কৃষক

পাঠ-৪

পাঠভিত্তিক:


প্রশ্ন ১। তলৰ পদ্যফাকিৰ আঁচ টনা শব্দকেইটাৰ ঠাইৰ কাষৰ বাকচত থকা একে অর্থ মিলা শব্দ আনি পদ্যফাঁকি পুনৰ লিখা।


তোমাৰ যহতে লোকে আর্জি বিদ্যাধন 

স্বদেশৰ উন্নতি সাধিছে 

তোমাৰে উৎপন্ন লৈ কিনা-বেচা কৰি 

সদাগৰে লক্ষ্মীক বান্ধিছে।


উন্নয়ন

ঘটি

সাউদে

উৎপাদন

ক্রয়-বিক্রয়

মানুহে

মাতৃভূমি


উত্তৰঃ


তোমাৰ যহতে মানুহে ঘটি বিদ্যাধন 

মাতৃভূমি উন্নয়ন সাধিছে 

তোমাৰে উৎপাদন লৈ ক্রয়-বিক্ৰয় কৰি 

সাউদে লক্ষ্মীক বান্ধিছে।


প্রশ্ন ২। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

 "সদাগৰে লক্ষ্মীক বান্ধিছে।"  ইয়াত 'লক্ষ্মীক বান্ধিছে' বাক্যাংশই কি  বুজাইছে?

(ক) ধন-সম্পত্তি বন্দী কৰি ৰাখিছে

(খ) ধন-সম্পত্তিবে ভঁৰাল সাজিছে

(গ) ধন-সম্পত্তি আহৰণ কৰি চহকী হৈছে

ঘ) ধন-সম্পত্তি আছুতীয়াকৈ ৰাখিছে।

উত্তৰঃ (খ) ধন-সম্পত্তিৰে ভঁৰাল সাজিছে।


 কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে?

(ক) পিতৃৰ

(খ) সমাজৰ

(গ) কৃষকৰ

(ঘ) সদাগৰৰ

উত্তৰঃ (ক) পিতৃৰ।


প্রশ্ন ৩। কবিতাটোৰ মূলভাব লিখা।

উত্তৰ: আমাৰ দেশ এখন কৃষিপ্রধান দেশ আৰু কৃষকসকল সমাজৰ অতি প্রয়োজনীয় অংশ। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই দেশবাসীয়ে খাদ্য লাভ কৰে। পুৰণিকালৰ পৰা কৃষিকেই মানুহৰ প্রধান বৃত্তি হিচাপে গণ্য কৰা হৈছে। সমাজৰ সকলো লোকেই প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষকৰ উৎপাদিত শস্যই মানুহৰ জীৱন ধাৰণত সহায় কৰে আৰু দেশৰ অর্থনৈতিক উন্নতিতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

এই কবিতাটোৰ জৰিয়তে কবি তুলসী চন্দ্ৰ দাসে কৃষকৰ মহত্ব আৰু সমাজত তেওঁৰ অৱদান অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। কবিয়ে কৃষকক সমাজৰ জীৱনধাৰণৰ মূল ভেটি বুলি কৈছে। এজন পিতৃয়ে যেনেকৈ নিজৰ সন্তানক যত্নেৰে পোহপাল দিয়ে, ঠিক তেনেদৰে কৃষকসকলেও নিজৰ কষ্ট আৰু ঘামৰ বিনিময়ত সমগ্র দেশবাসীক অন্ন যোগান ধৰে। কৃষকৰ পৰিশ্ৰমৰ ফলতেই বেপাৰ-বাণিজ্য চলে আৰু এখন দেশে উন্নতি কৰিব পাৰে।  কবিয়ে কৈছে যে যদি কৃষকসকলে খেতি কৰা বন্ধ কৰি দিয়ে, তেন্তে সমাজত খাদ্যৰ অভাৱ দেখা দিব আৰু সকলো ঠাইতে হাহাকাৰ লাগিব। কৃষকসকল স্বাধীনচেতিয়া, পৰিশ্ৰমী আৰু সহজ-সৰল স্বভাৱৰ। তেওঁলোকে নিজৰ কষ্টৰ জৰিয়তে দেশৰ সন্মান আৰু মর্যাদা অটুট ৰাখিছে।

কবিতাটোৰ মূল শিক্ষা হৈছে— কৃষকসকল সমাজৰ মেৰুদণ্ড। তেওঁলোকৰ পৰিশ্ৰম, ত্যাগ আৰু অৱদানৰ বাবেই আমি সুস্থভাৱে জীৱন যাপন কৰিব পাৰিছো। সেয়ে আমি সদায় কৃষকসকলক শ্রদ্ধা আৰু সন্মান কৰা উচিত।


প্রশ্ন ৪। চমু উত্তৰ দিয়া-

(ক) জীৱন নাৱৰ গুৰি ব'ঠা ধৰি কৃষকেত কাক জীয়াই ৰাখিছে?

উত্তৰঃ জীৱন নাৱৰ গুৰি ব'ঠা ধৰি কৃষকে মানৱ সমাজক জীয়াই ৰাখিছে।

(খ) কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে?

উত্তৰঃ কৃষকক পিতৃতুল্য বুলি কোৱা হৈছে।

(গ) কৃষকৰ উৎপাদন কিনা-বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে?

উত্তৰঃ কৃষকৰ উৎপাদন কিনা-বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে।

(ঘ) দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে?

উত্তৰঃ এটা বাৰিষাকাল যদি কৃষকসকলে খেতি নকৰিলে দেশত হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে।

প্রশ্ন ৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে, তেনেহ'লে দেশত কি কি সমস্যা হ'ব পাৰে?

উত্তৰঃ কৃষকে যদি খেতি নকৰে দেশত খাদ্যৰ অভাৱ হ'ব পাৰে। মানুহৰ জীৱন-যাপন কৰাত অসুবিধা আৰু অর্থনৈতিক সমস্যাও হ'ব পাৰে।

(খ) 'তোমাৰ সমান নাই দেশ-হিতকৰ'- ইয়াত 'তোমাৰ' বুলি কাক কৈছে আৰু তেওঁক কিয় দেশ-হিতকৰ বুলি কৈছে?

উত্তৰঃ 'তোমাৰ সমান নাই দেশ-হিতকৰ' ইয়াত 'তোমাৰ' বুলি কৃষকক কোৱা হৈছে।

কৃষকসকলে দেশৰ উন্নতিৰ বাবে কাম কৰে সেইবাবে তেওঁলোকক দেশ-হিতকৰ বুলি কৈছে।

(গ) কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে, বাছিউলিয়াই লিখা। 

উত্তৰঃ তুলসী চন্দ্ৰ বৰুৱাৰ 'কৃষক' কবিতাটোত কবিয়ে কৃষকসকলক তেওঁলোকৰ মহৎ দান আৰু কৰ্মৰ বাবে বিভিন্ন সন্মানেৰে বিভূষিত কৰিছে। সেই নামবোৰ হ'ল-

 জীৱন নাৱৰ গুৰিয়াল 

 পিতৃৰ তুল্য

 দেশৰ উন্নতিৰ সাধক

 স্বাধীনচেতিয়া মন

 সংসাৰৰ সাৰ  দেশৰ চিয়া


(ঘ) কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে? কাৰণ দর্শোৱা।
উত্তৰঃ কবিয়ে কৃষকক পিতৃৰ লগত তুলনা কৰিছে, কাৰণ এজন পিতৃয়ে যেনেকৈ নিজৰ সন্তানৰ সুখ-সুবিধাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে, ঠিক তেনেদৰে কৃষকসকলেও অশেষ কষ্ট সহ্য কৰি দেশবাসীৰ বাবে খাদ্য উৎপাদন কৰে।

● পিতৃয়ে সন্তানক পোহ-পাল দি ডাঙৰ কৰে, কৃষকেও তেনেদৰে সমগ্র সমাজক অন্ন যোগাই জীয়াই ৰাখে।
● পিতৃয়ে নিজৰ স্বাৰ্থ নাচাই সন্তানৰ মঙ্গল চিন্তা কৰে; কৃষকেও তেনেদৰে সকলো লোকৰ কল্যাণৰ বাবে দিন-ৰাতি পৰিশ্ৰম কৰে।
● কৃষকৰ পৰিশ্ৰমৰ ফলতেই সমাজত সুখ-সমৃদ্ধি বজাই থাকে।

(ঙ) কবিয়ে কৃষকক কিয় প্রাণদাতা বুলি কৈছে?
উত্তৰঃ কবিয়ে কৃষকক প্রাণদাতা বুলি কৈছে, কাৰণ কৃষকৰ উৎপাদিত শস্যই মানুহৰ জীৱন ধাৰণত সহায় কৰে। কৃষকসকলে খেতি-বাতি কৰি ধান, শাক-পাচলি আৰু বিভিন্ন খাদ্যশস্য উৎপাদন কৰে। এই খাদ্য গ্ৰহণ কৰিয়েই মানুহে জীয়াই থাকে। যদি কৃষকসকলে খেতি নকৰে, তেন্তে খাদ্যৰ অভাৱত মানুহৰ জীৱন বিপদত পৰিব। সেইবাবে কৃষকক সমাজৰ প্রাণদাতা বুলি কোৱা হৈছে।

(চ) কৃষি কার্যক এটা বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা।

উত্তৰঃ কৃষি কার্যক বৃত্তি হিচাপে লৈ মানুহে সৎভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। কৃষকসকলে নিজৰ মাটিত খেতি কৰি বিভিন্ন শস্য উৎপাদন কৰে আৰু সেই শস্য বিক্ৰী কৰি উপার্জন লাভ কৰে।

● কৃষকে নিজৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বী জীৱন যাপন কৰে।
● কৃষিকাৰ্যৰ পৰা উপার্জিত অর্থৰে পৰিয়ালৰ ভৰণ-পোষণ চলাব পাৰে।
● কৃষকসকল কাৰো ওপৰত নিৰ্ভৰ নকৰি স্বাধীনভাৱে জীৱন অতিবাহিত কৰে।
● কৃষিৰ জৰিয়তে দেশৰ খাদ্যৰ চাহিদাও পূৰণ হয় আৰু অর্থনৈতিক উন্নতিত সহায় হয়।

প্রশ্ন ৬। ব্যাখ্যা কৰা-

স্বাধীন কিৰিষি কৰি আপোন ইচ্ছাৰে 

তুমিয়েই মুকলিমুৰীয়া, 

নাপাতা কালৈকো হাত নধৰা খাটনি 

ৰাখিছা দেশৰ তুমি চিয়া

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত অন্তর্ভুক্ত তুলসীচন্দ্ৰ বৰুৱা দেৱে ৰচনা কৰা ‘কৃষক’ কবিতাটিৰ পৰা লোৱা হৈছে।

এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৃষকৰ স্বাধীনচেতিয়া মনোভাৱ আৰু পৰিশ্ৰমী জীৱনৰ কথা প্ৰকাশ কৰিছে। কৃষকসকলে নিজৰ ইচ্ছামতে পথাৰত খেতি-বাতি কৰে আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। তেওঁলোক কাৰো ওপৰত নিৰ্ভৰশীল নহয়, নিজৰ পৰিশ্ৰমৰ ওপৰতে বিশ্বাস ৰাখে।

কবিয়ে কৃষকক “মুকলিমূৰীয়া” বুলি কৈছে, কাৰণ তেওঁলোকে স্বাধীনভাৱে কাম কৰে আৰু কাৰো ওচৰত হাত পাতিব নালাগে। নিজৰ ঘাম আৰু পৰিশ্ৰমৰ জৰিয়তেই তেওঁলোকে পৰিয়াল চলায়। কৃষকসকল আত্মসন্মানী আৰু স্ব-নিৰ্ভৰশীল লোক।

ইয়াৰ উপৰিও কৃষকসকলৰ উৎপাদিত শস্যৰ বাবেই দেশবাসীয়ে অন্ন লাভ কৰে আৰু দেশৰ অর্থনীতি আগবাঢ়ে। কৃষকৰ অৱদানৰ বাবেই সমাজ সুস্থভাৱে চলি আছে। সেইবাবে কবিয়ে কৃষকক দেশৰ “চিয়া” অৰ্থাৎ অতি মূল্যৱান সম্পদ বুলি অভিহিত কৰিছে।.

প্রশ্ন ৭। কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষত উপযুক্ত অর্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা-


সদায়,

নাও চলোৱা সঁজুলি,

সমূলি নষ্ট,

গুণতে,

কাতৰ প্ৰাৰ্থনা,

পো-নাতিৰ দিনলৈকে থকা যশস্যা বা খ্যাতি

উত্তৰঃ

ব’ঠা :নাও চলোৱা সঁজুলি

সর্বদায় :সদায়

যহতে :গুনতে

চিয়া :পো-নাতিৰ দিনলৈকে থকা যশস্যা বা খ্যাতি

ছাৰখাৰ :সমূলি নষ্ট

খাটনি :কাতৰ প্ৰাৰ্থনা

ব'ঠাঃ নাৱৰ ব'ঠাৰে নাৱিকজনে নদী পাৰ হ’ল।

সৰ্বদায়ঃ আমি সৰ্বদায় শিক্ষকসকলক সন্মান কৰা উচিত।

যহতেঃ কৃষকসকলৰ যহতে দেশত খাদ্যৰ অভাৱ নহয়।

চিয়াঃ মাতৃভূমিৰ গৌৰৱ আমাৰ হৃদয়ত চিয়া হৈ থাকে।

ছাৰখাৰঃ অগ্নিকাণ্ডত বহু ঘৰ-দুৱাৰ ছাৰখাৰ হৈ গ’ল।

খাটনিঃ সফলতা লাভ কৰিবলৈ কঠোৰ খাটনি কৰিব লাগে।

প্রশ্ন ১১। (খ) তলত দিয়া প্রবচনকেইটি দলত আলোচনা কৰি বহলাই লিখা।

● ঘন ঘনকৈ দিবা আলি, পর্বততো ৰুবা শালি।

আহিনে কাতিয়ে ৰাখিবা পানী, মাহেকে পষেকে চিকুণাবা তল।।

উত্তৰঃ এই প্রবচনটোৰ জৰিয়তে কৃষিকাৰ্যত পানী সংৰক্ষণ আৰু পথাৰৰ যত্ন লোৱাৰ গুৰুত্ব বুজোৱা হৈছে। পথাৰত ভালদৰে আলি দিলে পানী সহজে ওলাই নাযায় আৰু খেতিৰ বাবে প্রয়োজনীয় পানী ধৰি ৰাখিব পাৰি। সঠিকভাৱে পানী সংৰক্ষণ কৰিব পাৰিলে পাহাৰীয়া বা ঢালযুক্ত ঠাইতো ধান খেতি সফলভাৱে কৰিব পৰা যায়।

আহিন আৰু কাতি মাহত ধান গছত শিষ ওলায় আৰু ধান পকিবলৈ আৰম্ভ কৰে। এই সময়ত পথাৰত পর্যাপ্ত পানী থকাটো অত্যন্ত প্রয়োজনীয়। খেতিয়কে নিয়মিতভাৱে পথাৰৰ যত্ন ল’ব লাগে, নহ’লে খেতিৰ ক্ষতি হ’ব পাৰে। অর্থাৎ কৃষিকাৰ্যত যত্ন, পৰিশ্ৰম আৰু সঠিক ব্যৱস্থাপনাই ভাল উৎপাদন নিশ্চিত কৰে।

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল।
পাত পচলা লাভত খাবা, লংকাৰ বণিজ ঘৰতে পাবা।।

উত্তৰঃ এই প্রবচনটোৱে কল খেতিৰ লাভজনক দিশৰ বিষয়ে বৰ্ণনা কৰিছে। যদি এজন খেতিয়কে নিয়মিতভাৱে কলগছ ৰোৱে আৰু গছৰ তল সময়মতে পৰিষ্কাৰ কৰি ৰাখে, তেন্তে কল খেতিৰ পৰা যথেষ্ট লাভ উপার্জন কৰিব পাৰি।

কলগছৰ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও বজাৰত বিক্ৰী কৰি অর্থ উপার্জন কৰা যায়। কলপাত আৰু পচলাও বিভিন্ন কামত ব্যৱহাৰ হয়। ইয়াত “লংকাৰ বণিজ” বুলি কোৱা হৈছে, কাৰণ আগৰ দিনত লংকাৰ বেপাৰত বহু লাভ হৈছিল। ঠিক তেনেদৰে কল খেতিয়েও মানুহক আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰে।

ষোল্ল চাহত মূলা, তাৰ আধাত তুলা।তাৰ আধাত ধান, বিনা চাহত পাণ।।

উত্তৰঃ এই প্রবচনটোৰ জৰিয়তে বিভিন্ন খেতিৰ বাবে মাটি কেনেকৈ প্রস্তুত কৰিব লাগে সেই বিষয়ে বুজোৱা হৈছে। মূলা খেতিৰ বাবে মাটি বহুত দ’লৈকে চহাব লাগে, কাৰণ মূলা মাটিৰ তলত ডাঙৰ হয়। তুলা খেতিৰ বাবে তুলনামূলকভাৱে কম চহালেই হয়।

ধান খেতিৰ বাবে তাৰো কম মাটি চহাব লাগে। কিন্তু পাণ খেতিৰ বাবে বিশেষভাৱে মাটি চহোৱাৰ প্রয়োজন নহয়। এই প্রবচনটোৱে কৃষকসকলক বিভিন্ন শস্যৰ উপযোগী কৃষিপদ্ধতিৰ বিষয়ে জ্ঞান দিয়ে।


প্রশ্ন ১২। তলত দিয়া বৃত্তিসমূহৰ বিষয়ে চমুটোকা লিখা।


 শিক্ষক

 আৰক্ষী

 চিকিৎসক

 গায়ক

উত্তৰঃ

শিক্ষকঃ শিক্ষক সমাজৰ পথপ্রদর্শক। তেওঁলোকে শিক্ষার্থীক জ্ঞান দান কৰি সৎ আৰু আদৰ্শবান নাগৰিক হিচাপে গঢ়ি তোলে। এজন শিক্ষকে ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ নির্মাণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সমাজৰ উন্নতিৰ ক্ষেত্ৰতো শিক্ষকৰ অৱদান অত্যন্ত মূল্যবান।

আৰক্ষীঃ আৰক্ষীয়ে সমাজত আইন-শৃঙ্খলা বজাই ৰাখে। তেওঁলোকে অপৰাধ দমন কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়ে। দুৰ্যোগ বা বিপদৰ সময়তো আৰক্ষীয়ে সাহসেৰে নিজৰ দায়িত্ব পালন কৰে। সমাজত শান্তি স্থাপন কৰাত আৰক্ষীৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

চিকিৎসকঃ চিকিৎসকসকলে ৰোগীক চিকিৎসা কৰি সুস্থ কৰি তোলে। তেওঁলোকে মানুহৰ জীৱন ৰক্ষাৰ বাবে দিন-ৰাতি পৰিশ্ৰম কৰে। সমাজত চিকিৎসকক ভগৱানৰ দ্বিতীয় ৰূপ বুলি গণ্য কৰা হয়। অসুস্থ লোকক সুস্থ জীৱন দান কৰাই চিকিৎসকৰ প্রধান দায়িত্ব।

গায়কঃ গায়কে গান গাই মানুহক আনন্দ দিয়ে। সংগীতৰ জৰিয়তে তেওঁলোকে মানুহৰ মনোৰঞ্জন কৰাৰ লগতে সংস্কৃতিৰ সংৰক্ষণতো সহায় কৰে। গায়কৰ সুমধুৰ কণ্ঠই মানুহৰ মন শান্ত আৰু আনন্দিত কৰি তোলে। সমাজত সংগীতচর্চাৰ ক্ষেত্ৰত গায়কৰ বিশেষ অৱদান আছে।


Type By: Bikash Bora