আত্মৰক্ষা
পাঠ-১২
পাঠভিত্তিক:
প্রশ্ন ১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) সপোন সাকাৰ কৰিবৰ বাবে কি প্রয়োজন বুলি পাঠটোত কোৱা হৈছে?
উত্তৰ: অধ্যৱসায়।
(খ) আত্মৰক্ষা মানে কি?
উত্তৰঃ নিজকে সুৰক্ষা দিয়া কাৰ্য।
(গ) "আমি আমাৰ ল'ৰা-ছোৱালীবোৰক আত্মৰক্ষাৰ কৌশল শিকাব লাগিব বৌ"- এই কথাষাৰ কোনে কাক কৈছিল?
উত্তৰঃ ওপৰৰ কথাষাৰ অতনুৰ খুড়াক মনোজে অতনুৰ মাকক কৈছিল।
(ঘ) অতনুৱে কি পঢ়ি ভাল পাইছিল?
উত্তৰঃ অতনুৱে গল্প পঢ়ি ভাল পাইছিল।
(ঙ) গল্পটোত মৰমিয়াল আৰু ৰসিক ব্যক্তি বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ডাঃ কাকতি বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি আছিল।
(চ) অতনুৱে ডাঙৰ হৈ কি কি হ'ব বিচাৰিছিল আৰু কিয় বিচাৰিছিল?
তেওঁ শিক্ষক হৈ ছাত্র-ছাত্ৰীক শিক্ষা দিব বিচাৰিছিল। পাইলট হৈ আকাশত উৰাজাহাজ চলোৱাৰ সপোন দেখিছিল। লগতে সৰু সৰু ল'ৰা-ছোৱালীবোৰক সুৰক্ষা দিয়াৰ ইচ্ছা কৰিছিল।
(ছ) মনোজৰ খুৰাকে অতনুৰ মাকৰ আগত কি বিষয়ত আশংকা প্রকাশ কৰিছিল?
উত্তৰ: মনোজৰ খুৰাকে অতনুৰ মাকৰ আগত সৰু সৰু নিষ্পাপ শিশুবোৰৰ নিৰাপত্তা নোহোৱা বিষয়ত আশংকা প্রকাশ কৰিছিল।
(জ) আত্মৰক্ষা শব্দটো প্ৰথম আৰু দ্বিতীয়বাৰ অতনুৱে কাৰ কাৰ মুখত শুনিছিল?
উত্তৰঃ মনালিছা বাইদেউ আৰু মনোজ খুৰাকৰ মুখত।
(ঝ) কাৰোবাৰ স্পৰ্শ বেয়া বুলি কেনেকৈ সহজতে গম পাব পাৰি?
উত্তৰ: কোনোবাই যদি আমাক মৰম কৰোতে কৰা স্পৰ্শত অসহজ অনুভব কৰিছো, তেন্তে আমি মানুহজনৰ স্পৰ্শ বেয়া বুলি জানিম।
(ঞ) ডাক্তৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত কিবা অৰিহণা যোগাইছিলনে? গল্পটিৰ কোনখিনি কথাৰ পৰা ডাক্তৰ কাকতিৰ অৰিহণা স্পষ্ট হৈছে লিখা।
উত্তৰঃ ডাক্তৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত অৰিহণা যোগাইছিল। খামি ডাঠ পুলিচ হ'বলৈ আটিল শৰীৰৰ অধিকাৰী হ'ব লাগিব। স্বাস্থ্য ভালে নাথাকিলে কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব।
(ট) অতনুৱে অৱশেষত নিজৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰিব পাৰিলেনে?
উত্তৰ: নাই।
প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লিখা।
(ক) মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি কৈছিল?
উত্তৰ: মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কৈছিল-
"লক্ষ্যহীন জীৱন ব'ঠাহীন নাৱৰ দৰে। আমাক লক্ষ্য লাগিব, লক্ষ্যৰ বাবে সপোন লাগিব আৰু সপোন সফল কৰিবৰ বাবে লাগিব অধ্যবসায়।।
(খ) অতনুৱে আৰক্ষী বিষয়া হ'ম বুলি কিয় ভাবিছিল? এই প্ৰেৰণা তেওঁ কাৰ পৰা পাইছিল?
উত্তৰ: অতনুৱে আৰক্ষী বিষয়া হৈ সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ সুৰক্ষা নিশ্চিত কৰিব।
এই প্ৰেৰণা তেওঁ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু মনোজ খুৰাকৰ পৰা পাইছিল।
(গ) দেশৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কিহৰ বাবে কৃতজ্ঞতাৰ ভাব জাগিছিল?
উত্তৰ: অতনুৰ চুবুৰিৰে ৰজত দাদাই নতুনকৈ সেনা বাহিনীত যোগদান কৰিছে। দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লৈ তেওঁ কাশ্মীৰ সীমান্তত আছেগৈ। দেশৰ সীমান্তৰ দুৰ্গম
ঠাইবোৰতো দিনে-ৰাতিয়ে সুৰক্ষা বাহিনীৰ দল থাকে। তেওঁলোক আছে বাবেই আমি সুৰক্ষিত অনুভৱ কৰো। এই কথা ভাবি সীমান্তৰ সৈনিকসকলৰ প্ৰতি অতনুৰ কৃতজ্ঞতাৰ ভাব জাগিছিল।