ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়
Lesson 9

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতত নতুন ধর্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল?
উঃ ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্য়াত্মিক গুৰুসকল।

(খ) সমন্বয়বাদ মানে কি?
উঃ ভাৰতৰ ৰাজনীতি, সমাজ, অৰ্থনীতি, আধ্য়াত্মিক আৰু ধৰ্মীয় দিশত বিভিন্ন বিশ্বাস আৰু প্ৰচলিত প্ৰথাৰ সংমিক্ষণ ঘটি এক নতুন আধ্য়াত্মিক ধাৰাৰ সৃষ্টি হৈছিল। ইয়াক সমন্বয়বাদ বুলি জনা যায়।

(গ) ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়?
উঃ উক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়। 

(ঘ) ভক্তিবাদৰ উত্থান প্রথমে ক'ত ঘটিছিল?
উঃ সপ্তম শতিকাত পোন প্ৰথমে ভক্তিবাদৰ উত্থান হৈছিল বৰ্তমানৰ তামিলনাডু ৰাজ্য়ত।

(ঙ) বীৰশৈৱমতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল?
উঃ দ্বাদশ শতিকাৰ মাজভাগত কৰ্ণাটকৰ বীৰশৈৱ নামৰ এক সম্প্ৰদায় গঢ় লৈ উঠে। তেওঁলোকে শিৱক এক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল। সেয়েহে, তেওঁলোকক লিংগায়ত বোলা হৈছিল।

২. বৌদ্ধধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল?
উঃ ধৰ্মীয় বিশ্বাসবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰত ৰাজ্য়খনৰ ৰাজনৈতিক অৱস্থা, সমাজ আৰু সাংস্কৃতিক পৰিৱৰ্তনে যথেষ্ট প্ৰভাৱ পেলাইছিল। বৌদ্ধ ধৰ্ম জনপ্ৰিয় হোৱাৰ পিছত সময়ৰ সোঁতত ভাৰতত দুৰ্বল হৈ পৰিছিল আৰু ইয়াৰ প্ৰভাৱ ভাৰতত সীমাৱদ্ধ হৈ ৰৈছিল। কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰি বৌদ্ধ ধৰ্ম চীনলৈ সম্প্ৰসাৰিত হৈছিল।

৩. ভক্তি বুলিলে কি বুজা?
উঃ সংস্কৃত 'ভজ' শব্দৰপৰা 'ভক্তি' শব্দটো আহিছে। যাৰ অৰ্থ হ'ল পূজা কৰা বা আনুগত্য় প্ৰকাশ কৰা। ভাৰতীয় সংস্কৃতিৰ গোৰৱময় দিশবোৰৰ ভিতৰত অন্য়তম হ'ল ভক্তি।

৪. উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়?
উঃ আলৱাৰ আৰু নায়নাৰসকলৰ লগতে সমসাময়িকভাৱে শংকৰাচাৰ্যৰ নেতৃত্বত ভক্তিবাদৰ এক নতুন ধাৰাৰ আৰম্ভণি হৈছিল। মানুহৰ মাজতে ভগৱান বিদ্যমান বুলি তেওঁ বিশ্বাস কৰিছিল। শংকৰাচাৰ্যৰ মতে আত্মা অর্থাৎ মানুহ আৰু পৰমাত্মা অর্থাৎ ঈশ্বৰৰ মাজত কোনো পার্থক্য নাই। এই ধাৰণাক উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয়।

৫. চমু টোকা লিখা-

(ক) ভক্তিবাদ 
উঃ ভক্তই ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি গভীৰ প্ৰশান্তি লাভ কৰে। উপনিষদত পোন প্ৰথমে ভক্তি শব্দৰ পৰা উল্লেখ পোৱা যায়। খ্ৰীষ্টিয় সপ্তমৰপৰা দ্বাদশ শতিকাৰ মাজৰ সময়ছোৱাত ভক্তিৰ ধাৰণাক ভিত্তি কৰি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল, সেয়াই হৈছে ভক্তিবাদ।

(খ) শংকৰাচাৰ্য
উঃ আলৱাৰ আৰু নায়নাৰসকলৰ লগতে সমসাময়িকভাৱে শংকৰাচাৰ্যৰ নেতৃত্বত ভক্তিবাদৰ এক নতুন ধাৰাৰ আৰম্ভণি হৈছিল। মানুহৰ মাজতে ভগৱান বিদ্যমান বুলি তেওঁ বিশ্বাস কৰিছিল। শংকৰাচাৰ্যৰ মতে আত্মা অর্থাৎ মানুহ আৰু পৰমাত্মা অৰ্থাৎ ঈশ্বৰৰ মাজত কোনো পার্থক্য নাই। এই ধাৰণাক উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয়। তেওঁ সৎ জ্ঞান আৰু সৎ কৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে বুলি মত প্ৰচাৰ কৰিছিল। দাক্ষিণাত্যত ভক্তি আন্দোলনৰ আন এক গুৰি ধৰোঁতা আছিল ৰামানুজ। তেওঁ বিষ্ণুৰ উপাসক আছিল।

(গ) বীৰশৈৱ
উঃ দ্বাদশ শতিকাৰ মাজভাগত কৰ্ণাটকৰ বীৰশৈৱ নামৰ এক সম্প্রদায় গঢ় লৈ উঠে। তেওঁলোকে শিৱক এক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল। সেয়েহে, তেওঁলোকক লিংগায়ত বোলা হৈছিল। এই আন্দোলনৰ গুৰিয়াল আছিল বাসৱন্না। তেওঁৰ সহযোগী আছিল আল্লামা প্রভু আৰু আক্কামহাদেৱী। বীৰশৈৱসকলে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। বিধৱা বিবাহৰ প্ৰচলন আৰু বাল্য বিবাহৰ বিৰোধৰ ক্ষেত্ৰতো এই সম্প্রদায়ে বিশেষ গুৰুত্ব দিছিল।


অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) কাৰ নেতৃত্বত খ্রীষ্টিয় তেৰ শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল?
উঃ জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টিয় তেৰ শতিকাত নব্য় ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল।

(খ) মীৰাবাঈ কোন আছিল?
উঃ মীৰাবাঈ মোৱাৰৰ ৰাণাৰ পত্নী আছিল।

(গ) উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল?
উঃ উত্তৰ ভাৰতৰ নব্য় ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ।

(ঘ) দোহা কি?
উঃ কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাবোৰক দোহা বুলি কোৱা হয়।

(ঙ) গীত গোবিন্দ কোনে ৰচনা কৰিছিল?
উঃ গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিল।

২. নব্য ভক্তিবাদ বুলিলে কি বুজা?
উঃ খ্ৰীষ্টিয় তেৰ শতিকাৰ পৰা ষোল্ল শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক, সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনে পুনৰাই গা কৰি উঠিছিল। এই সময়ছোৱাত প্ৰাণ পাই উঠা ভক্তি আন্দোলনক নব্য় ভক্তিবাদ বোলে। 

৩. মহাপুৰুষ শংকৰদেৱে অসমত কিদৰে নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা।
উঃ শ্ৰীমন্ত শংকৰদেৱ আছিল একেধাৰে পণ্ডিত, কবি, গীতিকাৰ, সুৰকাৰ, নাট্য়কাৰ, চিত্ৰশিল্পী, ধৰ্মগুৰু আৰু সমাজ সংস্কাৰক। তেখেত আছিল অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা।খ্রীষ্টিয় পঞ্চাদশ শতিকাত অসমত হিন্দু ধৰ্মৰ কঠোৰ নীতি-নিয়ম, ধর্মীয় ৰক্ষণশীলতা, উচ্চ-নীচৰ ভেদাভেদ আদি নানা ৰকমৰ কু-সংস্কাৰবোৰ চলি আছিল। শংকৰদেৱে ভাৰতৰ বিভিন্ন তীর্থস্থান ভ্ৰমণ কৰাৰ লগতে ধর্মীয় গ্রন্থবোৰো অধ্যয়ন কৰিছিল। ভ্রমণ কালছোৱাত তেওঁ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰসাৰ লাভ কৰা ভক্তি আন্দোলনৰ সংস্পৰ্শলৈ আহিছিল। ভাগৱতক মূল আধাৰ হিচাপে লৈ তেওঁ পাছৰ সময়ছোৱাত নিৰাকাৰ ভক্তি মাৰ্গত অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মত পূৰ্বৰেপৰা প্ৰচলিত যাগ-যজ্ঞ, বলি-বিধানৰ বিপৰীতে নাম-কীৰ্ত্তনৰ জৰিয়তে তেওঁ মুক্তি লাভৰ পথৰ সন্ধান কৰিছিল।

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষাত গীত, পদ, নাট, ভাওনা আদি ৰচনা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ধনী-দুখীয়া, উচ্চ-নীচ আৰু ধর্মীয় ভেদাভেদ আঁতৰাই তেওঁ আগ্রহীসকলক শিষ্য ৰূপে গ্ৰহণ কৰিছিল। তাৰ ফলত সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় হৈছিল। সেয়েহে, তেওঁক অসমীয়া ভাষা, কলা-কৃষ্টি আৰু জাতিৰ কাণ্ডাৰী বুলি অভিহিত কৰা হয়।

৪. ভক্তি আন্দোলনে ভাৰতৰ সামাজিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল?
উঃ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ প্ৰভাৱ আছিল অতি বিস্তৃত আৰু গভীৰ। এই আন্দোলনে প্ৰধানকৈ সামাজিক সম্প্ৰীতি আৰু সহিষ্ণুতাৰ আদৰ্শ দাঙি ধৰিছিল। প্ৰান্তীয় ভাষাবোৰৰ বিকাশৰ ক্ষেত্ৰতো ভক্তি আন্দোলনৰ প্ৰভাৱ সামাজিক জীৱনত পৰিছিল। চুফীবাদেও ভাৰতত মানুহৰ মাজত সমন্বয়ৰ আদৰ্শ বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল। অনুকূল পৰিৱেশৰ অভাৱত চুফীবাদৰ বিকাশ কিছু পৰিমানে স্থবিৰ হৈছিল।

৫. চমুটোকা লিখা-

(ক) কবীৰ
উঃ ৰামানন্দৰ প্ৰিয় শিষ্য কবীৰ আছিল পোন্ধৰ শতিকাৰ নব্য ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা। তেওঁ ইছলাম ধৰ্মাৱলম্বী তাঁতী পৰিয়াল এটাত ডাঙৰ-দীঘল হৈছিল। গুৰু ৰামানন্দৰ পদাংক অনুসৰণ কৰি কবীৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ প্ৰভাৱৰপৰা মুক্ত হৈ নিৰপেক্ষভাৱে ভক্তিবাদৰ প্ৰচাৰ কৰিছিল। তেওঁ ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাবোৰক 'দোহা' বুলি কোৱা হয়। দোহাবোৰত কবীৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰে কঠোৰ নীতিবোেৰ সমালোচনা কৰিছিল।

(খ) গুৰুনানক
উঃ পঞ্জাৱত গুৰু নানকে প্ৰৱৰ্তন কৰা শিখ ধর্ম নব্য ভক্তি আন্দোলনৰ আন এক উল্লেখযোগ্য অধ্যায়। কবীৰৰ ভক্তিমাৰ্গৰদ্বাৰা প্ৰভাৱিত হৈ গুৰু নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। তেওঁ এজন ঈশ্বৰৰ নিৰাকাৰ ৰূপক 'ৰৱ' নামেৰে চিহ্নিত কৰি উপাসনা কৰিছিল। মানৱ প্ৰেম আৰু সেৱা-ভাৱনাক আধাৰ হিচাপে লোৱা শিখ ধর্ম পাছলৈ অন্যান্য গুৰুৰ নেতৃত্বত এক যুঁজাৰু জাতি হিচাপে গঢ় লৈ উঠে। গুৰু নানকৰ ধৰ্মীয় বাণীবোৰ 'গুৰুগ্ৰন্থ চাহিব'ত সন্নিৱিষ্ট কৰা হৈছে। উল্লেখযোগ্য যে কবীৰৰ দোহাবোৰৰ কিছু অংশও 'গুৰুগ্ৰন্থ চাহিব'ত অন্তর্ভুক্ত কৰা আছে।


(গ) চুফীবাদ
উঃ চুফীবাদে ভাৰতত মানুহৰ মাজত সমন্বয়ৰ আদৰ্শ বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল। অনুকূল পৰিৱেশৰ অভাৱত চুফীবাদৰ বিকাশ কিছু পৰিমানে স্থবিৰ হৈছিল।


Answer By: Bikash Bora