EARTH, MOON AND THE SUN
পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য
CHAPTER 12
EXERCISE (অনুশীলনী)
Q. 1. Fill up the blanks (খালী
ঠাই পূৰ কৰা।)
(i) The Earth rotates from (পৃথিৱীখন
দিশৰ পৰা direction to direction. দিশলৈ ঘূৰি থাকে।)
Ans. west, east (পশ্চিম, পূব)
(ii) The movement of an object around
another object is called the (এটা বস্তুৰ চাৰিওফালে আন এটা বস্তুৰ
গতিক ____ বোলে।)
Ans. revolution (পৰিভ্ৰমণ)
(iii) The imaginary line on which the
Earth rotates is called ______. (যি কাল্পনিক ৰেখাৰ ওপৰত পৃথিৱীখন
ঘূৰি থাকে সেই ডাল হ'ল _____।)
Ans. axis of rotation (ঘূর্ণন অক্ষ)
Q. 2. State whether the following
statements are true or false? (তলত দিয়া বিৱৰণসমূহ সঁচানে মিছা
লিখা)
(i) Rotation refers to an object spinning
around its own axis. (True/False) (ঘূর্ণন বুলিলে কোনো এটা বস্তুৱে
নিজ অক্ষত ঘূৰি থকাটো বুজায়।) (সঁচা/মিছা)
Ans. True (সঁচা)
(ii) The Earth's axis of rotation is
upright with respect to the orbit. (True/False) (পৃথিৱীৰ ঘূর্ণন
অক্ষ ইয়াৰ কক্ষপথৰ সাপেক্ষে উলম্ব।) (সঁচা/মিছা)
Ans. False (মিছা)
(iii) Solar eclipse happens in every year.
(True/False) (প্রতি বছৰত সূর্যগ্রহণ হয়।) (সঁচা/মিছা)
Ans. False (মিছা)
(iv) A "diamond ring" is seen
after a lunar eclipse. (True/False) (চন্দ্ৰগ্ৰহণৰ ঠিক পাছতেই
"হীৰা আঙঠি” দেখা যায়।) (সঁচা/মিছা)
Ans. False (মিছা)
Q. 3. Jonaki notices a group of stars at
the midnight in the winter solstice. Will she notice the same group of stars at
midnight in the winter solstice next year on the same day?
(জানকীয়ে শীত সংক্ৰান্তিৰ
মাজনিশা কোনো এটা তৰাৰ গোটে লক্ষ্য কৰিলে। পাছৰ বছৰত তাই সেই দিনটোতে একেটা তৰাৰ
গোটক দেখিবনে?)
Ans. Yes, she will
notice. (হয়, দেখিব।)
Q. 4. Why do you think plants move
eastward even though the Earth rotates from West to East? (পৃথিৱীখন
পশ্চিমৰপৰা পূবলৈ ঘূৰে। এনেকৈ গ্রহবোৰো পূব দিশলৈ গতি কৰে বুলি তুমি ভাবানে?
যুক্তি দিয়া।)
Ans. The planets also
move eastward like the Earth, because they were formed from a massive, rotating
disk of gas and dust that spun in that direction when the solar system was
created. (হয় ভাবোঁ। কাৰণ সৌৰজগতৰ সৃষ্টিৰ সময়ত এই দিশত ঘূৰি থকা
গেছ আৰু ধূলিৰ এখন বৃহৎ, ঘূর্ণায়মান থালৰ পৰা এই গ্রহবোৰৰ
উৎপত্তি হৈছিল।)
Q. 5. What differences would happen if the
Earth was not tilted on its axis? (পৃথিৱীখন যদি নিজৰ অক্ষত
হেলনীয়া নহ'লহেঁতেন তেন্তে কি পার্থক্য ঘটিলহেতেন?)
Ans. If the earth was
not tilted on its axis, seasons would not have been caused on the earth. (পৃথিৱীখন যদি নিজৰ অক্ষত হেলনীয়া নহ'লহেঁতেন,
তেন্তে পৃথিৱীত ঋতুৰ সৃষ্টি নহ'লহেঁতেন।)
Q. 6. A friend says, "Solar eclipses
occur during New Moon. Then why don't-eclipses occur every New Moon?" How
would you respond to him using your understanding from the chapter? (তোমাক বন্ধু এজনে ক'লে, “কেৱল
অমাবস্যাৰ সময়তহে সূর্যগ্রহণ হয়। তেতিয়াহ'লে প্রতিটো
অমাৱস্যাত সূর্যগ্রহণ নহয় কিয়?” অধ্যায়টোৰপৰা আহৰণ কৰা
জ্ঞানৰ আধাৰত তেওঁক উত্তৰটো দিয়া।)
Ans. Solar eclipses take place only on New
Moon days, but they do not happen on every New Moon. This is because the Moon’s
orbit around the Earth is slightly tilted, about 5°, compared to the Earth’s
orbit around the Sun. As a result, during most New Moons, the Sun, Moon and
Earth do not come exactly in a straight line. Therefore, a solar eclipse does
not occur every time.
(সূর্যগ্রহণ কেৱল অমাৱস্যাৰ দিনতেই হয়,
কিন্তু প্রতিটো অমাৱস্যাত সূর্যগ্রহণ নহয়। কাৰণ পৃথিৱীয়ে সূৰ্যৰ
চাৰিওফালে ঘূৰা কক্ষপথৰ তুলনাত চন্দ্ৰৰ কক্ষপথ প্রায় 5° হেলনীয়া
হৈ থাকে। সেয়েহে অধিকাংশ অমাৱস্যাত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী
একে সোজা ৰেখাত নাথাকে। সেইবাবে প্রতিটো অমাৱস্যাত সূর্যগ্রহণ নহয়।)
Q. 7. Darken the circle of correct answer:
(শুদ্ধ উত্তৰৰ গোলটো
সম্পূৰ্ণকৈ পূৰ কৰাঃ)
(i) In which phase of the Moon, does a
solar eclipse occur?
(চন্দ্ৰৰ কোনটো অৱস্থাত
সূর্যগ্রহণ হয়?)
(a) New Moon (অমাবস্যা)
(b) Full Moon (পূর্ণিমা)
(c) First quarter (প্রথম চতুর্থাংশ অৱস্থা)
(d) Last quarter (অন্তিম চতুর্থাংশ অৱস্থা)
Ans. (a)
(ii) What is the order of the Sun, Earth
and Moon during a solar eclipse? (সূর্যগ্ৰহণৰ সময়ত সূৰ্য, পৃথিৱী, চন্দ্ৰৰ শুদ্ধ ক্ৰমটো কি?)
(a) Earth →
Sun →
Moon (পৃথিৱী সূর্য চন্দ্র)
(b) Sun Moon →
Earth (সূর্য → চন্দ্ৰ
পৃথিৱী)
(c) Earth →
Moon →
Sun (পৃথিৱী → চন্দ্র
→
সূর্য)
(d) Moon Sun →
Earth (চন্দ্র সূর্য পৃথিৱী)
Ans. (b)
(iii) One morning, Madhurjya was talking
with his cousin who was in United States of America (USA), his cousin was about
to sleep as it was night-time there. What is the main reason behind this time
difference?
(এদিন ৰাতিপুৱা মাধুৰ্যই
আমেৰিকাত থকা সম্পৰ্কীয় ভায়েকৰ লগত কথা পাতি আছিল, তাত ৰাতি
হোৱাৰ বাবে তেওঁৰ ভায়েক শুবলৈ ওলাইছিল। সময়ৰ এনে পাৰ্থক্যৰ আঁৰৰ মূল কাৰণটো হ'ল-)
(a) The USA is farther from
the Sun (আমেৰিকা সূৰ্যৰপৰা বহু দূৰত।)
(b) The Moon blocks sunlight
from reaching the USA (চন্দ্ৰই সূৰ্যৰ পোহৰ আমেৰিকা ঢুকি পোৱাত
বাধা দিয়ে।)
(c) The Earth's revolution
causes day and night. (পৃথিৱীৰ পৰিভ্ৰমণৰ কাৰণে দিন আৰু ৰাতি হয়।)
(d) The Earth's rotation
causes different areas to face the Sun at different times. (পৃথিৱীৰ
ঘূৰ্ণনৰ কাৰণে বিভিন্ন অঞ্চল বিভিন্ন সময়ত সূৰ্যৰ ফালে মুখ কৰি থাকে।)
Ans. (d)
(iv) Teacher asked, "Why do the
places near the Poles experience long days in summer and long nights in
winter"? Four students answered. Who do you think answered correctly? (শিক্ষকে প্রশ্ন কৰিছিল, 'মেৰু অঞ্চলত গ্রীষ্মকালত
দীঘল দিন আৰু শীতকালত দীঘল ৰাতি হয় কিয়? চাৰিজন ছাত্ৰই উত্তৰ
দিলে। তোমাৰ মতে তলৰ কোনজন ছাত্ৰই শুদ্ধ উত্তৰ দিছে?)
(a) The Sun moves closer to
the Poles in summer.
(গ্রীষ্মকালত সূৰ্য মেৰুৰ ওচৰলৈ গতি কৰে।)
(b) The Sun moves farther
from the Poles during winter.
(শীতকালত সূর্য মেৰুৰপৰা বহু দূৰলৈ যায়।)
(c) The Earth spins on its
axis near the Poles.
(মেৰুৰ ওচৰত পৃথিৱী নিজৰ অক্ষত ঘূৰে।)
(d) The tilt of Earth's axis
affects sunlight during revolution.
(পৰিভ্ৰমণৰ সময়ত পৃথিৱীৰ অক্ষৰ হেলনীয়াই সূৰ্যৰ পোহৰত প্ৰভাৱ
পেলায়।)
Ans. (d)
Q. 8. Label the followings in the given
figure of the Earth. (পৃথিৱীৰ চিত্ৰটোত তলত দিয়াবোৰ চিহ্নিত কৰা।)
- North
Pole and South Pole (উত্তৰ মেৰু আৰু দক্ষিণ মেৰু)
- Earth's
axis of rotation (পৃথিৱীৰ ঘূর্ণন অক্ষ)
- Northern
Hemisphere (উত্তৰ গোলার্ধ)
- Southern
Hemisphere (দক্ষিণ গোলার্ধ)
- Earth
(পৃথিৱী)
- Equator
(বিষুৱৰেখা)
Q. 9. Draw and label the diagram: (চিত্র অংকন কৰি চিহ্নিত কৰা।)
(a) Lunar eclipse (চন্দ্রগ্রহণ)
(b) Solar eclipse (সূর্যগ্রহণ)
Ans. (a) Lunar eclipse
(চন্দ্রগ্রহণ)
(b) Solar eclipse (সূর্যগ্রহণ)
Q. 10. How do you keep yourself safe if
you want to see the solar eclipse? (সূর্যগ্রহণ চাব বিচাৰিলে নিজকে
কেনেকৈ সুৰক্ষিত কৰি ৰাখিবা?)
Ans. To see the solar
eclipse safely, we should use proper eye protection like specialised solar
filters or eclipse glasses. We should not view solar eclipse directly or
through sunglasses, binoculars or telescopes. (সূর্যগ্রহণ চোৱাৰ
সময়ত নিজকে সুৰক্ষিত কৰিবলৈ আমি উপযুক্ত চকুৰ সুৰক্ষা ব্যৱস্থা যেনে-বিশেষ সৌৰ
ফিল্টাৰ বা গ্রহণ কাঁচ ব্যৱহাৰ কৰিব লাগে। প্রত্যক্ষভাৱে বা ছানগ্লাছ, বাইন 'কুলাৰ অথবা টেলিস্কোপৰ জৰিয়তে সূর্যগ্রহণ
প্ৰত্যক্ষ কৰিব নালাগে।)
Q. 11. If you are 11 years old, what will
be your age after the Earth completes one revolution around the Sun. Explain.
(যদি তোমাৰ বয়স এতিয়া 11
বছৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ
সম্পূৰ্ণ কৰাৰ পাছত তোমাৰ বয়স কিমান হ'ব। ব্যাখ্যা কৰা।)
Ans. My age will be 12
years after the Earth completes one revolution around the Sun. This is because,
the Earth takes approximately 365
days to complete one revolution around the sun.
This period is referred
to as one year. (পৃথিৱীয়ে সূৰ্যৰ
চাৰিওফালে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰাৰ পাছত মোৰ বয়স 12 বছৰ
হ'ব। কাৰণ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে
এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ প্রায় 365 দিন সময় লয়। এই
সময়খিনিক এক বছৰ হিচাপে ধৰা হয়।)
Q. 12. Find the odd one out and justify
your answer (অমিলটো বিচাৰি উলিওৱা আৰু তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি
দিয়া।)
(a) Moon, Mercury, Venus (চন্দ্র,
বুধ, শুক্র)
(b) Day, Year, Month, Eclipse (দিন, বছৰ, মাহ, গ্রহণ)
Ans. (a) Moon. Because
the Moon is a natural satellite of the Earth, whereas Mercury and Venus are two
planets of the Sun. (চন্দ্ৰ। কাৰণ চন্দ্ৰ হ'ল
পৃথিৱীৰ এটা প্রাকৃতিক উপগ্রহ; আনহাতে, বুধ আৰু শুক্ৰ হ'ল সূৰ্যৰ দুটা গ্রহ।)
(b) Eclipse. Because eclipse is a celestial
phenomenon, whereas Day, Year and Month are some units of time. (গ্ৰহণ।
কাৰণ গ্রহণ হ'ল এক নভোমণ্ডলীয় পৰিঘটনা; আনহাতে, দিন, বছৰ আৰু মাহ হ'ল কেইটামান সময়ৰ একক।)
Q. 13. Match the following (ক-স্তম্ভৰ
লগত খ-স্তম্ভ মিলোৱা-)
|
Column A (ক-স্তম্ভ) |
Column B (খ-স্তম্ভ) |
|
(i) Seasons (ঋতু) |
(a) Moon blocks sunlight (চন্দ্ৰই
সূৰ্যৰ পোহৰক বাধা দিয়ে) |
|
(ii) Solar eclipse (সূর্যগ্রহণ) |
(b) Caused by Earth's tilt and
revolution (পৃথিৱীৰ অক্ষৰ হেলনীয়া আৰু পৰিভ্ৰমণৰ ফল) |
|
(iii) Day and night (দিন
আৰু ৰাতি) |
(c) Earth blocks the moon (পৃথিৱীয়ে চন্দ্রক ঢাকি |
|
(iv) Lunar eclipse(চন্দ্রগ্রহণ) |
(d) Caused by earth's rotation (পৃথিৱীৰ ঘূৰ্ণনৰ ফল) |
Ans. (i) - (b), (ii) -
(a), (iii) - (d), (iv) - ©