ELECTRICITY, ELECTRICAL CIRCUITS AND THEIR COMPONENTS
বিদ্য়ুৎ, বৈদ্য়ুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশমূহ
Chapter - 2
Q. 1. Darken the circle of correct answer. (শুদ্ধ উত্তৰৰ গোেলটো সম্পূর্ণকে পূৰ কৰা।)
(i) Which one of the following will allow electric current to pass through it? (তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্রবাহ পাৰ হ'বলৈ দিব?)
(a) Matchstick (দিয়াচলাই কাঠী)
(b) Plastic comb (প্লাষ্টিকৰ ফণি)
(c) Eraser (মোহৰা ৰবৰ)
(d) Iron nail (লোৰ গজাল)
Ans. (d)
(ii) What is the name of the device that is used to either break or complete an electric circuit? (বৈদ্যুতিক বর্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যবহাৰ কৰা আহিলাটোৰ নাম কি?)
(a) Conductor (পৰিবাহী)
(b) Switch (ছুইচ)
(c) Current (প্রৱাহ)
(d) Terminal (মেৰু)
Ans. (b).
(iii) Which of the following is an insulator? (তলৰ কোনটো অন্তৰক?)
(a) Copper (তাম)
(b) Mercury (পাৰা)
(c) Glass (কাঁচ)
(d) Gold (সোণ)
Ans. (c)
(iv) Which metal is used to make the filament of the bulb?
(বালুৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়?)
(a) Lead (সীহ)
(b) Gold (সোণ)
(c) Copper (তাম)
(d) Tungsten (টাংস্টেন)
Ans. (d)
(v) What is the name of the circuit when the switch in an electric circuit is in the 'OFF' position? (বৈদ্যুতিক বৰ্তনীৰ ছুইচটো 'অফ' অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?)
(a) Closed circuit (বন্ধ বর্তনী)
(c) Open circuit (মুক্ত বর্তনী)
(b) Short circuit (শ্বর্ট চার্কিট)
(d) None of these (এইবোৰৰ এটাও নহয়)
Ans. (c)
(vi) What is the name of the circuit when the switch in an electric circuit is in the 'On' position? (বৈদ্যুতিক বৰ্তনীৰ ছুইচটো 'অন' অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?)
(a) Short circuit (শ্বট চার্কিট)
(c) Open circuit (মুক্ত বর্তনী)
(b) Closed circuit (বন্ধ চার্কিট)
(d) None of these (এইবোৰৰ এটাও নহয়)
Ans. (b)
Q. 2. Fill in the blanks (খালী ঠাই পূৰ কৰা।)
(i) The combination of two or more cells is called a __________.
(দুই বা ততোধিক কোষৰ সংমিশ্রণক ______ বুলি কোৱা হয়।)
Ans. battery (বেটাৰি)
(ii) Our body is a _______ of electricity. (আমাৰ শৰীৰটো বিদ্যুতৰ ___________ ।)
Ans. conductor (পৰিবাহী)
(iii) An electric cell has __________ terminals. (বৈদ্যুতিক কোষ এটাত ___________টা টার্মিনেল থাকে।)
Ans. two (দুটা)
(iv) Electricity will only flow in an ________ circuit.
(বিদ্যুৎ কেৱল ________ বর্তনী এটাতহে প্রবাহিত হ'ব।)
Ans. closed (বন্ধ)
(v) Materials that allow electricity to pass through them are called __________. (যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক _______ বোলা হয়।)
Ans. conductors (পৰিবাহী)
(vi) Materials that do not allow electricity to pass through them are called _______. (যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক ________ বোলা হয়।)
Ans. insulators (অন্তৰক)
(vii) The thin wire that produces light after glowing in the centre of the bulb is known as ________. (বালুৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক _____ বুলি কোৱা হয়।)
Ans. filament (ফিলামেন্ট)
(viii) Electric ______ is a path along which electricity flows. (বৈদ্যুতিক______ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।)
Ans. circuit (বর্তনী)
(ix) A _______ is a device used to determine whether a substance is a conductor or an insulator of electricity. (____ হৈছে পদার্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।),
Ans. tester (টেষ্টাৰ)
Q. 3. State whether the following statements are true (T) or false (F).
(তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা।)
(i) The metal cap in an electric cell is the positive terminal. (বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপীটো হৈছে ধনাত্মক মেৰু।)
Ans. True (সঁচা)
(ii) A circuit diagram uses standard symbols for electric components. (এটা বর্তনী চিত্রত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যবহাৰ কৰা হয়।)
Ans. True (সঁচা)
(iii) A group of battery is called a cell. (বেটাৰিৰ এটা গোটক কোষ বুলি কোৱা হয়।)
Ans. False (মিছা)
(iv) Insulators allow electric current to pass through them. (অন্তৰকে বিদ্যুৎ প্ৰৱাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে।)
Ans. False (মিছা)
(v) An electric bulb has one terminal. (এটা বৈদ্যুতিক বালুত এটা টার্মিনেল থাকে।)
Ans. False (মিছা)
(vi) A circuit in which the path of electric current is broken is called an open circuit.
(যি বৰ্তনীত বৈদ্যুতিক প্ৰৱাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয়, সেই বর্তনীটোক মুক্ত বর্তনী বুলি কোৱা হয়।)
Ans. True (সঁচা)
(vii) Plastic is a good conductor of electricity. (প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী।)
Ans. False (মিছা)
Q. 4. Match the following (তলত
দিয়া কথাবোৰ মিলোৱা।)
|
Column-I (স্তম্ভ I) |
Column-II (স্তম্ভ II) |
|
(i) An electric cell (বৈদ্যুতিক কোষ) |
(a) It is a simple device that either completes the
circuit or breaks it. (ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ
কৰে বা ইয়াক বিচ্ছিন্ন কৰে।) |
|
(ii) An electric switch (এটা বৈদ্যুতিক
ছুইচ) |
(b) Device which converts chemical energy into
electrical energy. (এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক
শক্তিলৈ ৰূপান্তৰিত কৰে।) |
|
(iii) Closed circuit (বন্ধ বর্তনী) |
(c) Thin wire in a light bulb that emits light. (পোহৰ নিৰ্গত কৰা বালু এটাত থকা পাতল তাঁৰ।) |
|
(iv) Filament (ফিলামেন্ট) |
d) Circuit in which the path of electric current is
complete or closed. (বর্তনী য'ত বৈদ্যুতিক
প্ৰৱাহৰ পথ সম্পূর্ণ বা বন্ধ।) |
Ans. (i) - (b), (ii) -
(a), (iii) - (d), (iv) - (c)
Q. 5. In Fig. (a & b) (চিত্র
a আৰু bত )
(i) If S, is in 'ON' position, S, is in
'OFF' position, which lamp(s) will glow? (যদি S, 'অন' হৈ থাকে, S, 'অফ' হৈ থাকে, কোনকেইটা বালু জ্বলিব?
(ii) If S, is in 'OFF' position, S, is in
'ON' position, which lamp(s) will glow? (যদি S, 'অফ' হৈ থাকে, S, 'অন' হৈ থাকে, কোনকেইটা বালু জ্বলিব?
(iii) If S, and S, both are in 'ON'
position, which lamp(s) will glow? (যদি S, আৰু
S, দুয়োটা 'অন' হৈ
থাকে, কোনকেইটা বালু জ্বলিব?
(iv) If both S₁ and S, are in
'OFF' position, which lamp(s) will glow? (যদি S, আৰু S, দুয়োটা 'অফ' হৈ থাকে, কোনকেইটা বালু জ্বলিব?
Ans. (i)
(a) None of the bulbs will glow. (এটাও বাল্ব নজ্বলিব)
(b)
L, will glow (L, জ্বলিব)
(ii) (a) None of the
bulbs will glow. (এটাও বাল্ব নজ্বলিব)
(b) None of the bulbs
will glow.(এটাও বাল্ব নজ্বলিব)
(iii) (a) Both the bulbs
will glow. (দুয়োটা বাল্বেই জ্বলিব)
(a) Both the
bulbs will glow. (দুয়োটা বাল্বেই জ্বলিব)
(iv) (a) None of the
bulbs will glow. (এটাও বাল্ব নজ্বলিব)
(b) None of the
bulbs will glow. (এটাও বাল নজ্বলিব)
Q. 6. Doithan has made the circuit as
shown in Fig. Even after keeping the switch 'ON', the lamp does not glow. What
can be the possible reasons for this faulty operation? (ডইথনে
চিত্রত দেখুওৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ছুইচটো 'অন'
ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে। এই ত্রুটিপূর্ণ
কাৰ্যপদ্ধতিৰ সম্ভাব্য কাৰণ কি হ'ব পাৰে?)
Ans. Possible reasons
for this faulty operation are -
(i) Electric lamp is fused.
(ii) The wires in the circuit are loosely connected.
(iii) The cells are used up.
এই ত্রুটিপূর্ণ কাৰ্যপদ্ধতিৰ সম্ভাব্য
কাৰণবোৰ হ'ল-
(i) বৈদ্যুতিক চাকিটো ফিউজ হৈছে।
(ii) বৰ্তনীত তাঁৰবোৰ ঢিলাকৈ সংযোজিত হৈ
আছে।
(iii) কোষবোৰৰ কার্যক্ষমতা শেষ হৈছে।
Q. 7. In Fig, in which case(s) the lamp
will not glow when the switch is closed? (চিত্ৰৰ কোনকেইটাৰ
ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব?)
Ans. (c)
Q. 8. Suggest a method to identify the two
terminals of a battery if '+' and '-' symbols are not earmarked in this
battery. ('+' আৰু '-' চিহ্নৰে সূচিত নকৰা
বেটাৰি এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া।)
Ans. Ans. To identify
the two terminals of a battery, connect two wires separately to the two
terminals of the battery. Then connect the free end of one wire to the positive
terminal of an LED and the free end of the other wire to the negative terminal
of the LED. If the LED glows, it shows that the battery terminal connected to
the positive terminal of the LED is the positive terminal and the other one is
the negative terminal.
(বেটাৰিৰ দুটা মেৰু চিনাক্ত কৰিবলৈ,
বেটাৰিৰ দুয়োটা মেৰুৰ লগত পৃথকে পৃথকে দুডাল তাঁৰ সংযোগ কৰিব লাগে।
তাৰ পিছত এডাল তাঁৰৰ মুক্ত মূৰটো এল.ই.ডি.-ৰ ধনাত্মক মেৰুৰ লগত আৰু আনডাল তাঁৰৰ
মুক্ত মূৰটো এল.ই.ডি.-ৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিব লাগে। যদি এল.ই.ডি.টো জ্বলি
উঠে, তেন্তে বুজা যাব যে এল.ই.ডি.-ৰ ধনাত্মক মেৰুৰ লগত
সংযুক্ত বেটাৰিৰ মেৰুটো ধনাত্মক আৰু আনটো মেৰু ঋণাত্মক।)
Q. 9. An LED requires two cells in series
to glow. Chitralekha made the circuit as shown in Fig. Will the lamp glow? If
not, draw the circuit for correct connections. (এটা এল ই ডি
জ্বলিবলৈ শ্ৰেণীবদ্ধভাবে থকা দুটা কোষৰ প্রয়োজন। চিত্রলেখাই চিত্রত দেখুওৱাৰ দৰে
বৰ্তনীটো সাঁজি উলিয়াইছিল। বাল্বটো জ্বলিবনে? যদি নজ্বলে,
সঠিক সংযোগৰ বাবে তাঁৰবোৰ আঁকা।)
Ans. The bulb will now
glow. (বালুটো নজ্বলে।)
Diagram of the circuit for correct connections. (সঠিক সংযোগৰ বাবে বৰ্তনীৰ চিত্ৰ-)
Q. 10. Find what is wrong in the given
circuits. Draw simple labelled diagrams to show how each circuit can be
corrected. (প্রদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা। প্রতিটো
বর্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা।)
Ans. In the first
circuit, the positive terminals of both the cells are connected together, which
is incorrect. The positive terminal of one cell should be connected to the
negative terminal of the other cell. In the second circuit, the terminals of
the LED are connected wrongly because the negative terminal of the LED is shown
as the positive terminal. The LED should be connected with correct positive and
negative terminals.
(প্ৰথম বর্তনীটোত দুয়োটা কোষৰ ধনাত্মক
মেৰু একেলগে সংযোগ কৰা হৈছে, যিটো ভুল। এখন কোষৰ ধনাত্মক
মেৰু আনখন কোষৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিব লাগে। দ্বিতীয় বর্তনীটোত এল.ই.ডি.-ৰ
মেৰু ভুলকৈ সংযোগ কৰা হৈছে, কাৰণ ইয়াত ঋণাত্মক মেৰুক ধনাত্মক
মেৰু হিচাপে দেখুওৱা হৈছে। এল.ই.ডি.-টো সঠিক ধনাত্মক আৰু ঋণাত্মক মেৰু অনুসৰি
সংযোগ কৰিব লাগে।)
Q. 11. Why do electricians wear rubber
gloves while repairing a switch in your home?
(তোমাৰ ঘৰত ছুইচ মেৰামতি কৰোঁতে ইলেক্ট্রিচিয়ানসকলে কিয় ৰবৰৰ
হাতমোজা পিন্ধে?)
Ans. Electricians wear
rubber gloves while repairing electrical switches because rubber is a poor
conductor of electricity. It prevents electric current from passing through
their body and protects them from electric shock.
(ইলেক্ট্রিচিয়ানসকলে বৈদ্যুতিক ছুইচ মেৰামতি কৰোঁতে ৰবৰৰ হাতমোজা
পিন্ধে, কাৰণ ৰবৰ বিদ্যুতৰ কু-পৰিবাহী। ই বিদ্যুৎ প্রবাহক
শৰীৰৰ মাজেৰে যাবলৈ বাধা দিয়ে আৰু বিদ্যুৎ আঘাতৰ পৰা সুৰক্ষা দিয়ে।)
Q. 12. How is electricity dangerous even
though it is useful? Have a group discussion on this topic.
(বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপজ্জনকো হ'ব
পাৰে, কেনেকৈ? এই বিষয়ে দলত আলোচনা
কৰা।)
Ans. Electricity is
very useful in our daily life, but it can also be dangerous. Human body
conducts electricity, so if a person touches a live wire, electric current may
pass through the body. This can cause serious injuries, burns, electric shock
and sometimes even death. Therefore, electricity should always be used
carefully.
(বিদ্যুৎ আমাৰ দৈনন্দিন জীৱনত অতি উপযোগী, কিন্তু
ই বিপজ্জনকো হ’ব পাৰে। মানুহৰ শৰীৰ বিদ্যুতৰ পৰিবাহী, সেয়ে
কোনো ব্যক্তিয়ে জীৱন্ত তাঁৰ স্পৰ্শ কৰিলে বিদ্যুৎ প্রবাহ শৰীৰৰ মাজেৰে যাব পাৰে।
ইয়াৰ ফলত গুৰুতৰ আঘাত, পোৰা, বিদ্যুৎ
আঘাত আৰু কেতিয়াবা মৃত্যুও ঘটিব পাৰে। সেয়ে বিদ্যুৎ সদায় সাৱধানতাৰে ব্যৱহাৰ কৰিব
লাগে।)