কাঞ্চনবাৰীৰ হাতীটোপাঠ-২পাঠভিত্তিক:
প্রশ্ন ১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
● মাচুমাহঁত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল?
(ক) এটা সুগৰী পহু
(খ) এটা ম'হ
(গ) এটা মখনা
(ঘ) এটা হৰিণ
উত্তৰঃ (গ) এটা মখনা
● কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল?
(ক) দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে
(খ) মানুহক আক্ৰমণ কৰিবৰ বাবে
(গ) মাচুমাহঁত বিদ্যালয়ৰ পৰা অহাৰ বাবে
(ঘ) জাকৰ পৰা বাদ পৰাৰ বাবে
উত্তৰঃ (ক) দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে
প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া-
(ক) দণ্ডি কি?
উত্তৰঃ হাতীৰ জাক অহা-যোৱা কৰা বাট।
(খ) কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে?
উত্তৰঃ হাতী, সুগৰী পহু, বনৰীয়া ম'হ, গঁড় আদি।
(গ) বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা?
উত্তৰঃ বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে।
(ঘ) মাচুমাই কি সংকল্প লৈছিল?
উত্তৰঃ মাচুমাই সংকল্প লৈছিল যে কাঞ্চনবাবীৰ হাতীবোৰক শাস্তিবে বাস কৰাৰ সুবিধা দিব।
প্রশ্ন ৩। আলোচনা কৰি লিখা।
(ক) বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি?
উত্তৰ: বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবৰ বাবে আমি তলত দিয়া কামবোৰ কৰিব পাৰো-
● প্রথমে আমি জনসজাগতা সৃষ্টি কৰিব লাগিব।
● বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব।
● গছ কটা কাৰ্য বন্ধ কৰিব লাগিব।
● জীৱ-জন্তুৰ প্ৰতি সহমর্মিতা প্রদর্শন কৰিবলৈ শিক্ষা দিব লাগিব।
● জীব-জন্তু অহা-যোৱা কৰা পথত যান-বাহন কমকৈ চলিব লাগিব।
(খ) চৰকাৰে 'এনিমেল গ্রীণ কৰিড'ৰৰ ব্যৱস্থা কিয় কৰিছে?
উত্তৰ: অৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৱেদি অনবৰতে বিভিন্ন যান-বাহন চলিয়ে থাকে। পথটোৰ দুয়োপাৰৰ বন্যপ্রাণীবোৰে সময়ে সময়ে পথটো পাৰ হয়। এনেদৰে পাৰ হওঁতে বহু প্রাণীয়ে যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। সেইকাৰণে অবণ্যৰ মাজৰ পথছোৱাত চৰকাৰে 'এনিমেল গ্রীণ কৰিড'ৰৰ ব্যৱস্থা কৰিছে।
(গ) মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্রাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা?
উত্তৰ: মানুহে কৰা তলৰ কাৰ্যৰ দ্বাৰা বন্যপ্রাণী শংকিত হৈ পৰে-
● বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম-স্নেহ টুটিছে।
● অসহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে।
● গছ-গছনি কাটি তহিলং কৰিছে।
● গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দই অৰণ্যবোৰ অশান্ত কৰি তুলিছে।
● জীৱ-জন্তুৰ চিকাৰ কৰা আদি।
মানুহে এনে কার্য নিজ নিজ স্বাৰ্থৰ বাবে, টকা অৰ্জনৰ বাবে কৰে বুলি ভাবিব পাৰি।
প্রশ্ন ৪। (ক) বাঁওফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাওঁ আহা-
শব্দ অর্থ
সহমর্মিতা সহানুভূতি
তহিলং নষ্ট কৰা কাৰ্য
সহাবস্থান শান্তিপূর্ণভাৱে একেলগ হৈ থকা অৱস্থা
মখনা মতা হাতী
শংকিত ভীত বা ভয় খোৱা
(খ) ওপৰৰ প্ৰতিটো শব্দবে একোটাকৈ বাক্য ৰচনা কৰা।
সহমর্মিতাঃ অসহায় জীৱ-জন্তুৰ প্রতি সকলোৱে সহমর্মিতা দেখুওৱা উচিত।
তহিলংঃ অবৈধভাৱে গছ কাটি কিছুমান লোকে বনাঞ্চল তহিলং কৰিছে।
সহাৱস্থানঃ মানুহ আৰু বন্যপ্ৰাণীয়ে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিব লাগে।
মখনাঃ বনপথত এটা ডাঙৰ মখনা হাতী দেখা গ’ল।
শংকিতঃ জোৰেৰে হোৱা শব্দত চৰাইবোৰ শংকিত হৈ উৰি গ’ল।
প্রশ্ন ৭। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা।উত্তৰঃ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানঃ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিখ্যাত আৰু মনোমোহা ৰাষ্ট্ৰীয় উদ্যান। ১৯৯৯ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। ব্ৰহ্মপুত্ৰ, লোহিত আৰু ডিব্ৰু নদীৰ মাজত অৱস্থিত এই উদ্যানখন প্ৰাকৃতিক সৌন্দৰ্য, বনাঞ্চল আৰু জলাশয়ৰ বাবে বিশেষভাৱে পৰিচিত।
এই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আৰু পক্ষী দেখা যায়। ইয়াত বনৰীয়া ঘোঁৰা, বাঘ, হাতী, হৰিণ, চিতা, বান্দৰ আদি জন্তু বাস কৰে। বিশেষকৈ বিলুপ্তপ্ৰায় বগা-পাখিৰ হাঁহ আৰু বহু পৰিভ্ৰমী চৰাই ইয়াত পোৱা যায়। শীতকালত বহু বিদেশী চৰাই এই উদ্যানলৈ আহে, যাৰ ফলত উদ্যানখন অধিক আকৰ্ষণীয় হৈ উঠে।
ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক গুৰুত্বপূর্ণ স্থান। ইয়াৰ বনাঞ্চল বহু জীৱ-জন্তুৰ বাসস্থান হিচাপে কাম কৰে। প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ, নদী আৰু সেউজীয়া বনাঞ্চলৰ বাবে বহু পৰ্যটক ইয়ালৈ ভ্ৰমণ কৰিবলৈ আহে। এই উদ্যানখন অসমৰ গৌৰৱ আৰু পৰিৱেশ সংৰক্ষণৰ এক মূল্যবান সম্পদ।
দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল: দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাজুৰি বিস্তৃত এখন বিখ্যাত বনাঞ্চল। এই বনাঞ্চলখন “পূবৰ আমাজন” নামেৰে জনাজাত, কাৰণ ইয়াত ঘন চিৰসেউজীয়া অৰণ্য দেখা যায়। ২০২১ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। দিহিং আৰু পাটকাই পাহাৰৰ নামেৰে এই বনাঞ্চলখনৰ নামকৰণ কৰা হৈছে।
এই বনাঞ্চল জৈৱ বৈচিত্ৰ্যৰ বাবে অত্যন্ত সমৃদ্ধ। ইয়াত হাতী, বাঘ, চিতা, হৰিণ, বন গাহৰি, ভালুক আদি বহু বন্যপ্ৰাণী বাস কৰে। বিশেষকৈ হুলুক গিবন, লাজুক বান্দৰ আৰু বিভিন্ন দুষ্প্ৰাপ্য পক্ষীৰ বাবে এই অঞ্চল বিখ্যাত। বহু ধৰণৰ ঔষধি উদ্ভিদ, ডাঙৰ ডাঙৰ গছ আৰু বাঁহ-বেতৰো পোৱা যায়।
দিহিং-পাটকাই বনাঞ্চল প্ৰাকৃতিক সৌন্দৰ্যৰ এক অপূৰ্ব উদাহৰণ। ইয়াৰ সেউজীয়া অৰণ্য, পাহাৰ আৰু নদীয়ে পৰিৱেশক মনোমোহা কৰি তোলে। বহু গৱেষক, প্রকৃতিপ্ৰেমী আৰু পৰ্যটক ইয়ালৈ ভ্ৰমণ কৰিবলৈ আহে। এই বনাঞ্চল অসমৰ পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।
নামেৰী ৰাষ্ট্ৰীয় উদ্যানঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন সুন্দৰ আৰু বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। ১৯৯৮ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই উদ্যানখন অৰুণাচল প্ৰদেশৰ সীমান্তৰ কাষত অৱস্থিত আৰু জিয়া-ভৰলী নদী ইয়াৰ মাজেদি বৈ গৈছে। নদী, পাহাৰ আৰু সেউজীয়া বনাঞ্চলে এই উদ্যানখনক অত্যন্ত মনোমোহা কৰি তুলিছে।
নামেৰী ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে জনাজাত। ইয়াত বাঘ, হাতী, সম্বৰ, হৰিণ, বনৰীয়া গাহৰি, চিতা আদি বহু বন্যপ্ৰাণী বাস কৰে। বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য চৰাই, যেনে ধনেশ চৰাই, শ্বেত-পাখি হাঁহ আদি ইয়াত দেখা যায়। এই উদ্যানখন বাঘ সংৰক্ষণ প্ৰকল্পৰ অন্তৰ্গত।
নামেৰী ৰাষ্ট্ৰীয় উদ্যান প্রকৃতিপ্ৰেমী আৰু পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থান। ইয়াত নৌকা ভ্ৰমণ, পক্ষী পৰ্যবেক্ষণ আৰু বনভ্ৰমণৰ সুবিধা আছে। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাত এই উদ্যানখনৰ গুৰুত্ব অত্যন্ত অধিক।
Type By: Bikash Bora