প্ৰশাসন : ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ
Lesson 11

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) প্রশাসন বুলিলে কি বুজা?
উঃ প্ৰশাসন বুলিলে এনেকুৱা এটা ৰাজনৈতিক ব্য়ৱস্থাক বুজা যায় যিটোৱে এটা পৰিসীমাৰ ভিতৰত আইন প্ৰণয়ন কৰি সমাজত শান্তি-শৃংখলা অটুট ৰাখে, জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন বজাই ৰখাৰ লগতে জনসেৱাও আগবঢ়ায়। সাধাৰণ অৰ্থত প্ৰশাসন হৈছে দেশ এখনৰ শাসন-ব্য়ৱস্থা।

(খ) সমাজৰ কোনবোৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত?
উঃ সমাজৰ শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, দৰিদ্ৰ সীমাৰেখাৰ শ্ৰেণীৰলোকসকল অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত।

(গ) এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে?
উঃ এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব বিধানমণ্ডলৰ হাতত থাকে।

(ঘ) ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে?
উঃ ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰশাসনৰ কাৰ্যাৱলীয়ে সুনিশ্চিত কৰে।

(ঙ) কিহৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে?
উঃ দেশৰ ৰাজনৈতিক অৱস্থা, সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে।

২. প্রশাসনে কৰা জনসেৱামূলক কামৰ তিনিটা উদাহৰণ দিয়া।
উঃ প্ৰশাসনে কৰা জনসেৱামূলক কামৰ তিনিটা উদাহৰণ হ'ল-
i.   যান-বাহনৰ নিয়ন্ত্ৰণকাৰি।
ii.  শিক্ষাৰ বাবে বিদ্য়ালয় স্থাপন কৰা।
iii. প্ৰতিৰক্ষা বাহিনী।

৩. বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি কি মিল আছে?
উঃ বিদ্য়ালয়ৰ দৰেই ৰাষ্ট্ৰ এখনো বিভিন্ন নীতি-নিয়মৰ মাজেৰে পৰিচালিত হয়। বিদ্য়ালয় পৰিচালনা সমিতিৰ নিচিনাকৈ ৰাষ্ট্ৰৰ ক্ষেত্ৰত এই দায়িত্ব প্ৰশাসনে পালন কৰে। বিদ্য়ালয়ত ভিন ভিন কামৰ বাবে বেলেগ বেলেগ পদবী থাকে আৰু এজন মুৰব্বীৰ নিৰ্দেশমৰ্মে আনসকলে কাম-কাজবোৰ কৰে। একেদৰে প্ৰশাসনৰ ক্ষেত্ৰটো কিছুমান অনুক্ৰম থাকে। প্ৰশাসনৰ সমগ্ৰ ব্য়ৱস্থাটোৱে চৰকাৰৰদ্বাৰা জাৰি কৰা নীতিবোৰ কাৰ্যকৰীকৰণৰ লগতে জলকল্য়াণৰ বাবে সেৱা আগবঢ়োৱা আৰু দেশখনৰ আইন-শৃংখলা বজাই ৰখাত আগ ভাগ লয়।

৪. প্রশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা।
উঃ দেশৰ ৰাজনৈতিক অৱস্থা, সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থা অনুসৰি প্ৰশাসনৰ কার্যাবলী ভিন ভিন হ'ব পাৰে। ৰাজনৈতিক অৱস্থা বুলিলে দেশ এখনৰ প্রশাসন ব্যৱস্থাটো কেনেধৰণে পৰিচালিত হয়, সেই কথাটোকে বুজায়। আকৌ সংস্কৃতি হৈছে সমাজ এখনত বসবাস কৰা ব্যক্তিবোৰৰ সমগ্ৰ সামাজিক বা পৰম্পৰাগত জীৱন পদ্ধতি। অর্থনৈতিক অৱস্থা বুলিলে দেশ এখনৰ সামগ্রিক বিত্তীয় ব্যৱস্থাটোক বুজায়। এই তিনিটা দিশক ভিত্তি কৰি প্ৰশাসনৰ কিছুমান কার্যাৱলী আছে। সেইবোৰ হ'ল-

(ক) শিক্ষা, স্বাস্থ্য আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা
(খ) জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰা
(গ) 
দেশৰ আইন-শৃংখলা অটুট ৰখা
(ঘ) দেশৰ অৰ্থনীতি আৰু অর্থনৈতিক কার্য-কলাপ নিয়ন্ত্ৰণ কৰা
(ঙ) 
ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰা

অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বর্তমান কোন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে?
উঃ বৰ্তমান ভূটান দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে। 

(খ) সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা।
উঃ সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম হ'ল ভাৰত।

(গ) প্রাচীন গ্ৰীচৰ এথেন্সত কেনেধৰণৰ শাসনব্যৱস্থা আছিল?
উঃ প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰত্য়ক্ষ গণতন্ত্ৰ শাসনব্য়ৱস্থা আছিল।

(ঘ) জনজাতীয় বা বংশগত প্রশাসনৰ এটা উদাহৰণ দিয়া।
উঃ প্ৰাৰম্ভিক বৈদিক সমাজ।

(ঙ) অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা।
উঃ অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম হ'ল ৰোম

(চ) সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা।
উঃ সাম্য়বাদৰ প্ৰচলন থকা এখন দেশৰ নাম হ'ল চীন।

(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্র প্রতিষ্ঠা হৈছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৭৮৭ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।

(জ) বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ নাম লিখা।
উঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম হ’ল ভাৰত।

২. আব্রাহাম লিংকনৰ গণতন্ত্র সম্পর্কীয় উক্তিটো কি?
উঃ আব্ৰাহাম লিংকনৰ গণতন্ত্র সম্পর্কীয় উক্তিটো হৈছে— “জনগণৰ চৰকাৰ, জনগণৰ দ্বাৰা, জনগণৰ বাবে।”

৩. গণতন্ত্ৰৰ মূল নীতিকেইটা কি কি?
উঃ গণতন্ত্ৰৰ মূল নীতিকেইটা হৈছে- সমতা, স্বাধীনতা, ন্য়ায়, জন-অংশগ্ৰহণ আৰু মুক্ত নিৰ্বাচন।

৪. গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উঃ গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল, ইয়াত-

(ক) জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধা থাকে।

(খ) জনসাধাৰণৰ চৰকাৰে প্ৰদান কৰা সকলো সুযোগ-সুবিধা সমানে লাভ কৰাৰ অধিকাৰ থাকে।

(গ) জনসাধাৰণৰ প্ৰতি শাসক দায়ৱদ্ধ হৈ থাকে।

(ঘ) এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থাকে। এই ন্যায়পালিকাই নাগৰিকৰ ন্যায় সুনিশ্চিত কৰে।

(ঙ) মানৱ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হয়।

৫. গণতন্ত্র কিয় জনপ্রিয় প্রশাসন হিচাপে স্বীকৃত হৈছে?
উঃ গণতন্ত্র জনপ্ৰিয় প্রশাসন হিচাপে স্বীকৃত হৈছে, কাৰণ গণতন্ত্রত জনগণেই শাসনৰ মূল শক্তি। জনগণে ভোটৰ জৰিয়তে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু চৰকাৰ গঠন কৰে। এই ব্যৱস্থাত সকলো নাগৰিকক সমান অধিকাৰ, স্বাধীনতা আৰু মত প্ৰকাশৰ সুযোগ দিয়া হয়। চৰকাৰ জনগণৰ কল্যাণৰ বাবে কাম কৰে আৰু জনগণৰ ওচৰত দায়বদ্ধ থাকে। সেয়ে গণতন্ত্রক জনপ্ৰিয় প্রশাসন বুলি কোৱা হয়।


Answer By: Bikash Bora