তেজৰে কমলাপতি

পাঠ-৬

১। কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ মাধৱদেৱ ৰচিত ‘তেজৰে কমলাপতি’ বৰগীতটোত প্ৰাতঃকালৰ মনোমোহা পৰিৱেশৰ মাজেৰে শ্ৰীকৃষ্ণ ৰ প্ৰতি যশোদা আৰু ব্ৰজবাসীসকলৰ গভীৰ স্নেহ আৰু ভক্তিভাৱ প্ৰকাশ পাইছে। কবিতাটোত ৰাতিপুৱাৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে। ফুল ফুলি উঠা, ভ্ৰমৰৰ গুণগুণনি আৰু গোপবধূসকলৰ দধি মথা আদি দৃশ্যৰ মাজেৰে গাঁওলীয়া জীৱনৰ এক সজীৱ ছবি ফুটাই তোলা হৈছে।

    বৰগীতটোত ব্ৰজবাসীসকলে প্ৰভাত হোৱা বুলি শ্ৰীকৃষ্ণ ক সাৰ পাবলৈ আন্তৰিক আহ্বান জনাইছে। তেওঁৰ চন্দ্ৰৰ দৰে উজ্জ্বল মুখমণ্ডল দৰ্শন কৰিবলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। দাম, সুদাম আদি গোপবালক আৰু ব্ৰজৰ বধূসকলেও কৃষ্ণৰ গুণ-গান গাই আনন্দ প্ৰকাশ কৰিছে। সমগ্ৰ কবিতাটোত ভক্তি, স্নেহ আৰু গাঁওলীয়া প্ৰভাতৰ সৌন্দৰ্য একেলগে প্ৰকাশ পাইছে।

পাঠভিত্তিক:

প্রশ্ন ১। খালী ঠাই পূৰ কৰি খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা

ৰয়নী বিদুৰ দিশ ধৱলী বৰণ।

তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।

শতপত্র বিকশিত ভ্ৰমৰ উৰায়।

ব্ৰজবধূ দধি মথে তুৱা গুণ গাই।।

শব্দ     অর্থ

ধৱলী     বগা বৰণ
তিমিৰ     আন্ধাৰ; তমসা
ৰবি     সূর্য
ভ্রমৰ     ভোমোৰা
দধি     গাখীৰ
তুৱা     তোমাৰ

প্রশ্ন ২। বৰগীতটোৰ ভাবৰ লগত সংগতি ৰাখি 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলোৱা-

'ক' অংশ

 'খ' অংশ

তেজৰে কমলাপতি পৰভাতে নিন্দ

হেনাৰায়ণ, পুৱা হ'ল, টোপনি এৰা।

তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণু

আন্ধাৰ ফালি সূৰুযৰ পোহৰ ওলাইছে

ব্রজবধূ দধি মথে তুৱা গুণ গাই

ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে।

সুৰভী চাৰিতে লাগে উঠৰে গোপাল

হে গোপাল, সুৰভী গাইক চৰাবলৈ  যাব লাগে, সোনকালে উঠা


প্রশ্ন ৩। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।

উত্তৰঃ বৰগীতটোত পুৱাৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰমভাৱে বৰ্ণনা কৰা হৈছে। মাক যশোদাই শুই থকা শ্ৰীকৃষ্ণ ক জগাওঁতে চাৰিওফালে পুৱাৰ সৌন্দৰ্য ফুটাই তুলিছে। ৰাতিৰ আন্ধাৰ আঁতৰি সূৰ্যৰ পোহৰ চৌদিশে বিয়পি পৰিছে। পদুমফুল ফুলি উঠিছে আৰু ভোমোৰাবোৰে গুণগুণ শব্দ কৰি উৰি ফুৰিছে।

ব্ৰজধামৰ গোপবধূসকলে কৃষ্ণৰ গুণ-গান গাই গাই দধি মথাত ব্যস্ত হৈছে। দাম, সুদাম আদি গোপবালকসকলে কৃষ্ণক মাতিবলৈ আহিছে। দাদা বলৰাম ইতিমধ্যে শয্যা ত্যাগ কৰিছে আৰু ৰজা নন্দ গৰু চাবলৈ গৈছে। গোৱালসকলেও গৰুৰ পাল লৈ পথাৰলৈ ওলাই গৈছে। এইদৰে গাঁওলীয়া জীৱনৰ পুৱাৰ ব্যস্ততা আৰু প্ৰকৃতিৰ সৌন্দৰ্য বৰগীতটোত সুন্দৰভাৱে প্ৰকাশ পাইছে।

প্রশ্ন ৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীতটিত 'কমলাপতি' বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰ: শ্রীকৃষ্ণক।

(খ) 'তিমিৰ ফেৰিয়া বাজ'- আন্ধাৰ ফালি কি ওলায়?

উত্তৰঃ সূৰ্যৰ কিৰণ।

(গ) 'নন্দ গেল বাথানে গোৱাল গেল পাল'- ইয়াত 'বাথান' শব্দটোৱে কি বুজাইছে?

উত্তৰ: গৰু আৰু ম'হৰ খুঁটি।

(ঘ) 'কহয় মাধৱ মাই'- 'মাই' বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ যশোদাক।

(ঙ) ত্ৰিজগতৰ পতি কোন?

উত্তৰ: শ্রীকৃষ্ণ।

প্রশ্ন ৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?

উত্তৰঃ যশোদাই কৃষ্ণক পুৱা সুৰভী গাইজনীক চৰাবলৈ নিয়াৰ বাবে জগাইছিল।

(খ) যশোদাই কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছিল?

উত্তৰ: বালক, কনক, মাধৱ, গোপাল, কমলাপতি, গোবিন্দ আদি নামেৰে মাতিছিল।


(গ) পুত্র-কৃষ্ণক যশোদাই কি কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল?

উত্তৰঃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণ ক টোপনিৰ পৰা উঠাবলৈ বহু মৰমেৰে বিভিন্ন কথা কৈছিল। তেওঁ কৈছিল যে ৰাতিৰ আন্ধাৰ আঁতৰি সূৰ্য উদয় হৈছে আৰু চাৰিওফালে পোহৰ বিয়পি পৰিছে। পদুমফুল ফুলি উঠিছে আৰু ভোমোৰাবোৰে গুণগুণ কৰি উৰি ফুৰিছে।

ব্ৰজধামৰ গোপবধূসকলে কৃষ্ণৰ গুণ-গান গাই গাই দধি মথাত ব্যস্ত হৈছে। ৰজা নন্দ গৰু চাবলৈ বাথানলৈ গৈছে আৰু গোৱালসকলেও গৰুৰ পাল লৈ পথাৰলৈ ওলাই গৈছে। কৃষ্ণৰ প্ৰিয় বন্ধু দাম-সুদাম আদি গোপবালকসকলেও আহি তেওঁক মাতিব ধৰিছে। এই সকলো কথা কৈ যশোদাই কৃষ্ণক সোনকালে উঠি সুৰভী গাই চৰাবলৈ যাবলৈ অনুৰোধ কৰিছিল।

(ঘ) গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্রী লৈ গৈছিল?

উত্তৰঃ খাদ্য- ক্ষীৰ, লৱণু

বাদ্যযন্ত্র- শিঙা, বেত, বেণু

প্রশ্ন ৬। কোনে, কাক, কিয় কৈছিল লিখা।

তেজৰে কমলাপতি পৰভাতে নিন্দ।

তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ।

উত্তৰঃ ওপৰৰ কথাষাৰ মাক যশোদাই পুত্র শ্রীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ কৈছিল। হে, কমলাপতি পুৱা হ'ল, উঠা। তোমাৰ চন্দ্ৰসদৃশ মুখখন দেখিবলৈ হেঁপাহ হৈছে।


প্রশ্ন ৭। (ক) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰিবলৈ শিকোঁ আহা-

(ক) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

‘কহয় মাধৱ মাই! কিনু তপসাইলা।
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা’।।

উত্তৰঃ

    উক্ত পদফাঁকি শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ‘তেজৰে কমলাপতি’ নামৰ বৰগীতৰ পৰা লোৱা হৈছে।

    এই বৰগীতটোৰ শেষত কবিয়ে মাক যশোদাই কেনে মহান তপস্যাৰ ফলত ভগৱান শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিলে, সেই কথা প্ৰকাশ কৰিছে।

    বৰগীতটোত দেখা যায় যে যশোদাই শ্ৰীকৃষ্ণক এজন সাধাৰণ শিশুৰ দৰে মৰমেৰে শুই উঠাই গৰু চৰাবলৈ পঠিয়াব বিচাৰিছে। কিন্তু সাধাৰণ বালকৰ দৰে দেখা গ’লেও কৃষ্ণ আসলে তিনিওটা জগতৰ পালনকর্তা। সেইবাবে কবি আশ্চৰ্য হৈ কৈছে যে এনে মহান ঈশ্বৰক পুত্ৰৰূপে পাবলৈ যশোদাই নিশ্চয় অশেষ তপস্যা কৰিছিল। ইয়াৰ মাজেৰে শ্ৰীকৃষ্ণৰ দৈৱ মাহাত্ম্য আৰু মাতৃ যশোদাৰ ভক্তিভাৱ সুন্দৰভাৱে প্ৰকাশ পাইছে। লগতে ঈশ্বৰে মানৱ ৰূপ লৈ সাধাৰণ জীৱনৰ কাম-কাজ কৰা দিশটোও বৰগীতটোত ফুটাই তোলা হৈছে।

(খ) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

‘ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেবিয়া বাজ ৰবিৰ কিৰণ।।’

উত্তৰঃ
উক্ত পদফাঁকি শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ‘তেজৰে কমলাপতি’ নামৰ বৰগীতৰ পৰা লোৱা হৈছে।

    এই অংশত কবিয়ে পুৱাৰ মনোৰম পৰিবেশৰ বৰ্ণনা কৰিছে। মাক যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা উঠাবলৈ নানা মৰমলগা কথা কৈছে।

    যশোদাই কৈছে যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈছে, চাৰিওদিশ উজ্বল হৈ উঠিছে আৰু সূৰ্যৰ কিৰণ পৃথিৱীত পৰিবলৈ ধৰিছে। প্ৰকৃতিৰ এই সজীৱ ৰূপ দেখি এতিয়া কৃষ্ণইও শুই নাথাকি উঠি গোপবালকসকলৰ লগত গৰু চৰাবলৈ যোৱা উচিত। এই বৰ্ণনাৰ মাজেৰে পুৱাৰ সুন্দৰ দৃশ্য আৰু মাতৃৰ স্নেহময় আহ্বান দুয়োটাই সুন্দৰকৈ প্ৰকাশ পাইছে।

প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

‘শতপত্র বিকশিত ভ্ৰমৰ উৰায়।
ব্রজবধূ দধি মথে তুৱা গুণ গায়।।’

উত্তৰঃ
    উক্ত পদফাঁকি শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ‘তেজৰে কমলাপতি’ নামৰ বৰগীতৰ পৰা লোৱা হৈছে।

    এই অংশত কবিয়ে পুৱাৰ প্ৰকৃতি আৰু ব্ৰজবাসীৰ কৃষ্ণভক্তিৰ চিত্ৰ অংকন কৰিছে।

    মাক যশোদাই কৃষ্ণক টোপনিৰ পৰা উঠাবলৈ কৈছে যে পদ্মফুলসমূহ ফুলিবলৈ ধৰিছে আৰু সেই ফুলৰ ওপৰত ভ্ৰমৰ উৰি ফুৰিছে। ব্ৰজৰ গোপীনীসকলে দধি মথোঁতে কৃষ্ণৰ গুণ-গান গাই আছে। চাৰিওফালে এতিয়া আনন্দময় পৰিবেশ সৃষ্টি হৈছে। সেয়ে যশোদাই কৃষ্ণক শুই নাথাকি উঠি গোপবালকসকলৰ সৈতে গৰু চৰাবলৈ যাবলৈ কৈছে। এই পদফাঁকিত কৃষ্ণৰ প্ৰতি ব্ৰজবাসীৰ গভীৰ ভক্তি আৰু স্নেহৰ ভাব সুন্দৰভাৱে প্ৰকাশ পাইছে।

Type By: Bikash Bora