ঐতিহ্য়ৰ পম খেদি

পাঠ-৩

পাঠভিত্তিক:

প্রশ্ন ১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

'প্রাগজ্যোতিষপুৰ সম্ভৱম্' বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল?

(ক) ৰজা পৃথু

(খ) স্বৰ্গদেউ ৰুদ্ৰসিংহ

(গ) লাচিত বৰফুকন

(ঘ) আনন্দৰাম বৰুৱা

উত্তৰঃ (ঘ) আনন্দৰাম বৰুৱা

প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) 'কামৰূপ নগৰ' নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি?

উত্তৰঃ 'পুষ্পভদ্রা'।

(খ) কানাই বৰশী বোৱা শিলালিপিত থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত?

উত্তৰঃ কানাই বৰশী বোৱা শিলালিপিত থকা পাহাৰখনৰ নাম হ'ল মণিকর্ণেশ্বব পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত।

(গ) ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'লৈ স্থানান্তৰিত কৰিছিল?

উত্তৰঃ ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল।

(ঘ) শ্রীসূর্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্ষৰ নিদৰ্শন দাঙি ধৰে?

উত্তৰ: শ্রীসূৰ্য পাহাৰৰ ঐতিহ্যই প্রাক্-আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদর্শন দাঙি ধৰে।

(ঙ) কামৰূপৰ ৰজা পৃথুবে কোনজন তুর্কী সেনাপতিক পৰাস্ত কৰিছিল?

উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পৃথুৱে বস্তিয়াৰ খিঞ্জীৰ তুর্কী বাহিনীক পৰাস্ত কৰিছিল।

প্রশ্ন ৩। আলোচনা কৰি কোৱা আৰু লিখাঃ

(ক) ঐতিহ্যই কি কি দিশ সামৰি লয়?

উত্তৰঃ পুৰণি কালৰে পৰা চলি অহা ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, শিল্প-সাহিত্য, স্থাপত্য-ভাস্কর্যক ঐতিহ্যই সামৰি লয়। ইয়াৰ উপৰি জ্ঞান-প্রযুক্তি, ভাষা, খাদ্য, সাজপাৰ আদিও ঐতিহ্যৰ অন্তর্ভুক্ত।

(খ) ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰো?

উত্তৰঃ ঐতিহ্যৰ প্ৰতি আমি তলত দিয়া ধৰণে সন্মান প্ৰদৰ্শন কৰিব পাৰো-

ঐতিহ্যই অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰা।

ঐতিহ্যৰ স্থান আৰু স্মাৰকবোৰ সংৰক্ষণ কৰা।

নতুন প্ৰজন্মক ঐতিহ্যৰ গুৰুত্ব বুজোৱা।

সংগ্ৰহালয় আৰু ঐতিহাসিক স্থানবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা।

পুৰণি ৰীতি-নীতি আৰু উৎসৱবোৰ পালন কৰা।

নিজৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰা মানি চলা আদি।

(গ) ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰো?

উত্তৰঃ ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি তলত দিয়া ধৰণে কৰিব পাৰো-

ঐতিহাসিক স্থানসমূহৰ যত্ন লোৱা আৰু ক্ষতি নকৰা।

ঐতিহ্য ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰা।

পুৰণি মঠ-মন্দিৰ, নামঘৰ, মছজিদ, সাজপাৰ আদিৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা।

প্রশ্ন ৪। চমুটোকা লিখাঃ

(ক) দুর্জেয়া নগৰ, (খ) শ্রীসূর্য পাহাৰ

উত্তৰঃ (ক) দুৰ্জেয়া নগৰঃ দুৰ্জেয়া নগৰ বৰ্তমান উত্তৰ গুৱাহাটীত অৱস্থিত প্রাচীন কামৰূপ ৰাজ্যৰ এক ঐতিহাসিক ৰাজধানী। ৯০০ খ্ৰীষ্টাব্দৰ পৰা ১১০০ খ্ৰীষ্টাব্দৰ ভিতৰত পাল বংশৰ ৰজাসকলে এই ঠাইখন নিজৰ প্ৰশাসনিক কেন্দ্র হিচাপে গঢ়ি তুলিছিল। এই বংশৰ এজন উল্লেখযোগ্য ৰজা আছিল ৰত্নপাল। তেওঁ একাদশ শতিকাত ৰাজত্ব কৰিছিল। সেই সময়ৰ তামৰ ফলিত এই ঠাইক 'দুজেয়া নগৰ' বুলি উল্লেখ আছে। নগৰখনৰ তিনিটা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টনীত থকা বাবে শত্রুৱে ঠাইখন সহজে জয় কৰিব নোৱাৰিছিল। সেই বাবেই নগৰখনৰ নাম দুৰ্জেয়া নগৰ নামে জনাজাত হৈ পৰিছিল।

পাল বংশৰ ধৰ্মপাল নামৰ আন এজন ৰজাই একাদশ-দ্বাদশ শতিকাত এই অঞ্চলত ৰাজত্ব কৰিছিল। সেই কালৰে 'পুষ্পভদ্রা' নামৰ বিখ্যাত তামৰ ফলিত ৰাজধানীখনৰ নাম 'কামৰূপ নগৰ' বুলি উল্লেখ আছে।

(খ) শ্রীসূৰ্য পাহাৰঃ অসমৰ গোৱালপাৰা জিলাৰ এখন উল্লেখযোগ্য ঐতিহাসিক আৰু প্রত্নতাত্ত্বিক স্থান হ'ল শ্রীসূর্য পাহাৰ। গোৱালপাৰা নগৰৰ পৰা তেৰ কিলোমিটাৰ পূবত শ্রীসূর্য পাহাৰ অৱস্থিত। 'ইয়াক উত্তৰ-পূবৰ ইলোৰা' বুলিও জনা যায়। ইয়াত ৯৯,৯৯৯টা শিৱলিংগ আৰু সূর্য দেৱতা মূৰ্তিৰ বাবে এই স্থান অতি পৱিত্ৰ। এই স্থান প্ৰাচীন কালৰে পৰা অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্র বুলি সকলোৱে বিশ্বাস কৰে। ইয়াৰ ভগ্নাৱশেষসমূহ সাধাৰণতে গুপ্তযুগৰ পৰৱৰ্তী সময়ৰ বুলি ধাৰণা কৰা হয়।

শ্রীসূৰ্য পাহাৰত হিন্দু, বৌদ্ধ আৰু জৈন- এই তিনিটা প্রধান ধৰ্মৰ মিলনভূমি। ইয়াত অগণন শিলত খোদিত শিৱলিংগ, দুর্গামূর্তি, সূর্য দেৱতাৰ মূৰ্তি, গণেশ, সূর্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূর্তি দেখিবলৈ পোৱা যায়। ইয়াত শিলখোদিত ৯৯,৯৯৯টা শিৱলিংগ আছে বাবে ইয়াক দ্বিতীয় কালীধাম বুলি সকলোৱে বিশ্বাস কৰে। ইয়াত নৱম শতিকাৰ প্ৰাচীন জৈন তীথংকৰ মূৰ্তি আৰু বুদ্ধদেৱৰ স্তূপ আছে।

পাহাৰৰ কাষেদি বৈ যোৱা নিজৰাটোৱে পৰ্যটকসকলক আকৰ্ষণ কৰে। প্ৰতি বছৰৰ মাঘী পূর্ণিমাত ইয়াত ভক্তৰ সমাগম হয়। এই পাহাৰত সাতটা চূড়া আছে। সেয়ে ইয়াৰ আন এটা নাম 'সাতালী পর্বত'।

প্রশ্ন ৯। তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা।

(ক) ৰাতিপুৱা মুকলি ঠাইত ভ্রমন কৰাটো স্বাস্থ্যৰ পক্ষে ভাল।

(খ) দাসীৰ কথাত সন্তুস্ত হৈ ৰানীয়ে তাইক সোনৰ হাৰ উপহাৰ দিলে।

(গ) শ্রেনীকোঠাত হুলস্থূল নকৰিবা।

(ঘ) বৰুৱাণীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে।

(ঙ) অর্জুন নিপুন বীৰ আছিল।

(চ) সৰস্বতীৰ আন এটা নাম বীনাপানি।

(ছ) পানীয়েই প্রানীৰ প্ৰান।

(জ) বিদ্যালয়ৰ প্ৰাংগনত আলোচনা চক্র অনুষ্ঠিত হ'ব।

(ঝ) সততা সজ গুন।

উত্তৰঃ 

(ক) ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল।

(খ) দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে।

(গ) শ্রেণীকোঠাত হুলস্থূল নকৰিবা।

(ঘ) বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে।

(ঙ) অর্জুন নিপুণ বীৰ আছিল।

(চ) সৰস্বতীৰ আন এটা নাম বীণাপাণি

(ছ) পানীয়েই প্রাণীৰ প্ৰাণ

(জ) বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্র অনুষ্ঠিত হ'ব।

(ঝ) সততা সজ গুণ

Type By: Bikash Bora