GROWTH AND CHANGES DURING ADOLESCENCE

কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন

Chapter - 5

Q. 1. Darken the circle of correct Answer.

(শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।)

(i) Both Anup and Iqbal are about 12 years old. Anup's voice has started deeper and hoarser, while Iqbal's voice hasn't changed yet, What is the correct explanation for this?

(অনুপ আৰু ইকবাল দুয়োৰে বয়স প্রায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা-ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি?)

 

(a)Anup is not healthy. (অনুপ স্বাস্থ্যৱান নহয়।)

(b) Iqbal will never experience this change.
(
ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে।)

(c) The timing and pace of changes during adolescence vary from person to person.
(
কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।)

(d) Voice change only happens to some boys.
(
কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল'ৰাৰ ক্ষেত্ৰতহে ঘটে।)

Ans. (c)

(ii) Which of the following is a secondary sexual characteristic in boys? (তলৰ কোনটো ল'ৰাৰ গৌণ যৌন চৰিত্ৰ?)

(a) Widening of hips (বহল নিতম্ব)

(b) Start of menstruation (ঋতুস্ৰাৱৰ আৰম্ভণি)

 

(c) Growth of facial hair (মুখমণ্ডলত নোমৰ বিকাশ)

(d) Development of breasts (স্তনৰ বিকাশ)

Ans. (c)

 

(iii) Rani is an adolescent girl. Recently, she has been feeling frequently confused and sometimes getting upset for no reason. What should she do to manage these emotional changes positively? (ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্রান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত?)

(a) Stay alone (অকলশৰে থকা উচিত)

(b) Keep feelings to herself. (অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত)

(c) Participate in activities like music or sports, and talk to a trusted adult.

(সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত)

(d) Spend more time on social media.
(
সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত)

Ans. (c)

(iv) What may be the effect of excessive use of digital devices during adolescence?

(কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে?)

(a) Improves sleep (টোপনি ভাল হ'ব পাৰে।)

(b) Harms health (স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে।)

(c) Make adolescents more social (কিশোৰ-কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাৰে।)

(d) Improves concentration in their studies (পঢ়া-শুনাত মনোযোগ বৃদ্ধি হ'ব পাৰে।)

Ans. (b)

 

Q. 2. Fill in the Blanks (খালী ঠাই পূৰ কৰা):

(i) _____ is the stage in which the body of an adolescent undergoes internal and external changes to develop into an adult capable of reproduction.

(_______হৈছে জীৱনৰ সেই পর্যায় য'ত এক প্রজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।)

Ans. Puberty (যৌৱন) 

 

(ii) _______ are features that help to distinguish males an females but are not directly involved in reproduction.

( _______ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্রত্যক্ষভাবে জড়িত নহয়।)

Ans. Secondary sexual characteristics (গৌণ যৌন চৰিত্ৰ)

 

Q. 3. State with reason(s) whether the following statements are True [T] or False [F].

(নিম্নলিখিত বিবৃতিসমূহ সত্য (স) নে অসত্য (অ) উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা-)

(i) The timing and pattern of hair growth on the body are different for every adolescent.
(শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ বাবে বেলেগ বেলেগ হয়।)

Ans. True. Because the growth of hair depends on hormones and body development, which differ from person to person.
(সত্য। কাৰণ কেশৰ বৃদ্ধি হৰম’ন আৰু শৰীৰৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে, যিবোৰ ব্যক্তি ভেদে বেলেগ বেলেগ হয়।)

 

(ii) Girls can carry out daily activities during their periods.
(ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম-কাজবোৰ কৰিব পাৰে।)

Ans. True. Because menstruation is a natural process and girls can continue their normal activities by maintaining proper hygiene and care.
(সত্য। কাৰণ ঋতুস্ৰাৱ এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু উপযুক্ত পৰিচ্ছন্নতা আৰু যত্ন ল’লে ছোৱালীয়ে সাধাৰণ কাম-কাজ চলাই যাব পাৰে।)

 

(iii) In women, menstruation continues for the whole life.
(মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি চলি থাকে।)

Ans. False. Menstruation stops naturally at a certain age, usually between 45 and 55 years, which is called menopause.
(অসত্য। ঋতুস্ৰাৱ এটা নিৰ্দিষ্ট বয়সত, সাধাৰণতে ৪৫ৰ পৰা ৫৫ বছৰৰ ভিতৰত, স্বাভাৱিকভাৱে বন্ধ হৈ যায়। এই অৱস্থাক ৰজোনিবৃত্তি বোলে।)

Q. 4. Solve the crossword puzzle -

 


 Down

Across

1. The stage when the body develops into an adult capable of reproduction.

 

2. The stage of menstrual cycle when blood flows from the body of an adolescent girl.

 

3. Special chemicals made in the body that control growth and changes during adolescence.

 

6. The special stage of life between childhood and adulthood.

 

7. The stage in women's life when periods stop naturally. 

4. A nutrient in food that prevents anemia.

 

5. An addictive and harmful substance that comes in forms like cigarettes, 'beedi', or 'gutka'.

 

8. Harassing others using digital tools, social media and online platform.

 

9. Menstruation is commonly known as______.

 

10. A common skin condition during adolescence caused by oily secretions blocking skin pores. 

 

(তলৰ শব্দ শৃংখলটো সমাধান কৰা):

 

 

থিয়কৈ 

পথালিকৈ

1. চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদার্থ

 

3. ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফর্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য

 

4. কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদার্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা

 

5. ঋতুস্ৰাৱক সাধাৰণ ভাষাত জনা যায়। বুলি

 

6. ঋতুচক্ৰৰ দশা য'ত কিশোৰীৰ দেহৰপৰা তেজ নির্গত হয়

 

৪. শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে। 

4. খাদ্যত থকা এবিধ (খনিজ) পুষ্টিকৰ পদার্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে

 

7. মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে

 

9. বাল্যকাল আৰু প্ৰাপ্তবয়স্ককালৰ মাজৰ জীৱনৰ বিশেষ পর্যায় ______

 

10. শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায়। 

 

Ans.

 

থিয়কৈ – 1. ধপাত, 2. চাইবাৰ বুলিং, 4. ব্রন, 5. মাহেকীয়া, 6. ঋতুস্ৰাৱ, 8. হৰম'ন পথালিকৈ – 2. আইৰন, 7. ৰজোনিবৃত্তি, 9. কৈশোৰ, 10. যৌৱন 

 

Q. 5. Match Column A with Column B.

 

Column A

Column B

(a) Adam's Apple

(i) Sudden change in emotion without a clear reason.

(b) Menstrual cycle

(ii) Products used to maintain hygiene during menstruation.

(c) Mood swings

(iii) Addiction to harmful things like tobacco, alcohol, and drugs that cause health damage.

(d) Sanitary pads

(iv) A process in adolescent girls that repeats in every 28-30 days to prepare her body for reproduction.

(e) Substance abuse 

(v) Enlargement of the voice box in adolescent boys.

 

(স্তম্ভ A ৰ সৈতে স্তম্ভ B মিলোৱাঃ)

 

Column A

Column B

(a) ডিঙিৰ ঘটিকা

(i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন

(b) ঋতুচক্র

(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী

(c) মেজাজৰ পৰিৱৰ্তন

(iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে

(d) ছেনিটেৰী পেড

(iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে

(e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ

(v) কিশোৰ ল'ৰাৰ স্বৰৰ্যন্ত্ৰৰ বৃদ্ধি

 

Ans. (a) - (v), (b) - (iv), (c) - (i), (d) - (ii), (e) - (iii)

Q. 6. What behavioural changes may be associated with adolescence?
(কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে?)

Ans. Some behavioural changes associated with adolescence are taking interest in creative and sports activities, expressing emotions openly, becoming irritated easily, preferring to stay alone and sometimes avoiding conversation with others.
(কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰৰ ভিতৰত সৃষ্টিশীল আৰু ক্রীড়া কার্যত আগ্ৰহ বৃদ্ধি, মুকলিকৈ অনুভৱ প্রকাশ কৰা, সহজে বিৰক্ত হোৱা, অকলশৰীয়াকৈ থাকিবলৈ ভাল পোৱা আৰু কেতিয়াবা আনৰ সৈতে কথা পাতিবলৈ অনিচ্ছা প্ৰকাশ কৰা আদি অন্তর্ভুক্ত।)

 

Q. 7. Why is it important to have a balanced diet during adolescence?
(কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ?)

Ans. A balanced diet is important during adolescence because the body grows and develops rapidly at this stage. Proper nutrition helps in healthy physical growth, mental development and maintaining good health.
(কৈশোৰ কালত সুষম আহাৰ অতি গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ত শৰীৰৰ দ্রুত বৃদ্ধি আৰু বিকাশ ঘটে। উপযুক্ত পুষ্টিয়ে শাৰীৰিক বৃদ্ধি, মানসিক বিকাশ আৰু সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।)

 

Q. 8. Why is it important for adolescents to pursue hobbies and personal interests?
(কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূর্ণ?)

Ans. It is important for adolescents to pursue hobbies and personal interests because these activities help reduce stress and confusion, refresh the mind and build self-confidence.
(কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ এইবোৰে মানসিক চাপ আৰু বিভ্রান্তি কমায়, মন সতেজ ৰাখে আৰু আত্মবিশ্বাস বৃদ্ধি কৰে।)

Q. 9. What are the various ways leading to cyberbullying?
(চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি?)

Ans. Various ways of cyberbullying are –

(i) Sharing someone’s personal information, photos or videos without permission.

(ii) Sending threatening or misleading messages to harass others.

(iii) Spreading false rumours or fake information about others online.

(iv) Posting harmful, insulting or offensive comments on social media or other platforms.

[চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণ হ’ল—

(i) অনুমতি নোলোৱাকৈ আনৰ ব্যক্তিগত তথ্য, ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰা

(ii) ভয় দেখুওৱা বা বিভ্রান্তিকৰ বাৰ্তা পঠিয়াই আনক হাৰাশাস্তি কৰা

(iii) আনৰ বিষয়ে মিছা গুজৱ বা ভুল তথ্য অনলাইনত বিয়পোৱা

(iv) সামাজিক মাধ্যম বা আন প্লেটফৰ্মত ক্ষতিকাৰক, অপমানজনক বা অশোভন মন্তব্য পোষ্ট কৰা।]

Q. 11. Rima is experiencing her first menstruation. Grandmother tells her that she should not participate in daily activities or enter the kitchen. Explain why this belief is a myth and suggest what Rima should do to handle this situation.
(ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক’লে যে, তেওঁ দৈনন্দিন কাম-কাজত অংশগ্রহণ বা পাকঘৰত প্রবেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্রকৃততে অন্ধবিশ্বাসহে; কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা।)

Ans. This belief is a myth because menstruation is a natural and healthy biological process in girls. It does not make a girl impure, weak or unfit for daily activities. Scientific studies have shown that girls can continue their normal work during menstruation by maintaining proper hygiene and care.

To handle the situation, Rima should calmly explain the scientific facts about menstruation to her grandmother and discuss the matter openly and respectfully. She should also maintain cleanliness, use sanitary products properly and continue her daily activities confidently.

(এই বিশ্বাস এটা অন্ধবিশ্বাস, কাৰণ ঋতুস্ৰাৱ হৈছে ছোৱালীৰ শৰীৰত হোৱা এটা স্বাভাৱিক আৰু স্বাস্থ্যকৰ জৈৱিক প্ৰক্ৰিয়া। ই ছোৱালী এজনীক অপবিত্ৰ, দুর্বল বা দৈনন্দিন কাম-কাজৰ বাবে অনুপযুক্ত নকৰে। বৈজ্ঞানিক অধ্যয়নে দেখুৱাইছে যে উপযুক্ত পৰিচ্ছন্নতা আৰু যত্ন বজাই ৰাখিলে ছোৱালীয়ে ঋতুস্ৰাৱৰ সময়তো স্বাভাৱিক কাম-কাজ চলাই যাব পাৰে

এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই শান্তভাৱে আইতাকক ঋতুস্ৰাৱৰ বৈজ্ঞানিক সত্যবোৰ বুজাই কোৱা উচিত আৰু এই বিষয়ে সন্মানজনকভাৱে মুকলিকৈ আলোচনা কৰা উচিত। লগতে তেওঁ পৰিচ্ছন্নতা বজাই ৰাখি, সঠিকভাৱে স্বাস্থ্যসামগ্রী ব্যৱহাৰ কৰি আত্মবিশ্বাসেৰে দৈনন্দিন কাম-কাজ চলাই যোৱা উচিত।)

Q. 12. Rima uses sanitary pads during her periods and changes them in time. She also throws the used sanitary pads in the dustbin without wrapping in paper. (ৰীমাই মাহেকীয়াৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত ছেনিটেৰি পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।)

(i) Identify one healthy and one unhealthy practice Rima is following.
(ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা।)

Ans. One healthy practice followed by Rima is that she uses sanitary pads and changes them regularly during menstruation. One unhealthy practice is that she throws the used sanitary pads into the dustbin without wrapping them in paper.
(ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ অভ্যাস হ’ল তেওঁ ঋতুস্ৰাৱৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰে আৰু নিয়মিতভাৱে সলনি কৰে। এটা অস্বাস্থ্যকৰ অভ্যাস হ’ল তেওঁ ব্যৱহৃত ছেনিটেৰি পেড কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।)

 

(ii) Explain why maintaining menstrual hygiene is important for adolescent girls.
(ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা।)

Ans. Maintaining menstrual hygiene is important because it helps prevent infections and diseases. It also keeps the body clean, fresh and helps girls remain healthy and confident during menstruation.
(ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ, কাৰণ ই সংক্রমণ আৰু ৰোগৰ আশংকা কমায়। লগতে ই শৰীৰ পৰিষ্কাৰ আৰু সতেজ ৰাখে আৰু কিশোৰীসকলক সুস্থ আৰু আত্মবিশ্বাসী হৈ থাকিবলৈ সহায় কৰে।)

 

(iii) Suggest safe and healthy practices Rima should follow during menstruation.
(ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসম্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া।)

Ans. Some safe and healthy practices Rima should follow are –

(a) She should use clean sanitary pads or clean reusable cloths.

(b) She should change the sanitary pads after every few hours.

(c) She should wrap the used sanitary pads in paper before throwing them into the dustbin.

(d) She should maintain personal hygiene and keep herself clean.

[ৰীমাই পালন কৰিবলগীয়া কেইটামান নিৰাপদ আৰু স্বাস্থ্যসম্মত পদ্ধতি হ’ল—

(a) তেওঁ পৰিষ্কাৰ ছেনিটেৰি পেড বা পৰিষ্কাৰ পুনৰ ব্যৱহাৰযোগ্য কাপোৰ ব্যৱহাৰ কৰা উচিত

(b) তেওঁ কেইঘণ্টামানৰ মূৰে মূৰে ছেনিটেৰি পেড সলনি কৰা উচিত

(c) তেওঁ ব্যৱহৃত ছেনিটেৰি পেড ডাষ্টবিনত পেলোৱাৰ আগতে কাগজেৰে মেৰিয়াই লোৱা উচিত

(d) তেওঁ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।]

 

Q. 13. Suppose your friend is a victim of cyberbullying. As a responsible adolescent, what immediate steps will you take to support him and ensure his safety?
(ধৰি লোৱা, তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাবে কি পদক্ষেপ হাতত ল'বা?)

Ans. The immediate steps I will take are –

(i) I will support my friend and make sure that he stays calm and does not feel afraid or helpless.

(ii) I will advise him to block the bully and save evidence such as messages or screenshots.

(iii) I will inform parents, teachers or another trusted elder and seek their help.

(iv) I will encourage him not to respond to harmful messages.

[তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মই তলৰ পদক্ষেপবোৰ হাতত ল’ম—

(i) মই মোৰ বন্ধুক সাহস দিম যাতে তেওঁ ভয় বা অসহায় অনুভৱ নকৰে আৰু শান্ত হৈ থাকে

(ii) মই তেওঁক উৎপীড়ন কৰা ব্যক্তিজনক ব্লক কৰিবলৈ আৰু বাৰ্তা বা স্ক্রীনশ্বটৰ দৰে প্ৰমাণ সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিম

(iii) মই অভিভাৱক, শিক্ষক বা কোনো বিশ্বাসযোগ্য জ্যেষ্ঠজনক বিষয়টো জনাই সহায় বিচাৰিম

(iv) মই তেওঁক ক্ষতিকাৰক বাৰ্তাৰ উত্তৰ নিদিবলৈ উৎসাহিত কৰিম।]

 

Q. 14. Kiri is a smart boy studying in grade 7. He is often pressurised by his peers to use ‘gutka’. What should Kiri do to stay healthy and safe in this situation?
(কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুধিয়ক ল’ৰা। তেওঁক প্রায়ে সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্রয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত?)

Ans. Kiri should firmly and confidently say “No” to using gutka. He should avoid bad company, stay focused on healthy habits and seek support from parents or teachers if the pressure continues.
(কিৰিয়ে আত্মবিশ্বাসেৰে দৃঢ়ভাৱে গুটকা ব্যৱহাৰ কৰিবলৈ “না” কোৱা উচিত। তেওঁ বেয়া সংগ এৰাই চলা, স্বাস্থ্যকৰ অভ্যাস বজাই ৰখা আৰু হেঁচা অব্যাহত থাকিলে অভিভাৱক বা শিক্ষকৰ সহায় লোৱা উচিত।)