তেজৰে কমলাপতি
পাঠ-৬
১। কবিতাটোৰ মূলভাব লিখা।
বৰগীতটোত ব্ৰজবাসীসকলে প্ৰভাত হোৱা বুলি শ্ৰীকৃষ্ণ ক সাৰ পাবলৈ আন্তৰিক আহ্বান জনাইছে। তেওঁৰ চন্দ্ৰৰ দৰে উজ্জ্বল মুখমণ্ডল দৰ্শন কৰিবলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। দাম, সুদাম আদি গোপবালক আৰু ব্ৰজৰ বধূসকলেও কৃষ্ণৰ গুণ-গান গাই আনন্দ প্ৰকাশ কৰিছে। সমগ্ৰ কবিতাটোত ভক্তি, স্নেহ আৰু গাঁওলীয়া প্ৰভাতৰ সৌন্দৰ্য একেলগে প্ৰকাশ পাইছে।
পাঠভিত্তিক:
প্রশ্ন ১। খালী ঠাই পূৰ কৰি খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা
ৰয়নী বিদুৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।
শতপত্র বিকশিত ভ্ৰমৰ উৰায়।
ব্ৰজবধূ দধি মথে তুৱা গুণ গাই।।
শব্দ অর্থ
ধৱলী বগা বৰণ
তিমিৰ আন্ধাৰ; তমসা
ৰবি সূর্য
ভ্রমৰ ভোমোৰা
দধি গাখীৰ
তুৱা তোমাৰ
প্রশ্ন ২। বৰগীতটোৰ ভাবৰ লগত সংগতি ৰাখি 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলোৱা-
প্রশ্ন ৩। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।
ব্ৰজধামৰ গোপবধূসকলে কৃষ্ণৰ গুণ-গান গাই গাই দধি মথাত ব্যস্ত হৈছে। দাম, সুদাম আদি গোপবালকসকলে কৃষ্ণক মাতিবলৈ আহিছে। দাদা বলৰাম ইতিমধ্যে শয্যা ত্যাগ কৰিছে আৰু ৰজা নন্দ গৰু চাবলৈ গৈছে। গোৱালসকলেও গৰুৰ পাল লৈ পথাৰলৈ ওলাই গৈছে। এইদৰে গাঁওলীয়া জীৱনৰ পুৱাৰ ব্যস্ততা আৰু প্ৰকৃতিৰ সৌন্দৰ্য বৰগীতটোত সুন্দৰভাৱে প্ৰকাশ পাইছে।
প্রশ্ন ৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৰগীতটিত 'কমলাপতি' বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰ: শ্রীকৃষ্ণক।
(খ) 'তিমিৰ ফেৰিয়া বাজ'- আন্ধাৰ ফালি কি ওলায়?
উত্তৰঃ সূৰ্যৰ কিৰণ।
(গ) 'নন্দ গেল বাথানে গোৱাল গেল পাল'- ইয়াত 'বাথান' শব্দটোৱে কি বুজাইছে?
উত্তৰ: গৰু আৰু ম'হৰ খুঁটি।
(ঘ) 'কহয় মাধৱ মাই'- 'মাই' বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ যশোদাক।
(ঙ) ত্ৰিজগতৰ পতি কোন?
উত্তৰ: শ্রীকৃষ্ণ।
প্রশ্ন ৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
(ক) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?
উত্তৰঃ যশোদাই কৃষ্ণক পুৱা সুৰভী গাইজনীক চৰাবলৈ নিয়াৰ বাবে জগাইছিল।
(খ) যশোদাই কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছিল?
উত্তৰ: বালক, কনক, মাধৱ, গোপাল, কমলাপতি, গোবিন্দ আদি নামেৰে মাতিছিল।
(গ) পুত্র-কৃষ্ণক যশোদাই কি কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল?