অধ্যায়- ২ 


মানসিক স্বাস্থ্যবিজ্ঞান মৌলিক বিষয়সমূহ


অতি চমু প্রশ্নোত্তৰ


১। 'A mind that found itself' কিতাপখন কোনে লিখিছিল?


উত্তৰঃ আমেৰিকাৰ ক্লিফোর্ড বিয়েৰ্চ (Clifford Beers) এ।


২। মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা?


উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞান হৈছে স্বাস্থ্য ৰক্ষাৰ কলা-কৌশলসমূহ জনাৰ ক্ষেত্রত সহায় আগবঢ়োৱা বিজ্ঞান।


৩। মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা কোন?


উত্তৰঃ ক্লিফোর্ড বিয়েৰচ্ক মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা (Father or originator of Mental Hygiene) বুলি অভিহিত কৰা হয়।


৪। 'মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য অটুট ৰখাত আৰু মানসিক ৰোগৰ প্ৰতিৰোধকৰণত গুৰুত্ব দিয়ে।' — এইষাৰ কোনে কৈছিল?


উত্তৰঃ হেড্ফিল্ড।


৫। মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান একেনে?


উত্তৰঃ মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান এটা আনটোৰ পৰিপূৰক বুলি ক'ব পাৰি। মানসিক স্বাস্থ্যই ব্যক্তিৰ শৰীৰ আৰু মন বিষয়ক স্বাস্থ্যই ইংগিত কৰে, আনহাতে মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ লগত সম্পর্ক থকা বিভিন্ন দিশ আগুৰি আলোচনা কৰা।


৬। শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা:


(ক) মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্যৰ সংৰক্ষণ।


উত্তৰঃ শুদ্ধ।-


(খ) মানসিক স্বাস্থ্যবিজ্ঞান মানসিক ৰোগৰ প্ৰতিকাৰৰ লগত জড়িত। 


উত্তৰঃ শুদ্ধ।


৭। খালী ঠাই পূৰণ কৰাঃ


(ক) — ত সমাযোজনৰ দ্বাৰা এজন ব্যক্তিৰ মানসিক স্বাস্থ্য নির্ধাৰণ কৰা হয়।


উত্তৰঃ সমাজত


(খ) মানসিক ৰোগৰ প্ৰতিকাৰ কৰাই হৈছে মানসিক বিজ্ঞানৰ — কার্য।


উত্তৰঃ প্রধান


(গ) হাইজিন শব্দটো মূলত — শব্দ।


উত্তৰঃ গ্ৰীক্ ভাষাৰ।


(ঘ) মানসিক স্বাস্থ্যবিজ্ঞান হৈছে —  আৰু মানসিক স্বাস্থ্য হৈছে।— ।


উত্তৰঃ উপায়, সমাপ্তি।


(ঙ) ব্যক্তিত্বৰ — বিকাশৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে।


উত্তৰঃ মানসিক


৮। ক্ৰো আৰু ক্ৰোৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞাটো লিখা।


উত্তৰঃ ক্ৰো আৰু ক্ৰোৰ মতে, “মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্র কে সামৰি লয়।"


৯। হাইজিন শব্দটো মূলত — শব্দ। (খালী ঠাই পূৰণ কৰা)


উত্তৰঃ গ্ৰীক ভাষাৰ।


১০। মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা কোন?


উত্তৰঃ ডাব্লিউ বিয়াৰ।


চমু প্রশ্নোত্তৰ


১। মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা সংজ্ঞা প্রদান কৰা।


উত্তৰঃ ক্ৰো আৰু ক্ৰোৰ মতে, “মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানব কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্র কে সামৰি লয়।"


হেডফিল্ডৰ মতে, “মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক


বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।"


২। মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো তিনিটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা।


উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞান লক্ষ্যসমূহ হ'ল— 


(i) ই মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।


(ii) ই মানসিক দোষ-ত্রুটিসমূহ আঁতৰ কৰাৰ বাবে প্রচেষ্টা চলায়।


(iii) ই ব্যক্তিৰ এনে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায় যিয়ে পৰিবেশৰ লগত সুন্দৰভাবে সমযোজন কৰিব পাৰে।


৩। মানসিক স্বাস্থ্যবিজ্ঞানৰ অৰ্থ সম্বন্ধে চমুকৈ লিখা।


উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান হ'ল স্বাস্থ্যবিজ্ঞানৰ এক শাখা যি ব্যক্তিৰ মানসিক স্বাস্থ্যৰ লগত সম্বন্ধ বক্ষা কৰে। সবল অর্থত যি বিজ্ঞানে মানসিক স্বাস্থ্য বক্ষাৰ বিষয়ে আলোচনা বা অধ্যয়ন কৰে তাকেই মানসিক স্বাস্থ্যবিজ্ঞান বুলি কোৱা হয়। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক পৰিবেশৰ লগত সমাযোজন কৰাত সহায় কবে। স্বাস্থ্যকৰ জীৱনৰ বাবে প্রয়োজনীয় কলা-কৌশল আদিৰ বিষয়েও স্বাস্থ্যবিজ্ঞানে অধ্যয়ন কৰে। মুঠতে মনৰ যিকোনো অসুস্থতা, অপসমাযোজন আদিৰ পৰা হাত সাৰিবলৈ মানসিক স্বাস্থ্যবিজ্ঞানে জ্ঞান প্রদান কৰে। সাধাৰণ দৃষ্টিকোণেৰে মানসিক স্বাস্থ্যবিজ্ঞানব অর্থ প্রদান কৰি ক'ব পাৰি যে মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম কানুনৰ শাস্ত্ৰই হ'ল মানসিক স্বাস্থ্যবিজ্ঞান।


৪। মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা।


উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি ব্যাপক। ই মানসিক ৰোগৰ কাৰণসমূহ তথা এই কাৰণসমূহ দূৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত সহায় কৰে। সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাতো ই সহায় কৰে।


মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে প্রণালীবদ্ধভাবে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্রণালীসমূহৰ কথা উপলব্ধিতো সহায় কৰে। অথবা প্ৰতিৰক্ষা ব্যৱস্থা যিবোৰ সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্রহণ কৰা হয় সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ গভীৰভাৱে সম্পর্কযুক্ত হৈ আছে।


৫। মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা কাৰ্য উল্লেখ কৰা।


উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা কার্য হ'ল-


(১) প্ৰতিৰোধমূলক কার্যঃ মানসিক ৰোগ, সমাযোজন সম্পর্কীয় সমস্যাসমূহৰ প্রতিৰোধ কৰাই হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কার্য।


(২) প্ৰতিকাৰমূলক কার্যঃ মানসিক বিকাৰ, ৰোগসমূহৰ পৰা হাত সৰাৰ বাবে প্রতিকাৰমূলক ব্যৱস্থা কৰাও হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম কার্য।


(৩) সংৰক্ষণমূলক কাৰ্যঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ আন এক কার্য হৈছে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি, সংৰক্ষণৰ বাবে উপায়, কৌশল আদিৰ উদ্ভাৱন কৰা।


৬। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।


উত্তৰঃ মানুহৰ জীৱন-যাপনৰ প্ৰণালী, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অগ্ৰগতিৰ প্রতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যবিজ্ঞানক মানসিক অশান্তিসমূহৰ চিকিৎসাতেই আবদ্ধ নাবাখি ইয়াৰ পৰিসৰ বিভিন্ন দিশলৈ বিস্তাৰিত কৰা হৈছে। বিশেষকৈ মানুহৰ— 


(১) মানসিক স্বাস্থ্য ৰক্ষাৰ নতুন নতুন কৌশল যুগুত কৰা


(২) মানসিক ৰোগ প্ৰতিৰোধ কৰা


(৩) মানসিক স্বাস্থ্যবিজ্ঞানৰ দৰকাৰী দিশসমূহত গবেষণা কৰা আদি বিষয়ও মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত।


৭। এগৰাকী মানসিক স্বাস্থ্যবান লোকৰ যিকোনো তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা।


উত্তৰঃ এগৰাকী মানসিক স্বাস্থ্যবান লোকৰ তিনিটা বৈশিষ্ট্য হ'ল— 


(i) এজন মানসিক স্বাস্থ্যবান লোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।


(ii) এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত।


(iii) এওঁলোক আবেগিকভাবে স্থিৰ প্ৰকৃতিৰ।


৮। মানসিক স্বাস্থ্যবিজ্ঞান আৰু শিক্ষাৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।


উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান আৰু শিক্ষাৰ মাজত এক গভীৰ সম্বন্ধ আছে। মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক শিক্ষা কার্যসূচী। মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগ সম্বন্ধে কু-সংস্কাৰসমূহ আঁতৰ কৰাৰ বাবে বিশেষ শিক্ষা আঁচনিৰ ব্যৱস্থা কৰে। তদুপৰি ঘৰ, ৰাজহুৱা স্থান, উদ্যোগ-প্রতিষ্ঠান আদিত জনসংযোগ মাধ্যম ব্যৱহাৰৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ নীতি-নিয়মসমূহ প্রচলন কৰাত শিক্ষাই সহায় কৰে। দেখিবলৈ পোৱা যায় যে যুগ যুগ ধৰি মানুহৰ মাজত কিছুমান ভুল ধাৰণা যেনে- মানসিক ৰোগ আনুবংশিক, মানসিক ৰোগ দুৰাৰোগ্য আদি চলি অহা ধাৰণাসমূহ মানসিক স্বাস্থ্যবিজ্ঞানে শিক্ষাৰ জৰিয়তে আঁতৰাই পঠাব পাৰে। আনহাতে মানসিক বিকাৰসমূহ চিনাক্ত কৰি তাৰ চিকিৎসা আগবঢ়াব পাৰে। মুঠতে আমি ক'ব পাৰো যে মানসিক স্বাস্থ্যবিজ্ঞান আৰু শিক্ষাৰ মাজত নিচেই ওচৰ সম্বন্ধ আছে।


৯। চমুটোকা লিখাঃ


(ক) মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক লক্ষ্য।


'উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰ বা আৰোগ্যমূলক কার্য থকা দেখা যায়। মানসিকভাবে অসুস্থা নাইবা বিসংগতিপূর্ণ ব্যক্তিব মানসিক স্বাস্থ্যৰক্ষা সম্পর্কে সঠিক প্ৰতিৰোধমূলক শিক্ষাৰ অভাব থাকিব পাৰে। ফলত তেওঁলোক মানসিক সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। মানসিক অসুস্থতাৰ চিকাৰ হোৱা প্রতিজন ব্যক্তিৰ বাবে আৰোগ্যমূলক ব্যবস্থা থাকে। মানসিক বিসংগতিসমূহৰ চিনাক্তকৰণ কৰি সেইবোৰ আঁতৰ কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগে।


ইয়াৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিব লাগে-


(১) মানসিক অসুস্থতাৰ সম্ভাৱনীয় কাৰক আৰু পৰিৱেশৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা।


(২) মানসিক বিসংগতি আঁতৰাবলৈ প্রয়োজনীয় চিকিৎসা আৰু ব্যায়মৰ ব্যৱস্থা কৰা।


(৩) মানসিক বিসংগতিৰ প্রভাৱত পৰা লোকসকলৰ পুনঃসংস্থাপন আৰু সমাযোজনাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা।


মানসিক স্বাস্থ্যবিজ্ঞানে এনেদৰে বিভিন্ন দিশেৰে ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাৰ


বিধান প্রদান কৰিব পাৰে।


(খ) মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক লক্ষ্য।


উত্তৰঃ মানসিক স্বাস্থ্য সঠিকভাৱে পৰিচালনা কৰিবলৈ হ'লে মানসিক ৰোগৰ সম্ভাৱনীয়তাসমূহ আঁতৰাই এক সুস্থ জীৱনশৈলী গঢ় দি তুলিব লাগে। মানসিক বিসংগতি সৃষ্টি হ'ব পৰা কাৰকসমূহৰ পৰা আঁতৰি থকাৰলগতে মানসিক সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় ব্যায়াম আৰু জীবনশৈলী বাচনি কৰিব লাগে যাতে মানসিক ৰোগে আক্ৰমণ কৰিব নোৱাৰে।


মানসিক স্বাস্থ্য সংৰক্ষণৰ বাবে— 


(১) ব্যক্তিক দৈনন্দিন জীৱনৰ সমস্যাৰ পৰা আঁতৰি থাকি আৱেগিক ভাৰসাম্য আৰু স্থিৰতা ৰক্ষা কৰিবলৈ আনন্দপূর্ণ আৰু আধ্যাত্মিকভাবাপন্ন তথা ব্যায়াম 'আদি দৈনন্দিন জীৱনৰ কৰণীয় কার্য হিচাপে গ্রহণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।


(২) প্রতিজন ব্যক্তিয়েই জন্মৰ লগে লগে নিজস্ব সম্ভাবনীয়তা কঢ়িয়াই আনে। ব্যক্তিব সম্ভাৱনীয়তা সমূহৰ চিনাক্তকৰণ কৰি সেইবোৰৰ বিকাশৰ পৰিৱেশ প্রদান কবি বোগমুক্ত কৰি ৰাখিবলৈ সহায় কৰিব লাগে।


(৩) দেহ আৰু মনৰ সম্পৰ্ক অভিন্ন। গতিকে মানসিক সুস্থতাৰ বাবে শাৰীৰিক সুস্থতাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিব লাগে। দৈহিক সুস্থতাৰ বাবে সুষম খাদ্য, ব্যায়াম, মানসিক তথা শাৰীৰিক কছৰৎ কৰাটো প্রয়োজনীয়। মানসিক স্বাস্থ্যবিজ্ঞানে এই বিধানসমূহ প্রদান কৰে।


(গ) মানসিক স্বাস্থ্য বিধি।


উত্তৰঃ মানসিক স্বাস্থ্য বিধি হ'ল সেইসমূহ নিয়ম-কানুন আৰু চর্ত যিবিলাক অনুসৰণ কৰিলে ব্যক্তিয়ে পৰিৱেশত কোনো সমস্যা নোহোৱাকৈ সংগতিবিধান কৰিবলৈ আৰু ব্যক্তিসত্তাৰ সুষম বিকাশ কৰিবলৈ সক্ষম হয়। কোনো সংঘর্ষ আৰু অপসংগতিৰ সৃষ্টি নকৰাকৈ এক সুস্থ আনন্দময় আৰু কাৰ্যকৰী জীৱনৰ বাবে ব্যক্তিক তৈয়াৰ কৰি তোলাৰ ক্ষেত্রত মানসিক স্বাস্থ্য বিধিয়ে সহায় কৰে। ইয়াৰ মূল লক্ষ্য হ'ল ব্যক্তিক পৰিবেশৰ লগত সুস্থভাবে সংগতি বিধান কৰিবলৈ সহায় কৰা। গতিকে ব্যক্তিৰ বিকাশৰ বিভিন্ন স্তৰ আৰু সেই স্তৰসমূহৰ প্ৰকৃতি, স্বৰূপ, বিশেষত্ব, সমস্যা ইত্যাদিৰ লগতে গৃহ-পৰিৱেশ, পিতৃ-মাতৃ আত্মীয়-স্বজনৰ লগত সম্পর্ক, গৃহৰ আনুভূতিক পৰিৱেশ, স্কুলৰ পৰিৱেশ, প্রতিৱেশীৰ লগত সম্পর্ক, অৱসৰ বিনোদনৰ প্ৰণালী আদিৰ অধ্যয়ন আৰু পর্যবেক্ষণ মানসিক স্বাস্থ্য বিধিত অন্তর্ভুক্ত। সেয়েহে ক'ব পাৰি যে মানসিক স্বাস্থ্য বিধি হ'ল এক বিজ্ঞান যাৰ সহায়ত পৰিৱেশৰ সৈতে ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ প্ৰভাৱেৰে সমাযোজনৰ পথ নিৰ্ণয় কৰিব পাৰে।


(ঘ) স্বাস্থ্য বিজ্ঞান শব্দটো ব্যৎপুত্তিগত অর্থ লিখা।


উত্তৰঃ স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী পৰিভাষা হৈছে 'Hygiene'। এই 'Hygiene' শব্দটো গ্রীক ভাষাৰ 'hugiene' নামৰ শব্দটোৰ পৰা আহিছে, যাৰ অর্থ হৈছে 'of health' এনে দিশৰ পৰা স্বাস্থ্যবিজ্ঞান বুলি কোৱা কথাষাৰৰ দ্বাৰা বেমাৰ-আজাৰ অথবা ৰোগ-ব্যাধি বাধা দিয়াৰ বাবে নিজক আৰু নিজৰ পৰিবেষ্টনীটোক পৰিস্কাৰ কৰি ৰখাৰ প্ৰক্ৰিয়া এটাক বুজোৱা হয়। আন কথাত স্বাস্থ্যবিজ্ঞান হৈছে স্বাস্থ্য ৰক্ষাৰ কলা-কৌশলসমূহ জনাব ক্ষেত্রত সহায় আগবঢ়োৱা বিজ্ঞান। লোকবিশ্বাস অনুসৰি 'Hygine' শব্দটোৰ লগত গ্রীক দেৱীৰ নাম জড়িত হৈ আছে। পৌৰাণিক ব্যাখ্যা অনুসৰি 'Hygeia' (হাইজেইয়া) আছিল স্বাস্থ্য অথবা স্বাস্থ্যৱান জীবন-নির্বাহৰ দেৱী।


(ঙ) মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহ কি কি?


উত্তৰঃ মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমূহ অতি বহল আৰু বিস্তাৰিত প্ৰকৃতিৰ। এনে লক্ষ্যসমূহ আমি তলত দিয়া ধৰণে সুনির্দিষ্টভাৱে উল্লেখ কৰিব পাৰো।


(ক) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।


(খ) পৰিবেশৰ লগত সুন্দৰভাবে সমযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।


(গ) ভাৰসাম্য আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দোষ-ত্রুটি সমূহ নিৱাৰণ কৰাৰ প্ৰচেষ্টা চলায়।


(ঘ) ব্যক্তিত্বৰ বিশৃংখলা সমূহৰ যিবোৰে মানসিক সমস্যাৰ সৃষ্টি কৰি মানসিক ৰোগৰ কাৰণ হিচাপে পৰিগণিত হয় সেইবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।


ৰচনাধৰ্মী প্রশ্নোত্তৰ


। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।


উত্তৰঃ দৈনন্দিন জীৱন যাত্ৰাত মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা অপৰিসীম। মানসিকভাৱে সৰল ব্যক্তিয়ে জীৱনত সম্মুখীন হোৱা বিভিন্ন ঘটনা-পৰিঘটনা সাহসেৰে সম্মুখীন হ'বলৈ সমর্থ হয়। বাস্তৱিকতে দৈহিক সুস্থতা প্রধানকৈ মানসিক সুস্থতাৰ ওপৰত নির্ভৰশীল হোৱা দেখা যায়। বিশেষকৈ শিক্ষাৰ ক্ষেত্রত শিক্ষার্থী আৰু শিক্ষক উভয়ৰে বাবে মানসিক স্বাস্থ্যৰ গুৰুত্বপূর্ণ ভূমিকা আছে।


মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু প্রয়োজনীয়তা তলত দিয়া ধৰণে আলোচনা কৰা হ'ল— 


(১) ব্যক্তিৰ সম্ভাৱনীয়তাবোৰ বাস্তৱায়িত কৰাত সহায়কঃ আমাৰ প্ৰত্যেকৰে কেতবোৰ প্ৰাকৃতিক ক্ষমতা আৰু সম্ভাৱনীয়তা সুপ্ত অবস্থাত থাকে যিবোৰ উপযুক্ত প্ৰচেষ্টাৰ যোগেদি বাস্তবায়িত কৰিব পৰা যায়। এনে ধৰণৰ প্ৰচেষ্টা অনুশীলন কৰাৰ বাবে আৰু নিজৰ সম্ভাৱনীয়তাবোৰ বাস্তৱায়িত কৰাৰ বাবে ব্যক্তিজনৰ মানসিক স্বাস্থ্য অতিশয় প্রয়োজনীয়। যদি শিশুৰ মানসিক স্বাস্থ্য সুস্থ অবস্থাত থাকে তেন্তে সিহঁতে নিজ সম্ভাবনীয়তাবোৰ বাস্তৱায়িত কৰাৰ বাবে ভালদৰে চেষ্টা কৰিব পাৰে। ইয়াৰ বিপৰীতে সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱা শিশুসকলো বৌদ্ধিক ক্ষমতাৰ ত্রুটি, বিচ্ছিন্ন ব্যক্তিত্ব আৰু অনুচিত আচৰণৰ বাবে নিজৰ সম্ভাৱনীয়তাবোৰ বাস্তৱায়িত কৰিব নোৱাৰে।


(২) মানসিক অসুস্থতা প্ৰতিৰোধৰ সহায়কঃ দৈহিক স্বাস্থ্যই ব্যক্তিৰ শাৰীৰিক বা দৈহিক অসুস্থতা আৰু বেমাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰাৰ দৰে মানসিক স্বাস্থ্যই ব্যক্তিক আচৰণৰ অস্বাভাৱিকতা, অপসমাযোজন আৰু মানসিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বাধাগ্রস্ত মানসিক স্বাস্থ্যৰ তুলনাত এটা সুস্থ মন আৰু ভাৰসাম্যপূর্ণ ব্যক্তিত্বই জীবনব প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু দুর্ঘটনাজনিত আৰু জীৱনৰ চাপ সহ্য কৰাৰ বাবে যথেষ্ট প্রতিৰোধ ক্ষমতা প্রদান কৰে। সেয়েহে ব্যক্তিৰ দ্বাৰা মানসিক স্বাস্থ্যৰ উপযুক্ত সংৰক্ষণ আৰু উপযুক্ত শিক্ষাই সমাজৰ পৰা মানসিক অসুস্থতা আৰু ৰোগ নিৰাময়ত সহায় কৰা দেখিবলৈ পোৱা যায়।


(৩) উপযুক্ত সমাযোজনৰ বাবে সহায়কঃ মানসিকভাৱে স্বাস্থ্যসম্মত ব্যক্তি এজন সু- সমাযোজিত ব্যক্তি। এনে ব্যক্তি নিজৰ লগতে পৰিৱেশৰ লগত উপযুক্তভাবে সমাযোজন কৰিবলৈ সক্ষম। সমাজৰ পৰিস্থিতি আৰু সুস্থতাৰ চাহিদা অনুসৰি সমাযোজন কৰিবলৈ সক্ষম। গতিকে, ক'ব পাৰি যে মানসিক স্বাস্থাই ব্যক্তিক নিজৰ লগতে পৰিৱেশৰ লগত সুসম্পর্ক স্থাপন কৰাত সহায় কৰে।


(৪) জীৱনৰ লক্ষ্য অন্বেষণৰ সহায়কঃ জীৱনৰ লক্ষ্য সঠিকভাৱে আহৰণ কৰাৰ বাবে প্রচেষ্টা কৰাত মানসিক স্বাস্থ্যই ব্যক্তিক সহায় কৰে। জীৱন শৈলী আৰু জীৱন দর্শনৰ ভিত্তিত ব্যক্তি ভেদে এই লক্ষ্যবোৰ পৃথক পৃথক হ'ব পাৰে। সি যিয়েই নহওক, সর্বাত্মক মানসিক স্বাস্থ্যই ব্যক্তিক পূর্ণ শক্তিৰে এই লক্ষ্য অর্জনৰ ক্ষেত্ৰত সদায় সম্পূর্ণ ক্ষমতা প্রদান কৰে আৰু নিজৰ লগতে আনৰ সুখৰ লক্ষ্য আগত ৰাখি সন্তুষ্টিৰে জীৱন যাপন কৰাত সহায় কৰে।


(৫) বাঞ্ছনীয় ব্যক্তিত্বৰ বিকাশত সহায়কঃ মানসিক স্বাস্থ্যই সুস্থ, ভাৰসাম্যপূর্ণ আৰু সমন্বিত ব্যক্তিত্বৰ বিকাশত সহায় কৰে। এই ধৰণৰ বিকাশ প্রাপ্ত ব্যক্তিয়ে নিজৰ আৰু পৰিৱেশীয় পৰিস্থিতি, নিজৰ প্ৰয়োজনৰ লগত সমাজৰ প্ৰয়োজনৰ মাজত এক সঠিক ভাৰসাম্য বজাই ৰাখিব পাৰে আৰু খণ্ডিত ব্যক্তিৰ পৰিৱৰ্তে এক সমন্বিত ব্যক্তিত্বৰ উদাহৰণ প্রদান কৰিব পাৰে।


(৬) উপযুক্ত নৈতিক বিকাশৰ সহায়কঃ যিসকল ব্যক্তিয়ে সুস্থ মানসিক স্বাস্থ্য উপভোগ কৰে সেইসকলে সাধাৰণতে সমাজৰ নৈতিক মানদণ্ড অনুসৰণ কৰি সততা আৰু চৰিত্ৰবান মানুহ হিচাপে আচৰণ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বৌদ্ধিক দিশৰ সঠিক কার্যকাৰিতাই অনৈতিক আৰু অসামাজিক আচৰণৰ পৰা আঁতৰাই বাখে। এই ব্যক্তিসকলে নিজৰ আৱেগৰ ওপৰত যুক্তিসংগত অনুশীলন কৰিব পাৰে আৰু ভাল কামৰ বাবে নিজৰ শক্তিব প্রয়োগ কৰিব পাৰে।


(৭) সঠিক সামাজিক বিকাশৰ সহায়কঃ ব্যক্তি এজনৰ মানসিক স্বাস্থ্যই ব্যক্তিজনক সামাজিক তথা সমাজত উপযুক্ত সামাজিক সম্বন্ধ স্থাপন কৰাত সহায় কৰে। যিসকল ব্যক্তিৰ স্ব-সত্বাৰ লগত কোনো ধৰণৰ দ্বন্দ্ব বা সংঘর্ষ নাই সেই সকলে অন্যৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ পর্যাপ্ত সময় আৰু শক্তি লাভ কৰে। ই ব্যক্তি এজনৰ সামাজিক আচৰণ আৰু উপযুক্ত সামাজিক সমযোজনত সহায় কৰে।


(৮) সমাজৰ প্ৰগতিৰ বাবে সহায়কঃ ব্যক্তিক ভাৰসাম্যপূৰ্ণ গুৰুত্বপূৰ্ণ নাগৰিক স্বৰূপে গঢ়ি তোলাত মানসিক স্বাস্থ্যই সহায় কৰে যি ব্যক্তিয়ে নিজৰ অধিকাৰৰ লগতে দায়িত্ব সম্পর্কেও সচেতন হয়। নিজৰ সঠিক বিকাশ আৰু জীৱন যাপনৰ বাবে ব্যক্তিয়ে সমাজৰ পৰা প্রয়োজনীয়বোৰ গ্রহণ কৰে আৰু লগতে, সমাজৰ প্ৰগতি আৰু বিকাশৰ বাবে কিছুখিনি প্রদান কৰিবলৈ প্রস্তুতো থাকে। দৰাচলতে সমাজৰ সমৃদ্ধি আৰু প্রগতি ব্যক্তিৰ স্বাস্থ্য বিশেষকৈ মানসিক স্বাস্থ্যৰ লগত সম্বন্ধিত। সমাজত আকাংক্ষিত শান্তি, প্রগতি আৰু সুখ সম্ভৱপৰ কৰি তুলিবলৈ হ'লে সমাজৰ সদস্যসকলৰ মানসিক স্বাস্থ্যৰ সুস্থতা অপবিহার্য। 


গতিকে দেখা গ'ল যে মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু প্রয়োজনীয়তা অপৰিসীম। কোনো এজন ব্যক্তিৰ সুস্থ ব্যক্তিত্ব গঢ় দি সুস্থ সমাযোজন সৃষ্টি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যই বিশেষ ভূমিকা গ্রহণ কৰে। শিক্ষার্থীৰ জীৱনত মানসিক স্বাস্থ্যই অভিৰোচনৰ ভূমিকা গ্রহণ কবে। ব্যক্তিগত তথা সামাজিক জীৱনত ভাৰসাম্যতা বৃদ্ধি কৰি সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ লগতে সমাজত শৃংখলা আৰু সম্প্রীতি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো মানসিক স্বাস্থ্যৰ গুরুত্ব অপৰিসীম। শিক্ষণ-শিক্ষাদান প্রক্রিয়াত শিক্ষক-শিক্ষার্থী উভয়ৰে সু-স্বাস্থ্য ৰক্ষা কৰি শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য সার্থকভাবে পূৰণৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।


২। মানসিক স্বাস্থ্য বিধিৰ লক্ষ্যসমূহ কি কি?


উত্তৰঃ মনোবিজ্ঞানী আৰু মানসিক ৰোগ বিশেষজ্ঞসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা তিনিটা উল্লেখনীয় দিশৰ উদ্ভাৱন কৰিছে। এই দিশকেইটা হ'ল— 


(১) সংৰক্ষণমূলক (Conservative)


(২) প্রতিবোধমূলক (Preventive)


(৩) প্রতিকাৰমূলক (Curative)


মানসিক স্বাস্থ্য বিধিৰ সংৰক্ষণমূলক ব্যৱস্থা হ'ল সেই ব্যৱস্থা যিয়ে শিশুৰ প্রকৃতিদত্ত সংগতিবিধানৰ ক্ষমতা আৰু প্ৰৱণতাক বাহ্যিক পৰিৱেশৰ অবাঞ্ছিত প্রভাৱৰ পৰা বিকৃত নকৰাকৈ ৰক্ষা কৰে। শিশু মাত্রেই পাৰিপার্শ্বিক অৱস্থাৰ লগত সংগতিবিধান ৰক্ষা কৰি সমাজৰ নীতি-নিয়ম শৃংখলা মানি চলাৰ বাবে এক স্বাভাবিক প্রৱণতা থাকে। কিন্তু অস্বাভাৱিক পৰিস্থিতিত পৰিলে শিশুৰ এই স্বাভাবিক অবস্থা ব্যাহত হয় আৰু নানা ধৰণৰ অবাঞ্ছিত আচৰণৰ মাজেদি ই প্রকাশ লাভ কৰে। গতিকে এনে ক্ষেত্রত সংৰক্ষণমূলক বিধিয়ে শিশুৰ আচৰণক স্বাভাবিকভাবে ৰক্ষা কৰি মানসিক সন্তুষ্টি লাভ কৰাত সহায় কৰে। মানসিক ৰোগ, অপসমাযোজন আৰু বিকাৰ আদিত বৰঙণি যোগোৱা অবস্থা আৰু পৰিস্থিতিৰ পৰা আমাক ৰক্ষা কৰিবৰ বাবে সংৰক্ষণমূলক লক্ষ্য গঢ় লৈ উঠিছে।


ইয়াৰ অন্তৰ্গত বিভিন্ন লক্ষ্যবোৰ হ'ল-


(ক) অপসমাযোজনৰ বিভিন্ন ব্যক্তিগত আৰু সামাজিক কাৰণবোৰৰ তালিকাকৰণ কৰা।


(খ) প্রয়োজন, প্রেবণা, অভিপ্রায়, সংঘাত, শংকা, অরদমন, উত্তেজনা আদিৰ সম্ভাব্য পৰিণতিসমূহৰ জ্ঞান প্রদান কৰা।


(গ) আবেগিক আৰু সামাজিক সমাযোজন লাভৰ বিভিন্ন উপায় বা ব্যৱস্থাবোৰৰ পৰামৰ্শ আগবঢ়োৱা।


(ঘ) ব্যক্তিক উত্তেজনা, শংকা আৰু আৱেগিক অস্থিৰতাৰ পৰা মুক্তি প্রদানৰ বাবে আভ্যন্তৰীণ সংঘাত আৰু হতাশা নিৰাময়ৰ বাবে পৰামর্শ আগবঢ়োৱা।


প্রতিৰোধমূলক স্বাস্থ্য বিধিয়ে মানসিক স্বাস্থ্যৰ সুসংবদ্ধতা আৰু স্বাভাবিকতাব ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উদ্দেশ্য হ'ল ব্যক্তিৰ অপসংগতিমূলক আচৰণৰ অধ্যয়ন আৰু অনুধাবন কৰি তাক প্ৰতিৰোধ কৰা। সাধাৰণতে শিশুৰ মানসিক স্বাস্থ্যৰ অবনতিৰ লক্ষণ দেখাৰ পিছত তাৰ মূল কাৰণ নির্ণয় কৰি, লগতে শিশুৰ মানসিক চাহিদা, সমস্যা আৰু বৈশিষ্ট্যবোৰৰ প্রতি গুৰুত্ব দি সেই সমস্যা দূৰ কৰিবলৈ কার্যকৰী ব্যৱস্থা হাতত লোৱা হয়। তেনে কার্যকৰী ব্যৱস্থাৰে শিশুক গভীৰ মানসিক ব্যাধিৰ পৰা ৰক্ষা কৰিব পৰা যায়। প্রতিৰোধমূলক কার্যাৱলীসমূহে শিশুৰ মনৰ ব্যাধিৰ ওপৰত প্রত্যক্ষ সহায় কৰে।


এই ক্ষেত্রত মানসিক স্বাস্থ্যবিজ্ঞানৰ বিভিন্ন লক্ষ্যবোৰ হ'ল— 


(ক) এজন ব্যক্তিৰ সম্পূর্ণ সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰা।


(খ) আবেগিক পৰিপক্কতা আৰু স্থিৰতা লাভ কৰা।


(গ) ব্যক্তিগত আৰু সামাজিক নিৰাপত্তা তথা প্রাচুর্যতা লাভ কৰা।


(ঘ) সুস্থ মানবীয় সম্বন্ধ আৰু দলীয় আন্তঃক্রিয়া বিকশাই তোলা।


(ঙ) সুস্থ দেহ আৰু সাধাৰণ মানসিক স্বাস্থ্য লাভৰ বাবে ব্যক্তিক সহায় আগবঢ়োৱা।


প্রতিকাৰমূলক ব্যৱস্থাই শিশুৰ অপসংগতি আৰু মানসিক অসুস্থতাৰ প্ৰতিকাৰৰ বাবে লোৱা ব্যৱস্থাৰ কথা সূচায়। ঘৰুৱা পৰিৱেশত মাক-দেউতাক আৰু স্কুলত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মানসিক ব্যাধিৰ সমস্যা নিজেই নির্মূল কৰিবলৈ প্রয়োজনীয় ব্যৱস্থা ল'ব লাগে। ইয়াৰ পিছতো যদি সুফল পোৱা নাযায় আৰু জটিল অৱস্থাৰ সৃষ্টি হয়, তেন্তে কোনো বিশেষজ্ঞৰ দ্বাৰা মানসিক চিকিৎসাৰ ব্যৱস্থা কৰাটো অতি আৱশ্যক। কিয়নো পিতৃ-মাতৃ আৰু শিক্ষকৰ অজ্ঞানতা আৰু উদাসীনতাৰ ফলত শিশুৰ মানসিক স্বাস্থ্য ধ্বংসমুখী হোৱাটো অতি স্বাভাবিক কথা। গতিকে তেনে অবস্থাত উপনীত হোৱাৰ আগতেই প্ৰতিকাৰৰ ব্যৱস্থা কৰা উচিত।


প্ৰতিকাৰমূলক ব্যৱস্থা কৰিবৰ বাবে তলত দিয়া লক্ষ্যবোৰ নিৰ্ধাৰণ কৰা হয়— 


(ক) মানসিক ৰোগ, বিকাৰ আৰু বেমাৰৰ প্ৰকাৰবোৰৰ বিষয়ে প্রয়োজনীয় জ্ঞান প্রদান কৰা।


(খ) বিশেষ মানসিক ৰোগ আৰু বিকাৰৰ প্ৰতিকাৰ আৰু চিকিৎসাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰোগ-চিকিৎসাৰ পৰামৰ্শ আগবঢ়োৱা।


(গ) অপসমাযোজিত, মানসিকভাবে অস্থিৰ আৰু মানসিক ৰোগীসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ সমাযোজনৰ বাবে উপায় আগবঢ়োৱা।


৩। মানসিক স্বাস্থ্য বিজ্ঞান কি? বহলাই আলোচনা কৰা।


উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান হ'ল স্বাস্থ্যবিজ্ঞানৰ এক শাখা যি ব্যক্তিৰ মানসিক স্বাস্থ্যৰ লগত সম্বন্ধ ৰক্ষা কৰে। মানসিক স্বাস্থ্যবিজ্ঞান মানে হ'ল কিছুমান নীতি-নিয়ম, যিবিলাকক অনুসৰণ কৰি এজন ব্যক্তিয়ে পৰিবেশত সুস্থ সমাযোজন কৰিব পাৰে, ব্যক্তিত্বৰ সুষম বিকাশ ঘটাব পাৰে আৰু মানসিক ৰোগ নিৰাময় কৰি এটা সুস্থ মনৰ অধিকাৰী হ'ব পাৰে।


সাধাৰণ দৃষ্টিকোণেৰে মানসিক স্বাস্থ্যবিজ্ঞানৰ অৰ্থ প্রদান কৰি ক'ব পাৰি যে মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনৰ শাস্ত্ৰই হ'ল মানসিক স্বাস্থ্যবিজ্ঞান। ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত সম্বন্ধিত বিভিন্ন দিশবোৰৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে অধ্যয়ন কৰে। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান লক্ষ্যই হ'ল ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্বৰ বিকাশ সাধন কৰি সমাজ জীৱনত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰা। অর্থাৎ মানসিক স্বাস্থ্যবিজ্ঞান হ'ল এক বিষয় যাৰদ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি-নিয়ম বা চৰ্ত অনুসৰণ কৰি ব্যক্তিত্বব বিকাশ ঘটাই সমাজত সংগতিপূর্ণভাবে সমাযোজন কৰিব পাৰে। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিমনৰ জটিল প্রক্রিয়াসমূহ ভাৰসাম্যভাবে প্রকাশ হোৱাত আৰু ইয়াৰ ক্ষেত্ৰত কিবা সমস্যাই দেখা দিলে তাৰ সমাধানৰ পথ দেখুৱায়। ইয়াৰ জৰিয়তে ব্যক্তিয়ে নিজৰ তৃপ্তি লাভ কৰাৰ উপৰিও সকলো স্তৰৰ ব্যক্তিৰ লগত স্বাভাবিকভাবে মিলামিচা কৰিব পাৰে। বাহ্যিক পৰিৱেশৰ ব্যক্তিৰ সৈতে সমাযোজন, ব্যক্তিৰ আচৰণ মার্জিত, কার্যকাৰী, আনন্দময় আৰু সমাজ অনুকূল কৰি তোলাত মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ বিচাৰশক্তি আৰু বিবেচনাৰ লগত ভাৰসাম্য বজাই ৰাখি সুখময় আৰু জীবন-যাপনত সহায় কৰে।


মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ মানসিক স্বাস্থ্যৰ লগত সংগতি থকা এক বিষয়। মানৱ জীৱন মানসিক দিশৰ প্ৰতিটো দিশ সামৰি লৈ মানসিক স্বাস্থ্যবিজ্ঞান এক সুকীয়া বিজ্ঞান হিচাপে পৰিগণিত হৈছে। শাৰীৰিক বিজ্ঞানে যিদৰে শৰীৰৰ ৰোগ আৰু নিৰাময়ৰ প্ৰকাৰসমূহ চিনাক্তকৰণ কৰে, মানসিক স্বাস্থ্যবিজ্ঞানেও মানসিক ৰোগৰ কাৰণ, প্ৰতিকাৰ আৰু উন্নয়নমূলক দিশসমূহ বিস্তৃতভাবে আৰু পদ্ধতিগতভাবে আলোচনা কৰে। মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগৰ প্ৰতিৰোধ আৰু নিৰাময়মূলক দিশ সম্পর্কে বিস্তৃতভাবেআলোচনা কৰাৰ উপৰিও মানসিক বিসংগতি, অপসমাযোজনাৰ সমস্যাসমূহ বিশ্লেষণ কৰি দেখুৱায়। ব্যক্তিৰ মানসিক স্বাস্থ্য কিদৰে সঠিকভাৱে পৰিচালনা কৰি মানসিক স্বাস্থ্যৰ উৎকৰ্ষ আৰু কাৰ্যকাৰিতা বৃদ্ধি কৰিব পাৰি সেই সকলোবোৰ দিশ মানসিক স্বাস্থ্যবিজ্ঞানত অন্তর্ভুক্ত কৰি লোৱা হয়। ইয়াৰ দ্বাৰা মানসিক আৰু বৌদ্ধিক গঠন আৰু বৃদ্ধি সম্ভৱ কৰি তুলিব পৰা যায়।


মানসিক স্বাস্থ্যবিজ্ঞান এক ব্যাপক পৰিসৰৰ বিষয়। কিয়নো ই ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰে। মানসিক ৰোগ নির্মূল কৰিবৰ কাৰণে জনসাধাৰণক শিক্ষা দিয়া, সমাজৰ লোকৰ অৱসৰ সময়ৰ সুস্থ ব্যৱস্থা কৰা, মানসিক ৰোগীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা, সংশ্লিষ্ট বিষয়ত উচ্চস্তৰীয় অধ্যয়ন আৰু গৱেষণা কৰা আদি বিভিন্ন বিষয় সামৰি লয়। গতিকে ক'ব পাৰি যে মানসিক স্বাস্থ্যবিজ্ঞান হ'ল এক শিক্ষামূলক বিষয় য'ত মনোবিজ্ঞানৰ কেতবোৰ জটিল দিশ অন্তর্নিহিত হৈ থাকে।


৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যাবলী সম্পর্কে চমুকৈ লিখা।


উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হৈছে উপযুক্তভাৱে নিজৰ পৰিৱেশ বুজি পোৱাত ব্যক্তিক সহায় কৰা আৰু সেই অনুসৰি ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰাত সহায় কৰা। ব্যক্তিমন জটিল প্রক্রিয়াসমূহ সহজ আৰু আকাংক্ষিত পথেৰে আগুৱাই নিয়া আৰু সেই ক্ষেত্রত দেখা দিয়া সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ব্যক্তিক সহায় কৰাই হ'ল মানসিক স্বাস্থ্যবিজ্ঞানৰ মুখ্য কাম। ইয়াৰ উপৰিও মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হ'ল ব্যক্তিক যথাযথভাবে নিজ পৰিৱেশত সমাযোজিত কৰি চলিবৰ বাবে আচৰণক নিয়ন্ত্রিত কৰাৰ সামৰ্থ্য প্রদান কৰা। এই বিজ্ঞানে আচৰণসমূহ তৃপ্তিদায়ক, আনন্দদায়ক আৰু সমাজ অনুকূলন কৰি তোলাত সহায় কৰে। মানসিক স্বাস্থ্যৰ প্ৰধান উদ্দেশ্যাবলী হৈছে প্ৰতিগৰাকী লোককে তলত দিয়া স্বাস্থ্য সম্পর্কীয় দিশসমূহ জনা আৰু উপলব্ধিত সহায় কৰা।


(ক) সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যা সমূহ জনা আৰু বুজাত সহায় কৰা।


(খ) সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজিপোৱাত সহায় কৰা।


(গ) মানসিক অসুস্থতাৰ কাৰণবোৰ জনা আৰু তেনে সমস্যাসমূহৰ চিকিৎসাৰ প্রক্রিয়াবোৰ জনা আৰু বুজি পোৱাত সহায় কৰা।


(ঘ) সামাজিক পৰিবেশৰ লগত সুন্দৰ সমাযোজন প্রক্রিয়া সমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰে।


(ঙ) ভাৰসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্রয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা।


(চ) অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশল সমূহৰ বিষয়ে জনাত সহায় কৰে।


আমেৰিকাৰ বিশিষ্ট মনোবিজ্ঞানী বি. এফ. স্কীনাৰে (B. F. Skinner) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যক ধনাত্মক (Positive) আৰু ঋণাত্মক (Negative) স্বৰূপে দুটা ভাগত ভাগ কৰিছে। ধনাত্মক ভাগটোরে বিভিন্ন প্ৰকাৰৰ মানসিক ৰোগৰ কাৰণ সম্বন্ধে অনুসন্ধান চলায় আৰু ঋণাত্মক ভাগটোৱে মানসিক ৰোগবোৰৰ প্ৰতিকাৰৰ বিষয়ে ব্যবস্থা গ্ৰহণ কৰে।


এ. জে. ৰজান'ফ (A. J. Rosnoff)ৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য তিনিটা হ'ল-


(i) ব্যক্তিৰ সুপ্ত জন্মগত গুণবোৰৰ বিষয়ে তথ্য আহৰণ কৰা।


(ii) জন্মগত গুণ আৰু শক্তিবোৰৰ দ্বাৰা ব্যক্তিৰ সামাজিক, শাৰীৰিক, শৈক্ষিক বৃত্তীয় সমাযোজনত সহায় কৰা।


(iii) মানসিক ৰোগবোৰৰ প্ৰতিৰোধ।


৫। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।


উত্তৰঃ মানসিক স্বাস্থ্য মানুহৰ আচৰণৰ লগত জড়িত। মানুহে ভিন্ন সময়ত ভিন্ন আচৰণ প্রদর্শন কৰে। মানুহৰ জীৱনৰ সমগ্ৰ আচৰণক মানসিক স্বাস্থ্যবিজ্ঞানে আলোচনা কৰে। ভাল মানসিক স্বাস্থ্যই আমাক শিকাত, যুক্তি প্রদর্শন কৰাত, উৎপাদন কৰাত, আনৰ লগত সম্বন্ধ স্থাপন কৰাত আৰু আনৰ প্রতি প্রতিক্রিয়া প্রদর্শন কৰাত সক্ষমতা প্রদান কৰে।


সুস্থ জীৱন-যাপনৰ এক বিজ্ঞান হিচাপে মানসিক স্বাস্থ্য বিজ্ঞানে আমাৰ শান্তিপূর্ণ জীৱন প্রক্রিয়াৰ লগত সম্বন্ধ থকা সমস্ত সমস্যাৱলীক অধ্যয়ন কৰাত সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞান মনোবিজ্ঞানৰ এক উল্লেখযোগ্য দিশ। এই বিজ্ঞানে প্রত্যেক ব্যক্তিৰ এক সুস্থ সামাজিক জীৱন সমৃদ্ধ ব্যক্তিত্বৰ গঢ় দিবলৈ চেষ্টা কৰে। ব্যক্তিৰ বৌদ্ধিক, আৱেগিক আৰু শাৰীৰিক দিশৰ মাজত এক সঠিক সম্বন্ধ স্থাপনত সহায় কৰে যিয়ে ব্যক্তিক সন্তুষ্ট আৰু আশাবাদী কৰি তোলে। মানসিক স্বাস্থ্যবিজ্ঞান সুস্থ জীৱন-যাপনৰ নীতি নিয়মৰ লগত জড়িত বিজ্ঞান। ব্যক্তিৰ জীৱনৰ স্বাস্থ্য আৰু স্বাস্থ্যবিধি দুয়োটাই অতিকে গুৰুত্বপূর্ণ।


মানসিক স্বাস্থ্যবিজ্ঞানে স্বাস্থ্যবিধি সম্পর্কে আমাক সঠিক জ্ঞান প্রদান কৰে। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রয়োজনীয়তা আৰু গুৰুত্বসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল— 


(১) মানসিক স্বাস্থ্যবিজ্ঞান সুস্বাস্থ্য ৰক্ষাৰ লগত জড়িত। এই বিজ্ঞানে মানসিক অসুস্থতাৰ কাৰণবোৰ জানি উঠাত আমাক সহায় কৰে।


(২) সুস্থ জীৱন যাপনৰ কলাৰ বিষয়ে নজনাকৈ কেতিয়াও জীৱনটো উদযাপন কৰিব নোৱাৰি। মানসিক স্বাস্থ্যবিজ্ঞানে জীৱন যাপনৰ কলাৰ বিষয়ে ব্যক্তিক সচেতন কৰি তোলে।


(৩) শৰীৰ আৰু মনৰ সুস্থতাই সুস্থ চিন্তা, উন্নত কর্ম সংগঠন, সু-আচৰণ প্রদর্শন আদি কাৰ্যক্ষেত্ৰত পৰিণত কৰে। এনে দিশসমূহ ভাৰসাম্যপূর্ণ জীৱনৰ লক্ষণ। মানসিক স্বাস্থ্যবিজ্ঞানে যিহেতু শৰীৰ আৰু মনৰ সুস্থতাৰ বাবে কাৰ্য কৰে গতিকে উন্নত ভাৰসাম্যপূর্ণ জীবন অতিবাহিত কৰাৰ সামৰ্থ প্রদানত মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব অপৰিসীম।


(৪) যিসকল ব্যক্তি মানসিক বিকাৰগ্ৰস্ততাত ভূগিছে বা মানসিক সমস্যাৰ কবলত পৰিছে তেনে ব্যক্তিসকলৰ চিকিৎসা বা নিদানৰ উদ্দেশ্যে মানসিক স্বাস্থ্যবিজ্ঞানে বিভিন্ন পদক্ষেপ যেনেঃ পৰামৰ্শদান, মনোচিকিৎসা আদিৰ ব্যৱস্থা কৰে যাব জৰিয়তে তেনে ৰোগসমূহৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়।


(৫) মানসিক স্বাস্থ্যকর্মী সকলে যাতে ব্যক্তিৰ মনোবৈজ্ঞানিক সমস্যাসমূহ বুজি তেওঁলোকক প্রয়োজনীয় সহায় আগবঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যবিজ্ঞানে প্রশিক্ষণৰ ব্যৱস্থা গ্রহণ কৰে।


(৬) ব্যক্তিৰ স্বাভাৱিক আচৰণত দেখা দিয়া অস্বাভাৱিকতা যেনে- চিন্তা কৰিবলগীয়া বিষয়ত চিন্তা কৰা, সামান্য সমস্যা একোটাৰ সমাধান কৰিব নোৱাৰা, যিকোনো পৰিৱেশত অযথা ভয় খোৱা, ইত্যাদি অস্বাভাবিকতাৰ কাৰণ নির্ণয় আৰু তাৰ প্ৰতিকাৰ সম্পৰ্কে আলোচনা কৰা আৰু গৱেষণা কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানৰ অতিকে প্রয়োজন।


(৭) ব্যক্তিৰ সামাজিক জীৱনৰ বিভিন্ন আচৰণ যেনে- হিংসা পৰায়ণতা, প্রতিশোধপৰায়ণতা, উশৃংখলতা, লাজকুৰীয়া স্বভাৱ আদিৰ লগত থকা আবেগিক আচৰণসমূহৰ কাৰণ উদ্‌ঘাটন কৰা আৰু সমাজৰ লগত সুস্থ সমাযোজনৰ বাবে প্রয়োজনীয় সামাজিকতাবোধৰ বিকাশ ঘটোৱাত মানসিক স্বাস্থ্যবিজ্ঞানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।


(৮) ব্যক্তিৰ শৈশবকালীন অভিজ্ঞতাৰ ওপৰতে যিহেতু ভবিষ্যত জীৱনৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে সেয়ে শিশুৰ পিতৃ-মাতৃৰ আচৰণ, বয়োজ্যেষ্ঠসকলৰ আচৰণ, বিভিন্ন চাহিদাৰ পৰিতৃপ্তি, দৈনন্দিন অভিজ্ঞতাৰ স্বৰূপ আদি দিশসমূহৰ বিকাশ সাধনৰ প্রয়োজন। এনে সজ আচৰণসমূহৰ বিকাশৰ অধ্যয়নৰ লগত মানসিক স্বাস্থ্যবিজ্ঞান জড়িত।


মুঠতে মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব অপৰিসীম। ব্যক্তিৰ জীৱনৰ সমগ্ৰ পৰিৱেশকে মানসিক স্বাস্থ্যবিজ্ঞানে সাঙুৰি লয়। বিশেষকৈ ক'ভিড ১৯ৰ সময়ছোৱাত সকলো ব্যক্তিৰে মানসিক স্বাস্থ্যৰ সুৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰয়োজন আহি পৰিছিল। ব্যক্তিব ব্যক্তিত্বৰ সুষম বিকাশৰ বিষয়ে জনাত মানসিক স্বাস্থ্যবিজ্ঞানে আমাক সহায় কৰে। সমাযোজন কৌশলৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে অধ্যয়ন কৰে যাৰ সহায়ত সুস্থ মানসিক স্বাস্থ্যৰ পৰিপন্থী উত্তেজনা, উদ্বিগ্নতা আদিক নিৰাময় কৰি মানসিক স্বাস্থ্যৰ সুৰক্ষা দিয়ে।


৬। মানসিক স্বাস্থ্যবিজ্ঞানৰ দিশ তথা কামসমূহ কি কি আলোচনা কৰা।


উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ দিশ তথা কামবোৰ তলত আলোচনা কৰা হ'ল— 


(১) নির্ণেয়াত্মক দিশঃ যিবিলাক ব্যক্তিয়ে ঘৰ-বাৰী এৰি ঘূৰি ফুৰে, কথাৰ আৰু কামৰ লাগ-বান্ধ নাথাকে তেনে ব্যক্তিক সচৰাচৰ পাগল বা মানসিক ৰোগী বুলি কোৱা হয় যদিও প্রকৃততে সমাজৰ আৰু পৰিৱেশৰ লগত স্বাভাৱিকভাবে সমাযোজন কৰিব নোৱাৰি অপসমাযোজনমূলক আচৰণৰ আশ্রয় লোৱাসকলকো মানসিক ৰোগীৰ শাৰীতে ধৰা হয়। এই মানসিক ৰোগীৰ মানসিক অসুস্থতাৰ প্ৰকাৰ আৰু তাৰ কাৰণ নিৰ্ণয় কৰাটোৱেই হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ এক প্রধান কাম। উদাহৰণস্বৰূপে কৈশোৰকালত বহু ল'ৰা-ছোৱালীয়ে প্ৰদৰ্শন কৰা অপৰাধমূলক প্ৰৱণতা অপসমাযোজন মাত্র। এই অপৰাধপ্ৰৱণতা কৈশোৰকালৰ ল'ৰা-ছোৱালীৰ এক মানসিক ৰোগ বা ব্যাধি। গতিকে এনে ৰোগ বা ব্যাধিৰ প্ৰকৃত কাৰণ আৰু উৎস নির্ণয় কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান দিশ বা কাম


(২) প্রতিষেধাত্মক বা প্ৰতিৰোধমূলক দিশঃ যিবিলাক ব্যক্তিৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হোৱাৰ সম্ভাবনা দেখা যায় সেই ব্যক্তিৰ সমস্যাসমূহ অনুধাৱন কৰা সেইসমূহৰ প্ৰতিৰোধ কৰাৰ উপযোগী ব্যৱস্থা অবলম্বন কৰাই হ'ল মানসিক স্বাস্থ্যবিজ্ঞানৰ এক প্রধান কাম। এই প্রতিৰোধমূলক দিশটেত ব্যক্তিৰ নিজস্ব চাৰিণা, সমস্যা তথা বৈশিষ্ট্যটোৰ প্রতি বিশেষ দৃষ্টি ৰখাৰ লগতে সেইবিলাকৰ উপযোগী পাবস্থা অবলমন কৰা হয়। ব্যক্তিৰ মানসিক স্বাস্থ্য বিপন্ন হোৱাৰ আগতেই তাৰ কাৰণ ব্যৱস্থা গ্রহণ কৰা দৰকাৰ। অভিজ্ঞ মানসিক ৰোগৰ


চিকিৎসকসকলে মানসিক ৰোগগ্রস্ত লোকৰ ৰোগ নিৰ্ণয় কৰি স্বাভাবিক স্বাস্থ্যসন্মত ব্যক্তি যাতে তেনে বোগত আক্রান্ত নহয় তাৰ ব্যবস্থা গ্রহণ কৰিব পাৰে। ফ্ৰয়ডে তেওঁৰ মনোবিশ্লেষণ পদ্ধতিৰ সহায়ত প্রকাশ কৰিছিল যে ব্যক্তিয়ে আবেগ-অনুভূতি, কামনা-বাসনা আদিক অবদমিত কৰি ৰখাৰ ফলত বিভিন্ন মানসিক ৰোগ বা ব্যাধিৰ সৃষ্টি হ'ব পাৰে। গতিকে প্রতিষেধক বা প্ৰতিৰোধমূলক ব্যবস্থা হিচাপে শিশুসকলৰ ইচ্ছা-অনুভূতি কামনা-বাসনা আদিক অবদমিত কৰি ৰখাৰ পৰিৱৰ্তে সংশোধিত পথেৰে প্ৰকাশ কৰাৰ সম্ভাব্য মানসিক অশান্তিৰ পৰা বচায় ৰাখিব পৰা যায়। এনে ব্যবস্থা গ্রহণ কৰি ব্যক্তিক মানসিক ৰোগৰ পৰাই বচাই ৰখা মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা প্রধান কাম।


(৩) সংৰক্ষণাত্মক বা সংৰক্ষণমূলক দিশঃ মানসিকভাবে ৰোগগ্রস্ত ব্যক্তিসকল এবাৰ সুস্থ হৈ উঠাৰ পিছত যাতে পুণৰ অসুস্থ হৈ নপৰে তাৰ বাবে উপযুক্ত সংৰক্ষণমূলক ব্যবস্থা গ্রহণ কৰাটোও মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা প্রধান কাম। দেখা যায় যে স্বাভাবিক পৰিৱেশতহে শিশুৰ স্বাভাৱিক মন গঢ়ি উঠে। কিন্তু যেতিয়া পৰিবেশত এক অস্বাভাবিক পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া শিশু তথা ব্যক্তিয়ে তেনে পৰিবেশৰ লগত সুস্থভাবে সংগতিবিধান কৰিব নোৱৰাৰ ফলত শিশুৰ মনৰ মাজত বিভিন্ন অস্বাভাবিকতা বা ব্যাধিয়ে দেখা দিব পাৰে। সেয়ে দেখা যায় যে অস্বাভাবিক পৰিৱেশ পৰিস্থিতিৰ বাহিৰে শিশুৱে সমাজৰ নিৰ্দিষ্ট আচৰণবোৰ সম্পন্ন কৰা, বিদ্যালয়লৈ যোৱা, পঢ়া-শুনা কৰা, নিজ পৰিৱেশৰ লগত খাপ খাই চলা আদিৰ ক্ষেত্ৰত যথেষ্ট স্বাভাবিক। কিন্তু বিভিন্ন অসামাজিক পৰিস্থিতিয়ে শিশুক অসামাজিক, উচ্ছৃংখল, অমনোযোগী আৰু অন্যান্য সমস্যা জৰ্জৰিত কৰি তুলিব পাৰে, যিবোৰে শিশুৰ মানসিক স্বাস্থ্যত বিরূপ প্রভাৱ পেলাব পাৰে। সেয়ে প্রতিকূল পৰিৱেশৰ বাবে শিশুৰ মানসিক স্বাস্থ্য যাতে ক্ষুণ্ণ নহয় তাৰ বাবে ব্যৱস্থা লোৱাই মানসিক স্বাস্থ্যবিজ্ঞানৰ এক প্রধান কাম। ইয়াৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানে কিছুমান সংৰক্ষণমূলক ব্যৱস্থা গ্রহণৰ ওপৰত গুৰুত্ব দিয়ে; যেনে- ঘৰ, বিদ্যালয়, খেলপথাৰ, বয়স্কৰ মনোভাৱ আৰু আচৰণ, শ্রেণীকোঠাৰ সংগঠন, শিকন পদ্ধতি, শিক্ষক-শিক্ষার্থী সম্পর্ক আদি পৰিৱেশৰ বিভিন্ন শক্তিসমূহ যাতে প্রতিকূল হৈ উঠিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা।


(৪) আৰোগাত্মক বা প্ৰতিকাৰমূলক দিশঃ যি সকল ব্যক্তিৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হয় বা অৱনতি ঘটে তেনে লোকসকলৰ মানসিক স্বাস্থ্যক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে প্রয়োজনীয় আৰোগাত্মক বা প্রতিকাৰমূলক ব্যৱস্থা গ্রহণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রধান কাম। মানসিক ৰোগৰ পৰা ব্যক্তিক আৰোগ্য কৰাৰ বাবে উপযুক্ত দিহা-পৰামর্শ আগবঢ়োৱা আৰু প্রয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বহুতো মানসিক ৰোগীয়ে নিজাববীয়াকৈ যাতে প্ৰতিকাৰমূলক ব্যবস্থা গ্রহণ কৰিব পাৰে তাৰ বাবে আৱশ্যকীয় প্রশিক্ষণ দিয়াটোও মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রধান সংৰক্ষণমূলক কার্য।