বকুলৰ আনন্দ
পাঠ-১৫
পাঠভিত্তিক:
প্রশ্ন ১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
● টিভিত কাৰ বিষয়ে বাতৰি প্ৰচাৰ হৈছিল?
(ক) বকুলৰ মাকৰ
(খ) বকুলৰ দেউতাকৰ
(গ) বকুলৰ বৰদেউতাকৰ
(ঘ) বকুলৰ বৰদেউতাকৰ ছোৱালীজনীৰ
উত্তৰঃ (খ) বকুলৰ দেউতাকৰ
● পাঠটোৰ মতে তলৰ কোনটো উক্তি অধিক গ্রহণযোগ্য?
(ক) মুগা পালন কৰি চৰকাৰী বঁটা লাভ কৰিব পাৰি।
(খ) মুগাৰ বস্ত্ৰ বিক্ৰীৰ বাবে নগৰত বিপণী খুলিব লাগে।
(গ) 'ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা' মুগাপালকক দিয়া হয়।
(ঘ) বিজ্ঞানসন্মতভাৱে মুগা পালন কৰি স্বাৱলম্বী হ'ব পাৰি।
উত্তৰঃ (ঘ) বিজ্ঞানসন্মতভাৱে মুগা পালন কৰি স্বাৱলম্বী হ'ব পাৰি।
প্ৰশ্ন ২। তলত বাঁওফালে থকা শব্দৰ অৰ্থ সোঁফালে খেলি-মেলিকৈ দিয়া হৈছে। শব্দৰ লগত অৰ্থ মিলোৱা।
উত্তৰঃ
প্রশ্ন ৩। তলত দিয়া প্রশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া।
(ক) অমল চেতিয়াক কি অনুষ্ঠানত বঁটা প্ৰদান কৰিব বুলি বাতৰি পঢ়োঁতাগৰাকীয়ে কৈছিল?
উত্তৰঃ অমল চেতিয়াক আগন্তুক স্বাধীনতা দিৱসৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্রীয় অনুষ্ঠানত বঁটা প্ৰদান কৰিব বুলি বাতৰি পঢ়োতাগৰাকীয়ে কৈছিল।
(খ) বানে সৃষ্টি কৰা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক কি কবলৈ পৰামৰ্শ দিছিল?
উত্তৰঃ বানে সৃষ্টি কৰা চাপৰিটোত অমল চেতিয়াই গাঁওবাসীক চোম গছৰ পুলি ৰোপণ কৰিবলৈ পৰামৰ্শ দিছিল।
(গ) বিজ্ঞানসন্মতভাবে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক ক'লৈ গৈছিল?
উত্তৰ: বিজ্ঞানসন্মতভাৱে মুগা পালনৰ পৰামৰ্শ বিচাৰি বকুলৰ দেউতাক ৰেচন শিল্পৰ কাৰ্যালয়লৈ গৈছিল।
(ঘ) বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী কোন ঠাইৰ আছিল?
উত্তৰঃ বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী শুৱালকুছি নামৰ ঠাইৰ পৰা আছিল।
(ঙ) বস্ত্ৰ উদ্যোগৰ অনলাইন বিজ্ঞাপনৰ কামবোৰ কোনে কৰিছিল?
উত্তৰঃ বস্ত্ৰ উদ্যোগৰ অনলাইন বিজ্ঞাপনৰ কামবোৰ বকুলৰ বৰদেউতাকৰ ছোৱালী ৰূপালীয়ে কৰিছিল।
প্রশ্ন ৪। তলত দিয়া প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ দিয়া-
(ক) ৰাজ্য চৰকাৰে অমল চেতিয়ালৈ 'ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা' কিয় আগবঢ়াইছিল?
উত্তৰ: মুগা শিল্পৰ জৰিয়তে নৱপ্ৰজন্মক স্বাৱলম্বনৰ পথ দেখুওৱাৰ বাবে ৰাজ্য চৰকাৰে অমল চেতিয়ালৈ 'ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা' আগবঢ়াইছিল।
(খ) বকুলৰ দেউতাকে স্থানীয় বেংকৰ পৰা হ্রস্বম্যাদী ঋণ কিয় গ্রহণ কৰিছিল?
উত্তৰঃ বকুলৰ দেউতাকে উন্নতমানৰ কেইবাখনো আধুনিক তাঁতশাল কিনি এটা ক্ষুদ্র বস্ত্ৰ উদ্যোগ ঘৰতেই আৰম্ভ কৰিবৰ বাবে স্থানীয় বেংকৰ পৰা হ্রস্বম্যাদী ঋণ গ্রহণ কৰিছিল।
(গ) বকুলৰ দেউতাকে নিজাকৈ মুগা-সূতা উৎপাদন কৰাৰ সিদ্ধান্ত কিয় লৈছিল?
এই অৱস্থা দেখি বকুলৰ দেউতাকে ভাবিলে যে যদি নিজেই মুগা-সূতা উৎপাদন কৰিব পাৰি, তেন্তে অধিক লাভ হ’ব আৰু গাঁওবাসীও উপকৃত হ’ব। সেই উদ্দেশ্যে তেওঁ নিজাকৈ মুগা-সূতা উৎপাদনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
(ঘ) অমল চেতিয়াই বোৱা-কটাৰ প্ৰশিক্ষণ শিবিৰটো কিয় আয়োজন কৰিছিল? উত্তৰঃ অমল চেতিয়াই লক্ষ্য কৰিছিল যে গাঁওখনৰ বহু পুৰুষ আৰু মহিলা আগৰ পৰাই বোৱা-কটাৰ কাম জানিছিল। তেওঁলোকে নিজৰ প্রয়োজনীয় কাপোৰ ঘৰতে তৈয়াৰ কৰিছিল। এই দক্ষতাক ভিত্তি কৰি তেওঁ গাঁওখনত বয়ন শিল্পৰ উন্নতি ঘটাব বিচাৰিছিল।
কিন্তু ব্যৱসায়িকভাৱে সফল হ’বলৈ হ’লে কাপোৰৰ মান উন্নত কৰাটো অতি প্রয়োজনীয় আছিল। সেইবাবে অমল চেতিয়াই নিজৰ সাঁচতীয়া ধন ব্যয় কৰি বোৱা-কটাৰ এটা প্রশিক্ষণ শিবিৰ আয়োজন কৰে।
শুৱালকুছিৰ পৰা দুগৰাকী অভিজ্ঞ প্রশিক্ষক মাতি আনি তেওঁ গাঁওবাসীক নতুন কৌশল আৰু উন্নত বয়ন পদ্ধতি শিকাইছিল। এই প্রশিক্ষণৰ জৰিয়তে গাঁওবাসীয়ে অধিক মানসম্পন্ন কাপোৰ উৎপাদন কৰিবলৈ সক্ষম হৈছিল।
(ঙ) বকুলহঁতৰ ঘৰত কিয় এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল?
উত্তৰ : বকুলহঁতৰ ঘৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল। কাৰণ বকুলৰ দেউতাক বস্ত্র উদ্যোগী অমল চেতিয়ালৈ ৰাজ্য চৰকাৰে 'ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা' প্ৰদান কৰিছে। এই খবৰ পাই-দেউতাকক অভিনন্দন জনাবলৈ বহু লোক তেওঁলোকৰ ঘৰলৈ আহিছিল। স্থানীয় সংবাদকর্মীসকল বাতৰি সংগ্ৰহৰ বাবে সিহঁতৰ ঘৰ পালেহি।
দেউতাকে লাভ কৰা এই স্বীকৃতিয়ে বকুলৰ মনটো ভৰাই তুলিছে।
(চ) বকুলৰ বুকুখন কিয় গর্বত ফুলি উঠিছিল?
উত্তৰ: বকুলে বুজিছিল যে পৰিশ্ৰম আৰু কঠোৰ সাধনাৰ বাবেই দেউতাকে ৰাজ্য চৰকাৰৰ পৰা 'ৰাজ্যিক ক্ষুদ্র উদ্যোগী বঁটা' এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সেইবাবে বকুলৰ অকণমানি বুকুখন গৰ্বত ফুলি উঠিছিল।
প্রশ্ন ৫। আলোচনা কৰি কোৱা আৰু লিখা।
(ক) অমল চেতিয়াৰ ক্ষুদ্র উদ্যোগটোৱে শিক্ষিত যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰত কেনেদৰে ভূমিকা গ্রহণ কৰিছিল?
উৎপাদন বৃদ্ধি কৰিবলৈ অমল চেতিয়াই গাঁওখনৰ বহু যুৱক-যুৱতীক কৰ্মচাৰী হিচাপে নিয়োগ কৰিলে। তেওঁলোকক বোৱা-কটা, কাপোৰ ডিজাইন কৰা আৰু বিপণনৰ কামত যুক্ত কৰা হৈছিল। ইয়াৰ ফলত বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কর্মসংস্থাপনৰ সুযোগ লাভ কৰিলে।
তেওঁলোকৰ তাঁতশালত গামোচা, মেখেলা-চাদৰ, ৰিহা, চুৰিয়া, কুর্তা, টুপী আদি বিভিন্ন সামগ্ৰী তৈয়াৰ হ’বলৈ ধৰিলে। নতুন নতুন ফুলৰ চানেকি আৰু আধুনিক নক্সাৰে তৈয়াৰ কৰা কাপোৰবোৰে গ্ৰাহকৰ বিশেষ সমাদৰ লাভ কৰে।
পিছলৈ অমল চেতিয়াই ৰাজ্যৰ বিভিন্ন ঠাইত বস্ত্ৰ-বিপণী স্থাপন কৰে। সেই দোকানসমূহতো বহু শিক্ষিত যুৱক-যুৱতীক চাকৰিৰ সুযোগ দিয়া হয়। লগতে অনলাইন ব্যৱসায় আৰম্ভ কৰাৰ ফলত আধুনিক প্রযুক্তিৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থাও গঢ়ি উঠে।
এইদৰে অমল চেতিয়াৰ উদ্যোগটোৱে কেৱল নিজৰ উন্নতিয়েই সাধন কৰা নাছিল, অঞ্চলটোৰ বহু শিক্ষিত যুৱক-যুৱতীৰ জীৱিকাৰ পথো মুকলি কৰিছিল।
(খ) 'বকুলৰ আনন্দ'ৰ শিৰোনামটোৰ পৰিৱৰ্তে তোমাক পাঠটোৰ বাবে আন এটা উপযুক্ত নাম বাছিবলৈ দিয়া হ'ল। তলৰ কোনটো নাম পাঠটোৰ বাবে উপযুক্ত হ'ব বুলি তুমি ভাবা আৰু কিয় উপযুক্ত বুলি ভাবা যুক্তি দর্শোৱা।
সোণালী সূতাৰ কাহিনী
এখন চোমনিৰ কথা
স্বাৱলম্বিতাৰ বাটেৰে
ক্ষুদ্র উদ্যোগী বঁটা