Chapter 2

সামাজিক লিংগ অধ্যয়ন


অতি চমু প্রশ্নোত্তৰ

১। লিংগ অসমতা কি?

উত্তৰঃ লিংগ অসমতা মানে হৈছে- মতা-মাইকীৰ চিনৰ ওপৰত ভিত্তি কৰি নাৰীৰ বিৰুদ্ধে কৰা বৈষম্য বা পক্ষপাতিত্ব

২। পিতৃপ্রধান পদ্ধতি কি?

উত্তৰঃ বিখ্যাত সমাজতত্ববিদ চিলভিয়া ৱালবি (Sylvia Walby)ৰ মতে, "পিতৃপ্রধান পদ্ধতি হৈছে এক সামাজিক গঠন আৰু অনুশীলন পদ্ধতি, 'ত পুৰুষে নাৰীক দমন ৰে, শোষণ কৰে আৰু অত্যাচাৰ কৰে।”

৩। সামাজিক লিংগ অধ্যয়নৰ মুখ্য লক্ষ্য কি?

উত্তৰঃ লিংগীয় বৈষম্য চিনাক্ত কৰি সমতা প্রতিষ্ঠা কৰা ই ইয়াৰ মুখ্য লক্ষ্য

৪। 'Gender' শব্দটোৰ অৰ্থ কি?

উত্তৰঃ  Gender বুলিলে সমাজগঠিত লিংগসম্পর্কীয় ভূমিকা, আশা, আচৰণৰ বুজায়

৫। লিংগ অধ্যয়নে কেনেকৈ অসমতা কমায়?

উত্তৰঃ ই সমাজৰ ভিতৰত লুকাই থকা লিংগীয় বৈষম্য চিনাক্ত কৰি সোধ-পোছ কৰে

৬। 'Women Studies' কাক উদ্দেশ্য কৰি আৰম্ভ হৈছিল?

উত্তৰঃ ই মূলতঃ নাৰীৰ ক্ষেত্ৰত হও-ভ্রূণ বৈষম্য আৰু সমস্যাবোৰ অধ্যয়ন কৰিবলৈ আৰম্ভ হৈছিল

৭। লিংগ অধ্যয়নৰ বৈশিষ্ট্য কি?

উত্তৰঃ ই সমাজগঠিত লিংগীয় আচৰণ, প্রতীক, ক্ষমতা-সম্পর্ক বিশ্লেষণ কৰে

৮। লিংগ অধ্যয়ন কোন সমস্যাসমূহৰ ওপৰত কেন্দ্ৰ কৰে?

উত্তৰঃ হিংসা, অসমতা, অধিকাৰ বঞ্চনা, ক্ষমতা-বিতৰণ বৈষম্য আদি

৯। লিংগ অধ্যয়নত 'Patriarchy' শব্দটোৰ ভূমিকা কি?

উত্তৰঃ ই সমাজত পুৰুষ আধিপত্যৰ কাঠামো কেনেদৰে কাম কৰে তাক ব্যাখ্যা কৰে

১০। 'Gender Studies' ৰ মুখ্য প্রয়োগ কি?

উত্তৰঃ অধিকাৰ নীতি-নির্ধাৰণ, শিক্ষাক্ষেত্র, সমাজ উন্নয়ন প্রক্রিয়াত প্রয়োগ হয়

১১। 'Women Studies' ৰ পৰা 'Gender Studies' লৈ পৰিবৰ্তন কিহে প্রতিফলিত কৰে?

উত্তৰঃ লিংগক কেৱল নাৰী নহয়, সকলো লিংগৰ সামাজিক অভিজ্ঞতা হিচাপে বুজাৰ ধাৰাই প্রতিফলিত কৰে

১২। 'Gender Studies' কিয় সময়োপযোগী?

উত্তৰঃ কাৰণ আধুনিক সমাজৰ লিংগ-অধিকাৰ, ন্যায়, সমতা আৰু নীতি-নিৰ্ধাৰণৰ ধাৰাৰ সৈতে ই ঘনিষ্ঠভাৱে জড়িত

চমু প্রশ্নোত্তৰ

১। সামাজিক লিংগ অধ্যয়নৰ গুৰুত্ব ব্যাখ্যা কৰা

উত্তৰঃ সামাজিক লিংগ অধ্যয়ন আধুনিক সমাজত অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ই সমাজত বিদ্যমান লিংগভিত্তিক শোষণ, বৈষম্য, অসমতা, সামাজিক পক্ষপাত আৰু হিংসা চিনাক্ত কৰি নাগৰিকৰ সকলো লিংগৰ বাবে ন্যায়প্রতিষ্ঠা ঘটায়। এই অধ্যয়নে দেখুৱায় যে সমাজত বহু আচৰণ আৰু নিয়ম জৈৱিক লিংগৰ ভিত্তিত নহয়; এই সমাজে বহু শতাব্দী ধৰি পূৰ্ণভাৱে গঠন কৰি থোৱা ভূমিকা। উদাহৰণস্বৰূপে “মহিলাই গৃহকাম কৰিব লাগে", "পুৰুষে উপাৰ্জন কৰিব লাগে”-এই ধাৰণাবোৰ জৈৱিক নহয়, সম্পূর্ণ সমাজগঠিত। Gender Studies এই ধাৰণাবোৰ ভাঙিবলৈ সহায় কৰে

    লিংগ অধ্যয়নৰ গুৰুত্বৰ ভিতৰত এক গুৰুত্বপূৰ্ণ দিশ হৈছে লিংগসমতা প্রতিষ্ঠা। সমাজত মহিলা, কিশোৰী, LGBTQ+ ব্যক্তি বহু সময় হিংসা, বৈষম্য, শিক্ষাৰ অভাৱ, কর্মসংস্থানে পক্ষপাত, ৰাজনৈতিক অংশগ্ৰহণৰ অভাৱৰ সন্মুখীন হয়। Gender Studies এই সমস্যাবোৰক বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি সমাধানৰ পথ দেখুৱায়। সামাজিক নীতি-নির্ধাৰক, শিক্ষক, সমাজসেবী, আইনপ্রণেতা আদি সকলোৰে বাবে এই অধ্যয়ন বিশেষ সহায়ক

    ইয়াৰ পৰাই লিংগীয় হিংসা-যেনেঃ যৌন-হিংসা, গৃহ-হিংসা, কন্যাভ্রূণ হত্যা, শাৰীৰিক মানসিক অত্যাচাৰ আদি সমস্যাবোৰৰ মূল কাৰণ চিনাক্ত হয়। পৰিয়াল, বিদ্যালয়, ধর্মীয় প্রতিষ্ঠান, মিডিয়া, ৰাজনীতি আদি সকলো ক্ষেত্রত লালিত লিংগীয় পক্ষপাত কেনেকৈ অসাম্য সৃষ্টি কৰে তাৰ গভীৰ উপলব্ধি এই অধ্যয়নৰে হয়

    সামাজিক লিংগ অধ্যয়ন সামাজিক ন্যায় আৰু অধিকাৰৰ দিশত এক বৈপ্লৱিক পদক্ষেপ। যিকোনো সমাজ উন্নত হ'বলৈ লিংগসমতাৰ প্ৰয়োজন, আৰু সেই সমতা স্থাপনৰ বৈজ্ঞানিক উপায় Gender Studies-এ দিয়েই। এই কাৰণেই শিক্ষাক্ষেত্র, আইন, নীতি-নিৰ্ধাৰণ, স্বাস্থ্য, ৰাজনীতি, সমাজসেবা আদি সকলো শাখাত ই অতি গুৰুত্বপূৰ্ণ

২। সামাজিক লিংগ অধ্যয়নৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা

উত্তৰঃ সামাজিক লিংগ অধ্যয়নৰ কিছু মুখ্য বৈশিষ্ট্য আছে যিয়ে এই শাখাক আধুনিক সমাজত বিশেষ স্থান দিয়ে

     প্রথম বৈশিষ্ট্যটো হৈছেই এক আন্তঃবিষয়ক (interdisciplinary) শাখা। সমাজবিদ্যা, মানৱবিদ্যা, মনোবিজ্ঞান, ইতিহাস, ৰাজনীতি, অর্থনীতি, সাহিত্য, মিডিয়া অধ্যয়ন আদি বহু শাখাৰ জ্ঞান একত্ৰ কৰি লিংগীয় বিষয়েৰ ব্যাপক বিশ্লেষণ কৰে। ইয়াৰ এনে গঠনই সমাজত লিংগ কেনেকৈ গঠিত হয় আৰু কেনেকৈ আচৰণ, নিয়ম, মূল্যবোধ আদি সৃষ্টি হয় তাৰ গভীৰ বোধ জন্মায়

    দ্বিতীয় বৈশিষ্ট্য হৈছে লিংগ অধ্যয়ন সমাজগঠিত আচৰণৰ ওপৰত গুৰুত্ব দিয়ে। ই জৈৱিক লিংগৰ ওপৰত নিউনতম দৃষ্টিপাত কৰি সমাজে নিৰ্মাণ কৰা লিংগভূমিকাৰ অধ্যয়ন কৰে। উদাহৰণস্বৰূপে "পুৰুষে শক্তিশালী", "মহিলাই নৰ্মম”-এই ধাৰণাবোৰ সমাজৰ সৃষ্টি। Gender Studies এই বোধ ভাঙিবলৈ চেষ্টা কৰে

    তৃতীয় বৈশিষ্ট্য হৈছে সমালোচনামূলক দৃষ্টিভংগী। লিংগসম্পর্কীয় প্রচলিত ধাৰণা অনুশাসন, আচৰণ, ক্ষমতা-কাঠামো আদি সমালোচনামূলকভাৱে বিশ্লেষণ কৰা হয়। ই পৰিয়াল-কেন্দ্ৰিক লিংগভূমিকা, ধর্মীয় মূল্যবোধ, মিডিয়াৰ স্থিৰ-ধাৰণা, অর্থনৈতিক পক্ষপাত আদি সমালোচনা কৰে

    চতুর্থ বৈশিষ্ট্য হৈছে লিংগসমতা আৰু ন্যায়ক প্রাথমিক লক্ষ্য ৰূপে গ্রহণ। অধ্যয়নটোৰ লক্ষ্য কেৱল তত্ত্বীয় নহয়; নীতি-নির্ধাৰণ, শিক্ষা, সমাজচেতন, আইন, কর্মক্ষেত্র উন্নয়ন আদি ক্ষেত্রত প্রয়োগযোগ্য

    পঞ্চম বৈশিষ্ট্য হৈছে ই বঞ্চিত বা প্রান্তিক সম্প্রদায়-যেমনঃ নাৰী, শিশু, শুটুম্বদ্ধ দৰিদ্ৰ মহিলা, উপজাতি মহিলা-তেওঁলোকৰ অভিজ্ঞতা অধ্যয়ন কৰে। সামগ্রিকভাৱে, লিংগ অধ্যয়ন সমাজৰ অসম শক্তিৰ বণ্টন, শোষণ, বৈষম্য, হিংসা আদি দূৰ কৰিবলৈ এক গঠনমূলক শাখা। এইদৰে Gender Studies আধুনিক শিক্ষাক্ষেত্রত সামাজিক ন্যায়ৰ কেন্দ্ৰীয় শক্তি ৰূপে বিবেচিত

৩। লিংগ-সম্পর্কীয় অসমতা কেনেকৈ সমাজত সৃষ্টি হয়?

উত্তৰঃ লিংগ-সম্পৰ্কীয় অসমতা সমাজে গঠন কৰা মূল্যবোধ, আচৰণ, নিয়ম আৰু ক্ষমতা-কাঠামোৰ পৰা সৃষ্টি হয়। জৈৱিক লিংগ জন্মগত, কিন্তু সমাজে জন্মৰ পিছত শিশুৰ লিংগ অনুযায়ী বিশেষ দায়িত্ব, আশা, আচৰণ আৰু পৰিচয় দিয়েই লিংগ গঢ়ি তোলে। উদাহৰণস্বৰূপে পুৰুষক শক্তিশালী, উপার্জনকাৰী, সিদ্ধান্তগ্ৰহণকাৰী ৰূপে মানা হয়; মহিলাক কোমল, গৃহকেন্দ্রিক, অনুগত, যত্নগ্রহণকাৰী বুলি ধৰি লোৱা হয়। এই সমাজগঠিত ভূমিকা নোয়কালে বাল্যকালৰ পৰা শিক্ষাৰ ক্ষেত্ৰ, খেলধূলা, পোষাক, অধ্যায়নবিষয়, পেশা নির্বাচন সকলোবোৰ প্রভাৱিত হয়

    পৰিয়ালে পুত্র-সন্তানক অধিক মূল্য দিয়ে, শিক্ষাৰ সুযোগ, সম্পত্তি, ভৰণ-পোষণ, সন্তুষ্টি আদি পুত্র-সন্তানৰ ক্ষেত্ৰত বেছি হয়। মহিলাৰ ওপৰত গৃহকাজৰ আনুষ্ঠানিক দায়িত্ব চাপি দিয়া হয়। এইদৰে পৰিয়ালৰ পৰা আৰম্ভ হোৱা অসমতা বিদ্যালয়, সমাজ, ধর্ম, ৰাজনীতি, কর্মক্ষেত্র সকলোতে প্ৰসাৰিত হয়

    বিদ্যালয়ত পাঠ্যপুথিও বহুসময় লিংগীয় পক্ষপাতিত্ব বহন কৰে। পুৰুষক বিজ্ঞানী, পাইলট, ডাক্তৰ ৰূপে কল্পনা কৰা হয়; মহিলাক গৃহিণী, শিক্ষক, ধাত্রীৰূপে দেখুওৱা হয়। মিডিয়াও সমানভাৱে লিংগীয় ধাৰণাবোৰক দৃঢ় কৰে। বিজ্ঞাপন, চিত্রপট, টেলিভিচন চিৰিয়েলে মহিলাক প্রধানত সৌন্দর্য, গৃহকেন্দ্রিকতা, কোমলতা, বস্তুকেন্দ্রিকতা মূৰ্তমান কৰে

    ধর্মীয় প্রতিষ্ঠান অনেক সময় মহিলাৰ ওপৰত নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞা সৃষ্টিৰ মাধ্যম হয়। বহু সংস্কৃতি আৰু ধৰ্মত মহিলাক পূজা, মন্ত্র, বৈদিক-কর্ম, নেতৃত্বৰ ক্ষেত্ৰত প্রবেশাধিকাৰ কম

    কর্মসংস্থানে লিংগীয় বেতন-বৈষম্য, পুুুৰুষ প্রাধান্য, যৌন-উৎপীড়ন আদি ৰচনা কৰে। ৰাজনৈতিক ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ কম, সিদ্ধান্ত গ্রহণত মহিলাৰ স্বীকৃতি কম

    এই যাবতীয় সামাজিক, শিক্ষামূলক, ধর্মীয়, অর্থনৈতিক আৰু ৰাজনৈতিক প্রক্রিয়াই মিলি লিংগ-অসমতা সৃষ্টি আৰু স্থায়ী কৰে

৪। পৰম্পৰাগত লিংগভিত্তিক ধাৰণা (Gender Stereotype) কেনেকৈ সমাজত সৃষ্টি হয়?

উত্তৰঃ Gender Stereotype বুলিলে লিংগ অনুযায়ী স্থায়ী, সংকীর্ণ, অতিসাধাৰণীকৃত আৰু বহুসময় ভুল ধাৰণাক বুজায়। উদাহৰণস্বৰূপে "মহিলা নৰম", "পুৰুষ মাসিকভাৱে শক্তিশালী", "মহিলা গৃহিণী হ'ব লাগে”, "পুৰুষে কান্দিব নাপায়”-এই সকলো Gender Stereotypeএই ধাৰণাবোৰে সমাজত সাংস্কৃতিক, ধর্মীয়, পৰিয়ালমূলক, মিডিয়া-গঠিত ধাৰণাৰ পৰা সৃষ্টি হয়

    পৰিয়ালে লিংগীয় ধাৰণা বেছি বঢ়াই তোলে। কন্যা-শিশুকে পুতুল, ৰন্ধন-সামগ্রী দিলে; পুত্র-শিশুকে বন্দুক, গাড়ী, খেলধূলাৰ সামগ্ৰী দিলে লিংগীয় আচৰণ গঢ়ি উঠে। এই সীমাবদ্ধ ধাৰণাই মহিলা-শিশুক কোমল আৰু গৃহ-কেন্দ্ৰিক ধাৰণাত আবদ্ধ কৰে; পুৰুষ-শিশুক সাহসী, শক্তিশালী, আক্ৰমণাত্মক ধাৰণাত

    বিদ্যালয়, পাঠ্যপুথি, শিক্ষক আৰু পাঠ-পদ্ধতিও প্ৰচুৰ Stereotype বহন কৰে। পাঠ্যপুথিত পুৰুষ বিজ্ঞানী, ডাক্তাৰ, পাইলট; মহিলা গৃহিণী, শিক্ষক, সহায়ক ৰূপে চিত্রায়িত হয়। এইদৰে শিশুৰ মন-গঠন হয়

    মিডিয়া Gender Stereotypeৰ বৃহৎ উৎস। বিজ্ঞাপনত মহিলা-শৰীৰ বাণিজ্যিক বস্তু; চিৰিয়েলত মহিলাক গৃহিণী, ত্যাগী, সাজ-পাৰকেন্দ্ৰিক; পুৰুষক সিদ্ধান্তগ্ৰহণকাৰী, কঠোৰ, কর্মক্ষম ৰূপে দেখোৱা হয়। এই ছবি-ই সমাজত লিংগীয় পক্ষপাত স্থায়ী কৰে। 

    ধর্মীয় ব্যাখ্যাও বহুসময় লিংগীয় stereotype সৃষ্টি কৰে। বহু ধৰ্মত মহিলাৰ ভূমিকা সীমিত, নিষিদ্ধ বা গৌণ ধাৰণাই লিংগ-অসমতা বঢ়াই তোলে

    এই stereotype-এ লিংগীয় বৈষম্য তীব্ৰ কৰে। পুৰুষে মানসিক কষ্ট প্রকাশ কৰিব নালাগে বুলি সমাজে ভাবে; মহিলাই চাকৰি-পেশাত পিছপৰা বুলি ভাবে; সিদ্ধান্ত-গ্রহণ, নেতৃত্ব, ৰাজনীতি, বিজ্ঞান আদি ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ কম। এইদৰে Gender Stereotype আধুনিক সমাজত লিংগীয় হিংসা, অসমতা, পক্ষপাত, সামাজিক-মানসিক চাপ আদি প্ৰশ্নৰ সৃষ্টি কৰে। এইবিলাক ভাঙিবলৈ সচেতনতা, শিক্ষা, মিডিয়া-সংস্কাৰ আৰু নীতিমূলক পৰিৱৰ্তন অত্যন্ত প্রয়োজন

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। Women Studies ৰ পৰা Gender Studiesলৈ হোৱা পৰিবৰ্তনশীল ধাৰা ব্যাখ্যা কৰা

উত্তৰঃ Women Studiesৰ ইতিহাসটো মূলতঃ সমাজত মহিলাসকলৰ ওপৰত হোৱা দমন, বৈষম্য আৰু সামাজিক-অর্থনৈতিক বঞ্চনাৰ তুলনামূলক অভিজ্ঞতাৰ ভিতৰত জন্ম লৈছে। মহিলাৰ ওপৰত শতাব্দীব্যাপী গৃহস্থালীয় সীমাবদ্ধতা, সম্পত্তিৰ অধিকাৰহীনতা, শিক্ষা আৰু ৰাজনৈতিক অংশগ্ৰহণৰ সুযোগৰ অভাৱ, কর্মজীৱনত অ-সম বেতন, ধর্মীয়-সাংস্কৃতিক মূল্যবোধৰ জৰিয়তে বদ্ধ সমাজব্যৱস্থা, হিংসতা আদি সমস্যাই এক একাডেমিক আৰু সামাজিক প্ৰতিবাদৰ ক্ষেত্ৰ সৃষ্টি কৰিলে। পশ্চিমীয়া দেশত ১৯৬০-৭০ দশকত দ্বিতীয় স্তৰৰ নাৰীবাদী আন্দোলনে মহিলাসকলৰ অধিকাৰ, মৰ্যাদা, স্বাধীনতা আৰু স্বীকৃতি বুজিবলৈ এক বিশেষ অধ্যয়ন ক্ষেত্ৰৰ ভিত্তি স্থাপন কৰিলে। এই সময়ত Women Studies জন্ম লৱা আৰম্ভ কৰিলে আৰু ই বিশ্ববিদ্যালয়, একাডেমিক গৱেষণা, নীতি-নির্মাণ আৰু সামাজিক পৰিৱৰ্তন আন্দোলনৰ অংশ হৈ পৰিলে। Women Studiesৰ মূল উদ্দেশ্য আছিল মহিলাৰ জীৱনক কেন্দ্ৰ কৰি অসমতা চিহ্নিত কৰা আৰু তাৎক্ষণিক সমাধানৰ দিশ দাঙ্গি ধৰা

    কিন্তু সময়ৰ লগে লগে বুজা গ'ল যে সমাজত বৈষম্য কেৱল মহিলাৰ ওপৰত হোৱা অত্যাচাৰকলৈ সীমাবদ্ধ নহয়। লিংগ হল এক বিস্তৃত সামাজিক গঠন, 'ত পুৰুষ, মহিলা, তৃতীয় লিংগ, queer ব্যক্তি, LGBTQ+ পৰিচয়ধাৰী, বিৰল লিংগ-অভিজ্ঞতা আৰু বহু সামাজিক-সাংস্কৃতিক উপাদান জড়িত থাকে। লিংগৰ সমস্যা কেৱল মহিলাৰ সমস্যা নহয়; ই ক্ষমতা, সংস্কৃতি, ধর্ম, ভাষা, সামাজিক নিয়ম আৰু আচৰণৰ সৈতে গভীৰভাৱে সংযুক্ত। বহু ক্ষেত্ৰত দেখা গ'ল যে পুৰুষসকলো পিতৃসত্তাৰ গাঁথনিৰ দ্বাৰা পীড়িত, আগ্রাসীতা, কঠোৰতা, মানসিক বিভ্রান্তি আৰু সামাজিক stereotypeৰ বুজনিৰ তীব্ৰ প্ৰভাৱৰ চিকাৰ হয়। এই পৰিপ্ৰেক্ষিতত অধ্যয়নৰ দিশ সলনি হ', আৰু সততে মন কৰিব লগা হ'ল যে লিংগসমূহৰ মাজত যে সমস্যাবোৰ আছে সেইবোৰ আন্তঃসম্পর্কিত আৰু সামগ্রিক

    ইয়াৰ ফলস্বৰূপে Women Studies ধীৰে ধীৰে Gender Studiesলৈ পৰিৱৰ্তিত হ'বলৈ লাগিল। Women Studies একমাত্র মহিলাক মূল কৰি বৈষম্য ব্যাখ্যা কৰিছিল, কিন্তু Gender Studies লিংগৰ সামাজিক গঠন, ক্ষমতা সম্পর্ক, পিতৃসত্তা, সংস্কৃতি, ধর্মীয় মূল্যবোধ, জাতীয়তাবাদ, ৰাজনীতি, কূটনৈতিক নিয়ম, পুঁজিবাদী উৎপাদনব্যৱস্থা আদি সকলো দিশ জড়িত কৰি সমগ্র লিংগীয় পৰিসৰৰ আলোচনা আৰম্ভ কৰিলে। Gender Studies লিংগ অসমতা সৃষ্টি কৰাৰ মূল উৎসক গভীৰভাৱে বিশ্লেষণ কৰিলে আৰু দেখুৱালে যে gender হল এক সামাজিক গঠন; ই জন্মগত নহয়। সমাজেই পুৰুষ আৰু মহিলাৰ আচৰণ, ভূমিকা, দায়িত্ব, পছন্দ, প্রদর্শন, সক্ষমতা আদি নিৰ্ধাৰণ কৰে। এই দৃষ্টিভংগী Women Studiesৰ সীমা বিস্তৃত কৰিলে আৰু Gender Studies অধিক অন্তর্ভুক্তিমূলক, বৈজ্ঞানিক আৰু আন্তঃবিষয়ক শাখা হিচাপে বিকাশ লাভ কৰিলে

    Women Studiesৰ পৰা Gender Studiesলৈ হোৱা পৰিৱৰ্তনশীল ধাৰাটো তিনিটা স্তৰত স্পষ্টকৈ দেখা যায়। প্রথম স্তৰত Women Studies মহিলাৰ সমস্যা ধৰি সমাজৰ অসমতা ব্যাখ্যা কৰিছিল। দ্বিতীয় স্তৰত নাৰীবাদী চিন্তাধাৰাই পিতৃসত্তাৰ মূল গাঁথনি চিনাক্ত কৰি দেখুৱালে যে লিংগ অসমতা কেৱল মহিলাৰ সমস্যা নহয়; ই এটা সমগ্র সামাজিক-ধাৰণাগত সমস্যা। তৃতীয় স্তৰত Gender Studies এই বিশ্লেষণ অধিক বিস্তাৰ কৰি queer theory, masculinity studies, transgender studies আদি বিষয় অন্তর্ভুক্ত কৰিলে। যেনেকৈ মহিলাৰ ওপৰত সমাজত stereotype থাকে, তেনে পুৰুষৰ ওপৰতো 'শক্তিশালী', 'কঠোৰ', 'অভেদ্য', 'উপার্জনক্ষম' হোৱাৰ stereotype থাকে। এই stereotype পুৰুষকো সমাজৰ বিশেষ ধৰণৰ গঠনমূলক চাপৰ মাজত পেলাই দিয়ে। সমাজত লিংগ-বৈচিত্র্যৰ সম্পূৰ্ণ সন্মান আৰু সমতা প্রদান কৰিবলৈ Gender Studiesক এই পৰিসৰ বিস্তৰণ অত্যন্ত প্রয়োজনীয় হৈ পৰিল

    Women Studiesৰ লক্ষ্য আছিল মহিলাৰ ওপৰত শোষণ ৰোধ কৰা আৰু সমঅধিকাৰ দিয়া। কিন্তু Gender Studiesৰ লক্ষ্য হৈছে সম্পূর্ণ লিংগ-ন্যায়, সামাজিক-ধাৰণাৰ পৰিৱৰ্তন, লিংগ-সম্পর্কীয় জ্ঞানচর্চাৰ বিপ্লব, queer inclusion, তৃতীয় লিংগৰ অধিকাৰ, সমতা-ভিত্তিক সামাজিকীকৰণ আদি। ই সমাজত দমনমূলক মূল্যবোধৰ ভঁৰাল বিস্ফোৰণ কৰি মানৱীয়তা, ন্যায় আৰু সম-মর্যাদাৰ এক নতুন পথ দেখুৱাইছে

    সেয়ে Women Studiesৰ পৰা Gender Studiesলৈ হোৱা এই যাত্রা সমাজচিন্তা, একাডেমিক দিশ, নীতি-নির্মাণ, সামাজিক ন্যায় আন্দোলন আৰু মানৱীয় মৌলিক মূল্যবোধৰ বিকাশৰ অন্যতম সর্বাধিক ৰূপান্তৰ ধৰ্মী ধাপ। আজিৰ যুগত Gender Studies আধুনিক, অন্তর্ভুক্তিমূলক আৰু অধিক বিশ্লেষণধর্মী শাখা হিচাপে সমগ্র বিশ্বত অতি গুৰুত্ব লাভ কৰিছে

২। সমাজত লিংগ-ধাৰণাৰূপ (Gender Stereotype) কেনেকৈ গঠন হয় আৰু তাৰ প্ৰভাৱ বিশ্লেষণ কৰা

উত্তৰঃ Gender stereotype মানে লিংগৰ ওপৰত সমাজে নিজৰ এক কঠিন ধাৰণা গঠন কৰা, যি মানুহক নির্দিষ্ট ধৰণৰ আচৰণ, দায়িত্ব, সক্ষমতা আৰু মূল্যবোধৰ মাজত বন্দী কৰি ৰাখে। এই stereotype জন্মগত নহয়; ই সমাজ, পৰিয়াল, বিদ্যালয়, মিডিয়া, ধর্ম, সাহিত্য, সংস্কৃতি, ভাষা, আইনী নিয়ম, অর্থনৈতিক গঠন আদি মিলি সৃষ্টি কৰে। সামাজিক stereotype গঠন প্রথম পৰিয়ালৰ পৰা আৰম্ভ হয়। জন্ম হোৱাৰ লগেই শিশুক লিংগ-নির্দিষ্ট ৰং,খেলা-ধূলা, আচৰণ আদি নির্ধাৰণ কৰি দিয়া হয়। ছোৱালীৰ বাবে পিঙ্ক ৰং, পুতলা, শ্রদ্ধাশীল ভাষা আৰু ছোৱালীৰ বাবে বাহুবল, খেলা-ধূলা, নীল বং এইবোৰ সমাজে নির্মাণ কৰা নিয়ম। এই নিয়মসমূহ শিশুৰ মানসিক গঠনত এতিয়া গভীৰভাৱে প্রৱেশ কৰে যে তেওঁলোকে নিজৰ আচৰণ বেছি নির্বাচন নকৰাকৈ সমাজৰ প্রচলিত মানদণ্ড বুজি লয়

    বিদ্যালয় stereotype বৃদ্ধি কৰাৰ মূখ্য ক্ষেত্র। পাঠ্যপুথিত ছোৱালীক গৃহস্থালীৰ কাম, শুচিতা, সন্তান পালিকা, আৰু পুৰুষক বাহিৰৰ কাম, বিজ্ঞান, আৱিষ্কাৰ, নেতৃত্বত দেখুওৱা হয়। শিক্ষকসকলো বহু সময়ত অজানিতে লিংগ-ধাৰণা আগবঢ়ায়। ছোৱালীক নম্র হ'বলে, শৃঙ্খলা মানিবলে বঢ়াই ধৰা হয়; আনহাতে ছোৱালীৰ চঞ্চলতা, খেলা-ধূলা অধিক সামাজিকভাৱে অনুমোদিত। এই আচৰণবোৰ সমাজত অসম মানসিকতা সৃষ্টি কৰে

    মিডিয়াই stereotype গঠন কৰাৰ এক ডাঙৰ মাধ্যম। ছবিত মহিলাক অধিকাংশতে গৃহিণী, প্রেমিকা, নির্ভৰশীল, সৌন্দর্যকেন্দ্রিক ৰূপত দেখুওৱা হয়। পুৰুষক শক্তিশালী, নিষ্ঠুৰ, অৰ্থউপাৰ্জনকাৰী, ৰক্ষকৰূপে দেখুওৱা হয়। ইয়াৰ ফলত সমাজ মহিলাক গৃহসীমিত আৰু পুৰুষক জীৱনৰ বাহিৰৰ ক্ষেত্ৰৰ বাবে উপযুক্ত বুলি ধৰে

    ধর্মীয় নিয়ম, উপদেশ, পূজা-পদ্ধতি, ধর্মীয় সাহিত্য আদি বহু সময়ত stereotype সৃষ্টি কৰে। বহু ধর্মীয় বচনত পুৰুষক স্বাভাৱিক নেতা, ৰক্ষক বুলি ধৰা হয় আৰু মহিলাক নম্রতা, সতীত্ব, গৃহবাসিনী ৰূপত প্রতিষ্ঠা কৰা হয়। এই ধাৰণাই মহিলাৰ স্বাধীনতা সীমাবদ্ধ কৰে

    অর্থনৈতিক গঠন stereotype সৃষ্টি কৰাৰ এক গভীৰ উৎস। পুৰুষেই উপাৰ্জনকাৰী আৰু মহিলাই গৃহকর্মকাৰী বুলি সমাজ ধৰা হয়। গৃহস্থালীকেন্দ্রিক শ্রমক অর্থনৈতিক মূল্য নাথাকাৰ ফলত মহিলাৰ কাম অচিনাক্ত। এতিয়া এই stereotype নিজৰ স্থানেই আছে আৰু মহিলাৰ আত্মনিৰ্ভৰতা কমাই দিয়ে

    সেইদৰে ভাষা, প্রবাদ, সাহিত্য, গীত, সংস্কৃতি আদি জগতেও stereotype বজাই ৰাখে। উদাহৰণস্বৰূপে "পুৰুষ মনোবলী", "মহিলা কোমল", "পুৰুষে কান্দিব নালাগে” আদি বাক্যবোৰ শিশুকালৰ পৰা সমাজত স্থাপিত হয়

    Gender stereotypeৰ প্রভাৱ গভীৰ। ই মহিলাৰ শিক্ষালাভ সীমাবদ্ধ কৰে, অর্থনৈতিক সম্ভাৱনা বোধ কৰে, পুৰুষক মানসিক দ্বন্দ্বত পেলায়, তৃতীয় লিংগক সামাজিকভাৱে অদৃশ্য কৰে, অসমতা আৰু দমন বৃদ্ধি কৰে। ছোৱালীসকলে STEM বিষয়ত পিছ পৰে, কর্মক্ষেত্রত বেতন সমান নহয়, গৃহহিংসা বৃদ্ধি পায় আৰু পুৰুষে মানসিক চাপৰ কাৰণে আত্মহত্যাৰ ঘটনাও বৃদ্ধি পায়

    সেয়ে Gender stereotype য়ে সমাজৰ প্রত্যেক ক্ষেত্ৰতে গভীৰ আৰু বিপদজনক প্রভাৱ পেলায়। এই stereotype ধ্বংস কৰিবলৈ শিক্ষা, মিডিয়া, ধর্ম, পৰিয়াল আৰু নীতি-নির্মাণ সকলো ক্ষেত্রতে পৰিৱর্তন আনি লিংগ-সমতা নিশ্চিত কৰা অত্যাৱশ্যক

৩। সামাজিক লিংগ অধ্যয়নৰ অৰ্থ আৰু তাৰ সামগ্রিক পৰিসৰ বৰ্ণনা কৰা

উত্তৰঃ সামাজিক লিংগ অধ্যয়ন বা Gender Studies হৈছে আধুনিক সমাজবিজ্ঞান, মানৱবিদ্যা, শিক্ষাবিদ্যা, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, অর্থনীতি, আইন, সাহিত্য, সংস্কৃতি-সমীক্ষা আদি শাখাৰ সৈতে ওতপ্রোতভাৱে সংযুক্ত এক বিস্তৃত অধ্যয়নক্ষেত্র। ই মূলতঃ সমাজত লিংগীয় অসমতা, দমনমূলক সামাজিক কাঠামো, সংস্কৃতিক ধাৰণা, লিংগীয় ভূমিকা, লিংগ-ভিত্তিক আচৰণ, লিংগ-ধাৰণাৰ উৎপত্তি আৰু প্ৰভাৱ, ক্ষমতাৰ বণ্টন, পুৰুষসত্তা আৰু নাৰীসত্তাৰ নিৰ্মাণ, তৃতীয় লিংগ আৰু queer identity আদিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। এই শাখাই দাঙি ধৰে যে লিংগ কেৱল জৈৱিক নহয়; ই সমাজ, সংস্কৃতি, ধর্ম, ধর্মীয় নিয়ম, ভাষা, সাহিত্য, পৰিয়াল, শিক্ষাব্যৱস্থা, ৰাজনীতি, অর্থনীতি আদি সকলো কাঠামোৱে মিলি গঠন কৰে

    সামাজিক লিংগ অধ্যয়নৰ অৰ্থ বুজিবলৈ প্রথমে এটা মৌলিক সত্য উপলব্ধি কৰিব লাগিব যে জৈৱিক লিংগ মানে sex 'ল জন্মগত; কিন্তু সামাজিক লিংগ মানে gender হৈছে সমাজে নিৰ্মাণ কৰা। একেটো জৈৱিক গঠন থকা লোকে সাংস্কৃতিকভাৱে সম্পূর্ণ ভিন্ন ধৰণে আচৰণ কৰে। উদাহৰণস্বৰূপে পুৰুষক শক্তিশালী, সিদ্ধান্তগ্রাহী, উপার্জনক্ষম আৰু আগবঢ়াই ব্যক্তি হিচাপে ধৰা হয়, আনহাতে মহিলাক নম্র, গৃহকর্মমুখী, সহানুভূতিশীল আৰু কোমলস্বভাবী হিচাপেও সমাজ নির্ধাৰিত ধাৰণা ৰূপে প্রতিষ্ঠা কৰে। এই ধাৰণাবোৰ জন্মগত বা প্রাকৃতিক নহয়; ই সমাজ আৰু সংস্কৃতিয়ে দীঘলীয়া সময় লৈ সৃষ্টি কৰা নিয়ম। সামাজিক লিংগ অধ্যয়ন এই নির্মিত ধর্মীয়, সামাজিক, শিক্ষামূলক, সাংস্কৃতিক, ৰাজনৈতিক মানদণ্ডক বিশ্লেষণ কৰে আৰু কিয় এই প্রক্রিয়াৰে অসমতা জন্মায় সেইটা বুজিবলৈ সহায় কৰে

    Gender Studiesৰ পৰিসৰ অত্যন্ত বিস্তৃত। ই শিশুকালৰ লিংগ-সামাজিকীকৰণৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ গঠন, ভাষাৰ ব্যৱহাৰ, বিদ্যালয়ৰ পাঠ্যপুথি, ধর্মীয় শিক্ষাৰ প্রভাৱ, মিডিয়াৰ stereotype, কিবা কাপোৰ পিন্ধা, কামৰ ধৰণ, পেচা নির্বাচন, বিবাহ-প্রথা, সম্পত্তিৰ অধিকাৰ, ৰাজনৈতিক প্রতিনিধিত্ব, কর্মজীৱনৰ অসম বেতন, গৃহস্থালীৰ অদৃশ্য শ্রম, লিংগ-বৈষম্য আদি সকলো বিষয় বিশ্লেষণ কৰে। এনেকুৱা বিস্তৃত পৰিসৰ কোনো একক শাখাৰ দ্বাৰা ধাৰণযোগ্য ৰূপে নহয় Gender Studies আন্তঃবিষয়ক শাখা হিচাপে পৰিগণিত

    সামাজিক লিংগ অধ্যয়নে সমাজত গঢ়ি উঠা পিতৃসত্তা-কেন্দ্ৰিক ব্যৱস্থাৰ ইতিহাস আৰু প্ৰভাৱো বুজিবলৈ সহায় কৰে। বহু শতাব্দী ধৰি গঢ়ি উঠা এই সমাজব্যৱস্থাই মহিলাক গৃহবন্ধী কৰিলে, সম্পত্তিৰ অধিকাৰ কঢ়িয়ালে, শিক্ষা-অধিকাৰ সীমিত কৰিলে, ধৰ্মীয়-সাংস্কৃতিক নিয়মৰ জৰিয়তে মহিলাৰ সামাজিক অৱস্থান কমাই দিলে। Gender Studiesয়ে এই দমনমূলক মূল্যবোধৰ উৎস, বিবর্তন আৰু সামাজিক প্ৰভাৱ ব্যাখ্যা কৰি ন্যায়-সমতা পুনর্গঠনৰ দিশ দাঙি ধৰিলে

    এই অধ্যয়ন আধুনিক দৃষ্টিত queer theory, LGBTQ+ অধিকাৰ, তৃতীয় লিংগৰ সামাজিক-আইনী স্বীকৃতি, যৌনপছন্দৰ স্বাধীনতা, লিংগ-পৰিচয়, লিংগ-ন্যায়, মানৱ-অধিকাৰ, inclusive education আদি বিষয়ো আলোচনাত অন্তর্ভুক্ত কৰিছে। ইয়াৰ ফলে Gender Studies সামগ্রিকভাৱে সকলো লিংগৰ ৰক্ষণশীল নির্ধাৰিত সমাজ-নিয়মৰ বিপৰীতে সমতা, ন্যায় আৰু মৰ্যাদালাভৰ উদ্দেশ্যে নতুন দিশ দেখুৱাইছে

    সেয়ে সামাজিক লিংগ অধ্যয়ন আধুনিক সমাজৰ এক অত্যাৱশ্যকীয় জ্ঞানশাখা। ই সমাজৰ লিংগীয় সংক্রান্ত বৈষম্য, stereotype, দমনভাৱে গঢ়ি উঠা ব্যৱস্থা ভাঙি ন্যায়-সমতা, সমঅধিকাৰ আৰু মানৱিকতাৰ মূল্যবোধ প্রতিষ্ঠা কৰিবলৈ সহায় কৰে

 

 

Answer Type - Boby Bora