ৰূপান্তৰ

পাঠ-৮

পাঠভিত্তিকঃ


প্রশ্ন ১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা


সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল?

(ক) পঢ়া-শুনাৰ প্রতি সচেতনতা

(খ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ

(গ) তোলনি বিয়াৰ নিয়ম

(ঘ) ছাত্ৰৰ কৰ্তব্য

উত্তৰঃ (খ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ


মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল?

(ক) শিক্ষক নথকাৰ বাবে

(খ) দিনটোৰ শেষৰ পিৰিয়ড বাবে

(গ) সাগৰিকাই কান্দি থকাৰ বাবে

(ঘ) বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ অহাৰ বাবে

উত্তৰঃ (গ) সাগৰিকাই কান্দি থকাৰ বাবে


প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) বৰদলৈ ছাত্ৰ শ্ৰেণীকোঠালৈ কিয় আহিছিল?

উত্তৰঃ ল'ৰা-ছোৱালীবিলাক বিদ্যালয় ছুটীৰ আগে আগে ৰাষ্ট্ৰীয় সংগীত গাইছেনে নাই চাবলৈ।


(খ) প্রধান শিক্ষয়িত্রীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল?

উত্তৰ: প্রধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক ভয় কৰিবলৈ বাধা দিছিল আৰু সকলো ছোৱালীৰ এনেকুৱা হয় বুলি কৈছিল।


(গ) "আমি নীতি-নিয়ম মানিব লাগে। কিন্তু অযুক্তিকৰ নীতি-নিয়মে আমাৰ ক্ষতিহে কৰে”- এই কথাষাৰ কোনে

উত্তৰঃ ওপৰৰ কথাষাৰ প্রধান শিক্ষয়িত্রী বাইদেউৱে সাগৰিকাৰ মাকক কৈছিল।


(ঘ) নাটকখনত কেইটা আৰু কি কি চৰিত্ৰ আছে?

উত্তৰ: নাটকখনত ৭টা চৰিত্ৰ আছে। নাটিকাৰ চৰিত্ৰকেইটা হ'ল-


প্রধান শিক্ষয়িত্রী বাইদেউ

প্রিয় বৰদলৈ, সহঃশিক্ষক

জয়া শইকীয়া, সহঃ শিক্ষয়িত্রী

সাগৰিকা ১২-১৩ বছৰীয়া ছোৱালী

অনুপমা মেচ চিকিৎসক

হাছনাহানা সাগৰিকাৰ সহপাঠী

মন বাহাদুৰ সাগৰিকাৰ সহপাঠী


প্রশ্ন ৩। আলোচনা কৰি লিখা।


(ক) বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল?

উত্তৰঃ বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা আয়োজন কৰা হৈছিল কাৰণ এই সজাগতা সভাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো উপকাৰ সাধন কৰিব পাৰে।


(খ) তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম 'ৰূপান্তৰ'। নাটকখন পঢ়ি নামটো সঠিক হৈছে যেন লাগিছেনে? তুমি যদি নাটিকাখনৰ বেলেগ এটা নাম দিবলগীয়া হয়, তেনেহ'লে কি নাম দিবা আৰু কিয় দিবা?

উত্তৰঃ নিজে চেষ্টা কৰা।


(গ) নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেচৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা চাৰিটা দিশৰ বিষয়ে লিখা।

উত্তৰঃ নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেচৰ সংলাপত তলৰ চাৰিটা বিষয় বিশেষভাৱে গুৰুত্ব পাইছে—

বয়ঃসন্ধিকালীন পৰিৱৰ্তনৰ স্বাভাৱিকতা: কৈশোৰ অৱস্থাত ল’ৰা-ছোৱালীৰ শৰীৰ আৰু মনত হোৱা পৰিৱৰ্তনবোৰ একেবাৰে স্বাভাৱিক। এই বিষয়বোৰ লৈ ভয় বা সংকোচ নকৰি সচেতন হ’ব লাগে।

কুসংস্কাৰ দূৰ কৰাৰ প্রয়োজনীয়তা: সমাজত প্রচলিত বহু ভুল ধাৰণা আৰু অন্ধবিশ্বাসৰ বাবে কিশোৰ-কিশোৰীয়ে অসুবিধাৰ সন্মুখীন হয়। সেইবাবে বিজ্ঞানসন্মত চিন্তাধাৰা গঢ়ি তোলাটো প্রয়োজন।

স্বাস্থ্যবিধি মানি চলা: এই সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা, চেনিটেৰী পেড ব্যৱহাৰ কৰা, বিশুদ্ধ পানী খোৱা আৰু স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

পুষ্টিকৰ খাদ্য আৰু মানসিক সহায়: কৈশোৰ অৱস্থাত পুষ্টিকৰ আহাৰ গ্ৰহণৰ লগতে ল’ৰা-ছোৱালীক মানসিক সাহস দিয়াটো অতি প্রয়োজনীয়। যাতে তেওঁলোকে নিজৰ সমস্যাবোৰ খোলাখুলিকৈ অভিভাৱক বা শিক্ষকক ক’ব পাৰে।

(ঘ) নাটিকাখনে সমাজলৈ কি কি বার্তা দিছে? উত্তৰঃ নাটিকাখনে সমাজলৈ কেইবাটাও গুৰুত্বপূর্ণ বার্তা আগবঢ়াইছে। সেইবোৰ হ’ল—

সচেতনতা বৃদ্ধিৰ বার্তা: বয়ঃসন্ধিকালত হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনবোৰ স্বাভাৱিক বিষয়। এইবোৰক লৈ লাজ বা ভয় কৰাৰ প্রয়োজন নাই।

মুকলি আলোচনাৰ প্রয়োজনীয়তা: কৈশোৰজনিত সমস্যা বা সংবেদনশীল বিষয়বোৰ লুকুৱাই নাৰাখি পৰিয়াল আৰু সমাজত মুকলিকৈ আলোচনা কৰা উচিত।

কু-সংস্কাৰৰ বিৰোধিতা: সমাজত চলি থকা অন্ধবিশ্বাস আৰু পুৰণি ভুল ধাৰণাবোৰ ত্যাগ কৰি বিজ্ঞানসম্মত চিন্তা-চৰ্চা গ্ৰহণ কৰিব লাগে।

অভিভাৱক আৰু শিক্ষকৰ দায়িত্ব: কিশোৰ-কিশোৰীক সঠিক পথ দেখুৱাবলৈ অভিভাৱক আৰু শিক্ষকসকলে বন্ধুসুলভ আচৰণ কৰা উচিত, যাতে তেওঁলোকে সংকোচ নকৰি নিজৰ কথা ক’ব পাৰে।

ভাষা অধ্য়য়ন


প্ৰশ্ন ৫। (খ) পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখোঁ আহা-

উত্তৰঃ ব্ৰত, কষ্ট, যুক্তি, ধন্য, পৰিচৰ্যা, সুস্থ, ব্যস্ত, বিশিষ্ট, ৰূপান্তৰ, সন্ধি, সন্মতি, পৰিষ্কাৰ, ক্ষণ, সংগীত, চিন্তা, চিঞৰি। 


প্ৰশ্ন ৬। (খ) তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধতৎসম ৰূপবোৰ লিখা।

উত্তৰঃ

ত ৎসম শব্দ

অৰ্ধত ৎসম ৰূপ

ৰত্ন

ৰতন

যত্ন

যতন

বৰ্ষা

বৰষা

মৰ্ম

মৰম

ৰৌদ্ৰ

ৰ’দ

ভক্ত

ভকতি

বৰ্ণ

বৰণ

তৎসম শব্দ

অৰ্ধতৎসম ৰূপ

মিত্ৰ

মিতিৰ

শক্তি

শকতি

শত্ৰু

শতৰু

শস্য়

শইচ

পূৰ্ণ

পূৰণ

শব্দ

শৱদ

স্বপ্ন

সপোন


৭। (খ) তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা।

সংস্কৃত শব্দ

অসমীয়া তদ্ভৱ ৰূপ

অন্য়

আন

বন্য়া

বান

স্তয়

সঁচা

আদ্য়

আজি

বাদ্য়

বাজানা


সংস্কৃত শব্দ

অসমীয়া তদ্ভৱ ৰূপ

জ্য়োৎস্না

জোনাক

দৰ্পণ

দাপোণ

পুস্তক

পুথি

পত্ৰ

পাত

জিহ্বা

জিভা


প্রশ্ন ৮। পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা।

উত্তৰঃ

ছাৰঃ Sir, বেঞ্চ: Bench,

হেডঃ Head অফিচঃ Office,

আলমাৰি: Almirah, চেনিটেৰি: Sanitary, নেপকিন : Napkin, পেড: Pad, 


Type By: Bikash Bora