গছ ভালপোৱা ককাৰ খং
পাঠ-১
১। কবিতাটোৰ মূলভাব লিখা।
উঃ কবিতাটোৰ মূলভাব হৈছে— গছ-গছনি আমাৰ জীৱনৰ অমূল্য সম্পদ। মানুহে নিজৰ সুবিধাৰ বাবে বহু সময়ত মূল্যবান গছ কাটি পেলায়, কিন্তু এবাৰ গছ ধ্বংস হ’লে তাক সহজে ঘূৰাই পোৱা নাযায়।
কবিতাটোত ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভা পতাৰ সুবিধাৰ বাবে বহুদিনীয়া আমলখি গছজোপা কাটিবলগীয়া হয়। বিয়ালৈ অহা গছপ্ৰেমী ককাজনে এই দৃশ্য দেখি গভীৰ দুখ পায়। তেওঁ বুজাই দিয়ে যে বিয়াৰ আয়োজন সাময়িক, কিন্তু গছ হৈছে স্থায়ী সম্পদ। আলহী-অতিথি সকলো এদিন ঘৰলৈ উভতি যাব, ৰভাও ভাঙি যাব, কিন্তু কটা গছজোপা আৰু কেতিয়াও আগৰ দৰে উভতি নাহে। সেই দুখতেই ককাজনে বিয়াৰ ভোজ নোখোৱাকৈ দৰাক আশীৰ্বাদ দি উভতি যায়।
এই কবিতাৰ জৰিয়তে কবিয়ে গছ-গছনি সংৰক্ষণৰ প্রয়োজনীয়তা আৰু প্ৰকৃতিৰ প্ৰতি মৰমৰ বাণী প্ৰকাশ কৰিছে।
পাঠভিত্তিক:
প্রশ্ন ১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
● "ভাল পালোঁ ৰঘুনাথ”- এই কথাষাৰ ককাই কিয় কৈছিল?
(ক) আমলখি গছজোপা কটা বাবে
(খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে
(গ) বিয়াৰ ৰভাখন দিয়া বাবে
(ঘ) বিয়ালৈ আলহী-অতিথি অহা বাবে
উত্তৰঃ (খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে
● বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল?
(ক) বিয়াৰ ৰভাখন দিয়া বাবে
(গ) বিয়ালৈ আলহী-অতিথিবোৰ অহা বাবে
(খ) আমলখি গছজোপা কষ্টাবাবে
(ঘ) ঘৰলৈন-বোৱাৰী অহা বাবে
উত্তৰঃ (খ) আমলখি গছজোপা কটা বাবে
● "আলহী-অতিথি যাব বভা নাইকিয়া হ'ব”- কথাষাৰ কোনে কাক কৈছিল?
(ক) ককাই দৰাটিক কৈছিল
(খ) ৰঘুনাথে ককাক কৈছিল
(গ) ককাই ৰঘুনাথক কৈছিল
(ঘ) দৰাটিয়ে ককাক কৈছিল
উত্তৰঃ (গ) ককাই ৰঘুনাথক কৈছিল
প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া-
(ক) কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ কবিয়ে কবিতাটোত বঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।
(খ) বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্রশ্ন দুটা কি কি?
উত্তৰঃ বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্রশ্ন দুটা হ'ল-
● বিয়াৰ ৰভাখন দিবলৈ কিয় আমলখি গছজোপা কাটিলে।
● আমলখি গছজোপা সহজতে পাবনে ঘুৰাই?
(গ) দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল?
উত্তৰঃ এজোলোকা আশীর্বাদ দিবলৈ।
(ঘ) ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল? উত্তৰ: আমলখি গছজোপা কটাৰ বাবে মনতে দুখ আৰু খং কৰি বিয়াঘৰত ককাই একো খোৱা নাছিল।.
প্রশ্ন ৩। (ক) তলত দিয়া স্তবকটোৰ ভাবার্থ পঢ়া-"পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা?" উত্তৰঃ উক্ত পদ্যাংশ ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচিত ‘গছ ভালপোৱা ককাৰ খং’ কবিতাৰ পৰা সংগৃহীত। এই কথাষাৰৰ জৰিয়তে গছ-গছনিৰ প্ৰতি ককাজনৰ গভীৰ মৰম আৰু দুখ প্ৰকাশ পাইছে।
ৰঘুনাথৰ ঘৰৰ চোতালত থকা আমলখি গছজোপা বহুদিনীয়া আৰু উপকাৰী গছ আছিল। কিন্তু পুতেকৰ বিয়াৰ ৰভা পতাৰ সুবিধাৰ বাবে গছজোপা কাটি পেলোৱা হয়। বিয়াঘৰলৈ আহি ককাজনে যেতিয়া গছজোপা কটা দেখিলে, তেতিয়া তেওঁ অত্যন্ত কষ্ট পালে। তেওঁৰ মনত হৈছিল যে কেৱল অলপ সময়ৰ সুবিধাৰ বাবে এনেকুৱা মূল্যবান গছ কটা উচিত নহয়। সেই দুখ আৰু ক্ষোভৰ বাবেই তেওঁ ৰঘুনাথক খঙেৰে এই প্রশ্নটো কৰিছিল।
(খ) এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৰাৰ্থ লিখা।
"গছজোপা কটা বাবে
লুচি-ভাজি, ৰসগোল্লা
একোকে নাখাওঁ।”
উত্তৰঃ উক্ত পদ্যাংশ ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচিত ‘গছ ভালপোৱা ককাৰ খং’ কবিতাৰ পৰা লোৱা হৈছে। এই অংশত গছপ্ৰেমী ককাজনৰ মনৰ কষ্ট আৰু অভিমান প্ৰকাশ পাইছে।
ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভা পতাৰ বাবে ঘৰৰ চোতালত থকা আমলখি গছজোপা কাটি পেলাইছিল। বিয়াঘৰলৈ আহি ককাজনে সেই গছ কটা দেখি অত্যন্ত দুখ পাইছিল। তেওঁৰ মতে, গছ মানুহৰ অমূল্য সম্পদ; সেয়েহে সাময়িক আনন্দৰ বাবে গছ ধ্বংস কৰা উচিত নহয়। সেই কাৰণে তেওঁ বিয়াঘৰৰ সুস্বাদু খাদ্য যেনে লুচি-ভাজি আৰু ৰসগোল্লা খোৱাৰ ইচ্ছা নকৰিলে আৰু অভিমানতে একো নোখোৱাকৈ থাকিল।
"পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই?"
উত্তৰঃ উক্ত পদ্যাংশও ড° ভবেন্দ্ৰনাথ শইকীয়া ৰচিত ‘গছ ভালপোৱা ককাৰ খং’ কবিতাৰ পৰা সংগৃহীত। ইয়াত ককাজনে গছৰ মূল্য আৰু প্রয়োজনীয়তাৰ কথা বুজাব বিচাৰিছে।
ৰঘুনাথৰ ঘৰৰ আগত থকা আমলখি গছজোপা বহু উপকাৰী আৰু মূল্যবান আছিল। কিন্তু বিয়াৰ ৰভা সাজিবলৈ সেই গছ কাটিবলগীয়া হয়। ককাজনে এই ঘটনা দেখি ৰঘুনাথক বুজাই দিয়ে যে বিয়াৰ আয়োজন সাময়িক, কিন্তু গছ এবাৰ কাটি পেলালে তাক সহজে উভতাই পোৱা নাযায়। আলহী-অতিথি এদিন গুচি যাব, ৰভাও ভাঙি যাব, কিন্তু গছজোপাৰ অভাৱ সদায় অনুভৱ হ’ব। এই কথাৰ মাজেৰে কবিয়ে গছ সংৰক্ষণৰ প্রয়োজনীয়তা প্ৰকাশ কৰিছে।
(ক) ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন?
উত্তৰঃ ৰঘুনাথে আমলখি গছজোপা কাটি নপেলোৱাকৈও বিয়াৰ ৰভা সাজিব পাৰিলেহেঁতেন। তেওঁ আন খালী ঠাইত ৰভা পাতিব পাৰিলেহেঁতেন অথবা গছজোপাক অক্ষত ৰাখি তাৰ চাৰিওফালে সুন্দৰকৈ সাজ-সজ্জা কৰিব পাৰিলেহেঁতেন। গছত ৰঙীন লাইট, ফুল বা কাপোৰেৰে সজালে ৰভাতলিখন আৰু অধিক আকৰ্ষণীয় দেখালেহেঁতেন। এইদৰে গছজোপাও বাচিলহেঁতেন আৰু বিয়াৰ আয়োজনো ধুনীয়া হ’লহেঁতেন।
(খ) ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ’লাহেঁতেন, আমলখি গছজোপা কটা বাবে তুমি কি ক’লাহেঁতেন?
উত্তৰঃ মই বিয়াঘৰলৈ গৈ ৰঘুনাথক ক’লোহেঁতেন যে গছ-গছনি আমাৰ জীৱনৰ অমূল্য সম্পদ, সেয়েহে অপ্রয়োজনীয়ভাৱে গছ কটা উচিত নহয়। গছেই আমাক বিশুদ্ধ বায়ু, ফল-মূল, ছাঁ আৰু প্ৰকৃতিৰ সৌন্দৰ্য প্ৰদান কৰে। কেৱল অলপ সময়ৰ সুবিধাৰ বাবে এনেকুৱা মূল্যবান গছ কাটি পেলোৱাটো ঠিক হোৱা নাই। মই তেওঁক ভৱিষ্যতে অধিক গছ ৰোপণ আৰু সংৰক্ষণ কৰিবলৈও পৰামৰ্শ দিলোহেঁতেন।
(গ) কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে?
উত্তৰঃ কবিতাটোত ককাৰ কথাৰ মাজেৰে গছ-গছনি আৰু প্ৰকৃতিৰ প্ৰতি মৰম আৰু সচেতনতা প্ৰকাশ কৰা হৈছে। কবিয়ে দেখুৱাব বিচাৰিছে যে গছ আমাৰ জীৱনৰ অতি প্রয়োজনীয় সম্পদ। সাময়িক সুবিধা বা আনন্দৰ বাবে গছ ধ্বংস কৰা উচিত নহয়। গছ ৰক্ষা কৰিলে পৰিৱেশ সুৰক্ষিত থাকে আৰু মানুহেও উপকৃত হয়। সেয়ে সকলোৱে গছ-গছনি সংৰক্ষণ কৰি প্ৰকৃতিক ভাল পাব লাগে।
প্ৰশ্ন ৬। তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে। কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে। তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা।
আলহী
একাঁজলি
উছৱ-পৰবৰ বাবে ওখকৈ দিয়া চালি
পুত্ৰৰ পত্নী
দৰৱ
উঃ
শব্দ অৰ্থ
এজোলোকা একাঁজলি
ঔষধ দৰৱ
ৰভা উছৱ-পৰবৰ বাবে ওখকৈ দিয়া চালি
বোৱাৰী পুত্ৰৰ পত্নী অতিথি আলহী
প্ৰশ্ন ৭। তলত দিয়া কথাখিনি ভালদৰে পঢ়া-
‘তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা।’
উত্তৰঃ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা’ — এই বাক্যটোত ব্যৱহাৰ হোৱা ‘পুতেৰা’ শব্দটো সম্বন্ধ বুজোৱা শব্দ। অসমীয়া ভাষাত আমি দৈনন্দিন জীৱনত মা, দেউতা, ককা, আইতা, খুৰা, পেহী, জীয়েক, ভনীয়েক আদি সম্বন্ধসূচক শব্দ বহুলভাৱে ব্যৱহাৰ কৰোঁ।
বাক্যত ব্যৱহাৰৰ সময়ত এই শব্দবোৰৰ লগত বিভিন্ন বিভক্তি যোগ হয়। যেনে — ‘-ৰ’, ‘-এৰা’, ‘-ব’, ‘-ক’, ‘-য়েক’ আদি। এই বিভক্তিবোৰক পুৰুষবাচক বিভক্তি বুলি কোৱা হয়। বিভক্তি যোগ হ’লে শব্দবোৰে বাক্যত বিশেষ অৰ্থ প্ৰকাশ কৰে।
উদাহৰণস্বৰূপে —
- তোমাৰ বাবা
- তোৰ জীয়েৰ
- তেওঁৰ পেহীয়েক
- সিহঁতৰ খুৰাক
- মোৰ ভনীয়েৰা
এইদৰে সম্বন্ধ বুজোৱা শব্দৰ লগত বিভক্তি যোগ কৰি অসমীয়া ভাষাত বাক্য গঠন কৰা হয়।
প্ৰশ্ন ১০। (ক) গছ-পুলি এটা ৰুই ডাঙৰ-দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে? দলত আলোচনা কৰি লিখা।
উত্তৰঃ গছপুলি এটা ৰুই ডাঙৰ-দীঘল হ'বলৈ তলত দিয়া ধৰণে যতন লোৱা উচিত-
● প্রথমতে পুলিটো পলিবেগৰ পৰা উলিয়াই আনি ইয়াৰ শিপাৰ গাঁথনিটো ভাঙিব নিদি গাঁতৰ সোঁমাজত ৰুই দিব লাগে।
● পুলিটোৰ শিপাৰ আকাৰ অনুযায়ী প্রায় ১০১ ফুট বা তাতকৈ ডাঙৰ গাঁত খান্দিব লাগে।
● গাঁতৰ মাটিত জৈৱিক সাৰ বা পচন সাৰ পাতলকৈ মিহলাই দিব লাগে।
● পুলি ৰোৱাৰ পাছত প্ৰচুৰ পৰিমাণে পানী দিয়া আৰু পুলিটোৰ চাৰিওফালে খেৰ বা শুকান পাতেৰে ঢাকি দিলে মাটিৰ আর্দ্রতা থাকে।
● অত্যধিক ৰ'দৰ পৰা গছপুলিটো ঢাকি ৰাখিব লাগে।
● গছজোপা অলপ ডাঙৰ নোহোৱালৈকে গৰু-ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ বাঁহৰ বেৰা দিয়াটো খুবেই প্রয়োজনীয়।
(খ) আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি আৰু গুণ থকা কি
কি ফলৰ গছ তোমালোকে দেখিছা? লিখা।
উত্তৰঃ নিম, তুলসী, অশ্বগন্ধা, ঘৃতকুমাৰী, ব্রাহ্মী, কালমেঘ, অর্জুন, শিলিখা, ডিমৰু, ঔ-টেঙা, পাতেগজা, চজিনা, নাহৰ, শেৱালি, তেজমুই আদি।
(গ) কবিতাটোত ৰঘুনাথে ৰভাখন দিবলৈকে গছজোপা কাটিছিল। জধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ, দলত আলোচনা কৰি কোৱা আৰু লিখা।
উত্তৰঃ জধে-মধে গছ-গছনি কটা বন্ধ কৰিবলৈ তলত দিয়া কামবোৰ কৰিব পাৰি-
● বন সংৰক্ষণৰ বিষয়ে মানুহক শিক্ষা দিয়া।
● বন জংঘল অযথা জ্বলাই নিদিয়া।
● বিদ্যালয় আৰু গাঁওসমূহত বৃক্ষৰোপণ দিৱস পালন কৰা।
● গছ কটা দেখিলে চৰকাৰী কর্তৃপক্ষক জনোৱা।
● প্লাষ্টিক ব্যৱহাৰ কৰ্ম কৰি পৰিৱেশ ৰক্ষা কৰা।
● কাঠৰ সামগ্রী তৈয়াৰ কৰাৰ বাবে গছ-গছনি কটা বন্ধ কৰা।
● মানুহক গছৰ উপকাৰিতাৰ বিষয়ে সচেতন কৰা।
● বন সংৰক্ষণৰ নিয়ম মানি চলা।
● গাঁও বা চুবুৰিত বৃক্ষৰোপণ অভিযান কৰা।
প্রশ্ন ১১। তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা।
বিশ্ব বন দিৱস, ধৰিত্ৰী দিবস, বিশ্ব পৰিৱেশ দিৱস
উত্তৰঃ
বিশ্ব বন দিৱস: বিশ্ব বন দিৱস প্ৰতিবছৰে ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। United Nations-এ বন সংৰক্ষণৰ প্ৰতি মানুহক সচেতন কৰাৰ উদ্দেশ্যে এই দিৱস পালন আৰম্ভ কৰে।
বন-জংঘল আমাৰ পৰিৱেশৰ অতি মূল্যবান সম্পদ। গছে আমাক অক্সিজেন, ফল-মূল, কাঠ, ঔষধ আৰু ছাঁ দিয়ে। বন-জংঘলে বায়ু বিশুদ্ধ ৰাখে, বৰষুণ হোৱাত সহায় কৰে আৰু মাটিৰ ক্ষয় ৰোধ কৰে। লগতে বহু জীৱ-জন্তুৰ বাসস্থানো বনেই।
কিন্তু বর্তমান সময়ত অতিমাত্ৰা গছ কটা, বন ধ্বংস আৰু জুই লগাৰ ফলত বনাঞ্চল হ্ৰাস পাইছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে আৰু বিশ্ব উষ্ণায়নৰ সমস্যা বৃদ্ধি পাইছে।
বিশ্ব বন দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সংগঠনে গছ ৰোপণ, আলোচনা চক্ৰ, শোভাযাত্ৰা আৰু সজাগতামূলক কাৰ্যসূচী আয়োজন কৰে। এই দিৱসত বন সংৰক্ষণ আৰু অধিক গছ ৰোপণৰ বাবে সকলোৱে সংকল্প লয়।
সেয়ে বন-জংঘল ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। অধিক গছ ৰোপণ আৰু বন সংৰক্ষণৰ জৰিয়তে আমি সুন্দৰ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তুলিব পাৰোঁ।
ধৰিত্ৰী দিৱস: ধৰিত্ৰী দিৱস প্ৰতিবছৰে ২২ এপ্ৰিল তাৰিখে পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে পৃথিৱী আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰা। ১৯৭০ চনত আমেৰিকাত প্ৰথমবাৰৰ বাবে ধৰিত্ৰী দিৱস পালন আৰম্ভ কৰা হৈছিল।
ধৰিত্ৰী আমাৰ জীৱনৰ আশ্ৰয়স্থল। গছ-গছনি, নদী, পাহাৰ, মাটি, বায়ু আৰু পানীয়ে পৃথিৱীক বাসযোগ্য কৰি তুলিছে। কিন্তু মানুহৰ অসচেতনতাৰ বাবে বন ধ্বংস, বায়ু দূষণ, পানী দূষণ আৰু প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে আৰু বিশ্ব উষ্ণায়নৰ দৰে সমস্যা দেখা দিছে।
ধৰিত্ৰী দিৱসত বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সংগঠনে গছ ৰোপণ, আলোচনা চক্ৰ, শোভাযাত্ৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আয়োজন কৰে। এই দিৱসত সকলোৱে পৃথিৱীক সুৰক্ষিত আৰু সেউজীয়া কৰি ৰাখিবলৈ সংকল্প লয়।
সেয়ে আমি সকলোৱে গছ ৰোপণ কৰিব লাগে, পৰিৱেশ পৰিষ্কাৰ ৰাখিব লাগে আৰু প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে। পৃথিৱী সুস্থ থাকিলেহে জীৱজগতৰ ভৱিষ্যৎ সুৰক্ষিত থাকিব।
বিশ্ব পৰিৱেশ দিৱস: বিশ্ব পৰিৱেশ দিৱস প্ৰতিবছৰে ৫ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। ১৯৭২ চনত United Nations-ৰ উদ্যোগত এই দিৱসৰ আৰম্ভণি কৰা হৈছিল। এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে মানুহক পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন কৰি তোলা।
পৰিৱেশ আমাৰ জীৱনৰ ভিত্তি। গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত, বায়ু আৰু পানীয়ে মিলি পৰিৱেশ গঠন কৰে। কিন্তু বর্তমান সময়ত বন ধ্বংস, বায়ু দূষণ, পানী দূষণ আৰু প্লাষ্টিকৰ অতিরিক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ বিপদৰ সন্মুখীন হৈছে। ইয়াৰ ফলত বিশ্ব উষ্ণায়ন, জলবায়ু পৰিৱর্তন, বানপানী আৰু খৰাংৰ দৰে সমস্যা বৃদ্ধি পাইছে।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সংগঠনে গছ ৰোপণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰে। এই দিৱসত সকলোৱে গছ ৰোপণ কৰা, প্লাষ্টিক কম ব্যৱহাৰ কৰা আৰু পৰিৱেশ পৰিষ্কাৰ ৰখাৰ সংকল্প লয়।
সেয়ে আমি সকলোৱে পৰিৱেশ ৰক্ষা কৰাটো নিজৰ দায়িত্ব বুলি ভাবি প্ৰকৃতিক ভাল পাব লাগে। পৰিৱেশ সুস্থ থাকিলেহে মানুহৰ জীৱনো সুস্থ আৰু সুখী হ’ব।
.
Type By: Bikash Bora