Chapter 1
সামাজিক লিংগ আৰু লিংগ-সম্পৰ্কীয় প্ৰাথমিক ধাৰণা
অতি চমু প্রশ্নোত্তৰ
১। লিংগভিত্তিক বিভাজন বুলিলে কি বুজা?
উত্তৰঃ
লিংগ
বিভাজন মানে হ'ল অর্থনীতি, শিক্ষা, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি বিষয়ত পুৰুষ আৰু
নাৰীৰ মাজত দায়িত্ব আৰু ক্ষমতাৰ সীমাবদ্ধতা,
প্ৰসাৰ
বিভাজনৰ লগতে শাৰীৰিক শক্তি আৰু সবলতা,
লিংগ
পক্ষপাতিত্ব আদিৰ লগত জড়িত।
২। সমাজত লিংগ বিষয় সম্পর্কে কি বুজা?
উত্তৰঃ লিংগভিত্তিক বিভাজন দায়িত্ব আৰু
ক্ষমতাৰ বিতৰণ, শ্ৰমৰ ক্ষেত্ৰত
লিংগভিত্তিক বৈষম্য, শাৰীৰিক শক্তি আৰু
সবলতা, শিক্ষা, অর্থনীতি, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো ক্ষেত্ৰত পুৰুষ আৰু
মহিলাৰ মাজত থকা বৈষম্য আদিৰ লগত জড়িত।
৩। লিংগ-ধাৰণাত জন্মগত বৈশিষ্ট্য কোনটো-'Sex' নে 'Gender'?
উত্তৰঃ জন্মগত বৈশিষ্ট্য হৈছে Sex।
৪। 'Patriarchy'
কি?
উত্তৰঃ পিতৃসত্তাকেন্দ্রিক সমাজক 'Patriarchy' বোলা হয়।
৫। 'Sex' আৰু 'Gender' ৰ মূল পার্থক্য কি?
উত্তৰঃ 'Sex' জন্মগত বৈশিষ্ট্য আৰু 'Gender' সমাজে গঢ়ি দিয়া ভূমিকা।
৬। বিবাহ (Marriage)
কি?
উত্তৰঃ বিবাহ হৈছে দুজন ব্যক্তিৰ
আইনী-সামাজিক সম্পৰ্কৰ দ্বাৰা গঠিত প্রতিষ্ঠান।
৭। 'Gender'
কিয় 'সামাজিক গঠন'?
উত্তৰঃ কাৰণ ইয়াৰ ভূমিকা সমাজ, সংস্কৃতি আৰু সময়ে গঢ়ি তোলে।
৮। 'Masculinity'
কি
জন্মগত?
উত্তৰঃ 'Masculinity' সমাজে সৃষ্টি কৰে, জন্মগত নহয়।
৯। পৰিয়াল লিংগীয় ভূমিকা কেনেকৈ সৃষ্টি কৰে?
উত্তৰঃ পৰিয়ালে ল'ৰা-ছোৱালীৰ মাজত আচৰণ, দায়িত্ব আৰু মানদণ্ড বিতৰণ কৰাৰ
মাধ্যমেৰে লিংগীয় ভূমিকা সৃষ্টি কৰে।
১০। স্বজনতা (Kinship)
লিংগ
মানদণ্ড কেনেকৈ নিৰ্ধাৰণ কৰে?
উত্তৰঃ
স্বজনতা
ব্যৱস্থাই উত্তৰাধিকাৰ আৰু পৰিয়ালিক দায়িত্ব বিতৰণৰ মাধ্যমে লিংগ মানদণ্ড স্থাপন
কৰে।
১১। 'Gender
Stereotype' ৰ উদাহৰণ এটা দিয়া।
উত্তৰঃ
“গৃহকর্ম নাৰীৰ কাম
"ই এটা 'Gender
Stereotype'।
চমু প্রশ্নোত্তৰ
১। সামাজিক লিংগ (Gender)
আৰু
জৈৱিক লিংগ (Sex)
ব
মাজত থকা সম্পর্কসমূহ কি কি?
উত্তৰঃ
'সামাজিক লিংগ' (Gender) শব্দটো পুরুষ-মহিলা চিনাক্তকৰণৰ
ক্ষেত্ৰত ব্যৱহাৰ কৰে। অর্থাৎ সামাজিক লিংগৰ দ্বাৰা ব্যক্তিজন ল'বা নে ছোৱালী, পুৰুষ নে মহিলা গম পোৱা যায়। এই
পার্থক্য শৰীৰৰ বিশেষ অংশৰ পৰিৱৰ্তনৰ সৈতে জড়িত। যেনে- মহিলাৰ জৰায়ু থাকে, এইটো তেওঁলোকৰ জৈৱিক অংশ। ঠিক
তেনেদৰে পুৰুষৰ কিছুমান বিশেষ গ্রন্থি থাকে। এইদৰে পুৰুষ আৰু মহিলাৰ দেহৰো কিছুমান
পার্থক্য থাকে। প্রকৃতিয়ে এই নিয়ম অংগ বৃদ্ধিৰ বাবে প্রস্তুত কৰিছে। গতিকে সামাজিক
লিংগ হ'ল ব্যক্তিৰ জৈৱিক
বৈশিষ্ট্য যিয়ে তেওঁক পুৰুষ বা মহিলা হিচাপে গঢ়ি তোলে।
সমাজে ল'ৰা আৰু ছোৱালীৰপৰা
বিভিন্ন ধৰণৰ ব্যৱহাৰৰ আশা কৰে। সাধাৰণতে ল'ৰাবোৰ সাহসী আৰু
আক্রমণাত্মক হয়। পুৰুষক বাহিৰলৈ গৈ পইচা উপাৰ্জন কৰিবলৈ দিয়া হয়। তেওঁ হ'ল খাদ্য সংগ্ৰহ কৰোতা। মহিলাবোৰ
নম্ৰ আৰু লাজকুৰীয়া হয়। তেওঁলোক ঘৰতে থাকে। এই নিয়ম প্ৰকৃতিৰ পৰিৱৰ্তে সমাজে
সৃষ্টি কৰিছে। সমাজে পুৰুষ আৰু মহিলাৰ বাবে বিভিন্ন ভূমিকাৰ নিৰ্মাণ কৰিছে। সমাজে
পুৰুষ আৰু মহিলাৰ বাবে বিভিন্ন দায়িত্ববোধ নির্মাণ কৰিছে। পুৰুষ আৰু মহিলাৰ বাবে
সীমাবদ্ধতাও নির্ধাৰণ কৰা হৈছে।
সামাজিক অৱস্থাৰ দ্বাৰা সৃষ্টি হোৱা পুৰুষ আৰু মহিলাৰ ব্যক্তিত্বকে লিংগ বুলি
কোৱা হয়। গতিকে লিংগ হ'ল সমাজে পুৰুষ আৰু
মহিলাৰ পৰা আশা কৰা গুণ,
ভূমিকা
আৰু পৰিণামসমূহ। সময় আৰু সংস্কৃতিৰ লগত লিংগৰ পৰিৱৰ্তন হৈ থাকে।
২। মাতৃতান্ত্রিকতা (Matriarchal)
মানে
কি?
উত্তৰঃ
মাতৃপ্রধান
বা মাতৃয়াত্মক পৰিয়ালৰ মুখীয়াল হ'ল মাতৃগৰাকী আৰু তেওঁৰ
হাততে পৰিয়ালৰ সকলো কর্তত্ব ন্যস্ত থাকে। ইয়াৰ অন্য সদস্যসকলে মাতৃৰ নিৰ্দেশ মানি
চলে আৰু তেওঁৰ প্রতি সম্পূর্ণ আনুগত্য প্রকাশ কৰে। এনে পৰিয়ালত পিতৃৰ স্থান গৌণ
বুলি ধৰা হয়। ইয়াত পুৰুষে পত্নীৰ ওচৰলৈ আহি পাৰিবাৰিক জীৱন-যাপন কৰিবলগীয়া হয়। বহুতো
সমাজত পুৰুষজনে সমগ্র জীৱন পত্নীৰ ঘৰতে কটাবলগীয়া হয়। সাধাৰণতে জনজাতীয় সমাজত
এনেধৰণৰ পৰিয়ালৰ ব্যৱস্থা থকা দেখা যায়।
এনে পৰিয়ালত সামাজিক ক্ষেত্ৰত মাতৃগৰাকীয়েই প্রধান ভূমিকা পালন কৰে। ইয়াত
মাতৃৰ মান-মর্যদা বেছি।
এনে পৰিয়ালৰ পৰিয়াল ব্যবস্থাত মাতৃৰ হাততে পৰিয়াল পৰিচালনাৰ দায়িত্ব থাকে।
আর্থিক কাম-কাজত পুৰুষে সহায় কৰিলেও পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত মাতৃগৰাকীয়ে মূখ্য
ভূমিকা পালন কৰে।
মাতৃপ্রধান পৰিয়ালত মুখ্য কর্তা হ'ল মাতৃ বা মাতৃস্থানীয়
লোক। পত্নীৰ অবিহনে ইয়াত পৰিয়ালৰ কর্তৃত্ব পত্নীৰ ভগ্নী বা তেওঁ পৰিয়ালৰ হাতলৈ
যায়। ইয়াত পৰিয়ালৰ সা-সম্পত্তিৰ অধিকাৰ মাতৃগৰাকীৰ হাতত ন্যস্ত থাকে। পুৰুষৰ
সা-সম্পত্তিৰ ওপৰত কোনোধৰণৰ অধিকাৰ নাথাকে।
এনে পৰিয়ালত সন্তানসকলে মাতৃগৃহতে ডাঙৰ দীঘল হয় আৰু মাতৃৰ উপাধিকে গ্ৰহণ কৰে।
আত্মীয়-স্বজনৰ অন্তর্ভুক্তিৰ ক্ষেত্ৰতো কেৱল মাতৃৰ বংশৰ লোককহে অন্তর্ভুক্ত কৰা হয়।
আমাৰ দেশত খাছী, নায়াৰ আদি জনজাতীয়
লোকসকলৰ মাজত এনে পৰিয়াল ব্যৱস্থা বর্তি থকা দেখা যায়।
৩। পিতৃসত্তাকেন্দ্রিক সমাজ (Patriarchy)
আৰু
মাতৃসত্তাকেন্দ্রিক সমাজ (Matriarchy)
ব্যাখ্যা
কৰা।
উত্তৰঃ
Patriarchy আৰু Matriarchy হৈছে সমাজৰ দুটা মৌলিক গঠনপ্রণালী, য'ত ক্ষমতা-বিতৰণ আৰু সামাজিক-অর্থনৈতিক অধিকাৰ নির্দিষ্টভাৱে
কোনো এটা লিংগক অগ্রাধিকাৰ দিয়ে। Patriarchy
মানে
হৈছে পিতৃসত্তাকেন্দ্রিক সমাজব্যৱস্থা-য'ত পুৰুষক পৰিয়ালৰ
প্ৰধান, সম্পত্তিৰ অধিকাৰী, সিদ্ধান্তগ্রাহী আৰু সমাজ-ধর্মীয়
কাৰ্য্যৰ মুখ্য ব্যক্তি হিচাপে গণ্য কৰা হয়। ভাৰতীয় সমাজ, মধ্যপ্রাচ্যৰ সমাজ, আৰু বহু পশ্চিমীয়া সমাজত এই ধাৰণা
গভীৰভাৱে প্রোথিত।
Patriarchy
ৰ
বৈশিষ্ট্যসমূহ হল-পুৰুষৰ হাতত অর্থনৈতিক নিয়ন্ত্রণ, সম্পত্তিৰ উত্তৰাধিকাৰ পুৰুষক প্রদান, নাৰীক গৃহ-ভূমিকাত সীমাবদ্ধ কৰি লৈ
যোৱা, শিক্ষাৰ ক্ষেত্ৰত
অন্যায় বিতৰণ, ধর্মীয় বিধানত পুৰুষৰ
অগ্রাধিকাৰ। এই ব্যৱস্থাই লিংগ বৈষম্য,
নাৰী
অত্যাচাৰ আৰু অসমতা জন্মায়। নাৰীয়ে বহুক্ষেত্ৰত সুযোগ হেৰুৱায় বা নিজ অধিকাৰৰ বাবে
সংগ্রাম কৰিব লাগে।
অন্য হাতে,
Matriarchy মানে মাতৃসত্তাকেন্দ্রিক সমাজ। ইয়াত নাৰী পৰিয়ালৰ মুখ্য ব্যক্তি, সম্পত্তিৰ অধিকাৰী আৰু
সিদ্ধান্তগ্রাহী। মালাবাৰ (কেৰালা)ৰ নাইয়াৰ সমাজ, উত্তৰ-পূৰ্বাঞ্চলৰ খাছি আৰু গাৰো জনজাতিৰ সমাজ Matriarchal সমাজৰ উৎকৃষ্ট উদাহৰণ। ইয়াত
সম্পত্তি মাতৃৰ পৰা কন্যাৰ হাতে গৈ থাকে,
শিশুৰ
মাতৃৰ বংশধাৰা অনুযায়ী পৰিচয় হয়,
আৰু
নাৰীই মুখ্য প্রশাসনিক ভূমিকা পালন কৰে।
Matriarchy
ত
নাৰীৰ সম্মান, স্বাধীনতা আৰু
সম্পত্তিৰ অধিকাৰ অধিক। যদিও পুৰুষ সম্পূর্ণ অধঃস্থ নয়, তথাপিও নাৰীক সামাজিক অগ্রাধিকাৰ
দিয়া হয়। তেনেতো,
Matriarchy মানে পুৰুষৰ শোষণ নহয়;
ই
লিংগীয় সমতা-ভিত্তিক ভাগ-বিতৰণৰ উত্তম উদাহৰণ।
Patriarchy-Matriarchy
দুয়োটাই
সমাজীকৰণ, ধর্ম, সংস্কৃতি, ইতিহাস আক অর্থনৈতিক কাৰণৰ ফল।
আধুনিক সমাজত Patriarchy
ক
সন্দিহান কৰি Gender
equality ৰ
দিশে আগবাঢ়ি আছে। Matriarchy
ৰ
কিছু দিশ আধুনিক সমাজত শক্তি-বিতৰণৰ ন্যায্য ধাৰণা সৃষ্টি কৰিছে।
এই দুয়োটাই সমাজগঠন লিংগীয় ভূমিকা বুজিবলৈ, সামাজিক বৈষম্য চিহ্নিত কৰিবলৈ, আৰু লৈঙ্গিক সমতা উন্নয়ন কৰিবলৈ
অত্যন্ত প্রাসঙ্গিক।
৪। পুৰুষসত্তা (Masculinity)
আৰু
নাৰীসত্তা (Femininity)
ৰ
ধাৰণা ব্যাখ্যা কৰা।
উত্তৰঃ
পুৰুষসত্তা
আৰু নাৰীসত্তা সমাজত গঠিত দুটা গুৰুত্বপূৰ্ণ লিংগ-ধাৰণা। ই দুয়োতে লিংগৰ ওপৰত
সমাজে দিয়া মানসিক, সাংস্কৃতিক আৰু
আচৰণমূলক আশা-প্রত্যাশাক প্রতিফলিত কৰে। পুৰুষসত্তা (Masculinity) সাধাৰণতে দৃঞ্জতা, শক্তি, যুক্তিবাদী চিন্তা, আত্মনির্ভশীলতা, আগবাঢ়ি সিদ্ধান্ত লোৱাৰ ক্ষমতা আদি
বৈশিষ্ট্যৰ সৈতে সম্পর্কিত। সমাজে পুৰুষৰ পৰা বাঢ়ি উঠাৰ সময়তে এইধৰণৰ আচৰণ আৰু
মনোভাৱ আশা কৰে। এনে ধাৰণা সমাজৰ সাংস্কৃতিক মানদণ্ডৰ দৰেই প্রজন্মটোৱে এগৰাকী ল'ৰাৰ পৰা কি ধৰণৰ ব্যৱহাৰ আশা কৰা
হৈছে তাক স্থিৰ কৰে।
ইদিকে নাৰীসত্তা (Femininity)
হ'ল কোমলতা, মায়া-মমতা, অনুকম্পা, লাজ-সৰম, আনক সঘাই কৰাটো, নম্রতা আদি বৈশিষ্ট্যৰ সৈতে জড়িত।
সমাজে গৰাকী ছোৱালীক জনম মানেৰে কোমল,
শান্ত
আৰু সামাজিক দায়িত্ব পালনকাৰী হিচাপে গঢ়ি তোলে। বহু সময়ত এই বৈশিষ্ট্যসমূহক
"প্রকৃতিগত" বুলি কোৱা হলেও বাস্তৱতে এই ধাৰণা সমাজৰে সৃষ্টি কৰা।
ফলস্বৰূপে, নাৰীসত্তাক মাতৃত্ব, গৃহস্থালি কর্ম, শিশুপালন আদি দায়িত্বৰ সৈতে
সংযুক্ত কৰা হয়।
দুয়োটা ধাৰণাই সমাজে গঢ়ি তোলা মানদণ্ড। পুৰুষসত্তা আৰু নাৰীসত্তা কোনো জৈৱিক
বৈশিষ্ট্য নহয়, ই সম্পূর্ণভাৱে
সামাজিক সাংস্কৃতিক প্ৰক্ৰিয়াৰ ফল। বিভিন্ন সমাজ, সংস্কৃতি আৰু সময়কালত Masculinity আৰু Femininity
ৰ
ধাৰণা ভিন্ন ভিন্ন হয়। উদাহৰণস্বৰূপে,
কোনো
সমাজত পুৰুষৰ কান পোৱা বেআইনী যেন দেখা যায়,
আন
সমাজত স্বাভাৱিক। আনহাতে,
নাৰীক
বাহিৰৰ কামত যুক্ত হোৱা কিছুমান সমাজত সাধাৰণ, আবাৰ আন সমাজত নহয়।
এই দুই ধাৰণাই বহু সময়ত পৰম্পৰাগত লিংগভিত্তিক ধাৰণা (Gender Stereotype) সৃষ্টি কৰে। ফলত
মানুহৰ ব্যক্তিগত সক্ষমতা,
আগ্ৰহ
আৰু ব্যক্তিত্ব দমন পাই থাকে। আধুনিক সমাজত এই কৃত্রিম সীমাবদ্ধতা ভাঙিবলৈ
লিংগ-সমতা আৰু লিংগ-সংবেদনশীল শিক্ষাৰ প্ৰয়োজন। সেয়েহে পুৰুষসত্তা আৰু নাৰীসত্তা
বিষয়টোৰ ব্যাখ্যা কৰোঁতে সামাজিক প্রেক্ষাপটক বুজা অত্যন্ত জৰুৰী।
৫। Sex (জৈবিক লিংগ) আৰু Gender (সামাজিক লিংগ) ব মাজত
পার্থক্য বিশ্লেষণ কৰা।
উত্তৰঃ
Sex অর্থাৎ জৈৱিক লিংগ
মানে হৈছে জন্মৰ সময়ত দেহৰ গঠন,
হৰমোন, প্রজনন অংগ, নির্ধাৰণ কৰা বৈশিষ্ট্য। ঋতুচক্র, দাড়ি-গোঁফ, শাৰীৰিক শক্তি আদি বৈশিষ্ট্য
জৈৱিক। এই বৈশিষ্ট্যবোৰ প্রকৃতিগত আৰু পৰিৱৰ্তনশীল নহয়। অন্যফালে Gender বা সামাজিক লিংগ হৈছে সমাজে মানুহৰ
ওপৰত "পুৰুষ" বা "নাৰী" বুলি দিয়া ভূমিকা, আচৰণ, দায়িত্ব, আশা-প্রত্যাশা। উদাহৰণস্বৰূপে, নাৰীয়ে পাকঘৰ চম্ভালিব লাগিব আৰু
পুৰুষে উপার্জন কৰিব-এই ধাৰণা সম্পূর্ণভাৱে সমাজৰ সৃষ্টি, জৈৱিক নহয়।
Sex জন্মগত; Gender অর্জিত। Sex বিশ্বব্যাপী একেই; Gender দেশ, কাল,
সংস্কৃতি
অনুসৰি সলনি হয়। Sex জৈৱিক বিজ্ঞানৰ বিষয়; Gender সমাজবিজ্ঞান, সংস্কৃতি আৰু শিক্ষা দ্বাৰা গঠিত।
জৈবিক লিংগ সীমিত; কিন্তু Gender ৰ উপধাৰণা বহুবিস্তৃত। আধুনিক
সমাজত Gender-সমতা অর্থাৎ সমাজে গঢ়ি
দিয়া এই কৃত্রিম সীমাবদ্ধতা দূৰ কৰিবলৈ জাগ্রততা সৃষ্টি হৈছে।
৬। পৰম্পৰাগত লিংগভিত্তিক (Gender
Stereotype) ধাৰণাৰ প্ৰভাৱ আলোচনা কৰা।
উত্তৰঃ
Gender
Stereotype মানে হৈছে লিংগৰ ওপৰত সমাজে আগতে স্থিৰ কৰি ৰখা কৃত্রিম ধাৰণা। যেনে- পুৰুষে
শক্তিশালী, সিদ্ধান্তমূলক; নাৰীয়ে কোমল, গৃহকেন্দ্রিক। এইধৰণৰ ধাৰণাই
ব্যক্তিৰ স্বাধীনতা আৰু সামর্থ্যত প্রভাৱ পেলায়। নাৰীয়ে উচ্চশিক্ষা, চাকৰি, খেলা-ধূলা আদি ক্ষেত্ৰত পিছপৰাৰ
মুখামুখি হয়। পুৰুষে কান্দিব নোৱাৰে,
কোমল
হ'ব নোৱাৰে, এটা অমানৱিক চাপ সৃষ্টি হয়।
প্রতিভা, আগ্রহ, সক্ষমতা-এইবোৰ দমন হয়। শিক্ষা, চাকৰি, ৰাজনীতি, গৃহ আদি সকলোতে এই Stereotype বৈষম্যৰ সৃষ্টি কৰে। সেয়ে Gender Stereotype সমাজৰ উন্নয়ন আৰু
ব্যক্তিগত বিকাশ কৰাটোকেই বাধাগ্রস্ত কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। সামাজিক লিংগ (Gender)
বুলিলে
কি বুজা, বহলাই লিখা।
উত্তৰঃ
সামাজিক
লিংগৰ ধাৰণাটো 1970 চনত জনপ্রিয় হৈছিল, যেতিয়া নাৰীবাদী লিখনিসমূহত ইয়াৰ
আলোচনা আৰম্ভ হৈছিল। সামাজিক লিংগ হৈছে সেয়া যিহেৰে আমি ল'ৰা-ছোৱালী গঢ় দিওঁ। আমি তেওঁলোকৰ
বিকাশৰ বাবে দিয়া সুযোগ-সুবিধাৰ লগত জড়িত। সামাজিক লিংগই তেওঁলোকৰ বিকাশ, সামাজিকীকৰণ, সংস্কৃতি আৰু আমি তেওঁলোকৰ বাবে
দিয়া 'আদর্শ ব্যক্তিৰ' কাম কৰে। সামাজিক লিংগ হৈছে এনে
এটা ধাৰণা যাৰ দ্বাৰা সমাজ আৰু সংস্কৃতিয়ে ব্যক্তিক ল'ৰা আৰু ছোৱালীৰূপে গঢ় দিয়ে।
প্রকৃতিয়ে দুটা লিংগ নির্মাণ কৰিছে- পুৰুষ আৰু মহিলা, এই দুই লিংগৰ মাজৰ একমাত্র
পাৰ্থক্য হ'ল মহিলাৰ প্ৰজনন
ক্ষমতা থাকে আৰু পুৰুষৰ নাথাকে। আন পার্থক্যসমূহ হ'ল- প্রমূল্য,
আচৰণ, জীৱনৰ আৰ্হি আৰু শাৰীৰিক ক্ষমতা, পৰিয়াল, সমাজ আৰু ৰাজ্যৰ প্ৰতি থকা দায়িত্ব
আদি। সামাজিকীকৰণ, ঐতিহাসিক, পৰম্পৰা, ৰীতি-নীতি আদি প্রক্রিয়া লিংগৰ
পাৰ্থক্যৰ দ্বাৰা পৰিচালিত হয়। গতিকে লিংগক এক কৌশল, সামাজিক আৰু ৰাজনৈতিক আহিলা হিচাপে আখ্যা দিয়া হয়। সামাজিক
লিংগই ইংগিত দিয়ে যে পুৰুষ আৰু মহিলাৰ সম্পৰ্কৰ পৰিৱৰ্তন কৰি সমতা স্থাপন কৰিব
পাৰি।
সৰল অর্থত সামাজিক লিংগ হ'ল পুৰুষ আৰু মহিলাৰ
মাজত থকা পার্থক্য যেনে-পুৰুষ-পুৰুষে কি কৰিব পাৰে; মহিলা-মহিলাই কি কৰিব পাৰে বা নোৱাৰে।
গতিকে সামাজিক লিংগ হ'ল বিশ্লেষণাত্মক বিষয়
যিয়ে পুৰুষ আৰু মহিলাৰ মাজত জীৱবৈজ্ঞানিক পার্থক্য নির্ণয় কৰে। সামাজিক লিংগ বিষয়ে
পুৰুষ আৰু মহিলাৰ আচৰণৰ মাজৰ পাৰ্থক্যৰ ব্যাখ্যা কৰিবলৈও ব্যৱহাৰ কৰা হয় যাক 'পুংলিংগ' আৰু 'স্ত্রীলিংগ' বুলি কোৱা হয়।
পুৰুষ আৰু মহিলাৰ মাজৰ পার্থক্য সম্পর্কে তত্ত্ববিদসকলৰ মতামতসমূহৰ মাজত
পার্থক্য দেখা যায়। এটা দলে বিৰোধ কৰিছে যে পুৰুষ আৰু মহিলাৰ মাজৰ জৈৱিক
পার্থক্যসমূহ তেওঁলোকৰ মানসিক আৰু শাৰীৰিক ভিন্নতাসমূহৰ বাবে নিৰ্মাণ কৰিছে।
তেওঁলোকৰ মতে পুৰুষ মহিলাতকৈ শাৰীৰিক আৰু মানসিকভাৱে শ্রেষ্ঠ।
আন এটা দলে বিৰোধ কৰি কৈছে যে পুৰুষ আৰু মহিলাৰ মাজত থকা পার্থক্য অতিৰঞ্জিত।
ই পুৰুষ প্রধান সমাজ ব্যৱস্থাৰ দ্বাৰা গঠিত য'ত পুৰুষক মহিলাতকৈ উচ্চ স্থান দিয়া হয়। ই সমাজত মহিলাৰ
স্থান নিম্ন কৰি তোলে।
Ann Oakly
(1972) য়ে
কয় যে পশ্চিমীয়া সংস্কৃতিত মহিলাই "গৃহিণী" আৰু "মাতৃ"ৰ
ভূমিকা লয়। পশ্চিমীয়া সংস্কৃতিয়ে পুৰুষআৰু মহিলাৰ মাজত পার্থক্য প্রদান কৰিছে। ই
বিশ্বাস কৰে যে যদি পুৰুষ আৰু সমাজৰ পাৰস্পৰিক ভূমিকাসমূহ পৰিৱৰ্তন কৰিবলৈ চেষ্টা
কৰা হয়, তেন্তে ই সামাজিক
ক্ষতিৰ কাৰণ হ'ব পাৰে।
Simone de
Beacuviour ৰ গ্ৰন্থ "The
Second Sex ত উল্লেখ কৰিছে যে "one
is not burn, but rather becomes a women." তেখেতে বিৰোধ কৰিছে যে পুৰুষৰ
স্থান মহিলাতকৈ শ্রেষ্ঠ কাৰণ পুৰুষে খাদ্যৰ যোগাৰ কৰে। পুৰুষক উচ্চ স্থান আৰু
মহিলাক নিম্ন স্থানত ৰখা হয়।
Shulamith
Firestone ৰ
মতে মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা পুৰুষ প্রধান সমাজৰ দ্বাৰা শোষিত হয়।
তেখেতৰ মতে মহিলাই ইয়াৰ পৰা নিজকে মুক্ত কৰিবলৈ প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিব
লাগিব।
কিছুমান নাৰীবাদীয়ে ইয়াৰ সমর্থন নকৰে। তেওঁলোকৰ মতে মাতৃৰ ভূমিকা হ'ল মহিলাৰ প্ৰতিপালনৰ প্ৰাকৃতিক
প্ৰৱণতাৰ প্ৰমাণ। Oakley
ৰ
মন্তব্য অনুসৰি লিংগ আৰু সামাজিক লিংগৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। উদাহৰণস্বৰূপে
দৰ্খাস্তত মানুহে জৈৱিক লিংগৰ পৰিৱৰ্তে সামাজিক লিংগৰ উল্লেখ কৰে। লিংগ আৰু
সামাজিক লিংগৰ বিষয়ে লিখা শেহতীয়া লিখনিসমূহত উল্লেখ কৰা হৈছে যে সামাজিক লিংগ আৰু
জৈৱিক লিংগৰ পাৰ্থক্যসমূহ সমাজে নিৰ্মাণ কৰিছে।
Movia
Gatens মন্তব্য
অনুসৰি পুৰুষৰ শৰীৰ আৰু মহিলাৰ শৰীৰৰ মাজত সামাজিক মূল্য আৰু তাৎপৰ্য্যৰ মাজত
পার্থক্য আছে আৰু ই পুৰুষ আৰু মহিলাৰ সচেতনতাৰ ওপৰত প্ৰভাৱ পেলায়।
Judith
Butler ৰ
মন্তব্য অনুসৰি সকলো পৰিচয়ৰ ধাৰণা হ'ল প্ৰতিষ্ঠানৰ অভ্যাস, বক্তৃতা আদিৰ প্রভাব। তেওঁ আকৌ
কৈছে যে জৈৱিক লিংগ আৰু সামাজিক লিংগৰ মাজৰ পাৰ্থক্যই লিংগৰ সাংস্কৃতিক গঠনৰ
পৰামৰ্শ দিয়ে।
মহিলাৰ ভূমিকা আৰু প্ৰদৰ্শনৰ পৰিৱৰ্তনে নাৰীবাদীসকলৰ মাজত জৈৱিক লিংগ আৰু
সামাজিক লিংগৰ পাৰ্থক্য সম্পর্কে মতবিৰোধৰ সৃষ্টি কৰিছে। এই দুটা বিষয় ভিন্ন ধৰণে
অধ্যয়ন কৰিব লাগিব। প্রত্যেকটো ভিন্ন ধৰণে সামাজিকভাৱে নির্মাণ কৰা হৈছে। সামাজিক
লিংগ হ'ল এক সামাজিক স্থিতি
যিয়ে সামাজিক জীৱনৰ সকলো স্তৰত প্রভাৱ বিস্তাৰ কৰে। সেইবাবে সমাজত প্রধান সামাজিক
অনুষ্ঠানসমূহৰ নিৰ্মাণ কৰা হয়। যেনে-অর্থনীতি বিজ্ঞান, আদর্শ, প্রশাসনিক ব্যৱস্থা, পৰিয়াল আদি।
ব্যক্তিক জন্মৰ পৰাই সামাজিক লিংগৰ ক্ষেত্ৰৰ ভিতৰত অন্তর্ভুক্ত কৰা হয়।
প্রত্যেক স্তৰে সামাজিক লিংগৰ চিনাক্তকৰণ,
ব্যক্তিত্বব
গাঁথনি সামাজিক লিংগ সম্পর্কীয় বিশ্বাস আৰু ভংগী, কর্মক্ষেত্ৰ আৰু পৰিয়ালত সামাজিক লিংগৰ ভূমিকাৰ যোগান ধৰে।
এই সকলো সামাজিক উপাদান ব্যক্তিৰ জীৱনৰ সৈতে সঠিকভাৱে খাপ খায়।
২। পুৰুষত্ব আৰু নাৰীত্ব বুলিলে কি বুজা?
উত্তৰঃ
সমাজ
হৈছে মানুহক এক সামাজিক প্রাণী হিচাপে পৰিচয় প্রদান কৰা এক অনুষ্ঠান। এখন সমাজত
থকা তথাকথিত চৰ্ত আৰু ভূমিকাই সকলো সদস্যৰ মাজত দায়িত্ব আৰু ক্ষমতাৰ বিভাজন কৰে।
এখন সমাজ প্রধানকৈ লিংগভিত্তিক বিভাজন দায়িত্ব আৰু ক্ষমতাৰ বিতৰণ, শ্ৰমৰ ক্ষেত্রত লিংগভিত্তিক বৈষম্য, শাৰীৰিক শক্তি আৰু সবলতা, শিক্ষা, অর্থনীতি, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো ক্ষেত্ৰত পুৰুষ আৰু
মহিলাৰ মাজত থকা বৈষম্য আদিৰ লগত ওতপ্রোতভাৱে জড়িত হৈ থাকে।
সমাজ হৈছে নির্দিষ্ট জাতি আৰু শ্রেণীক লৈ গঠন হোৱা বিভিন্ন মানুহৰ সংগঠন। যিয়ে
সমাজত মানুহৰ ৰীতি-নীতি নিৰ্ণয় কৰে। সমাজৰ তথাকথিত নিয়মাৱলীয়ে সমাজৰ সদস্যসকলৰ
ক্ষমতাৰ সীমা নির্ধাৰণ কৰিছে। ই সদস্যসকলৰ মাজত বৈষম্যৰ সৃষ্টি কৰে আৰু লিংগ
বিভাজন, শোষণ, আৰু উচ্চ-নীচ ব্যৱস্থাক
প্রভাৱান্বিত কৰে। পুৰুষত্ব নাৰীত্ব এনে দুটা নির্ণায়ক সংজ্ঞা, যিয়ে পুৰুষ আৰু মহিলাৰ ভূমিকা পৃথক
কৰে। এজন পুৰুষৰ কৰ্তব্য বাহিৰত আৰু এগৰাকী মহিলাৰ কৰ্তব্য চাৰিবেৰৰ মাজত আবদ্ধ।
আমাৰ পুৰুষশাসিত সমাজত পুৰুষক প্রভু,
গৰাকী, যোগানকাৰী বুলি গণ্য কৰা হয় আৰু
এগৰাকী কন্যা বা পত্নীক এটা সামগ্রী বা অধিকাৰ ৰূপে গণ্য কৰা হয়। এনে প্রতীকে
নাৰীক নিম্নস্থানলৈ অৱনমিত কৰে আৰু নাৰীৰ ভূমিকা ঘৰতে আবদ্ধ কৰি ৰাখে।
সমাজত লিংগৰ পৰিসৰ মানে সমাজৰ প্ৰতিটো দিশতে লিংগ সম্পর্কীয় উদ্বেগৰ বিষয়ে
বুজায়। এইটো শিক্ষা, অর্থনীতি, ৰাজনীতি, সাংস্কৃতিক আৰু আন বেলেগ ক্ষেত্রত
হ'ব পাৰে নাৰীত্ব আৰু
পুৰুষত্ব দুটা নির্ণায়ক সংজ্ঞা যিয়ে,
পুৰুষ
আৰু মহিলাৰ ভূমিকাৰ বিষয়ে নির্ণয় কৰে। পুৰুষৰ দায়িত্ব যুদ্ধৰ সৈতে আৰু নাৰীৰ
দায়িত্ব চাৰিবেৰৰ মাজত আবদ্ধ।
৩। পুৰুষপ্রধান সমাজ (Patriarchy)
বুলিলে
কি বুজা?
উত্তৰঃ
সহজ
অৰ্থত পুৰুষপ্রধান মানে হ'ল- "পুৰুষৰ
প্ৰভুত্ব", "মহিলাৰ বিৰুদ্ধে
ঘৃণা", "পুৰুষৰ শক্তি” আদি। ই
পৰিয়ালত পিতৃ বা আন জ্যেষ্ঠ পুৰুষৰ আধিপত্যকে বুজায়।
গতিকে পুৰুষপ্রধান সমাজ মানে হ'ল পৰিয়ালৰ মহিলা আৰু
সৰু সদস্যসকলৰ ওপৰত পিতৃৰ আধিপত্য বিস্তাৰ কৰা, য'ত মহিলাই পুৰুষৰ ওপৰত
সামাজিক আৰু অর্থনৈতিকভাৱে নিৰ্ভৰ কবে। পুৰুষপ্রধান সমাজে পৰিয়াল, সমাজ আদিত পুৰুষ মুৰব্বীৰ
আধিপত্যকে বুজায়। সেই মুৰব্বীজনৰ সামাজিক ক্ষেত্ৰত সকলোৰে ওপৰত আধিপত্যক বিস্তাৰ
কৰাৰ ক্ষমতা থাকে।
পুৰুষপ্রধান সমাজ ব্যৱস্থাৰ ধাৰণাটো বিংশ শতিকাত নাৰীবাদী লিখকসকলে ব্যৱহাৰ
কৰিছিল। ইয়াৰ অৰ্থ হ'ল সামাজিক ব্যৱস্থাত
মহিলাৰ ওপৰত পুৰুষৰ আধিপত্য। এই অধ্যয়নে বিশ্বাস কৰে যে মহিলাক পুুৰুষ প্রধান
সমাজৰ দ্বাৰা ব্যাখ্যা কৰা হয়। ই বিশ্বাস কৰে মহিলাৰ অধিকাৰ, আচৰণ, শাৰীৰিক কাৰ্য্য, চিন্তা আদি পুৰুষৰ দ্বাৰা
নিয়ন্ত্রিত হয়। ৰীতি-নীতি আৰু পৰম্পৰা,
সামাজিক
নীতি-নিয়ম, ঐতিহাসিক ক্রমবিকাশ, সামাজিকীকৰণ প্ৰক্ৰিয়া সামাজিক
আকাংক্ষা আৰু ব্যক্তিৰ উচ্চাকাংক্ষাৰ ওপৰত নিয়ন্ত্ৰণৰ আদিৰ ই প্রকাশিত হয়। পুৰুষ
প্রধান সমাজে নিয়ম আৰু শক্তিৰ দ্বাৰা সমাজখনক নিয়ন্ত্রণ কৰে। পুৰুষ প্রধান সমাজ
মানে হ'ল- মহিলাৰ প্রতি হিংসা, য'ত মহিলাৰ অধিক আৰু সুবিধাসমূহ দমন কৰা হয়, তেওঁলোকক ন্যায় আৰু সমাজৰ পৰা দূৰত
বখা হয়।
বহু সামাজিক তত্ত্ববাদীসকলৰ মতে পুৰুষ আৰু মহিলাৰ প্রকৃত আর্হি পুৰুষ প্রধান
হয় য'ত মহিলাক অধিকাৰৰ পৰা
দূৰত বখা হয়। ফ্রেডৰিক এঞ্জেলছ (Frederich
Engels) আৰু
ৰুছো (Rousseau)ৰ মতে পূৰ্বৰ সমাজসমূহ
সমান আছিল য'ত পুৰুষ আৰু মহিলা
দুয়োজনৰে সমাজৰ ওপৰত অৱদান আছিল। ব্যক্তিগত সম্পত্তি আৰু কামৰ ক্ষেত্রত মহিলাক
সুবিধা প্রদান কৰা নাছিল। ইয়াৰ দ্বাৰা পুৰুষ প্ৰদান সমাজৰ ধাৰণাৰ জন্ম হৈছিল। এই
অনুসৰি মহিলাক ঘৰৰ ভিতৰত আৱদ্ধ কৰি বখা হয় আৰু পুৰুষে ঘৰৰ বাহিৰলৈ গৈ টকা উপার্জন
কৰে। তেওঁলোকে বিশ্বাস কৰিছিল যে প্রজননত কেৱল মহিলাৰহে ভূমিকা থাকে। ইয়াৰ দ্বাৰা
অর্থনৈতিকৰ লগতে সামাজিক ক্ষেত্ৰতো মহিলাক নিম্নস্থান দিয়া হয়। প্লেটো আৰু এৰিষ্ট'টলে মত প্রকাশ কৰে যে পুৰুষৰ স্থান
মহিলাতকৈ শ্রেষ্ঠ। সকলো ধর্মই মহিলাৰ ওপৰত পুৰুষৰ আধিপত্যক বিশ্বাস কৰে।
পুৰুষপ্রধান সমাজত সমাজৰ সামগ্রী,
যৌনতা
আৰু বৌদ্ধিক সম্পদৰ ওপৰত মহিলাৰ কোনো ধৰণৰ অধিকাৰ নাথাকে। তেওঁলোকে শিক্ষা, সম্পত্তি বা নিজৰ ইচ্ছা অনুসৰি
বিয়া হ'বলৈ আৰু আন ইচ্ছা পুৰণ
কৰিবলৈ সংগ্রাম কৰিবলগীয়া হয়। পুৰুষৰ বাবে এই সম্পদসমূহ অধিকাৰৰ ক্ষেত্রত।
ইংৰাজী ইউৰোপীয়ান নৃতত্ত্ববাদীসকলৰ লিখনি অনুসৰি পুৰুষপ্রধান সমাজ ব্যৱস্থাত
পুৰুষক পৰিয়ালৰ মুৰব্বী বুলি ধৰা হয়। কেৱল পুৰুষে ধর্মীয় নেতা হ'ব পাৰিছিল আৰু সম্প্রদায়ত জ্যেষ্ঠ
পুৰুষ সদস্যৰ দ্বাৰা সকলো আইন আৰু নিয়মসমূহ ঘোষণা কৰা হৈছিল।
পুৰুষপ্রধান সমাজত মহিলাৰ বাবে নির্দিষ্ট কিছুমান নীতি-নিয়ম ধাৰ্য্য কৰা
হৈছিল। য'ত মহিলাক মাতৃ আৰু
পত্নীৰ দৰে সামাজিক ভূমিকাৰপৰা বঞ্চিত কৰা হয়। এই ব্যৱস্থাত মাতৃক আৰু পত্নীৰ
ভূমিকাৰ প্ৰশংসা কৰা হয়। এই ভূমিকাসমূহক সাহিত্য আৰু ধর্মত সামাজিক ভূমিকা হিচাপে
মান্যতা প্রদান কৰা হয় যাতে মহিলাই সুখ মনেৰে এই ভূমিকাসমূহ পালন কৰিব পাৰে।
পুৰুষ প্রধান সমাজৰ উৎপাদনশীল আৰু শাস্তিমূলক দুয়োটা দিশেই আছে। বিয়া নোহোৱা
মহিলাসকলক সমাজে হীন চকুৰে চায়। ঠিক তেনেদৰে সন্তান জন্ম দিব নোৱাৰা মহিলাসকলকো
অপমান কৰা হয় আৰু কোনো পৰিয়ালতে তেওঁলোকে গুৰুত্ব লাভনকৰে। বিধবা মহিলাসকলৰ
পুনর্বিবাহ নিষিদ্ধ কৰা হয় আৰু তেওঁলোকে কোনো ধৰণৰ সামাজিক আৰু ধার্মিক অনুষ্ঠিত
ভাগ ল'ব নোৱাৰে।
আমাৰ দেশত, যদি মহিলাই বিয়া নহয়, সন্তান জন্ম দিব নোৱাৰে বা বিধবা হ'লে শাস্তিও প্রদান কৰা হয়। উদাহৰণ
স্বৰূপে, কিছুমান সম্প্রদায়ত
বিধৱাসকলৰ মুণ্ডন কৰা হয়,
তেওঁলোকক
ৰঙীন কাপোৰ আৰু গহনা পিন্ধিবলৈ দিয়া নহয়। কোনো ভাল কাম কৰিবলৈ গ'লে তেওঁলোকৰ মুখ চাই নাযায়। কাৰণ
তেওঁলোকক দুর্ভাগ্যৰ কাৰণ বুলি বিশ্বাস কৰা হয়। যিবোৰ মহিলাই সমাজৰ নীতি-নিয়মসমূহৰ
অনুকৰণ নকৰে তেওঁলোকক বাজহুৱাভাৱে শাস্তি প্রদান কৰা হয় নাইবা পুৰুষৰ দ্বাৰা হত্যা
কৰা হয়। বহুতো পৰিয়ালত ল'ৰা-শিশুৱে ছোৱালী
শিশুতকৈ উন্নত খাদ্য আৰু সুবিধা প্রদান কৰা হয় যেনে- শিক্ষা লি আৰু স্বাস্থ্য আদি।
পুৰুষপ্রধান সমাজত মহিলাক পুৰুষতকৈ হীন বুলি কোৱা হয় আৰু সম্প্ৰদায়ৰ সম্পদৰ ওপৰত
মহিলাৰ কোনো অধিকাৰ নাথাকে।
৪। সামাজিক লিংগ আৰু সামাজিক প্রতিষ্ঠানসমূহ পৰিয়াল, বিবাহ, কিঞ্চিপ, ধর্মীয় প্রতিষ্ঠান-এইসমূহে লিংগৰ
অভিজ্ঞতা আৰু লিংগীয় অসমতা গঠনৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে? বিশ্লেষণ কৰা।
উত্তৰঃ
লিংগ
মূলতঃ এটা সামাজিক গঠন আৰু সমাজৰ আচৰণ,
মূল্যবোধ, নিয়ম, বিশ্বাস আৰু বিভিন্ন সামাজিক
প্রতিষ্ঠানৰ দ্বাৰা নিৰন্তৰভাৱে গঢ়ি তোলা এটা পৰিচয়। মানুহ জন্মৰ সময়ত জৈৱিকভাৱে
পুৰুষ বা নাৰী হ'ব পাৰে, কিন্তু সমাজেই তেওঁলোকক পুৰুষসত্তা
বা নাৰীসত্তা ৰূপে গঠন কৰে। এই নির্মাণ প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূর্ণ
ক্ষেত্ৰসমূহ হৈছে পৰিয়াল,
বিবাহ, কিঞ্চিপ ব্যৱস্থা আৰু ধর্মীয়
প্রতিষ্ঠানসমূহ। এই সকলো প্রতিষ্ঠানে কেৱল আচৰণ-মূল্যবোধই নির্ধাৰণ নকৰে, লিংগীয় অসমতা সৃষ্টি আৰু দৃঢ়ীকৰণো
কৰে। ইয়াৰ ফলত সমাজত নাৰীৰ ওপৰত শাৰীৰিক,
মানসিক, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত
নিয়ন্ত্রণ চলি আহে। ইমানেই নহয়,
পুৰুষৰ
ক্ষেত্ৰতো বিশেষ দায়িত্ব,
চাপ, বুলি আৰু সামাজিক আশা-আকাংক্ষাৰ
গঠন হয়। সেয়ে লিংগ আৰু সামাজিক প্রতিষ্ঠানসমূহৰ সম্পৰ্ক বিশ্লেষণ কৰাটো সমাজৰ গঠন, বুজিবলৈ অতি গুৰুত্বপূর্ণ।
সৰ্বপ্ৰথমতে পৰিয়াল সমাজৰ প্ৰাথমিক আৰু সবাতোকৈ প্রভাৱশালী প্রতিষ্ঠান। শিশুৱে
ভাষা, আচৰণ, মূল্যবোধ, নীতি আৰু লিংগ সম্পর্কে প্রথম
শিক্ষা পৰিয়ালৰ পৰা লাভকৰে। প্ৰায় সকলো সমাজত ছোৱালী মানে ভদ্র, নৰম, গৃহস্থালি কৰা জানে,
বয়োজ্যেষ্ঠৰ
কথা মানি চলা আদি বৈশিষ্ট্য শিকোৱা হয়;
আনহাতে
ল'ৰামানে সাহসী, শক্তিশালী, অশ্রুমুক্ত, পৰিৱাৰৰ দায়িত্ব লোৱা আদি গুণেৰে
চিহ্নিত কৰা হয়। খেল-ধেমালি,
কাপোৰ, দায়িত্ব-বিতৰণ, শিক্ষাৰ সুযোগ আদি সকলো ক্ষেত্ৰতে
লিংগীয় বিভাজন পৰিয়ালৰ পৰা আৰম্ভ হয়। নাৰীৰ ওপৰত গৃহস্থালি কাম, সন্তান পালন, সেয়া অতি প্রাকৃতিক বুলি প্রতিষ্ঠা
হয়। এই ধাৰণাই ভৱিষ্যৎ সমাজৰ লিংগীয় বৈষম্যক সুগভীৰ কৰে।
পৰিয়ালৰ পিছতে বিবাহ এটা সামাজিক প্রতিষ্ঠান হিচাপে লিংগীয় অসমতাৰ
গুৰুত্বপূর্ণ উৎস। প্রচলিত বিবাহ-প্রথাই পিতৃসত্তাকেন্দ্ৰিক ধাৰণাক আগবঢ়াই নাৰীক
পতিৰ ঘৰৰ সদস্য হিচাপে বিবেচনা কৰে। যৌতুকপ্রথা, নাৰীৰ সম্পত্তি অধিকাৰৰ অভাৱ, পুনৰ বিবাহৰ সীমাবদ্ধতা আৰু সামাজিক নিয়ন্ত্রণসমূহ বিবাহৰ
মাধ্যমেই দৃঢ় হয়। বহুত সমাজত নাৰীহৈ পূৰ্ণ আৰ্হিৰে জীৱন নিৰ্ণয় কৰিব নোৱাৰা, পিচ পৰি থাকিব লগা আৰু স্বামীৰ
পৰিয়ালৰ চাপেৰে চলিব লাগা এগৰাকী গৃহিণী ৰূপত গঢ়ি তোলা হয়। এই ধাৰণাই নাৰীৰ
স্বাধীনতা, শিক্ষাৰ অধিকাৰ, কর্মজীৱন আৰু অর্থনৈতিক সক্ষমতাক
সীমাবদ্ধ কৰি ৰাখে। বিবাহে পুৰুষৰ আধিপত্য আৰু নাৰীৰ আনুগত্যৰ মৰমত দীর্ঘদিন ধৰি
চলি অহা এক লিংগীয় কাঠামো গঠন কৰে।
লিংগীয় অসমতা গঠনত স্বজন ব্যৱস্থা অর্থাৎ আত্মীয়তা-সম্পর্কীয় নিয়মৰো গভীৰ
ভূমিকা থাকে। ভাৰতীয় সমাজৰ অনুগত পিতৃতান্ত্রিক স্বজন পদ্ধতিত পৰিয়ালৰ নাম, সম্পত্তি, সামাজিক স্থান, ব্যৱস্থাপত্ৰৰ উত্তৰাধিকাৰ সকলো
পুৰুষৰ হাতত থাকে। ছোৱালীৰ জন্মক কেতিয়াবা "পাপ" বুলি ধৰা হয়, কাৰণ বিবাহৰ সময়ত যৌতুক দিব লাগিব, আনহাতে ল'ৰাৰ জন্মক "পূণ্য” বুলি
উদ্ধৃতি কৰা হয়-ই পিতৃসত্তাকেন্দ্রিক মানসিকতাৰ ডাঙৰ উদাহৰণ। আনকথাত, আত্মীয়তা-সম্পর্কৰ বিৱৰণত পুৰুষৰ
লাইনেই অধিক গুৰুত্ব পায়। ফলস্বৰূপে নাৰীৰ নিজৰ পৰিয়াল, পৰিচয়, সামাজিক সম্মান আদি সকলো বিবাহৰ
পিছত পৰিৱৰ্তিত হোৱাৰ প্রথাই স্থায়ী হয়। ই নাৰীৰ অস্তিত্বক আংশিক ভাৱে বিলোপ কৰাৰ
সামগ্ৰীক কাৰণ হৈ থাকে।
ধর্মীয় প্রতিষ্ঠানসমূহও লিংগীয় অসমতা গঠনত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
বহুতো ধৰ্মত নাৰীক দ্বিতীয় স্থানত ৰখা,
ধর্মীয়
আচাৰ-অনুষ্ঠানত নাৰীৰ ভূমিকা সীমাবদ্ধ কৰা,
কর্তৃত্বশক্তি
পুৰুষৰ হাতত থোৱা আদি নিয়মসমূহে পিতৃসত্তাকেন্দ্রিক সমাজব্যৱস্থাক শক্তিশালী কৰে।
ধর্মীয় শাস্ত্ৰসমূহত নাৰীৰ শৰীৰ,
পবিত্রতা, আনুগত্য, সতি-সাবিত্রী ধাৰণাই নাৰীৰ ওপৰত
নৈতিক নিয়ন্ত্রণ বজাই ৰাখে। বহু ধর্মীয় সমাজ আজিও নাৰীক ধেমালি, নেতৃত্ব, ধর্মীয় সিদ্ধান্তগ্ৰহণৰ ক্ষেত্ৰত
পিছতে ৰাখে। এই ধাৰণাই নাৰীৰ শিক্ষা,
অর্থনৈতিক
অংশগ্রহণ আৰু ৰাজনৈতিক অধিকাৰকো সীমাবদ্ধ কৰে।
সামাজিক প্রতিষ্ঠানসমূহে প্রায় মানুহৰ মানসিকতা, নিয়ম,
ব্যৱহাৰ
আৰু মূল্যবোধ গঢ়ি তোলাৰ বাবে লিংগীয় অসমতা বজাই থাকে। সামাজিকীকৰণৰ প্ৰক্ৰিয়াই
নাৰীৰ ওপৰত নিয়ন্ত্রণ, পুৰুষৰ ওপৰত দায়িত্ব
আৰু সামগ্রিক লিংগীয় বিভাজনক ব্যক্ত কৰে। এইসমূহে কাম-বণ্টন, সম্পত্তি অধিকাৰ, সিদ্ধান্ত গ্রহণ শক্তি, সামাজিক স্বাধীনতা, ব্যক্তিত্ব বিকাশ, ৰাজনৈতিক অংশগ্রহণ আদিত অমিল
সৃষ্টি কৰে।
যদিও আধুনিক সময়ত শিক্ষা,
আইন, গণমাধ্যম, ৰাজনৈতিক সচেতনতা আৰু নাৰী
আন্দোলনসমূহৰ প্রভাৱত এই প্রথাসমূহক প্রত্যাহ্বান জনোৱা হৈছিল, তথাপিও পৰিয়াল, বিবাহ, স্বজনতা, ধর্মীয় প্রতিষ্ঠানৰ ভিতৰত লিংগীয়
বৈষম্য গভীৰভাৱে স্থায়ী হৈ আছে। সেয়ে লিংগ সমতা নিশ্চিত কৰিবলৈ এই প্রতিষ্ঠানসমূহৰ
কাঠামো, মূল্যবোধ আৰু ধাৰণাত
পৰিৱৰ্তন অনা অত্যাৱশ্যকীয়।
৫। পৰম্পৰাগত লিংগভিত্তিক ধাৰণা বা সামাজিক লিংগজনিত বদ্ধমূল ধাৰণা (Gender stereotypes) সম্পর্কে লিখা।
উত্তৰঃ
পৰম্পৰাগত
লিংগভিত্তিক ধাৰণা বা সামাজিক লিংগজনিত বদ্ধমূল ধাৰণাসমূহ হ'ল ব্যক্তি বা দলৰ সামাজিক লিংগৰ
ভংগী, পার্থক্য আৰু ভূমিকাৰ
সৰল সাধাৰণীকৰণ। ধাৰণা ইতিবাচক বা নেতিবাচক হ'ব পাৰে। ই কেতিয়াবাহে আনৰ বিষয়ে সঠিক তথ্য প্রদান কৰে।
কিছুমান স্ত্রীলিংগ সম্পর্কে থকা ধাৰণা হ'ল- সকলো মহিলাই বিয়া হ'বলৈ আৰু সন্তান জন্ম দিবলৈ ইচ্ছা কৰে। মহিলাসকল পুৰুষতকৈ
দুর্বল। তেওঁলোক আকর্ষণীয় আৰু ধুনীয়া হ'ব লাগে। তেওঁলোকে
বন্ধা-বঢ়া কৰি ভাল পায়। গুলপীয়া ৰং,
ফুল
আৰু পুতলা আদি মহিলাই ভাল পায়। সামাজিক লিংগজনিত বদ্ধমূল ধাৰণা যে পুৰুষসকল কঠোৰ, প্ৰভুত্ব বিস্তাৰ কৰা, বিশৃংখল, বন্ধা-বঢ়া কৰি বেয়া পোৱা ব্যক্তি; বিপৰীতে খেল, মটৰগাড়ী আৰু বাহিৰৰ কাৰ্যকলাপ আদি
পুৰুষে ভাল পায়।
সামাজিক লিংগজনিত ধাৰণাই লিংগভিত্তিক দলৰ বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উদাহৰণস্বৰূপে এজন পুৰুষে ক'ব পাৰে যে পুৰুষে কৰা
কোনো কামেই অশুদ্ধ নহয়;
ই হ'ল এক নেতিবাচক ধাৰণা। ঠিক তেনেদৰে
ইতিবাচক ধাৰণা হ'ল মহিলাই পুৰুষতকৈ
ভালদৰে যত্ন ল'ব পাৰে। কিন্তু ই হ'ল কেৱল এক ধাৰণা আৰু সকলো
পৰিস্থিতিত ই শুদ্ধ নহ'বও পাৰে।
সামাজিকীকৰণৰ অভিধানৰ মতে,
'লিংগজনিত
ধাৰণাসমূহ হ'ল- পুৰুষ আৰু মহিলাৰ
এক পক্ষীয় আৰু অতিবঞ্জিত প্রতিচ্ছবি যি দৈনন্দিন জীৱনত বাৰে বাৰে বিনষ্ট হৈ থাকে।
("Gender
stereotypes are one-sided and exaggerated images of men and women, which are
deployed repeatedly in everyday life.") সমাজবাদীসকলৰ মতে ধাৰণাবোৰ এক
প্রক্রিয়াব অংশ, যাব দ্বাৰা শিশুক
সামাজিকভাৱে জৈৱিক লিংগৰ ভূমিকাসমূহ প্রদান কৰা হয় আৰু শিশুসকলৰ ব্যক্তিগত বিকাশ
সাধন কৰা নহয়।
মনোবিজ্ঞানীসকলৰ মতে লিংগজনিত ধাৰণা হ'ল পুৰুষ আৰু মহিলাৰ
চাৰিত্ৰিক বৈশিষ্ট্য আৰু ক্ষমতাসমূহৰ নিৰ্ধাৰিত ধাৰণা আৰু মানুহৰ আচৰণ তেওঁলোকৰ
সামাজিক লিংগৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে পুৰুষসকলক মহিলাতকৈ শ্রেষ্ঠ
ড্রাইভাৰ বুলি বিশ্বাস কৰা হয়। যদিও এইটো পুৰুষৰ বাবে ইতিবাচক ধাৰণা; কিন্তু মহিলাৰ বাবে ই হ'ল নেতিবাচক ধাৰণা।
পৰম্পৰাগতভাৱে মহিলাৰ ভূমিকা হ'ল বিয়া হোৱা আৰু
সন্তান জন্ম দিয়া। মহিলাই নিজতকৈ বেছি পৰিয়ালৰ কথা চিন্তা কৰিব লাগিব। মহিলা
মৰমিয়াল, দায়িত্বশীল, তত্ত্বাৱধানশীল, সহানুভূতিশীল আৰু দেখিবলৈ ধুনীয়া হ'ব লাগে। আনহাতে পুৰুষৰ ভূমিকা হ'ল টকা উপার্জন কৰা। পুৰুষ
দৃঢ়তাপূর্ণ, প্রতিযোগিতামূলক, আত্মনির্ভশীল আৰু সাহসী হ'ব লাগে। তেওঁ নিজৰ আৱেগক নিয়ন্ত্রণ
কৰিব পাৰিব লাগিব। ধাৰণাসমূহৰ কেতিয়াবা ক্ষতিকাৰক প্ৰভাৱো থাকিব পাৰে। যেনে-
(১) তেওঁলোকে ব্যক্তিগত
প্রকাশ আৰু সৃজনশীলতাক দমন কৰি ৰাখে।
(২) এইবোৰে ব্যক্তিগত
আৰু বৃত্তিমূলক উন্নতিত ব্যাঘাত জন্মাব পাৰে।
আমাৰ সংস্কৃতিত এই ধাৰণাসমূহ শিশুৰ জন্মৰ পৰাই আৰম্ভ হয়। ল'বা শিশুৰ জন্ম হ'লে অতি উল্লাসেৰে উৎপাদন কৰা হয়।
পৰিয়ালত ল'ৰা শিশুৰ জন্ম হ'লে তাক আনন্দৰে উদ্যাপন কৰা হয়।
কাৰণ ই বংশ আগবঢ়াব বুলি বিশ্বাস কৰা হয়। তেওঁলোকক খেলিবলৈ পিষ্টল আৰু মটৰ গাড়ী আনি দিয়া হয়। যদি সি
কান্দে তেন্তে তাক কোৱা হয় যে ল'ৰাই ছোৱালীৰ দৰে
নাকান্দে। ইয়াৰ ফলত সি ভাবিবলৈ আৰম্ভ কৰে যে আৱেগৰ প্রকাশ কৰাটো ছোৱালীৰ কাৰ্য আৰু
সি তাক লুকুৱাই ৰাখিবলৈ ধৰে। তাক শক্তিশালী,
সাহসী
আৰু কঠোৰ হ'বলৈ উৎসাহিত কৰা হয়।
তাক পুৰুষৰ আগ্রহ যেনে- খেল,
টকা
উপার্জন কৰা, গাড়ী চলাবলৈ শিকা, ঘৰৰ বাহিৰত কাম কৰা আদিৰ বিকাশ
সাধন কৰিবলৈ শিকোৱা হয়। তাক শিক্ষকতা,
পৰামৰ্শদাতা
আদিৰ জীৱিকা বাছি নল'বলৈ উৎসাহিত কৰা হয়।
তাক শিকোৱা হয় যে পুৰুষৰ প্রধান ভূমিকা হ'ল খাদ্যৰ যোগাৰ কৰা
আৰু ৰন্ধা-বঢ়া পুৰুষৰ কাৰ্য নহয়।
আনহাতে ছোৱালীৰ জন্মক পৰিয়ালত অভিশাপ ৰূপে আখ্যা দিয়া হয়, কাৰণ এইটো বিশ্বাস কৰা হয় যে
ছোৱালীজনীৰ বিয়াত বহু পইচা খৰচ হ'ব। তাইক ল'ৰাতকৈ হীন বুলি আখ্যা দিয়া হয়।
তাইৰ কোঠালীত গুলপীয়া ৰং দিয়া হয় আৰু তাইৰ বাকে পুতলা আনি দিয়া হয়। তাইক কান্দিবলৈ
আৰু আৱেগবোৰ মুক্তভাৱে প্রকাশ কৰিবলৈ দিয়া হয়। তাইক ত্যাগ কৰিবলৈ, ভদ্র, যত্নপৰ, সংবদেনশীল আৰু ডাঙৰক সন্মান কৰিবলৈ
শিকোৱা হয়। তাইক ল'ৰাৰ দৰে কাজিয়া
নকৰিবলৈ শিকোৱা হয়। তাইক ৰন্ধা-বঢ়া,
নৃত্য, সংগীত, ঘৰ পৰিষ্কাৰ কৰা, খাদ্য পৰিৱেশন কৰা আদিৰ নিচিনা
আগ্রহৰ বিকাশ সাধন কৰিবলৈ উৎসাহিত কৰা হয়। তাইৰ বাহিৰলৈ ওলোৱাটো নিষিদ্ধ কৰা হয়।
জীৱিকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত তাইক অসামৰিক বা সামৰিক বাহিনীত যোগদান কৰাৰ বাবে
উৎসাহ প্রদান কৰা নহয়। তাইক গৃহিণী আৰু মাতৃৰ ভূমিকা ল'বলৈ শিকোৱা হয়।
Answer Type - Boby Bora