ছাতৰৰ কৰ্তব্য়
পাঠ-১১
পাঠভিত্তিক:
প্রশ্ন ১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) শিক্ষা অৰ্জনৰ বাবে ছাতৰৰ কি কি গুণ থাকিব লাগে?
উত্তৰঃ শিক্ষা অৰ্জনৰ বাবে ছাতৰৰ অধ্যৱসায়, নিয়মীয়া পাঠদান কৰাৰ অভ্যাস, সময়ৰ সদ্ব্যৱহাৰ কৰা, শৃংখলা বজাই ৰখা, ধৈৰ্য্য আৰু আগ্রহ থকা এইবোৰ গুণ থাকিব লাগিব।
(খ) ছাত্র-ছাত্রীয়ে মনে মনে কি হ'ম বুলি প্রতিজ্ঞা কৰিব লাগে?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে মনে মনে ভবিষ্যতে এজন ভাল মানুহ হ'ম বুলি প্রতিজ্ঞা কৰিব লাগে।
(গ) প্রকৃত জ্ঞানী লোকক লেখকে কাৰ লগত তুলনা কৰিছে?
উত্তৰ: প্রকৃত জ্ঞানী লোকক লেখকে দেৱতাৰ লগত তুলনা কৰিছে।
(ঘ) বিদ্যা আয়ত্ত কৰিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে?
প্রশ্ন ২। ভাবি উত্তৰ দিয়া।
(ক) দেশৰ উন্নতি কেনেকৈ হ'ব পাৰে?
উত্তৰঃ দেশৰ উন্নতি শিক্ষিত আৰু সচেতন নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰে। ছাত্ৰ-ছাত্ৰীসকলে মন দি পঢ়াশুনা কৰি জ্ঞান আৰু দক্ষতা অর্জন কৰিব লাগিব। সকলোৱে সততা, পৰিশ্ৰম আৰু দায়িত্ববোধেৰে কাম কৰিলে দেশ উন্নতিৰ পথত আগবাঢ়িব পাৰে।
(খ) কিতাপ পঢ়াৰ উপৰি আৰু কি কি ধৰণে নানা বিদ্যা, কাৰ্য আৰু শক্তি বঢ়াব পাৰি?
উত্তৰঃ কিতাপ পঢ়াৰ উপৰিও বিভিন্ন কাম-কাজ আৰু অভ্যাসৰ জৰিয়তে জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পাৰি। যেনে— গান গোৱা, ছবি আঁকা, খেল-ধেমালি কৰা, বক্তৃতা দিয়া, খেতি-বাতি কৰা, বেপাৰ-বাণিজ্য শিকা, কাঠ-বাঁহৰ কাম কৰা, কম্পিউটাৰ শিক্ষা লোৱা আদি। এইবোৰৰ জৰিয়তে মানুহে নিজৰ প্রতিভা, কাৰ্যক্ষমতা আৰু অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে।
(গ) স্কুললৈ যোৱাৰ উদ্দেশ্য কি কি?
উত্তৰঃ স্কুললৈ যোৱাৰ প্রধান উদ্দেশ্যসমূহ হ’ল—
● শিক্ষা আৰু জ্ঞান লাভ কৰা।
● ভাল আচাৰ-ব্যৱহাৰ শিকা।
● নিজৰ চৰিত্ৰ গঠন কৰা।
● শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সাধন কৰা।
● ভৱিষ্যতে এজন সৎ আৰু দায়িত্বশীল নাগৰিক হোৱা।
প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা-