পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূ-পৃষ্ঠৰ পৰিৰ্ৱতন

অধ্য়ায়-১

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি?
উঃ ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে পৃথিৱীৰ গঠন, আকৃতি আৰু বৈশিষ্ট্য়ৰ পৰিৱৰ্তনকে বুজায়।

(খ) ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি?
উঃ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক দুটা হ'ল- বাহ্য়িক কাৰক আৰু আভ্য়ন্তৰীণ কাৰক।

(গ) পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান?
উঃ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০॰ চেলচিয়াছতকৈ বেছি।

(ঘ) ছিমা (SiMa) শব্দটো ক'ৰপৰা আহিছে?
উঃ ছিমা (SiMa) স্তৰ বুলিও জনা যায়। 'SiMa' শব্দৰ 'Si' - এ ছিলিকন আৰু 'Ma' - এ মেগনেছিয়ামক বুজাইছে

২. পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা।
উঃ পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইবাটাও স্তৰ আছে। ইয়াৰে ভূপৃষ্ঠৰপৰা তললৈ প্ৰথম স্তৰটো হ'ল ভূত্বক (Crust)। তাৰ তলত আছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ (Mantle) আৰু পৃথিৱীৰ কেন্দ্ৰভাগত আছে কেন্দ্রমণ্ডল (Core)। কেন্দ্রমণ্ডলক অন্তঃকেন্দ্রমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডল এই দুই ভাগত ভাগ কৰা হয়।

(ক) ভূত্বকঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ-মহাসাগৰ আদি অৱয়ববোৰ ইয়াতেই অৱস্থিত। বায়ুমণ্ডলে ভূত্বককে স্পর্শ কৰি আছে। ভূত্বক গড়ে প্রায় ২০ কিলোমিটাৰ ডাঠ। এই স্তৰটো কঠিন শিলাৰে গঠিত। ভূত্বক প্রধানকৈ ছিলিকন আৰু এলুমিনিয়ামৰদ্বাৰা গঠিত। সেয়েহে, ইয়াক 'ছিয়াল' স্তব বুলি কোৱা হয়। 

(খ) গুৰুমণ্ডলঃ ভুত্বকৰ নিম্নভাগৰপৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই হৈছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ। ভূত্বকতকৈ এই স্তৰৰ উত্তাপ বেছি। সেয়েহে, ইয়াত থকা পদাৰ্থবোৰ গলিত অৱস্থাত আছে। ভুত্বকৰ হেঁচাত এই গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি একধৰণৰ উর্ধমুখী সোঁতৰ সৃষ্টি কৰে। এনে সোঁতৰ ক্ৰিয়াৰ ফলতেই পৃথিৱীখন অস্থিব অৱস্থাত থাকে।

(গ) কেন্দ্রমণ্ডলঃ গুৰুমণ্ডলৰ নিম্নাংশৰপৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা অংশটোৰেই কেন্দ্রমণ্ডল। এই স্তৰটোৰ গভীৰতা প্রায় ৩,৪৮৬ কিলোমিটাৰ। এই স্তৰটো মূলতঃ লো আৰু নিকেলৰদ্বাৰা গঠিত কাৰণে ইয়াক নিফ (NiFe) স্তৰ বুলিও জনা যায়। কেন্দ্ৰমণ্ডলৰ বাহিৰৰ অংশটো তৰল আৱৰণেৰে গঠিত।



৩. পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা?
উঃ কিছুমান কাৰক আছে যিবোৰে পৃথিৱীৰ ভিতৰভাগত ক্ৰিয়া কৰি থাকে। এনেধৰণৰ কাৰকক আভ্য়ন্তৰীণ কাৰক বোলা হয়।

৪. ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্র কাক বোলে?
উঃ ভূমিকম্প হৈছে একপ্ৰকাৰৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ।
        
        ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বোলে। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বোলে।

৫. আগ্নেয়গিৰি উদ্গিৰণ বুলিলে কি বুজা?
উঃ আগ্নেয়গিৰিৰ উদ্গিৰণো আভ্যন্তৰীণ শক্তিৰদ্বাৰা সৃষ্টি হোৱা এটি পৰিঘটনা। ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাঁকেদি ভূগৰ্ভৰপৰা উত্তপ্ত গলিত পদার্থ, ধোঁৱা, ছাঁই, বাষ্প আদি প্রবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰিৰ উদ্গিৰণ (Volcanic Eruption) বুলি কোৱা হয়।


অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া।
উঃ বাহ্য়িক শক্তিৰ দুটা উদাহৰণ হল- বতাহ আৰু বৰষুণ।

(খ) ক্ষয়কার্য কেইপ্ৰকাৰ আৰু কি কি?
উঃ ক্ষয়কাৰ্য দুই প্ৰকাৰৰ। সেইকেইটা হ'ল- বিচূৰ্ণীভৱন আৰু ক্ষয়ীভৱন।

(গ) অৱক্ষেপণ বুলিলে কি বুজা?
উঃ পৰিবহণ প্ৰক্ৰিয়াই ক্ষয হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে।

(ঘ) বালিয়ৰি কেইপ্ৰকাৰৰ আৰু কি কি?
উঃ বালিয়ৰি তিনি প্ৰকাৰৰ। সেইকেইটা হ'ল- অনুদৈৰ্ঘ বালিয়ৰি, অনুপ্ৰস্থ বালিয়ৰি আৰু বাৰখান বালিয়ৰি।

২. সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে?
উঃসূৰ্যৰ ৰশ্মি হৈছে পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰা অন্য়তম প্ৰধান কাৰক। ভূপৃষ্ঠত সূৰ্যৰ ৰশ্মি কেনেদৰে পৰে, সেইটোৱেই অঞ্চলটোৰ জলবায়, উদ্ভিদ আহি কেনে হ'ব তাক নিৰ্ধাৰণ কৰে। সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰে সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাঁট মেলে। এইদৰে ফাঁট মেলি ভাঙি-চিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পৰ্বতৰ সৃষ্টি হয়।

৩. হিমবাহৰ সৃষ্টি কেনেকৈ হয়?
উঃ দুই মেৰু আৰু উচ্চ পার্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ নদীৰ দৰে নামি আহিলেই তাক হিমবাহ বা বৰফৰ নৈ বুলি কোৱা হয়। সাধাৰণতে জমা হৈ থকা বৰফবোৰৰ ওপৰৰ স্তৰৰ হেঁচা আৰু পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ ফলতেই হিমবাহ তললৈ নামি আহে। হিমবাহবোৰে তললৈ নামি আহোঁতে লগত দুয়োকাষৰ শিল, বালি, মাটি আদি কঢ়িয়াই আনে। এই পদার্থবোৰ শেষত হিমবাহটো গলি যোৱা ঠাইত জমা হয়। এইদৰে নদীৰ দৰে হিমবাহেও খনন, পৰিবহণ আৰু অৱক্ষেপণ- এই তিনিওটা কাৰ্য সম্পাদন কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে।


৪. সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে?
উঃ উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়বৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী, হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্রুতভাৱে উপকূলভূমিৰ পৰিৱৰ্তন ঘটে।



Type By: Bikash Bora