Chapter 5
লিংগ সমতা আৰু মূলসুঁতিকৰণ
অতি চমু প্রশ্নোত্তৰ
১। লিংগ সমতা বুলিলে কি বুজা যায়?
২। লিংগ সমতা কিয় প্রয়োজনীয়?
৩। শিক্ষকসকলে লিংগ সমতা শিক্ষাত কেনেকৈ আগবঢ়ায়?
৪। লিংগ-সমন্বিত ভাষা (Gender-inclusive
language) মানে কি?
উত্তৰঃ লিংগ-সমন্বিত ভাষা মানে লিংগৰ ওপৰত ভেদাভেদ নকৰি সকলোকে সন্মানজনক শব্দ ব্যৱহাৰ কৰা।
৫। গণমাধ্যমে লিংগ সমতা কেনেকৈ প্ৰচাৰ কৰে?
৬। প্রাপ্তবয়স্ক শিক্ষা মহিলাৰ বাবে কিয় প্রয়োজনীয়?
৭। SDG
Goal-5 কি লক্ষ্যৰে স্থাপিত?
৮। লিংগ সমতা মানুহৰ অধিকাৰৰ লগত কেনেকৈ জঞ্জতি?
৯। লিংগ পক্ষপাত কাক কয়?
উত্তৰঃ লিংগৰ ভিত্তিত অসম আচৰণ বা বৈষম্যমূলক মনোভাৱক লিংগ পক্ষপাত কয়।
১০। লিংগ inclusive
পাঠ্যক্রম
মানে কি?
উত্তৰঃ এনে পাঠ্যক্ৰমত শ্লীল, ন্যায়সঙ্গত আৰু বৈষম্যহীন বিষয়বস্তু থাকে।
১১। 'Gender
Mainstreaming' ত বিদ্যালয় পৰিৱেশ কেনেকৈ ভূমিকা লয়?
১২। যৌতুক নিবাৰণী আইন প্ৰৱৰ্তন কেতিয়া কৰা হয়?
১৩। মানৱ সৰবৰাহ ৰোধকৰণৰ কাৰণে বিশেষভাৱে গ্রহণ কৰা একমাত্র আইনখন কি?
১৪। বাল্য বিবাহ নিবাৰক আইন গৃহীত কৰা হৈছিল-
উত্তৰঃ ১৯২৯ চনত।
চমু প্রশ্নোত্তৰ
১। লিংগ সমতা বুলিলে কি বুজা?
উত্তৰঃ লিংগজনিত সমতা হ'ল দেশৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আহিলা। কোনো দেশৰে বিকাশ হোৱা বুলি ক'ব নোৱাৰি য'ত আধা জনসংখ্যাই মৌলিক প্রয়োজন, জ্ঞান আৰু ৰাজনৈতিক ক্ষেত্ৰত মাত মতাৰ অধিকাৰ লাভ নকৰে। লিংগজনিত সমতাৰ অবিহনে বিকাশৰ আন লক্ষ্য যেনে দৰিদ্ৰতা দূৰীকৰণ, অর্থনৈতিক বৃদ্ধি, পৰিৱেশ সংৰক্ষণ আদি লক্ষ্যত উপনীত হোৱাটোও কঠিন হৈ পৰিব। লিংগ সমতা স্থাপন কৰাৰ এটা সহজ, উপায় হৈছে লিংগজনিত পক্ষপাতিত্ব দূৰ কৰা। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ল'ৰা আৰু ছোৱালীৰ মাজৰ অসমতাই তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত বাধা হৈ পৰিছে।
যদিও লিংগজনিত ক্ষেত্ৰত প্ৰস্তুত কৰা আঁচনি, চুক্তি আৰু অনুষ্ঠানসমূহে মহিলা সবলীকৰণত সহায় কৰিছে, কিন্তু মানুহৰ বিকাশৰ দ্বাৰাহে দেশৰ মহিলাসকলক প্রকৃততে সবল হৈ উঠিব। এই সূচকসমূহত সামাজিক লিংগৰ হাৰ, IMR, MMR, এনিমিয়া আদিক অন্তর্ভুক্ত কৰিব পাৰি।
এইটো দুর্ভাগ্যজনক কথা যে এই সূচকসমূহে বিশ্বৰ বিভিন্ন অংশৰ মহিলাসকলৰ অতি দুর্বল স্থিতি সম্পর্কে বর্ণনা কৰিছে।
(1) পৰিপুষ্টি য'ত পুষ্টিহীনতা, কম ওজন, এনিমিয়া আদিক অন্তর্ভুক্ত কৰা হয়।
(2) শিক্ষা য'ত নিৰক্ষৰতা, শ্ৰেণীভুক্তকৰণৰ অভাৱ, বহিষ্কৰণ আদিক অন্তর্ভুক্ত কৰা হয়।
(3) নিযুক্তি আৰু প্রশিক্ষণ য'ত অসংগঠিত আৰু মজুৰিবিহীন কাম, কর্মক্ষেত্ৰত পক্ষপাতিত্ব, দক্ষতাৰ নিম্ন বিকাশ, কৃষি আৰু নিৰ্মাণৰ ক্ষেত্ৰক অন্তর্ভুক্ত কৰা হয়।
২। লিংগ সমতাৰ গুৰুত্ব ব্যাখ্যা কৰা।
৩। পিতৃ-মাতৃ,
শিক্ষক
আৰু পাঠ্যক্রমে লিংগ সমতা প্ৰচাৰত কেনেকৈ সহায় কৰে?
৪। গণমাধ্যমে লিংগ সমতা আগবঢ়াত কেনেকৈ সহায় কৰে?
৫। UN SDG
Goal 5: লিংগ সমতা চৰ্চা কৰা।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। লিংগ সমতা আৰু মহিলা সবলীকৰণৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰা।
উত্তৰঃ লিংগ সমতা আৰু মহিলা সবলীকৰণ দুয়োৱেই ঘনিষ্ঠভাৱে সম্পর্কিত ধাৰণা হলেও দুয়োটাৰ লক্ষ্য, ক্ষেত্ৰ আৰু দিশ বেলেগ। লিংগ সমতা মানে সকলো লিংগৰ মানুহে সমান অধিকাৰ আৰু সুযোগ লাভ কৰা, য'ত কোনো লিংগক উচ্চবা নিম্ন ৰূপত দেখা নহয়। ই এক সামাজিক নীতি, যিয়ে লিংগভিত্তিক বৈষম্য, কুসংস্কাৰ, হিংসা, অসাম্য আৰু অসম ক্ষমতা-বিন্যাসৰ অৱসান ঘটাই ন্যায়-বান্ধৱ সমাজ গঢ়াৰ লক্ষ্য স্থাপন কৰে। আনহাতে মহিলা সবলীকৰণ মানে বিশেষকৈ মহিলাক অধিক শক্তিশালী, স্বাধীন, শিক্ষিত, অর্থনৈতিকভাৱে সবল আৰু সিদ্ধান্ত গ্রহণক্ষম গঢ়ি তোলা। যিহেতু বহু শতাব্দী ধৰে সমাজে মহিলাক শোষিত, সীমাবদ্ধ, নিৰ্ভৰশীল আৰু পিছপৰা ৰূপত সৃষ্টি কৰি তুলিছিল, সেই অসম অৱস্থাক সমানলৈ আনি তুলাৰ উদ্দেশ্যে মহিলা সবলীকৰণৰ ধাৰণা জন্ম লয়।
দুয়োটাৰ লক্ষ্য একে হলেও ধাৰণাৰ দিশ বেলেগ। লিংগ সমতা সকলো লিংগৰ ওপৰত প্ৰযোজ্য; মহিলা সবলীকৰণ বিশেষকৈ মহিলাক লৈ। লিংগ সমতা সমাজব্যৱস্থাৰ সামগ্রিক পুনৰগঠন; মহিলা সবলীকৰণ ব্যক্তি আৰু সমষ্টিগত মহিলাৰ ক্ষমতা বৃদ্ধিৰ প্রক্রিয়া। লিংগ সমতা গন্তব্য; মহিলা সবলীকৰণ সেই লক্ষ্যলৈ যোৱাৰ পথ। মহিলা সবলীকৰণ ছাঞ্জা লিংগ সমতা অসম্ভৱ, কিয়নো যিসমাজত মহিলাৰ জীৱিকাগত, শিক্ষাগত, আর্থিক, ৰাজনৈতিক অংশগ্রহণ সীমাবদ্ধ, সেই সমাজত সমতা কাগজত সীমাবদ্ধ হয়। মহিলা যদি স্বনিৰ্ভৰ নহয়, যদি তেওঁলোকে নিজৰ জীৱনত সিদ্ধান্ত ল'ব নোৱাৰে, যদি তেওঁলোকে ভয় বা সমাজৰ চাপত নিজৰ অধিকাৰ দাবী নকৰে, তেন্তে লিংগ সমতা যুক্তিপূর্ণভাৱে স্থাপিত নহয়।
মহিলা সবলীকৰণৰ ভিতৰত শিক্ষা, স্বাস্থ্য, পুষ্টি, আয়ৰ উৎস, সম্পত্তিৰ অধিকাৰ, আইনী সুৰক্ষা, সামাজিক ন্যায়, স্ব-সহায়ক গোট, নেতৃত্ব-প্রশিক্ষণ, ৰাজনৈতিক অংশগ্রহণ আদি অন্তর্ভুক্ত। অন্যফালে লিংগ সমতা ব্যৱস্থাগত, যক্সত পৰিয়াল, বিদ্যালয়, মিডিয়া, ৰাজনীতি, ধার্মিক প্রতিষ্ঠান, নীতি-প্রণয়ন, আইন-সকলোকে সমতা-পন্থী ৰূপে সাজিব লাগে। মহিলা সবলীকৰণ যদি ব্যক্তিগত ক্ষমতা বৃদ্ধি কৰে, তেনেহলে লিংগ সমতা সেই ক্ষমতা ব্যৱস্থাগতভাৱে সঠিক স্থানত প্রতিষ্ঠিত কৰে। সেইহেতু দুয়ো ধাৰণাই একে লক্ষ্যৰ দিশে হাত-ধৰা, কিন্তু দুয়োটাৰ পথ আৰু ভূমিকা পৃথক।
২। সমাজ বা সম্প্রদায়ত কিদৰে লিংগ পক্ষপাতিত্ব কৰা হয় বহলাই লিখা।
উত্তৰঃ ব্যক্তিয়ে অকলে বাস কৰিব নোৱাৰে। তেওঁ সদায় এটা অঞ্চলৰ এটা দলৰ সৈতে থাকে আৰু কিছুমান সামাজিক ধাৰণা, সামাজিক ৰীতি-নীতি আৰু ভাতৃত্ববোধৰ ধাৰণাৰ আদান-প্রদান কৰে। এনে সৰু অঞ্চলত বাস কৰা মানুহৰ সমষ্টিক সম্প্রদায় বুলি কোৱা হয়। 'Community' শব্দটো লেটিন শব্দ 'Com' 'together' আৰু 'munis'ৰ পৰা আহিছে, যাৰ অৰ্থ একেলগে আৰু 'munis' মানে হ'ল বাস কৰা। গতিকে 'community' মানে হ'ল একেলগে বাস কৰা। বিশ্বৰ সকলো সমাজতে লিংগ পক্ষপাতিত্ব দেখা পোৱা যায়। ছোৱালী শিশুক নেতিবাচক ভংগীৰে চোৱা হয় যেনে- তেওঁলোকৰ জৈৱিক লিংগৰ সংখ্যা হ্রাস, জন্মৰ আকাংক্ষা কম, উচ্চ হাৰত কন্যা শিশুৰ মৃত্যু হোৱা, পৰিপুষ্টিৰ অভাৱত আদি।
- সমাজে
অনুকৰণ কৰা কিছুমান লিংগ পক্ষপাতিত্বৰ আৰ্হি হ'ল —-
(ক) ছোৱালীৰ শিক্ষাক অৱহেলা (Neglect of girl Education): ছোৱালীক বিদ্যালয়লৈ যাবলৈ দিয়া নহয়, কাৰণ ইয়াক সময় আৰু পইচাৰ অপচয় বুলি গণ্য কৰা হয়। Niranjan Pant য়ে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে যে পৰিয়ালৰ বাবে উপাৰ্জন কৰিবলৈ ল'ৰাক শিক্ষা প্ৰদান কৰা হয়। ছোৱালীৰ শিক্ষাক মূল্য প্ৰদান কৰা নহয়। কাৰণ ছোৱালী বিয়া হৈ গুচি যাব। আনহাতে, শিক্ষিত ছোৱালীৰ বিয়াই তাইৰ বৈবাহিক জীৱনত সমস্যা উৎপন্ন কৰিব বুলি বিশ্বাস কৰা হয়। গতিকে ছোৱালীক বিদ্যালয়লৈ যাবলৈ পৰামৰ্শ দিলে এই সামাজিক বাধাসমূহ দূৰ হ'ব।
(খ) লিংগভিত্তিক অসমতা (Gender based Inequality): ভাৰতৰ প্ৰায় সকলো সম্প্রদায়ত ল'ৰা আৰু ছোৱালীৰ মাজত পক্ষপাতিত্ব দেখা যায়। ল'ৰা শিশুৰ জন্ম হ'লে তাক আনন্দেৰে উদ্যাপন কৰা হয়। কিছুমান সমাজত ছোৱালী শিশুৰ জন্মক অভিশাপ বুলি গণ্য কৰা হয় যাৰ ফলস্বৰূপে উচ্চ হাৰত ছোৱালীৰ ভ্রূণহত্যা আৰু কেঁচুৱা হত্যাৰ সংখ্যা বৃদ্ধি পাইছে। ছোৱালীসকলক ভাল খাদ্য খাবলৈ দিয়া নহয় আৰু আৰু ইয়াৰ ফলত তেওঁলোকে পুষ্টিহীনতাত ভোগে। ছোৱালীৰ শিক্ষাত টকা খৰচ কৰিলে তাক অপচয় হোৱা বুলি ভবা হয়, কাৰণ ছোৱালীয়ে বিয়া হৈ আনৰ ঘৰলৈ গুচি যায়। আনহাতে, ল'ৰাই পিতৃ-মাতৃৰ যত্ন ল'ব আৰু পৰিয়ালৰ বংশ আগবঢ়াব। সেই কাৰণে ছোৱালীবোৰক বিদ্যালয়লৈ পঠিওৱা নহয়। Salvi (1989) ৰ মতে, "ছোৱালী শিশুৰ পৰিপুষ্টিৰ স্তৰ ল'ৰা-শিশুৰ তুলনাত অতি পুতৌলগা। আনহাতে, ছোৱালী শিশুৰ বেমাৰ হ'লে তেওঁলোকে কেতিয়াবাহে চিকিৎসা লাভ কৰে, শিক্ষাৰ ক্ষেত্ৰতো ছোৱালীৰ ছবিখন অতি দুখলগা।" ("Nutritional level of female infant is more worse than their male counterparts. Moreover, female children receive hardly any medical attention when they are ill, the picture of girl child in education being equally disturbing.")
(গ) সামাজিক পক্ষপাতিত্ব (Social discrimination): প্রত্যেক সমাজত মহিলাক পুৰুষতকৈ হীন বুলি গণ্য কৰা হয়। ছোৱালীৰ বাবে বহুতো নীতি-নিয়ম আছে যেনে পর্দা প্রথা, ছোৱালীয়ে চিলাই, ৰন্ধা-বঢ়া কৰা, এব্ৰইদাৰী আদি কাম কৰিব লাগে বুলি বিশ্বাস কৰা হয় আৰু তেওঁলোকক বিদ্যালয়লৈ যাবলৈ দিয়া নহয়।
(ঘ) আর্থিক শোষণ (Economic Exploitation): আগৰ পৰাই ভাৰতীয় মহিলাক আর্থিক ক্ষেত্রত শোষণ কৰা হয়। মহিলাই ঘৰত আৰু খেতিপথাৰত কৰা কামক উৎপাদনশীল বুলি গণ্য কৰা নহয়। মহিলাই দৈনন্দিন কৰা কামৰ বাবে পুৰুষতকৈ কম মজুৰি লাভ কৰে।
(ঙ) ঘৰুৱা কামত ছোৱালী শিশুৰ অন্তর্ভুক্তি (Engaging of girl child in domestic chores): ভাৰতীয় সমাজৰ প্ৰত্যেক পৰিয়ালৰ অভ্যাস হ'ল ছোৱালী শিশুক ঘৰুৱা কামত অন্তর্ভুক্ত কৰা। গ্রাম্য অঞ্চলত যেতিয়া পিতৃ-মাতৃয়ে কাম কৰিবলৈ বাহিৰলৈ ওলাই যায় তেতিয়া জ্যেষ্ঠ ছোৱালীজনীয়ে ঘৰৰ আৰু সৰু ভাই-ভনীৰ যত্ন ল'বলগীয়া হয়। তেওঁলোকে বিশ্বাস কৰে যে ল'ৰাই ঘৰৰ কাম নকৰে।
(চ) শিশু শ্রমিক হিচাপে ছোৱালীৰ অন্তর্ভুক্তি (Engaging of girl child as child labour): দুখীয়া পৰিয়ালৰ ছোৱালী শিশুসকলক বিভিন্ন অর্থ উপাৰ্জনকাৰী কাৰ্যকলাপত অন্তর্ভুক্ত কৰা হয়। তেওঁলোকক আনৰ ঘৰত কাম কৰিবলৈ, সৰু উদ্যোগ যেনে খাৰু নির্মাণ কাম কৰিবলৈ বাধ্য কৰোৱা হয়।
(ছ) মহিলাৰ বিৰুদ্ধে ঘৃণা (Violence against women): আমাৰ সমাজত এতিয়াও মহিলাৰ বিৰুদ্ধে হিংসা দেখিবলৈ পোৱা যায়। মহিলাক এতিয়াও যৌতুকৰ বাবে হত্যা, বলাৎকাৰ কৰা হয় আৰু ঘৰুৱা কামৰ বাবে বিক্ৰী কৰা হয়, মহিলাক এতিয়াও স্বামীয়ে শাৰীৰিক আৰু মানসিক নির্যাতন কৰে। এই সকলোবোৰ হিংসাৰ কাৰণ হ'ল আমাৰ সমাজত মহিলাক পুৰুষতকৈ হীন বুলি বিশ্বাস কৰা হয়।
(জ) ক্ষমতাৰ অভাৱ (Lack of Power): ভাৰতীয় মহিলাৰ নিজৰ বিবাহ বা শিক্ষাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাথাকে। পৰিয়ালৰ পুৰুষ সদস্যসকলে লোৱা সিদ্ধান্তক তেওঁলোকে অনুকৰণ কৰিব লাগিব।
(ঝ) বাল্য বিবাহ (Early Marriage): ভাৰতীয় বহুতো ৰাজ্যত এতিয়াও ছোৱালীক অতি কম বয়সত বিয়া দিয়াৰ প্ৰথা আছে। পিতৃ-মাতৃয়ে ছোৱালীক বোজা বুলি ভাবে আৰু কম বয়সতে বিয়া দিয়ে আৰু সেইবাবে তেওঁলোকক বিদ্যালয়লৈ পঠিওৱা নহয়। Habibullah ৰ মতে, "পিতৃ-মাতৃয়ে সমাজ, যৌতুক বা পৰিয়ালৰ পৰিস্থিতিৰ ভয়ত ছোৱালীক অতি কম বয়সতে বিয়া দিয়ে আৰু সোনকালে বিয়া দিয়াৰ লক্ষ্যৰ ফলতেই তেওঁলোকৰ স্বাস্থ্য, পৰিপুষ্টি আৰু শিক্ষাৰ ওপৰত মনোযোগ দিয়া নহয়।" Sharma (1987) ৰ মতে, ছোৱালীৰ বাবে বিয়াহে গুৰুত্বপূৰ্ণ, শিক্ষা নহয়, সেইবাবে অধিকসংখ্যক ছোৱালীক কম বয়সতে বিয়া দিয়া হয়।
(ঞ) ছোৱালীৰ ভ্রূণ আৰু কেঁচুৱা হত্যা (Female Feoticide and infanticide): ভ্রূণহত্যা হ'ল মাতৃগৰ্ভৰ ভিতৰত ছোৱালী শিশুক হত্যা কৰা। পৰীক্ষাৰ দ্বাৰা যেতিয়া ছোৱালী শিশু বুলি গম পায় তেতিয়া তেওঁলোকে গর্ভপাত কৰাই লয়। আকৌ কিছুমান সমাজত নানা কাৰণত জন্মৰ পিছতো ছোৱালী শিশুক হত্যা কৰা হয়। ইয়াত তেওঁলোকে ছোৱালীক বোজা বুলি ভাবে। অধ্যয়ন অনুসৰি কোৱা হৈছিল যে প্ৰতিখন ৰাজ্যত পুৰুষৰ অনুপাতে মহিলাৰ হাৰ 10 শতাংশ হ'ব লাগিব। কিন্তু এই হাৰ বছৰে বছৰে কম হৈ গৈ আছে। ছোৱালী শিশুৰ অৱহেলা আৰু পক্ষপাতিত্বই সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলায়।
(ট) ছোৱালীতকৈ ল'ৰাক অধিক গুৰুত্ব (Son preference over daughters): প্রায়ভাগ সমাজত মানুহে ছোৱালীৰ সলনি ল'ৰা জন্ম হোৱাটো বিচাৰে। ল'ৰাই বংশক আগবঢ়াই নিব আৰু ছোৱালী বিয়া হৈ গুচি যাব বুলি বিশ্বাস কৰা হয়। তেওঁলোকক "Paraya Dhan" (আনৰ সম্পত্তি) বুলি গণ্য কৰা হয়। Mathur (1984) ৰ অধ্যয়ন অনুসৰি গ্ৰাম্য অঞ্চলত পিতৃ-মাতৃয়ে ল'ৰা শিশুৰ কামনা কৰে। ই মানুহৰ ধাৰণা হৈ পৰিছে আৰু ইয়ে যুগে যুগে মানুহৰ সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক চিন্তাক প্ৰভাৱিত কৰি আহিছে। Amin (2001) য়ে অধ্যয়নত উল্লেখ কৰে যে ভাৰতীয় সমাজত এক গভীৰ লিংগ পক্ষপাতিত্ব দেখিবলৈ পোৱা যায়, যিয়ে ল'ৰা শিশুক প্রাধান্য দিয়ে। ইয়াৰ ফলস্বৰূপে পৰম্পৰা আৰু ৰীতি-নীতিৰ বাবে ছোৱালীয়ে সকলো সুবিধা লাভ কৰিব নোৱাৰে।
(ঠ) নাৰীদেহৰ ব্যৱসায় (Sex Trafficking): অর্থনৈতিকভাৱে পিছপৰা আৰু দৰিদ্ৰ ঘৰৰ ছোৱালীবোৰক প্ৰায়ে কামৰ বাবে ওচৰৰ চহৰলৈ পঠিয়াই দিয়া হয়। তাত তেওঁলোকক অতি সোনকালে বেশ্যাবৃত্তি ল'বলৈ ব্যধ্য কৰোৱা হয়। বিশ্বৰ প্ৰায় 1 মিলিয়ন কন্যা শিশু এই দেহ ব্যৱসায়ৰ সৈতে জড়িত। দক্ষিণ-পূব এছিয়াৰ 12-17 বছৰীয়া বহুতো কন্যা শিশু এই কার্যত লিপ্ত হৈ আছে।
৩। লিংগ অসমতা দূৰ কৰি শিক্ষাৰ্থীৰ মনত সমতা স্থাপন কৰাৰ বাবে শিক্ষকৰ ভূমিকাৰ
বিষয়ে লিখা।
উত্তৰঃ শিক্ষকে শিশুক সমাজৰ মূল্যৱান সদস্য হিচাপে গঢ়ি তোলে। শিক্ষকে শিক্ষা, অনুপ্ৰেৰণা আৰু শিকন প্ৰক্ৰিয়াৰ বিকাশ সাধন কৰে যাতে ৰাষ্ট্ৰৰ ভৱিষ্যৎ নিৰ্মাণ কৰিব পাৰে। শিক্ষকে শ্রেণীকোঠাত ল'ৰা আৰু ছোৱালীৰ ভিন্ন প্রয়োজন, আকাংক্ষা আৰু প্রতিভাক সমৰ্থন কৰি শিক্ষাত লিংগগত সমতাৰ প্ৰচাৰ কৰিব পাৰে। পুৰুষ আৰু মহিলা শিক্ষক উভয়ে নিজৰ সাংস্কৃতিক সামাজিক মূল্য আৰু পদ্ধতিৰ সৈতে বিদ্যালয়লৈ আহে আৰু নজনাকৈয়ে শ্ৰেণীকোঠাত লিংগগত ধাৰণাৰ প্ৰয়োগ কৰিব পাৰে। শিক্ষাত লিংগ পক্ষপাতিত্ব আৰু অসমতা অবিৰতভাৱে চলি থাকিব, যদি শিক্ষকে ল'ৰা আৰু ছোৱালীৰ ভিন্ন প্রয়োজনসমূহ পূৰণ কৰিব নোৱাৰে। শিক্ষকে ল'ৰা আৰু ছোৱালীৰ সৈতে সমান আচৰণ কৰাটো গুৰুত্বপূর্ণ আৰু শ্ৰেণীকোঠাত লিংগজনিত ধাৰণাৰ জন্ম দিব নালাগে।
লিংগ অসমতা দূৰ কৰি শিক্ষাৰ্থীৰ মনত সমতা স্থাপন কৰাৰ বাবে শিক্ষকে কৰিবলগীয়া কিছুমান কার্য্য হ'ল —-
(১) অধিক সংখ্যক পৰীৰ সাধুত দেখিবলৈ পোৱা যায় যে ৰাজকুমাৰীক দৈত্যৰ পৰা ৰক্ষা কৰিবলৈ এজন ধুনীয়া আৰু সাহসী ৰাজকুমাৰ আহে। শিক্ষকে গল্প, কাহিনী আৰু লোককথাৰ সহায় ল'ব পাৰে, য'ত ক্ষমতাহীনতাৰ প্ৰচাৰ নকৰে আৰু তাক এটা প্ৰজন্মৰ পৰা আন এটালৈ স্থানান্তৰিত কৰিব লাগিব।
(২) শিক্ষকে নিজে বুজিব লাগিব যে জৈৱিক লিংগ হ'ল জীৱবৈজ্ঞানিক বিষয় আৰু সামাজিক লিংগ হ'ল- সামাজিক নির্মাণ। ল'ৰা আৰু ছোৱালী মনোবৈজ্ঞানিক আৰু সামাজিকভাৱে ভিন্ন নহয় কিন্তু সমাজে তেওঁলোকক লিংগৰ ভূমিকা প্ৰদান কৰে।
(৩) শিক্ষকে কিছুমান লিংগ নিৰপেক্ষ শিক্ষণ আহিলাৰ নিৰ্মাণ কৰি ল'ৰা আৰু ছোৱালীক উৎসাহিত কৰিব পাৰে।
(৪) শিক্ষকে লিংগ নিৰপেক্ষ ভাষাৰ ব্যৱহাৰ কৰা উচিত। শিক্ষকে তেওঁলোকৰ ভূমিকাৰ পৰিৱৰ্তন কৰিব পাৰে।
(৫) শিক্ষকে শিশুৰ বিষয়ে কৰা আলোচনাত অভিভাৱকৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগে।
(৬) ল'ৰা আৰু ছোৱালীয়ে যাতে শ্রেণীকোঠাত পৃথককৈ নবহে - শিক্ষকে তাৰ প্রতি চকু দিয়া উচিত।
(৭) সাধাৰণতে আলোচনাসমূহত ল'ৰাই অধিক সক্রিয় হৈ থকা দেখা যায় আৰু ছোৱালীয়ে লাজ আৰু সংকোচ অনুভৱ কৰে। শিক্ষকে ছোৱালীক অংশগ্রহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। আলোচনাৰ আয়োজন কৰিলে দুয়োটা লিংগক অংশগ্ৰহণ কৰাৰ সুবিধা প্রদান কৰিব লাগে।
(৮) শিক্ষার্থীক লিংগৰ পৰিচয় আৰু ধাৰণাৰ ওপৰত প্ৰস্তুত কৰা চুটি ছবি দেখুৱাব লাগে।
(৯) SUPW ৰ শিক্ষকে ল'ৰাক চিলাই কৰিবলৈ আৰু ছোৱালীক মাটি খান্দি গছপুলি ৰুবলৈ ক'ব পাৰে।
(১০) শিক্ষকে ল'ৰা আৰু ছোৱালীক খেল আৰু সহঃপাঠ্যক্রমিক কার্যকলাপত অংশ ল'বলৈ উৎসাহিত কৰিব লাগে।
(১১) শৈশৱকালৰ অন্তত শিক্ষকে শিক্ষার্থীসকলক লিংগৰ শিক্ষা প্ৰদান কৰিব লাগে।
(১২) কোনো চুক্তিৰ নামত ছোৱালীৰ সৈতে যাতে যৌন নির্যাতন কৰা নহয় শিক্ষকে তাৰ প্ৰতি চকু ৰাখিব লাগে। ছোৱালীয়ে যাতে তেনে কোনো ঘটনা হ'লে ছোৱালীয়ে অভিযোগ দাখিল কৰিবলৈ যাতে সুৰক্ষিত অনুভৱ কৰে শিক্ষকে তেনে এক পৰিৱেশ নিৰ্মাণ কৰিব লাগে।
(১৩) জীৱবিজ্ঞান পঢ়োৱাৰ সময়ত শিক্ষকে ধেমেলীয়া ধৰণে ব্যাখ্যা কৰিব লাগে যাতে শিক্ষার্থীসকলে লাজ অনুভৱ নকৰে।
(১৪) শিক্ষকে ল'ৰাতকৈ ছোৱালীক কমকৈ খোৱা আৰু সোনকালে ঘৰলৈ যোৱাৰ কাৰণ হিচাপে ৰাস্তাবোৰ সুৰক্ষিত নহয় আদি কথাত সহাঁৰি জনাব নালাগে। শিক্ষকে ছোৱালীক নিজৰ যত্ন ল'বলৈ শিকাব লাগে আৰু আত্মবিশ্বাস প্রদান কৰিব লাগে।
(১৫) শিক্ষকে নিজকে আর্হি হিচাপে গঢ়ি তুলিব লাগে। ছোৱালীক পাইলট আৰু অভিযন্তা আদিৰ জীৱিকা বাছি ল'বলৈ উৎসাহিত কৰিব লাগে।
(১৬) ছোৱালীক ভাল পত্নী আৰু মাতৃ হ'বলৈ শিকোৱাৰ পৰিৱৰ্তে শিক্ষকে ভৱিষ্যতলৈ ভাল সংগী আৰু অভিভাৱক হ'বলৈ শিকাব লাগে। তেওঁলোকক শিকাব লাগে যে জীৱনত সফল হোৱাৰ উপৰিও পৰিয়ালৰ যত্ন লোৱাটোও ল'ৰা আৰু ছোৱালী দুয়োৰে বাবে গুৰুত্বপূৰ্ণ।
(১৭) শিক্ষকে ল'ৰা আৰু ছোৱালীৰ চিন্তাৰ বিকাশ সাধন কৰিব লাগে। শিক্ষকে পুৰুষৰ আধিপত্য নাশ কৰি শিশুক ভাল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে। ইয়াৰ বাবে তেওঁলোকে শ্ৰেণীকোঠাত সমতাপূর্ণ পৰিৱেশৰ নিৰ্মাণ কৰিব লাগিব।
৪। লিংগ সমতা আৰু মানুহৰ অধিকাৰ,
লগতে
NEP 2020 ৰ সমতা বিষয়ক দিশসমূহ
আলোচনা কৰা।
উত্তৰঃ মানুহৰ অধিকাৰ মানে সকলো মানুহে জন্মজাতভাৱে পোৱা মৌলিক ন্যায়, স্বাধীনতা, সমান মর্যাদা আৰু সুযোগ। লিংগ সমতা এই অধিকাৰৰ অন্যতম ভিত্তি, কিয়নো কোনোৱেই লিংগৰ কাৰণে কম অধিকাৰ বা কম সুযোগ পাব নালাগে। মানৱাধিকাৰৰ ভিতৰত শিক্ষা, স্বাস্থ্য, স্বাধীনতা, মতপ্রকাশ, সম্পত্তি, সুৰক্ষা, ন্যায় আদি সকলোৱে লিংগভেদ নাথাকে বুলি ঘোষণা কৰা। লিংগভিত্তিক বৈষম্য মানে মানৱাধিকাৰ হৰণ। মহিলাৰ ওপৰত হিংসা, যৌতুক, বাল্যবিবাহ, যৌন হয়ৰানী, কৰ্মক্ষেত্ৰত বৈষম্য, সমান বেতন নোহোৱা-সকলো ইমানেই মানুহৰ অধিকাৰৰ হুমকি। লিংগ সমতা এই অধিকাৰ প্ৰতিৰক্ষা কৰে আৰু ব্যক্তিলৈ আত্মসম্মান, মর্যাদা আৰু সুৰক্ষা প্ৰদান কৰে।
National Education Policy (NEP) 2020 এ লিংগ সমতাক শিক্ষাৰ মূল লক্ষ্যৰ গৰাকী কৰিছে। নীতি অনুযায়ী ছোৱালী-জীয়ৰীৰ বিদ্যালয় প্রবেশ, দ্রপ-আউট হ্রাস, বৃত্তিমূলক শিক্ষা, STEM শিক্ষাত অংশগ্রহণ, ডিজিটেল শিক্ষা, নিৰাপদ বিদ্যালয় পৰিৱেশ, ঋতুশ্ৰাবৰ সময়ৰ স্বাস্থ্য, শৌচালয় সুবিধা আদি বিশেষভাৱে উল্লেখিত। NEP 2020 এ Gender Inclusion Fund নিৰ্মাণৰ কথা কয়, যিয়ে সমাজত পিছপৰা কন্যা-মহিলাৰ শিক্ষাৰ ব্যয় বহন কৰিব। বিদ্যালয়ত লিংগ-সমন্বিত পাঠ্যপুথি, শিক্ষক-প্রশিক্ষণ আৰু মূল্যায়ন প্রক্রিয়া সন্নিবেশিত কৰাৰ পৰামৰ্শ দিছে।
NEP 2020 এ সমান সুযোগ, সমান প্রৱেশ, সমান অংশগ্রহণ, বৈষম্য মুক্ত পৰিৱেশ আৰু নিৰাপদ শৌচালয়ৰ কথা উল্লেখ কৰিছে। তদুপৰি বিদ্যালয়-কলেজত মহিলা নেতৃত্ব বৃদ্ধি কৰাও নীতিখনৰ লক্ষ্য। লিংগভিত্তিক হিংসা ৰোধ, মনোবৈজ্ঞানিক সহায়, গাইডেন্স কোষ সৃষ্টি, কো-এডুকেশ্যনৰ মাধ্যমে লিংগ-সম্মান গঠন NEPৰ অতি গুৰুত্বপূৰ্ণ দিশ।