ACIDIC, BASIC AND NEUTRAL SUBSTANCES FOUND IN NATURE
প্ৰকৃতিলভ্য় আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য়
Chapter - 3
Q. 1. Darken the circle of correct answer.
(শুদ্ধ উত্তৰৰ গোেলটো সম্পূর্ণকে পূৰ কৰা।)
(i) Which one of the following will allow
electric current to pass through it? (তলৰ কোনটোৱে ইয়াৰ মাজেৰে
বিদ্যুৎ প্রবাহ পাৰ হ'বলৈ দিব?)
(a) Matchstick (দিয়াচলাই
কাঠী)
(b) Plastic comb (প্লাষ্টিকৰ
ফণি)
(c) Eraser (মোহৰা ৰবৰ)
(d) Iron nail (লোৰ গজাল)
Ans. (d)
(ii) What is the name of the device that
is used to either break or complete an electric circuit? (বৈদ্যুতিক
বর্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যবহাৰ কৰা আহিলাটোৰ নাম
কি?)
(a) Conductor (পৰিবাহী)
(b) Switch (ছুইচ)
(c) Current (প্রৱাহ)
(d) Terminal (মেৰু)
Ans. (b).
(iii) Which of the following is an
insulator? (তলৰ কোনটো অন্তৰক?)
(a) Copper (তাম)
(b) Mercury (পাৰা)
(c) Glass (কাঁচ)
(d) Gold (সোণ)
Ans. (c)
(iv) Which metal is used to make the
filament of the bulb?
(বালুৰ ফিলামেন্ট তৈয়াৰ
কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়?)
(a) Lead (সীহ)
(b) Gold (সোণ)
(c) Copper (তাম)
(d) Tungsten (টাংস্টেন)
Ans. (d)
(v) What is the name of the circuit when
the switch in an electric circuit is in the 'OFF' position? (বৈদ্যুতিক
বৰ্তনীৰ ছুইচটো 'অফ' অৱস্থাত থাকিলে
বৰ্তনীটোৰ নাম কি?)
(a) Closed circuit (বন্ধ
বর্তনী)
(c) Open circuit (মুক্ত
বর্তনী)
(b) Short circuit (শ্বর্ট
চার্কিট)
(d) None of these (এইবোৰৰ
এটাও নহয়)
Ans. (c)
(vi) What is the name of the circuit when
the switch in an electric circuit is in the 'On' position? (বৈদ্যুতিক
বৰ্তনীৰ ছুইচটো 'অন' অৱস্থাত থাকিলে
বৰ্তনীটোৰ নাম কি?)
(a) Short circuit (শ্বট
চার্কিট)
(c) Open circuit (মুক্ত
বর্তনী)
(b) Closed circuit (বন্ধ
চার্কিট)
(d) None of these (এইবোৰৰ
এটাও নহয়)
Ans. (b)
Q. 2. Fill in the blanks (খালী
ঠাই পূৰ কৰা।)
(i) The combination of two or more cells
is called a __________.
(দুই বা ততোধিক কোষৰ
সংমিশ্রণক ______ বুলি কোৱা হয়।)
Ans. battery (বেটাৰি)
(ii) Our body is a _______ of electricity.
(আমাৰ শৰীৰটো বিদ্যুতৰ ___________ ।)
Ans. conductor (পৰিবাহী)
(iii) An electric cell has __________
terminals. (বৈদ্যুতিক কোষ এটাত ___________টা
টার্মিনেল থাকে।)
Ans. two (দুটা)
(iv) Electricity will only flow in an
________ circuit.
(বিদ্যুৎ কেৱল ________
বর্তনী এটাতহে প্রবাহিত হ'ব।)
Ans. closed (বন্ধ)
(v) Materials that allow electricity to
pass through them are called __________. (যিবোৰ সামগ্ৰীয়ে
বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক _______
বোলা হয়।)
Ans. conductors (পৰিবাহী)
(vi) Materials that do not allow
electricity to pass through them are called _______. (যিবোৰ
সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক
________ বোলা হয়।)
Ans. insulators (অন্তৰক)
(vii) The thin wire that produces light
after glowing in the centre of the bulb is known as ________. (বালুৰ
কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক _____ বুলি
কোৱা হয়।)
Ans. filament (ফিলামেন্ট)
(viii) Electric ______ is a path along
which electricity flows. (বৈদ্যুতিক______ হৈছে
এক পথ যাৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।)
Ans. circuit (বর্তনী)
(ix) A _______ is a device used to
determine whether a substance is a conductor or an insulator of electricity.
(____ হৈছে পদার্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক
নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।),
Ans. tester (টেষ্টাৰ)
Q. 3. State whether the following
statements are true (T) or false (F).
(তলৰ উক্তিবোৰ সঁচা নে মিছা
উল্লেখ কৰা।)
(i) The metal cap in an electric cell is
the positive terminal. (বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপীটো হৈছে
ধনাত্মক মেৰু।)
Ans. True (সঁচা)
(ii) A circuit diagram uses standard
symbols for electric components. (এটা বর্তনী চিত্রত বৈদ্যুতিক
উপাদানৰ বাবে মানক চিহ্ন ব্যবহাৰ কৰা হয়।)
Ans. True (সঁচা)
(iii) A group of battery is called a cell.
(বেটাৰিৰ এটা গোটক কোষ বুলি কোৱা হয়।)
Ans. False (মিছা)
(iv) Insulators allow electric current to
pass through them. (অন্তৰকে বিদ্যুৎ প্ৰৱাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে।)
Ans. False (মিছা)
(v) An electric bulb has one terminal. (এটা বৈদ্যুতিক বালুত এটা টার্মিনেল থাকে।)
Ans. False (মিছা)
(vi) A circuit in which the path of
electric current is broken is called an open circuit.
(যি বৰ্তনীত বৈদ্যুতিক
প্ৰৱাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয়, সেই বর্তনীটোক মুক্ত
বর্তনী বুলি কোৱা হয়।)
Ans. True (সঁচা)
(vii) Plastic is a good conductor of
electricity. (প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী।)
Ans. False (মিছা)
EXERCISE (অনুশীলনী)
Q. 1. Darken the circle for correct answer. (শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকে পূৰ কৰা।)
(i) You have dipped a
red litmus paper into a solution and it turned blue. Which of the following
solutions would turn it back to red?
(তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্রবত ডুবাই দিলা, আৰু
ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব?)
(a) Baking soda (বেকিং ছ'ডা)
(b) Vinegar (ভিনেগাৰ)
(c) Lime water (চুণ পানী)
(d) Soap solution (চাবোন পানী)
Ans. (b)
(ii) Three unknown
liquids were tested with different indicators: A turns red litmus to blue
colour, B turns turmeric to red colour, C turns red rose extract to green
colour. Which of the following is correctly matched? (বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3 বিধ
দ্ৰৱৰ পৰীক্ষা কৰা হ'ল। 'A'য়ে ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিবৰ্তন কৰিলে, 'B'য়ে
হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু 'C'য়ে ৰঙা গোলাপৰ আৰকক
সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে?)
a) A-Acidic,
B-Acidic, C-Acidic (A-আম্লিক, B-আম্লিক, C-আম্লিক)
(b) A-Basic, B-Basic,
C-Acidic (A-ক্ষাৰকীয়, B-ক্ষাৰকীয়, C-আম্লিক)
(c) A-Basic, B-Basic,
C-Basic (A-ক্ষাৰকীয়, B-ক্ষাৰকীয়, C-ক্ষাৰকীয়)
(d) A-Neutral,
B-Basic, C-Basic (A-প্রশম, B-ক্ষাৰকীয়, C-ক্ষাৰকীয়)
Ans. (c)
(iii) Which of the
following natural indicator(s) will turn green when placed in a basic solution?
(তলৰ কোনটো
প্রাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব?)
(a) Red rose extract
(ৰঙা গোলাপৰ আৰক)
(b) Turmeric (হালধি)
(c) Purple cabbage (বেঙুনীয়া বন্ধাকবি)
(d) Litmus paper (লিটমাছ পেপাৰ)
Ans. (a)
(iv) A farmer finds
that crops are not growing well because the soil is too acidic. Which of the
followings should be added by him to neutralise the soil? (এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আম্লিক
হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্রশমিত কৰাৰ বাবে তলৰ কোনবিধ
পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব?)
(a) Vinegar (ভিনেগাৰ).
(b) Slaked lime (চুণ)
(c) Common salt (সাধাৰণ নিমখ)
(d) Lemon juice (নেমুটেঙাৰ ৰস)
Ans. (b)
Q. 2. Riya was bitten
by a red ant and her grandfather applied moist baking soda. Give the reason. (ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী
মিহলোৱা বেকিং ছ'ন্ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা।)
Ans. When a red ant bites, it releases formic acid into the
skin, which causes pain and irritation. Baking soda is a mild base, so applying
moist baking soda helps to neutralise the acid and reduces the pain and burning
sensation. (ৰঙা পৰুৱাই
কামুৰিলে ই ছালত ফৰমিক এছিড এৰি দিয়ে, যাৰ ফলত বিষ আৰু জ্বলা অনুভৱ হয়। বেকিং ছ'ডা এটা মৃদু
ক্ষাৰক, সেয়ে
পানী মিহলোৱা বেকিং ছ'ডা লগালে ই অম্লক প্রশমিত কৰি বিষ আৰু পোৰণি কমায়।)
Q. 3. Match the
indicator to its colour. (সূচক আৰু ইয়াৰ ৰং মিলোৱা)
|
Indicator (সূচক) |
In Acid (অম্লত) |
In base (ক্ষাৰকত) |
|
Red litmus paper (ৰঙা
লিটমাছ পেপাৰ) |
||
|
Turmeric solution (হালধিৰ
দ্ৰৱ) |
||
|
Red rose
extract (ৰঙা
গোলাপৰ আৰক) |
Ans:
|
Indicator (সূচক) |
In Acid (অম্লত) |
In base (ক্ষাৰকত) |
|
Red litmus paper (ৰঙা
লিটমাছ পেপাৰ) |
Red (ৰঙা) |
Blue (নীলা) |
|
Turmeric solution (হালধিৰ
দ্ৰৱ) |
Yellow (হালধীয়া) |
Reddish brown (ৰঙচুৱা
মুগা) |
|
Red rose
extract (ৰঙা
গোলাপৰ আৰক) |
Red (ৰঙা) |
Green (সেউজীয়া) |
Q. 4. Identify the
colour. Ravi is given turmeric pasted paper and colourless liquid-soup water.
What should he observe on the paper to identify the liquid? (ৰবিক
হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদার্থ যেনে- চাবোন পানী দিয়া হ'ল। দ্রবটোৰ প্ৰকৃতি
চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যবেক্ষণ কৰিব লাগিব।)
Ans. He should observe turning of the paper into
reddish-brown colour to identify the liquid.
(দ্রৱটোৰ
প্ৰকৃতি চিনাক্ত কৰিবলৈ তেওঁ হালধিৰ কাগজ টুকুৰাটোৰ বৰণ ৰঙচুৱা-মুগালৈ সলনি হোৱা
পর্যবেক্ষণ কৰিব লাগিব।)
Q. 5. You want to surprise your friend with a secret birthday message.
The message should
appear only when a special spray is used. Which natural solution can you use to
write the message? Which natural indicator can you spray to reveal it? Can you
design a fun experiment to try this?
(তুমি
তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বার্তাটো কেৱল
এবিধ বিশেষ দ্রব্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্রাকৃতিক দ্ৰৱ বার্তাটো
লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ
বিশেষ প্রাকৃতিক সূচক ছটিয়াই দি বার্তাটো প্রকাশ কৰিবা। এই বিষয়টোক লৈ এটা
আনন্দদায়ক পৰীক্ষাৰ চানেকি প্রস্তুত কৰা।)
Ans. I can use soap water to write the secret birthday
message on a white sheet of paper. After the writing dries, the message will
become invisible. Then I can spray turmeric solution on the paper to reveal the
message. The letters written with soap water will turn reddish-brown and the
hidden message will appear clearly. This can be a fun and interesting
experiment.
(মই বগা কাগজ এখনত গোপন জন্মদিনৰ বার্তাটো
লিখিবলৈ চাবোন পানী ব্যৱহাৰ কৰিব পাৰোঁ। লিখাটো শুকাই গ’লে বার্তাটো দেখা নাযাব।
তাৰ পিছত কাগজখনত হালধিৰ দ্ৰৱ ছটিয়াই দিলে বার্তাটো প্রকাশ পাব। চাবোন পানীৰে লিখা
আখৰবোৰ ৰঙচুৱা-মুগা ৰঙৰ হৈ উঠিব আৰু গোপন বার্তাটো স্পষ্টকৈ দেখা যাব। এইটো এটা
আনন্দদায়ক আৰু মজাৰ পৰীক্ষা হ’ব।)
Q.6. A liquid solution turns blue
butterfly pea extract green. What does it tell you about the liquid's nature?
What change would be there if you add elephant apple juice or vinegar to it?
(এবিধ দ্রবই নীলা অপৰাজিতা
আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্রবটোৰ প্রকৃতি কেনেকুৱা। ইয়াত ঔটেঙাৰ ৰস বা
ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব?)
Ans. The liquid's
nature is basic. If we add elephant apple juice or vinegar to it, the extract
will again turn blue.
(দ্ৰৱটোৰ প্ৰকৃতি ক্ষাৰকীয়। ইয়াত ঔটেঙাৰ
ৰস বা ভিনেগাৰ যোগ কৰিলে আৰকখিনি পুনৰ নীলালৈ পৰিৱৰ্তিত হ'ব।)
Q. 7. Complete the table (তলৰ
তালিকাখন পূৰ্ণ কৰা।)
|
Material used to write (লিখাৰ কাৰণে ব্য়ৱহাৰ হোৱা
দ্ৰব্য়) |
Spray solution (ছটিয়াই দিয়া দ্ৰব্য়) |
Visible colour (দেখিবলৈ পোৱা ৰং) |
|
Soap water (চাবোন পানী) |
Turmeric solution (হালধিৰ দ্ৰৱ) |
|
|
Vinegar (ভিনেগাৰ) |
Red cabbage extract (ৰঙা বন্ধাকবিৰ ৰস) |
|
|
Baking soda (বেকিং ছডা) |
Red rose extract (ৰঙা গোলাপৰ ৰস) |
Ans.
|
Material used to write (লিখাৰ কাৰণে ব্য়ৱহাৰ হোৱা
দ্ৰব্য়) |
Spray solution (ছটিয়াই দিয়া দ্ৰব্য়) |
Visible colour (দেখিবলৈ পোৱা ৰং) |
|
Soap water (চাবোন পানী) |
Turmeric solution (হালধিৰ দ্ৰৱ) |
Reddish brown (ৰঙচুৱা মুগা) |
|
Vinegar (ভিনেগাৰ) |
Red cabbage extract (ৰঙা বন্ধাকবিৰ ৰস |
Red (ৰঙা) |
|
Baking soda (বেকিং ছডা) |
Red rose extract (ৰঙা গোলাপৰ ৰস) |
Green (সেউজীয়া) |
Q. 8. After mixing grape juice with red
rose extract, the solution t urns reddish colour. What happens if baking soda
is added to the above solution? Explain the reason.
(ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ
বস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং ৰঙচুৱা হয়। এই দ্রবত যদি বেকিং ছ'ডা মিহলোৱা হয় তেন্তে কি হ'ব? কাৰণ
দৰ্শোৱা।)
Ans. If baking soda is added to the solution, the
reddish colour will change to pink or light green. This happens because baking
soda is basic in nature. It neutralises the acid present in the grape juice,
causing a change in the colour of the natural indicator present in the red rose
extract.
(দ্ৰৱটোত বেকিং ছ’ডা মিহলালে ৰঙচুৱা বৰণ
গুলপীয়া বা পাতল সেউজীয়া হৈ পৰিব। ইয়াৰ কাৰণ হ’ল বেকিং ছ’ডা ক্ষাৰকীয় প্ৰকৃতিৰ। ই
আঙুৰৰ ৰসত থকা এছিডক প্রশমিত কৰে, ফলত ৰঙা গোলাপৰ আৰকত থকা
প্রাকৃতিক সূচকৰ ৰঙৰ পৰিৱৰ্তন ঘটে।)
Q. 9. Which of these solutions can act as
writing materials for invisible messages on turmeric-coated paper? Explain why?
(তলৰ কোনটো দ্ৰৱ হালধিসনা
কাগজত অদৃশ্য বার্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ
কৰা হয় ব্যাখ্যা কৰা।)
(a) Lemon juice (নেমুটেঙাৰ
ৰস)
(b) Soap solution (চাবোন
পানী)
(c) Milk (গাখীৰ)
(d) Vinegar (ভিনেগাৰ)
Ans. (b) Soap
solution can be used for writing invisible messages on turmeric-coated
paper. This is because soap solution is basic in nature, and turmeric changes
its colour from yellow to reddish-brown when it comes in contact with a base.
(অদৃশ্য বার্তা লিখিবলৈ (b) চাবোন পানী ব্যৱহাৰ কৰা হয়। কাৰণ চাবোন পানীৰ
প্ৰকৃতি ক্ষাৰকীয় আৰু হালধিয়ে ক্ষাৰকৰ সংস্পৰ্শত আহিলে ইয়াৰ হালধীয়া ৰং
ৰঙচুৱা-মুগালৈ পৰিৱৰ্তিত হয়।)
Q. 10. You have turmeric paper and three
solutions: Which solutions will not show any colour change? Justify your
answer.
(তোমাৰ হাতত হালধিসনা কাগজ
আৰু তিনিবিধ দ্ৰৱ আছে। কোনকেইটা দ্রবই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।)
(a) Sugar water (চেনিৰ পানী)
(b) Lemon juice (নেমুটেঙাৰ ৰস)
(c) Baking soda (বেকিং ছ'ডা)
Ans. Ans. (a) Sugar
water and (b) Lemon juice will not show any colour change on
turmeric paper. This is because sugar water is neutral in nature and lemon
juice is acidic in nature. Turmeric changes colour only in a basic solution, so
no colour change occurs in neutral or acidic solutions.
[(a) চেনিৰ পানী আৰু (b) নেমুটেঙাৰ ৰসত হালধিসনা কাগজৰ কোনো ৰঙৰ পৰিৱৰ্তন নহ’ব। কাৰণ চেনিৰ পানীৰ
প্ৰকৃতি প্রশম আৰু নেমুটেঙাৰ ৰসৰ প্ৰকৃতি আম্লিক। হালধিয়ে কেৱল ক্ষাৰকীয় দ্ৰৱতহে
ৰং সলায়, সেয়ে প্রশম আৰু আম্লিক দ্ৰৱত কোনো ৰঙৰ পৰিৱৰ্তন
নঘটে।]
Q. 11. You want to prepare a natural
indicator at home. Name one flower or fruit, or spice you could use. Describe
how you would prepare the indicator and how it behaves in acid and base.
(তুমি ঘৰতে প্রাকৃতিক সূচক
প্ৰস্তুত কৰিব বিচাৰিছা। তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল রা মচলাৰ
সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্রিয়া কৰিব বর্ণনা
কৰা।)
Ans. One natural indicator that can be prepared at
home is from red rose petals. First, collect some red rose petals and wash them
properly with water. Then crush the petals with a little water using a mortar
and pestle to make a coloured paste. Apply this paste on a white paper with a
brush and allow it to dry. After drying, cut the paper into strips to use as
indicator paper.
This natural indicator turns red in acidic solutions
and green in basic solutions.
(ঘৰতে প্রস্তুত কৰিব পৰা এটা প্রাকৃতিক
সূচক হ’ল ৰঙা গোলাপৰ পাহি। প্ৰথমে কেইটামান ৰঙা গোলাপৰ পাহি সংগ্ৰহ কৰি ভালদৰে
পানীৰে ধুব লাগে। তাৰ পিছত অলপ পানী দি খুন্দনা-বাটাৰ সহায়ত পাহিবোৰ পিহি ৰঙীন লেই
প্রস্তুত কৰিব লাগে। এই লেই ব্ৰাছৰ সহায়ত বগা কাগজত লগাই শুকুৱাব লাগে। শুকাই গ’লে
কাগজখন সৰু সৰু টুকুৰা কৰি সূচক কাগজ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
এই প্রাকৃতিক সূচকটোৱে অম্লত ৰঙা আৰু
ক্ষাৰকত সেউজীয়া ৰঙ ধাৰণ কৰে।)
Q. 12. Riya dipped a turmeric paper strip
in a liquid, and it turned red. She added some vinegar, and it turned yellow
again. What is the name of the process?
(ৰিয়াই হালধিৰ-কাগজৰ পটি এটা
এবিধ জুলীয়া পদার্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ
ভিনেগাৰ যোগ কৰিলে আৰু হালধি-কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল। প্রক্রিয়াটো কি?)
Ans. Name of the
process is neutralisation.
(প্রক্রিয়াটো হ'ল
প্রশমন।)
Q. 13. Observe the flow of the situation
given below and fill in the missing information: (তলত দিয়া
পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা-)
Rahul had spicy food at a fair and later
he complained of stomach discomfort.
(ৰাহুলে মেলাত গৈ মচলাযুক্ত
খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল।)
(a) This happened because his stomach
produced too much_______.
(তেওঁৰ পেটত অত্যধিক _______
উৎপন্ন হোৱাৰ বাবে এনে হৈছিল।)
Ans. hydrochloric acid
(হাইড্র 'ক্লৰিক এছিড)
(b) Too much acid in the stomach leads to
a condition called _______.
(পেটত অত্যধিক অম্ল উৎপন্ন হ'লে ______ অৱস্থাৰ সৃষ্টি হয়।)
Ans. acidity
(এছিডিটি )
(c) To feel better, Rahul's mother gave
him a medicine called_____.
(সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ
মাকে ______ নামৰ ঔষধ তাক খাবলৈ দিলে।)
Ans. milk of magnesia
(মিল্ক অর্ মেগনেছিয়া)
(d) This medicine is a type of _______
(acid/base). [এই ঔষধ এবিধ _______(অম্ল/ক্ষাৰক)।]
Ans.
base (ক্ষাৰক)
(e) The base reacts with excess acid in
the stomach. This process is called______.
(ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ
সৈতে বিক্রিয়া কৰে। এই প্রক্রিয়াটো হ'ল______)
Ans. neutralisation (প্রশমন)
(f) It forms _____ and _____, bringing
relief.
(ই _____ আৰু _____ প্রস্তুত কৰি সকাহ আনে।)
Ans. salt, water (লৱণ, পানী)