেক্ষ প্ৰক্ৰিয়াঃ পৰিমাপণৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল বস্তুনিষ্ঠতা। ব্যক্তিগত মতামত, পক্ষপাত, অনুভূতি আদি এই প্রক্রিয়াত প্রভাব নেপেলোৱাকৈ ফলাফল একে নিয়ম অনুসৰি উৎপন্ন হ'ব লাগে। উদাহৰণস্বৰূপে-এটা থার্মমিটাৰে যিকোনো ব্যক্তিৰ জ্বৰ একেদৰে জুখিবলগীয়া হোৱা

(ছ) পৰিসৰ সীমিতঃ পৰিমাপণ সকলো বস্তুতে প্রয়োগযোগ্য নহয়। যিবোৰ বস্তু বা গুণ সাংখ্যিকভাবে প্রকাশ কৰিব পাৰি, কেৱল সেইবোৰতে পৰিমাপণ কাৰ্য্য কৰিব পৰা যায়। উদাহৰণ- ভালপোৱা, দয়া, বিশ্বাস, নৈতিকতা আদি বিষয় সংখ্যাগত ৰূপত সঠিকভাবে প্রকাশ কৰা কঠিন। এই সীমাবদ্ধতা পৰিমাপণৰ আভ্যন্তৰীণ বৈশিষ্ট্য

(জ) কিমান বেছি, কিমান কম এই ধাৰণাৰ ওপৰত আধাৰিতঃ পৰিমাপণ মূলতে "কিমান?" (How much?) ধাৰণাৰে জড়িত

উদাহৰণ স্বৰূপে,

উচ্চতা ১৬৫ ছেমি

— IQ স্ক'ৰ ১১০

গাণিতিক কৃতিত্ব ৭৮%
অর্থাৎ পৰিমাপণ স্পষ্টভাৱে পৰিমাণ নির্দেশ কৰে

(ঝ) অবিৰত প্ৰক্ৰিয়া নহয়ঃ পৰিমাপণ প্রয়োজন অনুসৰি কৰা এটি কর্ম। সময়বিশেষতে পৰিমাপ কৰা হয় আৰু সেই ফলাফলৰ ওপৰত ভবিষ্যত সিদ্ধান্ত গৃহীত হয়। যদিও মূল্যায়ন এবিধ অবিৰত আৰু প্ৰগতিমূলক প্রক্রিয়া, পৰিমাপণ বাধ্যতামূলকভাবে অবিৰত নহয়

(ঞ) শিক্ষাৰ উদ্দেশ্য ৰূপায়নত সচেতন নহয়ঃ পৰিমাপণ এক নির্দিষ্ট উদ্দেশ্যৰ তথ্য সংগ্ৰহ কৰি সাংখ্যিক ফলাফল দিয়ে, কিন্তু সংশোধন, উন্নয়ন বা শিক্ষাদান প্ৰক্ৰিয়াৰ উন্নতি সাধনত একলব্যে সচেতন নহয়। উদাহৰণ- পৰীক্ষাত নম্বৰ দিয়া পৰিমাপণ, কিন্তু কোনটো ভুল কেনেকৈ শুদ্ধ কৰিব লাগে সেইটো মূল্যায়ন মাধ্যমে সিদ্ধান্ত হয়

    সাৰাংশত, পৰিমাপণ হৈছে বিজ্ঞানসম্মত, বস্তুনিষ্ঠ আৰু নিয়মানুগ প্রক্রিয়া, যাৰ সহায়ত যিকোনো বৈশিষ্ট্যৰ পৰিমাণগত মান নির্ণয় কৰা হয়। ই গুণগত বিষয়ক সংখ্যাৰ মাধ্যমে স্পষ্ট ৰূপত প্রকাশ কৰে আৰু বিশ্লেষণ, তুলনা, শ্রেণীবিভাগ, বাছনি আৰু মূল্যায়নৰ ভিত্তি প্রস্তুত কৰে। যদিও পৰিমাপণৰ সীমাবদ্ধতা আছে, তথাপিও আধুনিক শিক্ষা, মনোবিজ্ঞান, চিকিৎসা, অর্থনীতি আদি সকলো ক্ষেত্ৰতেই পৰিমাপণ মানবিক উন্নয়ন আৰু সামাজিক বিকাশৰ এক অত্যন্ত প্রয়োজনীয় মাধ্যম

২। শৈক্ষিক পৰিমাপণৰ প্ৰকৃতি আৰু পৰিধি বৰ্ণনা কৰা

উত্তৰঃ শৈক্ষিক পৰিমাপণৰ প্ৰকৃতিঃ শৈক্ষিক পৰিমাপণৰ প্ৰকৃতি তলত উল্লেখ কৰা হ'ল-

(ক) শৈক্ষিক পৰিমাপ হৈছে পৰোক্ষ আৰু অসম্পূর্ণ

(খ) শৈক্ষিক পৰিমাপৰ দ্বাৰা পৰিমাণযোগ্য বৈশিষ্ট্যটোৰ প্ৰতিনিধিত্বমূলক আচৰণক জোখা হয়

(গ) শৈক্ষিক পৰিমাপৰ দ্বাৰা জোখা এককসমূহ স্থায়ী নহয়

(ঘ) শৈক্ষিক পৰিমাপৰ এককসমূহ কোনো চৰম শূণ্যমানৰ পৰা আৰম্ভ নহয়

(ঙ) শৈক্ষিক আচনিসমূহৰ মূল্যায়ণৰ মাধ্যম হিচাপে শৈক্ষিক পৰিমাপ ব্যৱহৃত হয়। নির্দিষ্ট শৈক্ষিক উদ্দেশ্য আগত ৰাখি শিক্ষাদান কার্য সম্পাদন কৰা হয়

(চ) বিভিন্ন মনোবৈজ্ঞানিক পৰিমাপর দাবেই শৈক্ষিক পৰিমাপৰ ক্ষেত্ৰতো সম্পূর্ণ বস্তুনিষ্ঠতা নিশ্চিত কৰিব পৰা নাযায়

শৈক্ষিক পৰিমাপণৰ পৰিধি বা পৰিসৰঃ শৈক্ষিক পৰিমাপণ বুলি ক'লে সৰল অৰ্থত শিক্ষা প্ৰক্ৰিয়াৰ সফলতা বিফলতাসমূহ নিৰূপন কৰাৰ বাবে ব্যৱহাৰ কৰা পৰিমাপণৰ নানা প্ৰক্ৰিয়াৰ কথাকে বুজোৱা হয়। অর্থাৎ এটা নির্দিষ্ট শিক্ষা প্ৰক্ৰিয়াৰ লক্ষ্য-উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ বাবে নিৰ্বাচিত বিষয়বস্তু আৰু পদ্ধতিসমূহৰ দ্বাৰা কি পৰিমাণে সফল হ'ব পৰা গ', কোনবোৰ দিশত বিফলতাৰ মুখামুখী হ'বলগীয়া হ', এনে বিফলতাৰ কাৰণবোৰ কি কি আৰু কেনে প্ৰক্ৰিয়াৰে সেইবোৰ আঁতৰ কৰাটো সম্ভৱ হ'ব আদি দিশৰ বিষয়ে প্রণালীবদ্ধ বিচাৰ-বিশ্লেষণ আগবঢ়োৱা পৰিমাপণৰ পক্রিয়াকে শৈক্ষিক পৰিমাপণ বুলি কোৱা হয়। এনে পৰিমাপণ প্ৰক্ৰিয়াৰ প্ৰধান উদ্দেশ্য হৈছে কোনো এটা নির্দিষ্ট শিক্ষা প্ৰক্ৰিয়াৰ লক্ষ্য-উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ বাবে নিৰ্বাচিত বিষয়বস্তু আৰু পদ্ধতিসমূহৰ সফলতা আৰু বিফলতাৰ দিশসমূহ প্রণালীবদ্ধভাৱে বিচাৰ-বিশ্লেষণ কৰি চোৱা আৰু প্ৰয়োজন অনুসৰি শিক্ষা প্ৰক্ৰিয়াৰ পৰিবৰ্তনত সহায় আগবঢ়োৱা। জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ সফলতা-বিফলতাৰ মাত্রা সম্পর্কে জনাত শৈক্ষিক পৰিমাপণে বিশেষভাৱে সহায় আগবঢ়ায়

    মনোবিজ্ঞানৰ জগতলৈ নতুন পৰিবৰ্তনবোৰৰ আগমন ঘটাৰ লগে লগে শিক্ষা প্ৰক্ৰিয়াৰ ক্ষেত্ৰলৈও লাহে লাহে পৰিমাপণ সম্পৰ্কীয় নতুন ধ্যান-ধাৰণাৰ আগমন ঘটে। অৱশ্যে কুৰি শতিকাৰ আগৰ কালছোৱাত বিশেষকৈ উনৈশ শতিকাৰ সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা পৰীক্ষা পদ্ধতিসমূহ নানা ধৰণৰ দোষত্রুটিৰে পৰিপূৰ্ণ আছিল। ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্জিত জ্ঞানৰ পৰিমাপণৰ বাবে শিক্ষকসমূহৰ পৰিকল্পনা কৰি নিজৰ মতে যিবোৰ বিষয় প্রয়োজনীয় বুলি উপলব্ধি কৰে সেইবোৰকেই পৰীক্ষা পদ্ধতিত প্রয়োগ কৰিবলৈ লয়। শিক্ষার্থীসকলৰ সফলতা-বিফলতা আদিৰ বিচাৰ বিশ্লেষণ শিক্ষকে নিজ পচন্দ, ৰুচি-অভিৰুচি আৰু খেয়ালখুচি মতে কৰিবলৈ লয়। অর্থাৎ অতিগতানুগতিক প্ৰক্ৰিয়াৰে পৰীক্ষা প্ৰক্ৰিয়াৰ সহায়ত ছাত্র-ছাত্ৰীসকলৰ অর্জিত জ্ঞানৰ বিচাৰ-বিশ্লেষণ আৰু পৰিমাপ কৰা প্ৰক্ৰিয়াৰ ওপৰতে শিক্ষকসকলে নির্ভৰশীল হৈ বয়। এনে পৰীক্ষা প্রক্রিয়া মুঠেই বিজ্ঞানসন্মত নাছিল। গতিকে এইবোৰে ছাত্ৰ-ছাত্রীৰ অর্জিত জ্ঞান সুপৰিকল্পিতভাৱে পৰিমাপ কৰিব পৰা নাছিল। এনে পৰীক্ষাসমূহ অপৰিকল্পিত, অবৈজ্ঞানিক আৰু ব্যক্তিনিষ্ঠ প্রকৃতিৰ আছিল বাবে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিমাপণ প্রক্রিয়া নানা দোষ-ত্রুটিবে পৰিপূর্ণ আছিল

    উনৈশ শতিকাৰ শেষ সময়ছোৱাত বিশেষকৈ কুৰি শতিকাৰ প্ৰাক্কালত মানুহৰ চিন্তা-চৰ্চাৰ সকলো দিশতে বিজ্ঞানৰ প্রভাৱ গতিশীল হৈ পৰে। ফলস্বৰূপে মানুহৰ জ্ঞানৰ প্ৰায়বোৰ শাখাতেই আধুনিক বিজ্ঞানৰ প্ৰৱেশ ঘটে। জ্ঞান অন্বেষণৰ সকলো প্রণালীতে নৈর্ব্যক্তিক আৰু বিজ্ঞানভিত্তিক পদ্ধতি আৰু প্ৰণালীৰ প্ৰয়োগৰ গতি খৰতকীয়া হৈ উঠে। লাহে লাহে শিক্ষাৰ ক্ষেত্ৰতো পৰিমাপণৰ নতুন ধ্যান-ধাৰণা আৰু পদ্ধতিসমূহৰ প্ৰয়োগৰ গতি অতি খৰতকীয়া হৈ উঠে আৰু নানা ধৰণৰ পৰীক্ষা প্ৰক্ৰিয়া শিক্ষাৰ বিভিন্ন পর্যায় আৰু স্তৰত ব্যৱহাৰ কৰিবলৈ লোৱা হয়

৩। শৈক্ষিক পৰিমাপণৰ কাৰ্যাৱলীসমূহ কি কি?

উত্তৰঃ শৈক্ষিক পৰিমাপণৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ'ল-

(ক) নির্বাচনঃ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সংলক্ষণৰ আৰু সামর্থ্যৰ ওপৰত ভিত্তি কৰি বিশেষ বিশেষ ক্ষেত্ৰৰ বাবে শিক্ষার্থীসকলক নির্বাচন কৰিব লগা হয়। শিক্ষার্থীৰ সংলক্ষণ আৰু সামর্থ্যসমূহৰ পৰিমাপৰ ওপৰত ভিত্তি কৰিয়েই এই নির্বাচন কার্য সম্পাদন কৰা হয়

(খ) শ্ৰেণীকৰণঃ শ্ৰেণীকৰণ হৈছে শৈক্ষিক পৰিমাপণৰ আন এটা কাৰ্যাৱলী। শিক্ষাৰ ক্ষেত্রত অনেক সময়ত শিক্ষার্থীসকলক বিভিন্ন শ্রেণীত ভাগ কৰিব লগা হয়। শিক্ষার্থীসকলক বুদ্ধিৰ মাত্রা, প্ৰৱনতা, কৃতিত্ব আদি বিভিন্ন গুণসমূহৰ পৰিমাপণৰ ওপৰত ভিত্তি কৰি বিভিন্ন শ্রেণীভুক্ত কৰা হয়

(গ) ভৱিষ্যৎ সম্ভাৱনীয়তা নির্ণয়ঃ পৰিমাপণৰ সহায়ত শিক্ষার্থীসকলৰ ভৱিষ্যৎ বিকাশ সম্ভাবনীয়তা সম্পর্কে জানিবলৈ সক্ষম হ'ব পৰা যায়

(ঘ) তুলনাকৰণঃ শৈক্ষিক পৰিমাপৰ আন এটা কার্য হ'ল তুলনাকৰণ। শিক্ষার্থীসকলৰ নিজব বুদ্ধি, প্রৱনতা, কৃতিত্ব, অভিকচি, মনোভাব ইত্যাদিব তুলনামূলক বিচাৰকৰণৰ ওপৰত ভিত্তি কবি শিক্ষার্থীসকলৰ বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা হয়

(ঙ) চিনাক্তকৰণঃ শিক্ষাৰ ক্ষেত্ৰত শিক্ষার্থীসকলৰ সফলতা বা দুৰ্বলতাসমূহৰ বিষয়ে অবগত হোৱাত পৰিমাপ অপৰিহার্য

(চ) গৱেষণাঃ শিক্ষামূলক গৱেষণাৰ ক্ষেত্ৰত পৰিমাপ অপৰিহাৰ্য। অর্থাৎ শৈক্ষিক গৱেষণাসমূহৰ লগত সদায় পৰিমাপৰ প্ৰশ্ন ওতঃপ্রোতঃভাবে জড়িত হৈ আছে

৪। আধুনিক শিক্ষা প্রক্রিয়াত মূল্যাংকনৰ আৱশ্যকতা বর্ণনা কৰা

উত্তৰঃ আনুষ্ঠানিক শিক্ষা প্রক্রিয়াত মূল্যাংকন প্ৰক্ৰিয়াৰ বিশেষ প্রয়োজনীয়তা আছে আৰু শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ পৰিসৰ অতি বিস্তাৰিত ধৰণৰ। আনুষ্ঠানিক শিক্ষা প্রক্রিয়াত একমাত্র অকৃতকার্যতাৰ মান নির্ধাৰণ কৰা হয়। অর্থাৎ শিক্ষা প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণৰ কাৰ্যৰ মান নির্ধাৰণৰ বাবে মূল্যাংকন প্ৰক্ৰিয়াৰ সহায় লোৱাটো অতি প্রয়োজনীয়। শিক্ষা প্ৰক্ৰিয়াৰ ভিন্ন কাৰ্যৰ বিচাৰ-বিশ্লেষণৰ বাবেও মূল্যাংকন প্ৰক্ৰিয়াৰ সহায় লোৱা হয়। ইয়াৰোপৰি মূল্যাংকন প্ৰক্ৰিয়াই শিক্ষাৰ পাঠ্যক্ৰম আৰু শিক্ষাৰ উদ্দেশ্যসমূহ কিমান পৰিমাণে বাস্তবায়িত কৰা হ'ল সেই সম্পর্কে প্রণালীবদ্ধ বিচাৰ-বিশ্লেষণত সহায় কৰে। ছাত্র-ছাত্রীসকলে কি শিকিলে অথবা তেওঁলোকৰ সমস্যা কোনবোৰ ক্ষেত্ৰৰ লগত সম্পর্কিত হৈ থাকিল সেই সম্পর্কে উপযুক্ত জ্ঞানলাভৰ বাবেও মূল্যাংকন প্ৰক্ৰিয়াৰ প্ৰয়োগ অতি গুৰুত্বপূর্ণ। অৱশ্যে ছাত্র-ছাত্রীসকলে আহৰণ কৰা জ্ঞানৰ বাস্তৱ মূল্যায়নৰ বাবে মূল্যাংকনৰ প্ৰণালীবদ্ধভাৱে প্রয়োগ কৰিলেহে মূল্যাংকনৰ দ্বাৰা আহৰণ কৰা জ্ঞান অথবা ফলাফল নিখুঁত হোৱাৰ সম্ভাৱনা থাকে। শ্রেণী পৰিৱেশত প্রণালীবদ্ধভাৱে শিক্ষণৰ কাৰ্যসমূহ সম্পাদন কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰৰ কিমানখিনি শিকিলে অথবা তেওঁলোকৰ সমস্যা কোনবোৰ দিশৰ লগত জড়িত হৈ থাকিব তেনে দিশসমূহৰ বিষয়ে যি মূল্যায়নে সচেতনভাৱে পৰীক্ষা কৰে তেনে মূল্যায়নকে ফলপ্রসু মূল্যাংকন বুলি ক'ব পাৰি। অর্থাৎ যি মূল্যায়নে নির্দিষ্ট উদ্দেশ্য সন্মুখত ৰাখি প্রণালীবদ্ধভাবে ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ পিছত তেওঁলোকৰ অর্জিত জ্ঞানৰ অথবা গুণাৱলীৰ বিষয়ে সচেষ্ট পৰীক্ষা কৰিব পাৰে তেনে মূল্যায়নকে ফলপ্রসু মূল্যাংকন বুলি কোৱা হয়। আনুষ্ঠানিক শিক্ষা প্রক্রিয়াত শিকোৱা প্ৰক্ৰিয়াৰ লক্ষ্য আৰু শিকোৱা জ্ঞানৰ পৰিমাপণ অথবা মূল্যাংকন কৰা কার্য গভীৰভাৱে সম্পর্কিত ধৰণৰ। অৰ্থাৎ দুয়োটা কাৰ্যৰ ভিতৰত এটাৰ পৰা আনটোক পৃথক কৰিব নোৱাৰি। মূল্যাংকন প্ৰক্ৰিয়াৰ সহায়ত ছাত্র-ছাত্রীসকলে শিকা জ্ঞানৰ ফলপ্ৰসুতাৰ বিষয়ে যেনেকৈ পৰিমাপণ কৰিব পাৰি ঠিক তেনেকৈ শিকোৱা প্ৰক্ৰিয়াৰ সফলতা-বিফলতাৰ পৰিমাপণ কৰিব পাৰি ঠিক তেনেকৈ শিকোৱা প্ৰক্ৰিয়াৰ মান নির্ধাৰণৰ বাবেই মূল্যাংকন প্রক্রিয়া আনুষ্ঠানিক শিক্ষাৰ এটা অতি জৰুৰী পদক্ষেপ বা প্রক্রিয়া

৫। পৰিমাপণ আৰু মূল্যায়নৰ সম্বন্ধ কি?

উত্তৰঃ পৰিমাপণ হৈছে এক সাংখ্যিক পৰিমাপণগত (quantity) জোখ-মাখ যাৰদ্বাৰা কোনো বস্তু বা ব্যক্তিৰ দক্ষতা কিমান বেছি জানব পাৰি

    আনহাতে মূল্যায়ন শিক্ষাৰ সামগ্ৰিক কাৰ্যৰ এক অবিৰত প্ৰক্ৰিয়া। মূল্যায়ন কেৱল অভীক্ষা, পৰীক্ষা আৰু পৰিমাপণ প্রক্রিয়া নহয়। মূল্যায়ন এক বিস্তাৰিত (Comprehensive) প্রক্রিয়া যিয়ে শৈক্ষিক আঁচনিৰ সকলো দিশতে ব্যক্তিৰ সামগ্ৰীক বিকাশৰ বাবে চেষ্টা কৰে। শিক্ষাৰ এক অখণ্ড (integral) অংশ মূল্যাংকনে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক বিচাৰ কৰি শিক্ষাৰ উদ্দেশ্যসমূহ ৰূপায়ন কৰাৰ উপৰিও শিক্ষাৰ্থীৰ বিকাশৰ পৰ্যায়সমূহৰ অগ্রগতি সম্পর্কেও বিশ্লেষণ কৰে

    পৰিমাপনে এটা অৱস্থাৰ মান নির্ণয় কৰে য'ত মূল্যায়নে এনে অৱস্থাৰ মান নির্ণয় কৰে য'ত মূল্যায়নে এনে অৱস্থাৰ মূল্য বা মান বিচাৰ কৰে। পৰিমাপনে মূল্যায়নৰ এক সঁজুলি আৰু মূল্যায়ন অবিহনে পৰিমাপণৰ গুৰুত্ব তেনেই নগণ্য। সেইদৰে মূল্যায়নে নিৰ্ভৰ কৰে শুদ্ধ আৰু যুক্তিযুক্ত (relevant) পৰিমাপণৰ ফলাফলত। পৰিমাপনে ব্যক্তিৰ কৃতিত্ব কিমানখিনি (How much) আৰু মূল্যায়নে কিমান ভাল বা কিমান কৃতকার্যতা বা সাফল্য লভ কৰিছে আৰু বিচাৰ কৰে। এজন শিক্ষার্থীয়ে কোনো এটা নির্দিষ্ট বিষয়ত কিমানখিনি জ্ঞান অর্জন কৰিলে তাৰ মাত্ৰা নিৰ্ণয় কৰে পৰিমাপনে। মূল্যায়নেও পৰিমাপণৰ নিচিনা শিক্ষার্থীৰ অর্জিত জ্ঞানৰ মূল্য নিৰ্ণয় কৰাৰ উপৰিও তেওঁলোকৰ বিকাশৰ বিভিন্ন দিশৰ সামগ্রিক দিশৰ বিচাৰ কাৰ্য সম্পাদন কৰে