অধ্যায়- ১ মানসিক

স্বাস্থ্যৰ মৌলিক বিষয়সমূহ

 

অতি চমু প্রশ্নোত্তৰ

 ১। মানসিক স্বাস্থ্য বুলিলে কি বুজা?

উত্তৰঃ মানসিক স্বাস্থ্য বুলিলে ব্যক্তিৰ দেহ-মনৰ সেই অৱস্থাটোকে বুজায় যাৰ দ্বাৰা ব্যক্তিয়ে পৰিৱেশৰ বিভিন্ন অৱস্থাৰ লগত সংগতি ৰক্ষা কৰি চলিব পাৰে আৰু কোনো সমস্যাৰ সন্মুখীন হ'লে তাক সমাধান কৰিব পাৰে। ইহ'ল ব্যক্তিত্বৰ সামগ্রিক সহাবস্থান বক্ষা কৰাৰ সবল মানসিক ক্ষমতা।

২। 'মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ নিচেই ওচৰৰ বিষয়।' কৈছিল? কোনে এনেদবে

উত্তৰঃ প্ৰফেচৰ হোমল।

৩। মানসিকভাবে অসুস্থ লোকসকলক সহায় কৰাৰ যিকোনো উপায়ৰ কথা উল্লেখ কৰা।

উত্তৰঃ মানসিকভাবে অসুস্থ লোকসকলৰ বাবে নিজৰ আপোন মানুহৰ সহায়-সহযোগিতা আৰু সমর্থন-বৰ দৰকাৰী।

৪। মানসিক অসুস্থতাৰ যিকোনো দুটা কাৰণৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ মানসিক অসুস্থতাৰ কাৰণসমূহ বংশানুক্রমিক আৰু পৰিবেশৰ পৰা আহৰণ কৰি লোৱা হিচাপে অভিহিত কৰিব পাৰি।

৫। 'মানসিক স্বাস্থ অবিহনে কোনো স্বাস্থ্য নাই' (No health without mental health)- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাই।

৬। শুদ্ধ আৰু অশুদ্ধ নির্ণয় কৰাঃ

(ক) মানসিক স্বাস্থ্য হৈছে এটা আদৰ্শমূলক ধাৰণা।

উত্তৰঃ শুদ্ধ।

(খ) শাৰীৰিকভাবে স্বাস্থ্যৱানজন মানসিকভাবে সুস্থ নহ'বও পাৰে।

উত্তৰঃ শুদ্ধ।

(গ) মানসিক স্বাস্থ্য সামাজিক মূল্যবোধ, আর্হি আৰু মানৰ লগত জড়িত।

উত্তৰঃ শুদ্ধ।

(ঘ) মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ পৰিবেশৰ লগত সমাযোজন কৰিব পৰা ক্ষমতা।

উত্তৰঃ শুদ্ধ।

(ঙ) মানসিকভাৱে স্বাস্থ্যবান লোক আবেগিকভাবে সুস্থিৰ হয়।

উত্তৰঃ শুদ্ধ।

চমু প্রশ্নোত্তৰ

১। আর্নেষ্ট জোন্ছে মানসিক স্বাস্থ্য সম্পর্কে দিয়া বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ আর্নেষ্ট জোন্ছে মানসিক স্বাস্থ্য সম্পর্কে দিয়া বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ-

(১) মানসিক স্বাস্থ্যৱান লোকৰ আত্মতৃপ্তিৰ ভাব পৰিস্ফুট হৈ থাকে আৰু সহনশীলতা, ধৈর্য আৰু আত্মবিশ্বাস অটুট থাকে।

(২) মানসিক স্বাস্থ্যসম্পন্ন লোকে তেওঁৰ কাম-কাজত নিজৰ শক্তি-সামর্থ্যৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আনকি তেনে শ্রেণীৰ লোকে যিকোনো পৰিস্থিতিতে নিজৰ শক্তি-সামর্থ্য আৰু দক্ষতাৰ বিকাশ কৰিব পাৰে। কিন্তু মানসিকভাবে অসুস্থ লোকে এইদৰে নিজৰ সামৰ্থ্য প্রকাশ কৰিব নোৱাৰে।

(৩) আত্মসন্তুষ্টি আৰু উপভোগৰ ক্ষমতা হ'ল মানসিক স্বাস্থ্যৰ আন এক বৈশিষ্ট্য। মানসিকভাবে স্বাস্থ্যবান লোকসকলে যিকোনো পৰিস্থিতিত মনৰ আনন্দ আৰু সুখী মনোভাব অটুট ৰাখিব পাৰে আৰু সহজে বাস্তৱত ভাঙি নপৰে। আনহাতে মানসিক অসুস্থতাৰ বাবে অনুকূল পৰিবেশতো ব্যক্তিয়ে আনন্দ উপভোগ কৰিব নোৱাৰে। ইয়াৰ প্ৰথম কাৰণ হ'ল নিজ্ঞান মনৰ গভীৰ অপৰাধবোধ নাইবা কোনো ঘৃণা আৰু ভয়ৰ ভাব।

 ২। মানসিকভাবে সুস্থ ব্যক্তি এজনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

 উত্তৰঃ মানসিকভাবে সুস্থ ব্যক্তি এজনৰ বৈশিষ্ট্যসমূহ হ'ল-

 (১) মানসিকভাবে সুস্থ ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত হয়।

 (২) মানসিকভাবে সুস্থিৰ হয়।

 (৩) এওঁলোকে সমাজত সহজে সমাযোজন কৰিব পাৰে।

 (৪) মানসিকভাবে সুস্থ ব্যক্তি এজন সবল ব্যক্তিত্বৰ অধিকাৰী হয়।

 ৩। স্বাস্থ্য বুলিলে কি বুজা?

 উত্তৰঃ জীৱিত প্ৰাণীৰ বাবে কার্যক্ষম এক শাৰীৰিক আৰু মানসিক অবস্থাই হ'ল স্বাস্থ্য। মানুহৰ ক্ষেত্ৰত ভালভাবে জীয়াই থাকিবলৈ হ'লে স্বাস্থ্যই হ'ল পৰম সম্পদ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বহল অৰ্থত স্বাস্থ্য হ'ল- 'শাৰীৰিক, মানসিক আৰু সামাজিক এক সম্পূর্ণ অৱস্থা, ই সাধাৰণভাৱে বেমাৰৰপৰা মুক্ত হৈ জীয়াই থকাটো নহয়।' স্বাস্থ্য হ'ল এক সন্তুলিত অৱস্থা, 'ত মানুহে শৰীৰৰ অংগসমূহ কার্যক্ষম অৱস্থাত ৰাখিব পাৰে আৰু এজন ব্যক্তিৰ সাধাৰণ বিকাশত সহায় কৰে।

স্বাস্থ্যসেৱা প্রদানকাৰীসকলে পদ্ধতিগতভাৱে মানৱ শৰীৰটো বিভিন্ন সমস্যাৰপৰা মুক্ত হোৱাৰ দিহা-পৰামৰ্শ দিয়ে। সেইদৰে পশু চিকিৎসকসকলে জীৱ-জন্তুৰ স্বাস্থ্যৰ বাবে বিভিন্ন বিধি-বিধান দিয়ে। 'স্বাস্থ্য' শব্দটো অজৈবিক বস্তুৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়, যেনে- স্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যকৰ চহৰ, স্বাস্থ্যকৰ জাতি আদি। অধ্যয়নে এই বিষয়ে কয় যে উচ্চ মানসিক চাপ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।

৪। মানসিক স্বাস্থ্যৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যৰ উদ্দেশ্যসমূহ হ'ল-

(ক) মানসিক স্বাস্থ্যৰ সমস্যাসমূহ বুজাত সহায় কৰা।

(খ) মানসিক অসুস্থতাৰ কাৰণবোৰ জানি তাৰ চিকিৎসাৰ বিষয়ে বুজাত সহায় কৰা।

(গ) ভাৰসাম্য মানসিক বিকাশৰ কলা-কৌশলসমূহ জনাত সহায় কৰা।

(ঘ) মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজাই দিয়া।

 ৫। মানসিক দিশৰ পৰা স্বাস্থ্যৱান লোক এজনৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট আছে। এনে বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ-

(ক) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী

(খ) এওঁলোক আৱেগিকভাবে স্থিৰ

(গ) এওঁলোক শাৰীৰিকভাবে সবল প্ৰকৃতিৰ

(ঘ) এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই

(ঙ) এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত 

(চ) এওঁলোক অতি শক্তিশালী প্রনোদনমূলক শক্তিৰ অধিকাৰী।

৬। সমাজৰ বাবে স্বাস্থ্যৰ তাৎপর্য কি?

উত্তৰঃ মানুহৰ সুখভোগৰ কেন্দ্ৰীয় বস্তু হ'ল সু-স্বাস্থ্য। সু-স্বাস্থ্যই অর্থনৈতিক উন্নয়ন, মানুহৰ উৎপাদিকা শক্তি বৃদ্ধি আদিত অৰিহণা যোগায়। স্বাস্থ্যৰ সক্ষমতাত বহু উপাদানে প্রভাৱ পেলায়। এখন দেশৰ স্বাস্থ্য মন্ত্রণালয়, স্বাস্থ্য বিভাগ, চিভিল হাস্পতাল আদিয়ে সমাজ এখনৰ স্বাস্থ্যৰ দিশত যথেষ্ট সহায় কৰে। উদাহৰণস্বৰূপে, দেশ এখনৰ ৰাস্তা-পদূলিত বিনিয়োগ ভালৰণে কৰিলেও দেশৰ স্বাস্থ্যৰ উন্নতিত সহায় হয়, মূল্যবৃদ্ধিয়ে স্বাস্থ্যৰ উন্নয়নত বেয়া প্রভাব পেলায়।

যদি এজন ব্যক্তিয়ে ব্যক্তিগতভাবে তেওঁৰ স্বাস্থ্যৰ ওপৰত যত্ন নাৰাখে, তেন্তে তেওঁ নিজৰ কৰ্মৰাজিৰদ্বাৰা সমাজৰ উন্নয়নত কিদৰে অৰিহণা যোগাব পাৰিব? অসুস্থ ব্যক্তিৰ বাবে আনকি দেশৰ উৎপাদিকা শক্তিও হ্রাস পাব পাৰে। কাৰণ, অসুস্থ ব্যক্তিয়ে নিজৰ কর্মত যেতিয়া নিয়মীয়াভাৱে উপস্থিতি থাকিব নোৱাৰে তেওঁৰ কৰিবলগীয়া কামখিনি স্বাভাবিকভাবে ৰৈ যায়।

আমাৰ স্বাস্থ্য উন্নয়ন একমাত্ৰ আমাৰ ব্যক্তিগত সুখ বা শান্তিৰ বাবেই নহয়, বৰং সমাজৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থৰ বাবেও, সেয়ে আমাৰ স্বাস্থ্যৰ উন্নয়নৰ প্ৰতি মনোযোগ দিব লাগে। সেয়ে আমি এক সুস্থ স্বাস্থ্যৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তুলিব লাগে। গবেষণাই এইটো তথ্য দিয়ে যে সুস্থ স্বাস্থ্যৰ লগত সমাজৰ এক নিবিড় সম্পর্ক আছে।

৭। মানসিক অসুস্থতা নিবাৰণ কৰা আৰু মানসিক জীৱনৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিদ্যালয়ে কেনেধৰণ ভূমিকা পালন কৰে?

উত্তৰঃ মানসিক অসুস্থতা নিবাৰণ কৰা আৰু মানসিক জীৱনৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিদ্যালয়ে নানা ধৰণৰ ভূমিকা পালন কৰে।

এইবোৰৰ কিছুমান ভূমিকা তলত উল্লেখ কৰা হ'ল—

(১) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে।

(২) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি-সামর্থ্যৰ বিকাশত সহায় কৰে।

(৩) মানৱ শিশুক মনোদৈহিক শক্তি-সামর্থ্য আৰু গুণাৱলী বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

(৪) শান্তিপূর্ণ জীৱন-যাপনৰ বাবে সকলো প্ৰকাৰৰ মূল্য উপলব্ধিত সহায় কৰে।

মানসিক স্বাস্থ্যৰ প্ৰধান কাৰ্যবোৰ তিনিটা ভাগত ভাগ কৰিছে, সেইকেইটা হৈছে-

(ক) নিবাৰণমূলক কার্য

(খ) আৰোগ্যমূলক কার্য

 (গ) সংৰক্ষণমূলক কার্য।

মানসিক সমস্যাবোৰ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। সকলোধৰণৰ মানসিক বিশৃংখলাৰপৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূর্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়।

৮। গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ ব্যৱস্থাসমূহ চমুকৈ লিখা।

উত্তৰঃ শিশুৰ স্বাস্থ্য বক্ষাৰ বাবে তলত উল্লেখ কৰা দিশসমূহৰ প্রতি চকু দিব লাগে-

(ক) শিশুক উপযুক্তভাবে মৰম আৰু ভালপোৱা প্ৰদান কৰিব লাগে।

(খ) শিশুক সততে সমালোচনা কৰিব নালাগে বা আনৰ লগত তুলনা কৰিব নালাগে।

(গ) শিশুৰ ভৱিষ্যৎ সম্পর্কে অত্যাধিক উদ্বিগ্ন হ'ব নালাগে।

(ঘ) গৃহ পবিবেশ সদায় গণতান্ত্রিক বিধৰ হ'ব লাগে।

(ঙ) শিশুৰ যুক্তি সংগত প্রয়োজনসমূহ যথাসম্ভৱ পূৰণ কৰিব লাগে।

(চ) শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ়ি তুলিব লাগে।

(ছ) গৃহ পৰিবেশৰ অনুশাসন ব্যৱস্থা অত্যন্ত কঠোৰ অথবা একেবাৰে নিয়ন্ত্রণহীন হ'ব নালাগে।

(জ) প্রয়োজন সাপেক্ষ শিশুক নির্দেশনা প্রদান কৰিব লাগে।

৯। চমুটোকা লিখাঃ

(ক) মানসিক অসুস্থতা।

উত্তৰঃ যেতিয়া ব্যক্তি এজন পৰিবেশৰ লগত সুস্থ সমাযোজন কৰাত ব্যর্থ হয় তেতিয়া তেওঁক মানসিকভাবে অসুস্থ বুলি কোৱা হয়। মনোবিজ্ঞানী হিলগার্ডে মানসিক অসুস্থতাৰ বিষয়ে এনেদৰে কৈছে যে 'মানসিক অসুস্থতাই আৱেগিক, অভিপ্রায়মূলক আৰু সামাজিক অপসমাযোজন, যিবোৰ দৈনন্দিন জীৱনৰ সাধাৰণ আচৰণৰ স্থান লোৱাৰ বাবে, অতি জটিল হিচাপে গণ্য কৰা হয়, তাৰ কথাকে সূচায়।

মানসিক অসুস্থতাৰ লক্ষণসমূহ হৈছে—

(১) ইন্দ্রিয়সমূহৰ সংবেদন অনুভূতি কমি যোৱা, পক্ষাঘাতগ্রস্ত হোৱা আদি দৈহিক লক্ষণে দেখা দিয়ে।

(২) অতিপাত ভয় কৰা, খং কৰা, উদ্বেগ অনুভৱ কৰা, হতাশা অনুভৱ কৰা আদি আৱেগিক অস্বাভাৱিকতাই দেখা দিয়ে।

(৩) আনৰ বস্তু চুৰ কৰা, বস্তু জ্বলোৱা আদি আচৰণজনিত লক্ষণসমূহে দেখা দিয়ে।

ব্যক্তিৰ মানসিক অসুস্থতা সম্পর্কে পৰিয়াল, বিদ্যালয়, সমাজ আদি সকলোৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰা উচিত। ভিন ভিন সমস্যাই গা-কৰি উঠে আৰু সেই সমস্যাসমূহৰ সমাধান কৰিবলৈ মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। অর্থাৎ মানসিকভাবে অসুস্থ লোকসকলৰ বাবে সমাজৰ নিন্দনীয় ব্যৱহাৰ, অন্ধ বিশ্বাস, কু-সংস্কাৰ আদিক মানসিক স্বাস্থ্যবিজ্ঞানে আঁতৰাই পঠায়। আনহাতে মানসিক অসু অসুস্থতাত ভোগা ব্যক্তিসকলক চিহ্নিত কৰি তেওঁলোকৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা মানসিক স্বাস্থ্যবিজ্ঞানে কৰে। ইয়াৰ উপৰি মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণৰ বাবে বিভিন্ন কৌশল উপায় আদি গ্ৰহণ কৰে। ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বিষয়ে অধ্যয়ন কৰা এই মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হৈছে ক্লিফোর্ড বিয়াৰচ।

(খ) মানসিকভাবে সুস্থ ব্যক্তিৰ আদর্শ বৈশিষ্ট্যসমূহ।

উত্তৰঃ মানসিকভাৱে সুস্থ ব্যক্তিৰ কেতবোৰ আদর্শ বৈশিষ্ট্য হ'ল- ব্যক্তিগত পৰিপক্কতা (Personal Maturity), আত্মবিশ্বাস (Self confidence), আশাবাদী (Optimistic), বাস্তবপূর্ণ আত্ম-মূল্যায়ন (Realistic Self Assessment), আত্ম গ্রহণযোগ্যতা (Self Acceptance), আত্ম যথার্থতা (Self Actualization), সামাজিকতা (Sociability), মানসিক দ্বন্দ্বহীনতা (Lack of Mental Conflicts), উচ্চ নৈতিকতা (High Moral) আৰু সুস্থ ব্যক্তিগত আৰু সামাজিক দর্শন (Sound Personal and Social Philosophy) আদি।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। মানসিক স্বাস্থ্যৰ প্ৰকৃতি আৰু পৰিসৰ সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ মানসিক স্বাস্থ্য বুলিলে দেহ আৰু মনৰ এক নিৰোগী অৱস্থাক সূচায়। দেহ আৰু মন এটা আনটোৰ লগত প্রত্যক্ষভাবে জড়িত। দেহৰ অসুস্থতাই যিদৰে ব্যক্তিৰ মনৰ ওপৰত প্রতক্ষ্যভাৱে প্রভাৱ পেলাব পাৰে, ঠিক সেইদৰে মানসিক অসুস্থাতাইও দৈহিক অসুস্থতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সুস্থ মানসিক স্বাস্থ্যই পৰিপূৰ্ণ ব্যক্তিত্ব বিকাশ আৰু সুসামঞ্জস্যতা ৰক্ষা কৰাৰ ওপৰত ক্রিয়া কৰে। এক সুস্থ পৰিৱেশ আৰু প্রতিক্রিয়াই সুস্থ মানসিক স্বাস্থ্য গঢ় দি তুলিব পাৰে। মানসিক স্বাস্থ্যৰ লগত সাধাৰণতে উন্নয়নমূলক দিশ জড়িত হৈ থকা দেখা যায়।-

মানসিক স্বাস্থ্যৰ প্ৰকৃতিঃ মানসিক স্বাস্থ্য সম্পৰ্কে প্ৰদান কৰা সংজ্ঞাসমূহ অধ্যয়ন কৰিলে মানসিক স্বাস্থ্যৰ প্ৰকৃতি তলত দিয়াধৰণে আলোচনা কৰিব পৰা যায়—

(১) ব্যক্তিজীবনত সম্পূৰ্ণ মানসিক স্বাস্থ্যৰ ধাৰণা বিৰল। জীৱনৰ বিভিন্ন পর্যায়ত প্রতিজন ব্যক্তিয়ে কিছু নহয় কিছু পৰিমাণে মানসিক অস্থিৰতাৰ সন্মুখীন হোৱা দেখা যায়।

(২) মানসিক স্বাস্থ্য এক গতিশীল আৰু পৰিৱৰ্তনশীল বিষয়বস্তু। সময় আৰু প্রয়োজনসাপেক্ষে মানসিক স্বাস্থ্যৰ ধাৰণা লনি হৈ থকা দেখা যায়।

(৩) সুস্থ শাৰীৰিক স্বাস্থ্য অবিহনে সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হ'ব পৰা নাযায়। অর্থাৎ সুস্থ শৰীৰতহে সুস্থ মনৰ সম্ভৱ।

(৪) মানসিক স্বাস্থ্য আৰু মানসিক কাৰ্যকৰীতাৰ ধাৰণা পৃথক। সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী হ'লেও মানসিক কার্যকৰী দিশ সঠিক নহ'বও পাৰে। আনহাতে, সম্পূর্ণ সুস্থতা অবিহনেও কেতিয়াবা কার্যকৰী দিশ সম্ভৱ হৈ উঠিব পাৰে।

(৫) কোনো ব্যক্তি মানসিকভাবে সুস্থ হ'লেই সামাজিক নহ'বও পাৰে, যদিও মানসিক স্বাস্থ্যই সামাজিক সুসামঞ্জস্যতা নির্দেশ কৰে।

(৬) মানসিক স্বাস্থ্য নৈতিকতা, তথা আধ্যাত্মিকতাৰ দিশতকৈ পৃথক হোৱা দেখা যায়।

(৭) মানসিক স্বাস্থ্যৰ লগত আৱেগিক আৰু আচৰণগত দিশ জড়িত হৈ থাকে।

(৮) মানসিক স্বাস্থ্য ব্যক্তিৰ বৌদ্ধিক দিশৰ লগতো জড়িত হৈ থকা দেখা যায়। বুদ্ধিমান লোকে যিকোনো পৰিৱেশতে সমাযোজন ৰক্ষা কৰি চলিব পাৰে।

(৯) মানসিক স্বাস্থ্য হৈছে ৰোগমুক্ত তথা নিৰোগী মানসিক দিশ।

(১০) ব্যক্তিৰ মানসিক স্বাস্থ্য বংশগত তথা পৰিৱেশীয় প্ৰভাৱৰ লগত যুক্ত হৈ থকা দেখা যায়। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এই দুয়োটা কাৰকৰ শক্তিশালী প্রভাব থাকে।

মানসিক স্বাস্থ্যৰ পৰিসৰঃ মানসিক স্বাস্থ্যই ব্যক্তিৰ দেহ, মন আৰু আত্মাৰ লগত জড়িত থকা বিভিন্ন দিশসমূহ সাঙুৰি লয়। ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক সামঞ্জস্যতাৰ লগতে সামাজিক সুসংগঠিত ৰূপক মানসিক স্বাস্থ্য বুলি অভিহিত কৰিব পাৰি। গতিকে ব্যক্তিত্বৰ বিকাশত প্রভাৱ পৰা সকলো দিশ অন্তৰ্গত কৰি লোৱাৰ উপৰিও বিকাশৰ বিভিন্ন স্তৰসমূহো মানসিক স্বাস্থ্যৰ পৰিসৰৰ ভিতৰত পৰা দেখা যায়।

মানসিক স্বাস্থ্যৰ পৰিসৰ তলত দিয়াধৰণে আলোচনা কৰিব পৰা যায়—

(১) মানসিক স্বাস্থ্যই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আৱেগিক দিশৰ সমাযোজনৰ লগত সম্পর্ক থকা সকলোবোৰ বিষয় সামবি লয়।

(২) ব্যক্তিজীৱনৰ দেহ আৰু মনৰ অৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব পৰা দিশ তথা বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱো মানসিক স্বাস্থ্যৰ অন্তর্গত বিষয়।

(৩) সামাজিকভাবে স্বীকৃত আচৰণ আৰু গ্ৰহণযোগ্যতাৰ দিশসমূহ মানসিক স্বাস্থ্যই সামৰি লয়।

(৪) মানসিক স্বাস্থ্যৰ ভিতৰত মানসিক স্বাস্থ্যৰ বিকাশৰ বিভিন্ন দিশসমূহ সংযুক্ত হৈ থাকে। মানসিক স্বাস্থ্য বিকাশৰ উপায় আৰু প্রয়োজনসাপেক্ষে মানসিক স্বাস্থ্য সংৰক্ষণৰ দিশসমূহো ইয়াৰ লগত জড়িত হৈ থাকে।

(৫) মনোবৈজ্ঞানিক আৰু সামাজিক জীৱনৰ লগত সম্পর্ক থকা বিষয়সমূহো মানসিক স্বাস্থ্যৰ অন্তর্ভুক্ত।

(৬) মানসিক ৰোগ তথা বিসংগতিৰ ফলত সৃষ্টি হ'ব পৰা সমস্যা আৰু সেইবোৰৰ নিৰাময়ৰ উপায়সমূহৰ লগতো মানসিক স্বাস্থ্য জড়িত হৈ থাকে।

(৭) সমাজত ব্যক্তিৰ আন্তঃসম্পৰ্কৰ বিকাশ কৰিব পৰা কৌশলসমূহ আৰু তাৰ জৰিয়তে সামাজিক সমাযোজনৰ বিষয়সমূহো মানসিক স্বাস্থ্যৰ অন্তৰ্গত।

(৮) ব্যক্তিৰ জীৱনৰ বিকাশৰ বিভিন্ন স্তৰসমূহ আৰু মানসিক স্বাস্থ্যৰ লগত বিকাশৰ প্রভাৱসমূহ ইয়াৰ ভিতৰত অধ্যয়ন কৰা হয়।

(৯) আত্মবোধ তথা নিজস্ব সম্ভাৱনীয়তাৰ বিষয়ে ব্যক্তিক শিক্ষা প্রদান কৰি মানসিক সুস্বাস্থ্য বৃদ্ধি কৰাৰ প্ৰয়াস মানসিক স্বাস্থ্যৰ অন্তর্ভুক্ত।

(১০) মানসিক স্বাস্থ্যই মানসিক তথা শাৰীৰিক চিকিৎসাৰ লগত জড়িত প্রতিটো দিশ সাঙুৰি লয় যাৰ দ্বাৰা মানসিক স্বাস্থ্যৰ বিকাশ সাধন কৰিব পাৰি।

২। মানসিক স্বাস্থ্যৰ গুৰুত্বতা আলোচনা কৰা।

উত্তৰঃ নিম্নলিখিত উপযোগিতাবোৰৰ বাবেই সুস্থ মানসিক স্বাস্থ্য অতি গুৰুত্বপূর্ণ।যেনে—

 (১) বৌদ্ধিক বিকাশঃ ব্যক্তিৰ বৌদ্ধিক যোগ্যতা যেনে-চিন্তন, যৌক্তিকতা, কল্পনা, একাগ্রতা, স্মৃতি, সমস্যা সমাধান, সৃজনশীলতা আদিৰ বিকাশত মানসিক স্বাস্থ্যই সহায় কৰে।

 (২) আৱেগিক বিকাশঃ মানসিক স্বাস্থ্য আৰু আৱেগিক বিকাশৰ মাজত নিবিড় সম্পর্ক বিদ্যমান। মানসিক সুস্থ স্বাস্থ্যৰ অধিকাৰী ব্যক্তি আৱেগিকভাৱে পৰিপক্ক আৰু স্থিৰ হয়। সেয়ে সুস্থ মানসিক স্বাস্থ্যই বাঞ্চিত ৰূপত ব্যক্তিৰ আৱেগিক বিকাশ সাধনত সহায় কৰে।

 (৩) শাৰীৰিক বিকাশঃ মানসিক স্বাস্থ্য হৈছে শাৰীৰিক বিকাশৰ বুনিয়াদ স্বৰূপ। ব্যক্তিৰ সুস্থ মানসিক স্বাস্থ্যই সুস্থ শাৰীৰিক বিকাশ সাধনত সহায় কৰে।

(৪) সামাজিক বিকাশঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক সুস্থ সামাজিক সম্বন্ধ বজাই ৰখাত সহায় কৰে। ই ব্যক্তিৰ সামাজিক বিকাশ তথা সামাজিক পৰিৱেশত সুস্থ আৰু যথার্থ সমাযোজন সাধন কৰাত সহায় কৰে।

(৫) সৌন্দর্যবোধৰ বিকাশঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিৰ সৌন্দর্যবোধ তথা কলাত্মক দিশৰ বিকাশ সাধনত সহায় কৰে।

(৬) নৈতিক বিকাশঃ সুস্থ মানসিক স্বাস্থ্যই মানুহৰ বিচাৰ শক্তি। চিন্তা-ভাবনা আদিত এক ইতিবাচক স্থিতি প্রদান কৰে আৰু ব্যক্তিৰ নৈতিক বিকাশত বিশেষভাবে সহায় কৰে।

(৭) উপযুক্ত সমাযোজনঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক নিজৰ লগতে পৰিৱেশ, সমাজ তথা পৃথিৱীখনৰ লগত সুস্থ সমাযোজন সাধন কৰাত সহায় কৰে। সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে সমাযোজন কৰাত সহায় কৰে।

 (৮) ব্যক্তিত্বৰ বিকাশঃ সুস্থ মানসিক স্বাস্থ্যই সুস্থ, সত্তলিত, সু-সংগঠিত আৰু পৰিপক্ক ভাৰসাম্যপূর্ণ ব্যক্তিত্ব গঢ়ি তোলাত ব্যক্তিক সহায় কৰে।

(৯) লক্ষ্যত প্রাপ্তিঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক জীৱনৰ লক্ষ্য স্থিৰ কৰা আৰু সেই লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

(১০) জীৱনৰ বাস্তবিকতাঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক জীৱনৰ বাস্তরিকতা বা জীৱনৰ প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব পৰাকৈ নিজকে প্রস্তুত কৰি তোলাত সহায় কৰে।

(১১) সন্তুষ্টিৰ ভাবনাঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক নিজৰ ঘৰ, পৰিয়াল, প্রতিবেশী, বিদ্যালয় তথা সমাজ ও কর্মক্ষেত্রত সুস্থ সমাযোজিত কৰি তোলে যি ব্যক্তিক সন্তুষ্টি প্রদান কৰাত সহায় কৰে।

(১২) মানসিক ৰোগ প্ৰতিৰোধঃ সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক মানসিক ৰোগ তথা বিকাৰৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰে। ই আবেগিক উত্তেজনা আৰু আবেগিক সন্তোলনহীনতাক নিয়ন্ত্রণ কৰি সঠিকভাবে আচৰণ প্ৰদৰ্শন কৰাত ব্যক্তিক সহায় কৰে।

 ৩। মানসিক স্বাস্থ্যৰ দিশ বা মাত্রাসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ এজন ব্যক্তিৰ মানসিক স্বাস্থ্যই বিভিন্ন দিশ সামৰি লোৱা দেখা যায়। মানসিকভাবে সুস্থ হ'বলৈ হ'লে ব্যক্তিৰ ব্যক্তিত্বৰ বিভিন্ন দিশ গ্রহণযোগ্য হোৱা উচিত।

মানসিক স্বাস্থ্য প্রভাবান্বিত কৰা বিভিন্ন দিশসমূহ হৈছে-

(১) কোনো এজন ব্যক্তিৰ আৱেগিক দিশ মানসিক স্বাস্থ্যৰ লগত যুক্ত হৈ থাকে। আৱেগিকভাৱে স্থিৰ হ'লেহে কোনো লোক মানসিকভাবে সুস্থ হৈ থাকিব পাৰে।

(২) মানসিক স্বাস্থ্যৰ লগত মনোবৈজ্ঞানিক দিশ জড়িত হৈ থকা দেখা যায়। এগৰাকী ব্যক্তিৰ মানসিক স্বাস্থ্য তেওঁৰ আচৰণগত দিশৰদ্বাৰা প্রভাৱান্বিত হোৱা দেখা যায়।

(৩) মানসিক স্বাস্থ্য আৰু সামাজিক জীৱন ওতঃপ্রোতভাবে জড়িত হৈ থাকে। এজন ব্যক্তিৰ মানসিক স্বাস্থ্য সামাজিক প্রেক্ষাপটতহে চালিজাৰি চাব পৰা যায়। সামাজিক মনোভাবে মানসিক সুস্থিৰতাৰ দিশক সূচায়।

(৪) মানসিক স্বাস্থ্য ব্যক্তিৰ চিন্তাৰ ক্ষমতা, অনুভৱ কৰিব পৰা ক্ষমতা আৰু কাৰ্যসম্পাদনৰ ক্ষমতাৰ লগত জড়িত হৈ থাকে।

(৫) দৈনন্দিন জীৱনত ব্যক্তিয়ে সম্মুখীন হোৱা উদ্বিগ্নতাসমূহ কেনেধৰণে নিয়ন্ত্রিত তথা গ্রহণযোগ্য উপায়েৰে পৰিচালিত কৰিব পাৰে তাৰ ওপৰত ব্যক্তিৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে।

বিশিষ্ট মনোবৈজ্ঞানিক জাহোদা (Jahoda)ৰ মতে, মানসিক স্বাস্থ্যৰ প্রধান মাত্রা হ'ল ছয়টা। যেনে—

(১) নিজ সত্ত্বা বা আত্ম সম্বন্ধে মনোভাৱঃ এই ভাগটোৱে সামৰি লোৱা বিষয়বোৰ হ'ল- সচেতনতাৰ সুগমতা, আত্ম ধাৰণা বা স্ব-ধাৰণা সম্বন্ধে সঠিকতা, স্ব-গ্রহণযোগ্যতা, স্ব-তাড়ণা আৰু আত্ম-পৰিচয়ৰ অনুভূতি।

(২) আত্ম বাস্তবায়িতকৰণৰ মাত্রাঃ কৰ্মৰ যোগেদি ব্যক্তিৰ সম্ভাৱনীয়তাৰ বৃদ্ধি, বিকাশ আৰু উপলব্ধিকৰণক এই মাত্রাই অন্তর্ভুক্ত কৰে।

(৩) সমন্বয়নঃ মানসিক স্বাস্থ্যৰ এই ভাগটোৱে মানসিক শক্তিৰ ভাৰসাম্যতা, জীৱনৰ প্রতি একীভূত দৃষ্টিভংগী আৰু চাপ প্ৰতিৰোধ আদিক অন্তর্ভুক্ত কৰে।

(৪) স্ব-শাসনঃ পৰিৱেশীয় শক্তিৰ বৈষম্যতা আৰু সামাজিক প্ৰভাৱৰ পৰা স্বাধীনতাৰ মাত্ৰাৰ ব্যক্তিগত সচেতনতাক এই ভাগে সামৰি লয়।

(৫) বাস্তৱ উপলব্ধিঃ প্রয়োজন বিকৃতকৰণ (Need distortion) আৰু সহানুভূতি বা সামাজিক সংবেদনশীলতাৰ পৰা স্বাধীনতাক এই ভাগে সামৰি লয়।

শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্যতো বহুতো বৈশিষ্ট্য বিদ্যমান। ইতিবাচক মনোবিজ্ঞানীসকলৰ মতে, কৃতজ্ঞতা, ক্ষমা, বিস্ময়, অনুপ্ৰেৰণা, আশা, কৌতুহল, হাস্যৰস আদিবোৰ হ'ল মানসিক স্বাস্থ্যৰ কেতবোৰ গুৰুত্বপূর্ণ সূচক।

মৰিচন আৰু পিটাৰচন (Marrison and Peterson) ৰ মতে, 'ইতিবাচক মানসিক স্বাস্থ্যৰ উপাদানবোৰ হ'ল সামাজিক-আৱেগিক শিকণ, ইতিবাচক (শক্তি কেন্দ্রীভূত) যুব বিকাশ, প্ৰতিৰক্ষামূলক কাৰক আৰু স্থিতিস্থাপকতা, বৈচিত্র্যতা, শিক্ষার্থীৰ মানসিক স্বাস্থ্যৰ চাহিদাৰ গ্ৰহণযোগ্যতা আৰু বুজাপৰা, সংযোগ, ক্ষমতাভিত্তিক দৃষ্টিভংগী, মানসিক সক্ষমতা আৰু স্ব-কাৰ্যকাৰিতা।'

৪। মানসিক স্বাস্থ্য বিকাশৰ ইতিহাস সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ মানসিক স্বাস্থ্য ধাৰণাৰ বিকাশৰ ইতিহাস অধিক পুৰণি নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম চুইটজাৰে (William Sweetzer) ৰে সদৰ্থক মানসিক স্বাস্থ্যৰ বিকাশৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল। ১৮৪৩ চনত তেওঁ পোন প্ৰথমবাৰৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞান শব্দৰ প্ৰয়োগ কৰিছিল। তেওঁ মানসিক স্বাস্থ্যবিজ্ঞানক মনৰ অৱস্থা বা গুণ নিম্নগামী কৰা সকলো বস্তুৰ বিপৰীতে মন সংৰক্ষণ এক কলা বুলি বৰ্ণনা কৰিছিল।

ঊনবিংশ শতিকাৰ মাজভাগত ডৰথিৱা ডিক্স (Dorothea Dix) নামৰ মহিলা গৰাকীয়ে জনসাধাৰণৰ মানসিক ৰোগৰ সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল। পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্লিফোর্ড বিয়াৰচ (Cliford Beers) নামৰ ব্যক্তিজনে আনুষ্ঠানিকভাৱে মানসিক স্বাস্থ্যবিজ্ঞান আন্দোলন বিকশাই তুলিছিল। ক্লিফোর্ড বিয়াৰচ নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুৱকজনে ১৯০৮ চনত তেওঁ নিজৰ মনৰ দুখ-কষ্ট, মানসিক অশান্তি আদিৰ অভিজ্ঞতাৰে 'A Mind that Found Itself'নামৰ এখন কিতাপ ৰচনা কৰিছিল। এই কিতাপখনে প্রকাশৰ পিছত সমগ্ৰ আমেৰিকাত আলোড়নৰ সৃষ্টি কৰিছিল।

পৰৱৰ্তী সময়ত ১৯০৯ চনৰ ১৯ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত বিয়াৰচ, জেমচ আৰু মেয়েৰৰ নেতৃত্বত 'National Committee Mental Hygiene' গঢ় লৈ উঠে। এই কমিটীয়ে মানসিক ৰোগৰ হাস্পতাল, মনোৰোগ বিদ্যা, বিভাগীয় গবেষণা, মনোৰোগ বিদ্যা শিক্ষাৰ বিকাশ, মানসিক ৰোগৰ প্ৰতিকাৰমূলক ব্যৱস্থা গ্রহণ আদি বিভিন্ন কার্য সম্পাদন কৰিছিল। এই কমিটীয়ে ১৯১৯ চনৰ পৰা নিজৰ কাম-কাজবোৰক আন্তর্জাতিক ৰূপ প্রদান কৰিছিল আৰু ১৯২০ চনত ফ্রান্স আৰু দক্ষিণ আফ্রিকাত, ১৯২৮ চনত ইটালী আৰু হাংগাৰীত জাতীয় সংগঠনৰ স্থাপন কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৩৩ চনত মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রথম আন্তর্জাতিক কংগ্রেছ অনুষ্ঠিত হৈছিল। এই সম্মিলনৰ উদ্দেশ্য আছিল মানসিক ৰোগ কেনেকৈ শ্রেষ্ঠভাবে যত্ন কৰিব পাৰি আৰু চিকিৎসা কৰিব পাৰি, মানসিক ৰোগৰ প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্যৰ সংৰক্ষণ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা মানসিক স্বাস্থ্যবিজ্ঞান আন্দোলনে বিস্তাৰ লাভ কৰিছিল।

১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থা (WHO) স্থাপিত হয়। মানসিক স্বাস্থ্যৰ ওপৰত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ কমিটীৰ দ্বিতীয় সূত্ৰত মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল।

১৯৪৮ চনৰ ১৬-২১ আগষ্টৰ সময়ছোৱাত লণ্ডনত প্রথমখন মানসিক স্বাস্থ্যৰ আন্তর্জাতিক কংগ্রেছ অনুষ্ঠিত হৈছিল। এই সন্মিলনত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো পৰামৰ্শ আগবঢ়োৱা হৈছিল। এই সন্মিলনৰ পত্রিকাত মানসিক স্বাস্থ্য, মানসিক গুণৰ ওপৰত বিষদ আলোচনা হৈছিল। ১৭ পৃষ্ঠাজোৰা সম্মিলন পত্রিকাত মানসিক স্বাস্থ্যবিজ্ঞানেও এক বিশেষ স্থান লাভ কৰিছিল। এই সম্মিলন বা কংগ্ৰেছৰ অন্ততঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কমিটীক মানসিক স্বাস্থ্যৰ বাবে বিশ্ব সম্মিলন লৈ ৰূপান্তৰ কৰা হৈছিল। এই সম্মিলনত বহুতো বিশেষজ্ঞই মানসিক স্বাস্থ্যৰ কাৰ্যৰ বাবে চাৰিটা পৰ্যায়ৰ সিদ্ধান্তত উপনীত হৈছিল। সেয়া হ'ল- তত্ত্বাৱধানমূলক, ৰোগ চিকিৎসা বিষয়ক, প্ৰতিৰোধমূলক আৰু সদর্থক (Positive)এই সম্মিলনৰ পিছৰে পৰাই অৰ্থাৎ ১৯৪৯ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত মানসিক স্বাস্থ্যৰ জাতীয় প্রতিষ্ঠানে কাৰ্য আৰম্ভ কৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থাই আৰম্ভণিৰ সময়ৰ পৰাই সদস্য ৰাষ্ট্ৰবোৰৰ অনুৰোধ মর্মে মানসিক স্বাস্থ্যৰ বাবে এক বিশেষ প্রশাসনিক বিভাগ খুলিছিল।

মানসিক স্বাস্থ্যৰ আধা শতিকা আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ আন্দোলনৰ পূৰ্ণ শতিকাৰ পিছত এই দুই ধাৰণাৰ ক্ষেত্ৰত বিভিন্ন বিকাশ পৰিলক্ষিত হৈছে। সাধাৰণ পৰ্যায়ত WHO য়ে আগবঢ়োৱা স্বাস্থ্যৰ ধাৰণাৰ ক্ষেত্ৰত বৰ্তমান প্রশ্ন উত্থাপিত হৈছে যি ধাৰণা আধা শতিকা আগত গঠন কৰা হৈছিল। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত এই ধাৰণা সম্পূর্ণভাবে গ্রহণ কৰা নহয়।

২০০১ চনত বিশ্ব স্বাস্থ্য সংস্থাই তেওঁলোকৰ বছেৰেকীয়া প্রতিবেদনক মানসিক স্বাস্থ্যৰ নামত উছৰ্গা কৰিছিল। প্ৰতিবেদন উন্মোচনৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান গ্রো. এইচ. ব্ৰুণ্ডচ্লেণ্ডৰ প্রতিবেদনে সামৰা জ্ঞানৰ প্ৰধান ক্ষেত্ৰবোৰক তিনিটা ভাগত ভাগ কৰিছিল।

 ক্লীফর্ড বিয়াৰচৰ পৰা আৰম্ভ হোৱা মানসিক স্বাস্থ্যবিজ্ঞান আৰু বিশ্ব স্বাস্থ্য সংস্থাই আৰম্ভ কৰা মানসিক স্বাস্থ্যৰ ধাৰণাই একবিংশ শতিকাত বিশেষ বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু অধ্যয়নৰ এক বিষয় স্বৰূপেও জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ১৯৯২ চনৰ পৰা মানসিক স্বাস্থ্যৰ বাবে বিশ্ব সম্মিলনৰ তৎপৰতাত প্রতি বছৰে ১০ অক্টোবৰৰ দিনটো 'বিশ্ব মানসিক স্বাস্থ্য দিৱস' হিচাপে পালন কৰা হৈ আহিছে। বিশ্বৰ ১৫০ খনতকৈ অধিক দেশে এই দিনটো উদ্যাপন কৰি আহিছে। ইয়াৰ বাবে প্রতি বছবে বিশ্ব সম্মিলনটোৱে একোটাকৈ বিষয় নির্বাচন কৰি দিয়ে।

 ৫। মানসিকভাৱে এজন সুস্থ ব্যক্তিৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ এজন মানসিকভাৱে সুস্থ ব্যক্তিক অতি সহজতে তেওঁ কৰা আচৰণ আৰু ব্যক্তিত্বৰ বৈশিষ্ট্যৰ মাজেৰে চিনাক্ত কৰিব পৰা যায়।

সাধাৰণতে দৃষ্টিগোচৰ হোৱা এনে বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা ধৰণে বিশ্লেষণ কৰিব পাৰি—

(১) মানসিক সুস্বাস্থ্যৱান ব্যক্তিয়ে অতি সহজতে নিজৰ দুৰ্বলতা আৰু সবলতাৰ কথা বুজিব পাৰে। সেয়েহে তেনে ব্যক্তিয়ে সদায় নিজৰ সামর্থ্যৰে কোনো কাম নিজৰ মতে পছন্দ কৰি কম সময়ৰ ভিতৰত সম্পাদন কৰিব পাৰে।

(২) মানসিক সুস্বাস্থ্যসম্পন্ন ব্যক্তিয়ে অতি সহজতে পৰিবৰ্তনমুখী পৰিৱেশৰ লগত সু-সামঞ্জস্য ৰক্ষা কৰি চলিব পাৰে।

(৩) মানসিক সু-স্বাস্থ্যসম্পন্ন ব্যক্তি আবেগিকভাৱে পৰিপক্ক আৰু স্থিৰ। সেয়েহে যিকোনো পৰিৱেশৰ কামতে তেনে ব্যক্তিয়ে নিজকে নিয়ন্ত্রণ কৰি চলিব পাৰে।

(৪) এই ধৰণৰ ব্যক্তিয়ে সামাজিক সমাযোজনত নিজকে সফলভাবে প্রতিষ্ঠা কৰিব পাৰে।

(৫) এই ধৰণৰ ব্যক্তিৰ উপযুক্তভাবে বৌদ্ধিক বিকাশ সম্পন্ন হয়। তেনে ব্যক্তিয়ে তাৎক্ষণিকভাৱে নিজৰ বিচাৰ-বুদ্ধিৰে সিদ্ধান্ত ল'ব পাৰে।

(৬) মানসিক সুস্থতাসম্পন্ন ব্যক্তিয়ে কাল্পনিক বা অবাস্তৱতাৰ পৃথিৱীতকৈ বাস্তব পৃথিৱীত বাস কৰে।

 (৭) এই ধৰণৰ ব্যক্তিয়ে জীৱনৰ ব্যৰ্থতাক অতি সহজতে সহ্য কৰাৰ সাহস আৰু ক্ষমতা ধাৰণ কৰে।

 (৮) তেনে ব্যক্তিয়ে পৰিৱেশ বা কোনো এক দলত নিজকে সুৰক্ষিত বুলি নিশ্চিত কৰিব পাৰে।

 (৯) তেনে ব্যক্তি হ'ল আত্মবিশ্বাসী আৰু আশাবাদী। তেওঁ কেতিয়াও অহেতুক ভয় আৰু উদ্বেগত নিয়োজিত নহয়।

(১০) মানসিক সুস্থতাৰ ব্যক্তিয়ে উপযুক্ত যৌন সমাযোজন ৰক্ষা কৰি অস্বাভাবিক যৌন সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে।

ওপৰত আলোচনা কৰা মানসিক সুস্বাস্থ্যৰ বৈশিষ্ট্যবোৰ একমাত্র বৈশিষ্ট্য বুলি ধৰি ল'ব পৰা নাযায়। এইক্ষেত্রত কেইজনমান মনোবিজ্ঞানীয়ে নিজস্ব ভাবে বৈশিষ্ট্য আঙুলিয়াই দেখুৱাইছে।

মানসিকভাবে সুস্থ ব্যক্তিৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত পার্ক (Park) আৰু পার্কে (Park) আগবঢ়োৱা প্রধান দিশ তিনিটা হ'ল—

(১) ব্যক্তি এজনে নিজৰ ক্ষেত্রত সন্তোষ, যৌক্তিকভাৱে নিৰাপদ আৰু পৰ্যাপ্ত সবলতা আৰু দুর্বলতা তথা আত্মসন্মান আৰু আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব লাগে।

(২) ব্যক্তি এজনে আনৰ ক্ষেত্ৰত শুদ্ধ অনুভৱ কৰিব লাগে যাৰদ্বাৰা ব্যক্তিসকলে বন্ধুত্ব আৰু প্রেমময় আচৰণ, আনৰ প্ৰতি বিশ্বাসৰ ভাৱ বিকশাই তুলিব পাৰে। ইয়ে ব্যক্তিজনক ওচৰ-চুবুৰীয়া আৰু সমনীয়াৰ ক্ষেত্ৰত দায়িত্ব গ্রহণ কৰাৰ বাবে উৎসাহিত কৰে।

(৩) মানসিকভাবে স্বাস্থ্যবান ব্যক্তি এজনে জীৱনৰ প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰে। সমস্যাৰ সৃষ্টি হ'লে তেওঁ সমাধানৰ বাবে কাম কৰিব পাৰে। তেওঁ নিজৰ বাবে যুক্তিপূর্ণ লক্ষ্য স্থিৰ কৰিব লাগে, দৈনন্দিন দায়িত্ববোৰ পালন কৰিব লাগে, নিজৰ বিষয়ে সুচিন্তা কৰিব লাগে আৰু নিজৰ সিদ্ধান্ত নিজে গ্রহণ কৰিব লাগে। তেওঁ নিজৰ ভয়, খং, ভালপোৱা বা দোষ আৱেগৰ দ্বাৰা সমস্যাৰ সৃষ্টি কৰিব নালাগে।জনচন (Johnson) ৰ মতে, মানসিকভাবে সুস্থ ব্যক্তিৰ কেতবোৰ বৈশিষ্ট্য হ'ল—

(১) মানসিকভাবে সুস্থ বা স্বাস্থ্যবান ব্যক্তি এজন স্ব-নিয়ন্ত্রিত আৰু স্বাধীন হয় আৰু তেওঁ পাৰস্পৰিকভাৱে নির্ভৰশীল হৈ বা সহযোগিতাবে কর্ম সম্পাদন কৰে। তেওঁ আনৰ সিদ্ধান্ত আৰু আচৰণক সম্মান জনায় কিন্তু আনৰ দ্বাৰা নিজক শাসিত নকৰে।

(২) মানসিকভারে স্বাস্থ্যবান ব্যক্তিজনৰ ব্যক্তিৰ সম্ভাৱনীয়তাৰ বৃদ্ধি আৰু বিকাশৰ বাবে এক দিকবিন্যাস থাকে।

(৩) ব্যক্তিজনে দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ'ব পাৰে। ভবিষ্যৎ নজনাকৈ জীৱনৰ অনিশ্চয়তাক আশা আৰু সদর্থক দৃষ্টিকোণেৰে গ্ৰহণ কৰিব পাৰে।

আলপোর্ট (Alport), 'জাৰচ (Rogers), ফ্রয়'ড (Freud) আৰু মেচলো (Maslow) য়ে আগবঢ়োৱা মানসিকভাবে স্বাস্থ্যবান ব্যক্তিৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্য হ'ল-

(১) নিজৰ জীৱনৰ নিয়ন্ত্রণ

(২) নিজ আচৰণ পৰিচালনা কৰাৰ সক্ষমতা

(৩) নিজৰ সবলতা আৰু দুর্বলতা সম্বন্ধে সজাগ

(৪) ধৈর্যশীল

(৫) নিজৰ বৰ্তমান অস্তিত্ব সম্বন্ধে সজাগ।

আকৌ চিং (Sing)ৰ মতে মানসিকভাবে স্বাস্থ্যবান ব্যক্তিৰ বৈশিষ্ট্যবোৰ হ'ল—

(১) আৱেগিকতা, সৃজনশীলতা, বুদ্ধিমত্তা আৰু আধ্যাত্মিকতাৰ বিকাশ।

(২) উমৈহতীয়া সামাজিক সম্বন্ধৰ ৰক্ষণাবেক্ষণ।

(৩) ধৈর্য সহকাৰে সমস্যা আৰু প্রত্যাহ্বানৰ মোকাবিলা কৰাৰ দক্ষতা আৰু সমস্যাবোৰ সবলতাৰে সন্মুখীন হোৱা আৰু ভৱিষ্যতৰ বাবে অনুশীলন লাভ কৰা।

(৪) আত্মবিশ্বাস, নির্দিষ্টতা, সংবেদনশীলতা আৰু আনৰ লগত সহমর্মিতা আদি ভাৱৰ বিকাশ।

(৫) নিঃসংগতা আনন্দদায়ক আৰু গঠনাত্মকভাবে উপভোগৰ প্ৰস্তুতি আৰু খেলা আৰু বিনোদনত অংশগ্রহণ।