FUN WITH LIGHT: SHADOW AND REFLECTION

পোহৰৰ সৈতে ধেমালি ঃ ছাঁ আৰু প্ৰতিফলন

Chapter 4

 

Q. 1. Darken the circle of correct Answer.

(শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।)

(i) Which of the following is an artificial source of light?

(তলৰ কোনটো পোহৰৰ কৃত্রিম উৎস)

(a) Sun (সূর্য)

(b) Firefly (জোনাকী পৰুৱা)

(c) Jelly fish (জেলি মাছ)

(d) Electric bulb (বৈদ্যুতিক বালু)

Ans. (d)

 

(ii) Which of the following is not essential for formation of a shadow?

(ছাঁ গঠনৰ বাবে তলৰ কোনটো উপাদান প্রয়োজনীয় নহয়?)

(a) Screen (পর্দা)

(b) Object (লক্ষ্য বস্তু)

(c) Colour of the object (বস্তুৰ ৰং)

(d) Source of light (পোহৰৰ উৎস)

Ans. (c)


(iii) The colour of a shadow is- (ছাঁৰ ৰং হৈছে-)

(a) Always black and white (সদায় ক'লা আৰু বগা)

(b) Only black (কেৱল ক'লা)

(c) Only white (কেৱল বগা)

(d) Same as that of the object (লক্ষ্যবস্তুৰ সৈতে একে)

Ans. (b)

 

(iv) Which of these materials can we see through? (তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰো?)

(a) A piece of iron (এটুকুৰা লো)

(b) A piece of wood (এটুকুৰা কাঠ)

(c) A glass tumbler (স্বচ্ছ কাঁচৰ গিলাচ)

(d) A thick book (এখন ডাঠ কিতাপ)

Ans. (c)


(v) Sima is 3m away from a plane mirror. If she moves few steps closer to the mirror, what change will happen to the size or the images in the mirror? (সীমাই এখন সমতল দাপোণৰ পৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোণৰ পিনে কেইখোজমান আগবাঢ়ে, তেন্তে দাপোণত প্রতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ'?)

(a) Will decrease (আকাৰ সৰু হ'ব)

(b) Will increase (আকাৰ ডাঙৰ হ'ব)

(c) Will be same (আকাৰ একে থাকিব)

(d) Will be inverted (আকাৰ ওলোটা হ'ব)

Ans. (c)


Q. 2. Fill in the blanks. (খালী ঠাই পূৰ কৰা।)

(i) A shadow has no _____. (ছাৰ কোনো ______নাই।)

Ans. colour (ৰং)

(ii) Pinhole camera forms ______ image. (পিনহ'ল কেমেৰাই ______ প্রতিবিম্ব গঠন কৰে)

Ans. inverted (ওলোটা)

(iii) Rubber is _____ but glass is ______. (ৰাবাৰ ____ কিন্তু কাঁচ ______)

Ans. opaque, trAnsparent (অস্বচ্ছ, স্বচ্ছ)

 

(iv) When we look in a plan mirror,   left hand of our body looks like the right hand. This phenomenon is called ______.

(যেতিয়া আমি দাপোণত চাওঁ, বাঁহ হাতখন সোঁহাত যেন দেখা যায়। এনে পৰিঘটনাক ________ বুলি কোৱা হয়।)

Ans. lateral inversion (পার্শ্বীয় বিলোমন)



Q. 3. Write True of False (শুদ্ধ নে অশুদ্ধ লিখা।)

(i) Non luminous objects emit the light of their own.

(অদীপ্তিমান বস্তুবে নিজে নিজৰ পোহৰ বিলায়।)

Ans. False (অশুদ্ধ)


(ii) Light travels in the form of rectilinear propagation.

(পোহৰে সদায় সৰল ৰেখাত গতি কৰে।)

Ans. True (শুদ্ধ)

(iii) Periscope is based on the principle of reflection of light.

(পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত।)

Ans. True (শুদ্ধ)

(iii) Moon is luminous object.

(চন্দ্র দীপ্তিমান বস্তু)

Ans. False (অশুদ্ধ)

Q. 4. Match the following: (তলৰ অংশ দুটা মিলোৱাঃ)

Part A (ক-অংশ)

Part B (খ-অংশ)

(i) A body that allows light to pass through it. (যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে

(i) Luminous object 

(দীপ্তিমান বস্তু)

(ii) Moon (চন্দ্ৰ)

(ii) Reflection(প্ৰতিফলন)

(iii) A body emitting its own light.

(যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলায়)

(iii) TrAnsparent object (স্বচ্ছ বস্তু)

(iv)Bouncing back of light from a surface.

কোনো পৃষ্ঠৰপৰা পোহৰ উভতি অহা)

(iv) Non-luminous object

(অদীপ্তিমান বস্তু)

 

 Ans. (i)-(iii), (ii) - (iv), (iii) - (i), (iv)-(ii)

 

Q. 5. Think and Answer. (চিন্তা কৰা আৰু উত্তৰ দিয়া।)

(i) Can an object have more than one shadow?
(কোনো এটা বস্তুৰ এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰেনে?)

Ans. Yes, an object can have more than one shadow when there are two or more sources of light around it.
(পাৰে। কোনো বস্তুৰ চাৰিওফালে দুটা বা তাতকৈ অধিক পোহৰৰ উৎস থাকিলে এটাতকৈ অধিক ছাঁ গঠন হ’ব পাৰে।)

 

(ii) What are the conditions needed for a shadow to be formed?
(ছাঁ এটা গঠন হ'বলৈ কি কি চৰ্তৰ প্ৰয়োজন?)

Ans. A source of light, an opaque object and a screen are needed for the formation of a shadow.
(ছাঁ গঠন হ’বলৈ এটা পোহৰৰ উৎস, এটা অস্বচ্ছ বস্তু আৰু এখন পৰ্দাৰ প্রয়োজন।)

 

(iii) Can we see a shadow if there is no source of light?
(পোহৰৰ উৎস নোহোৱাকৈ আমি ছাঁ দেখা পামনে?)

Ans. No, we cannot see a shadow without a source of light.
(নাই, পোহৰৰ উৎস নোহোৱাকৈ আমি ছাঁ দেখা নাপাওঁ।)

 

(iv) Suppose you have a red bulb and a blue bulb. If you switch on both the bulbs and place an object in front of the red bulb, what would be the colour of the shadow? If you place the object in front of the blue bulb what colour would the shadow be?
(ধৰা হ'ল তোমাৰ এটা ৰঙা আৰু নীলা বাল্ব আছে। দুয়োটা বাল্ব জ্বলাই দিলে আৰু ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখিলে ছাঁটোৰ ৰং কি হ’ব? নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে ছাঁটোৰ ৰং কি হ’ব?)

Ans. In both cases, the colour of the shadow will be black.
(দুয়োটা ক্ষেত্ৰতে ছাঁটোৰ ৰং ক’লা হ’ব।)


(v) Why is the word ‘AMBULANCE’ written inverted in front of an ambulance?
(এম্বুলেন্স এখনৰ সন্মুখত ‘AMBULANCE’ শব্দটো কিয় ওলোটাকৈ লিখা থাকে?)

Ans. The word ‘AMBULANCE’ is written in inverted form because a plane mirror produces lateral inversion. So, drivers of vehicles in front can read the word correctly in their rear-view mirror and give way to the ambulance.
(‘AMBULANCE’ শব্দটো ওলোটাকৈ লিখা হয়, কাৰণ সমতল দাপোণে পাৰ্শ্বীয় বিলোমন ঘটায়। সেয়ে আগৰ বাহনৰ চালকসকলে পিছলৈ চোৱা দাপোণত শব্দটো সঠিকভাৱে পঢ়িব পাৰে আৰু এম্বুলেন্সক পথ এৰি দিব পাৰে।)

 

(vi) Moon appears to be bright at night. Does it mean that it is a luminous object?
(ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায়। সেইবাবে আমি চন্দ্রক দীপ্তিমান বস্তু বুলি ক'ব পাৰোঁনে?)

Ans. No, the moon is not a luminous object. It appears bright because it reflects the light of the sun.
(নাই, চন্দ্ৰ এটা দীপ্তিমান বস্তু নহয়। ই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰাৰ বাবেহে উজ্জ্বল দেখা যায়।)

 

(vii) Suppose you are in a dark room, will you see the things available in the room? Will you be able to see the things outside the room if there is light outside?
(ধৰা হ'ল তুমি আন্ধাৰ কোঠা এটাত আছা; কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে? কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে?)

Ans. I will not be able to see the things inside the dark room. But if there is light outside, I will be able to see the objects outside the room.
(আন্ধাৰ কোঠাটোৰ ভিতৰৰ বস্তুবোৰ মই দেখা নাপাম। কিন্তু বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাম।)

 

(viii) Why can’t we see the shadow of a flying aeroplane?
(আকাশত উৰি থকা বিমান এখনৰ ছাঁ আমি কিয় দেখা নাপাওঁ?)

Ans. We cannot see the shadow of a flying aeroplane because it is very far from the earth. So the shadow becomes very faint and unclear.
(আকাশত উৰি থকা বিমান এখনৰ ছাঁ আমি দেখা নাপাওঁ, কাৰণ বিমানখন পৃথিৱীৰ পৰা বহুত দূৰত থাকে। ফলত ছাঁটো অতি ক্ষীণ আৰু অস্পষ্ট হৈ পৰে।)

 

(ix) What is the principle of a pinhole camera? What are the characteristics of an image formed by a pinhole camera?
(পিনহ'ল কেমেৰাৰ নীতি কি? পিনহ'ল কেমেৰাৰে সৃষ্টি হোৱা প্রতিবিম্বৰ বৈশিষ্ট্যবোৰ কি কি?)

Ans. The principle of a pinhole camera is that light travels in a straight line. The image formed by a pinhole camera is real and inverted.
(পিনহ’ল কেমেৰাৰ নীতি হ’ল পোহৰ সৰলৰেখাত গতি কৰে। পিনহ’ল কেমেৰাৰে সৃষ্টি হোৱা প্রতিবিম্ব বাস্তৱ আৰু ওলোটা হয়।)

 

(x) Mina is standing in front of a plane mirror at a distance of 6 m. She moves forward by 1 m towards the mirror. What is the distance between Mina and the image?
(মীনাই এখন সমতল দাপোণৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে। দাপোণখনৰ পিনে 1 মিটাৰ আগুৱাই গ’লে মীনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ’ব?)

Ans. After moving 1 m forward, Mina will be 5 m away from the mirror. In a plane mirror, the image forms at the same distance behind the mirror. So, the distance between Mina and her image will be 10 m.
(১ মিটাৰ আগুৱাই যোৱাৰ পিছত মীনা দাপোণখনৰ পৰা ৫ মিটাৰ দূৰত থাকিব। সমতল দাপোণত প্রতিবিম্ব দাপোণৰ পিছফালে সমান দূৰত্বত গঠন হয়। সেয়ে মীনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ’ব ১০ মিটাৰ।)