LIFE PROCESSES IN PLANTS

উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া

CHAPTER 11


EXERCISE (অনুশীলনী)

Q. 1. Darken the circle of correct answer: শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা

 

(i) Which part of the plant takes in carbon dioxide from the air for photosynthesis? (সালোক সংশ্লেষণৰ সময়ত উদ্ভিদৰ কোন অংশই বায়ুৰ পৰা কাৰ্বন ডাইঅক্সাইড লয়?)

(a) Root hair (মূলৰোম)

(b) Leaf veins (পাতৰ সিৰা)

(c) Stomata (পত্ৰৰন্ধ)

(d) Sepals (বৃতি)

Ans. (c)

 

(ii) The green colour of leaves of plants is due to (পাতসমূহ সেউজীয়া হোৱাৰ কাৰণ কি?)

(a) Chlorophyll (পত্ৰহৰিৎ)

(b) Xylem (জাইলেম)

(c) Phloem (ফ্ল'ৱেম)

(d) Stomata (পত্ৰৰন্ধ্ৰ)

Ans. (a)

 

(iii) How many guard cells are present around the stoma?
(পত্ৰৰন্ধৰ চাৰিওকাষে কেইটা ৰক্ষীকোষ থাকে?)

(a) 4

(b) 3

(c) 2

(d) 5

Ans. (c)

 

(iv) Raw materials used by plants during photosynthesis include-
(সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি কি ব্যৱহাৰ কৰে?)

(a) Nitrogen and oxygen (নাইট্ৰ'জেন আৰু অক্সিজেন)

(b) Carbon dioxide and water (কার্বন ডাইঅক্সাইড আৰু পানী)

(c) Oxygen, hydrogen and carbon dioxide (অক্সিজেন, হাইড্র 'জেন, কার্বন ডাইঅক্সাইড)

(d) Water and minerals (পানী আৰু খনিজ লৱণ)

Ans. (b)

 

Q. 2. Fill up the blanks (খালী ঠাই পূৰ কৰা।)

(a) Plants use energy from the ____ to make ____.

(উদ্ভিদে _____ ৰ পৰা শক্তি আহৰণ কৰি _____ প্রস্তুত কৰে।)

Ans. sun, food (সূর্য, খাদ্য)

 

(b) During photosynthesis, plants take in _____ and release ______.

 (সালোক সংশ্লেষণত উদ্ভিদে _____ গ্ৰহণ কৰে আৰু ____ উলিয়াই দিয়ে

Ans. carbon dioxide, oxygen (কার্বন ডাইঅক্সাইড, অক্সিজেন)

 

Q. 3. State whether the following statements are true or false?

(তলত দিয়া বিৱৰণসমূহ সঁচানে মিছা লিখা-)

(a) The product of photosynthesis is not a protein. (সালোক সংশ্লেষণত প্র'টিন উৎপাদন নহয়।)

Ans. True (সঁচা)

 

(b) A plant having red leaves cannot perform photosynthesis. (ৰঙা ৰঙৰ পাত থকা উদ্ভিদত সালোক সংশ্লেষণ নহয়।)

Ans. False (মিছা) 

 

Q. 4. Two statements are given below; one is Assertion and other is Reason. (তলত দুটা বাক্য দিয়া হৈছে তাৰে এটা উক্তি আৰু আনটো কাৰণ)

Assertion: The green pigment present in the leaves of plant is called chlorophyll

(উক্তি: উদ্ভিদৰ পাতত থকা সেউজীয়া বঞ্জক পদাৰ্থক পত্ৰহৰিৎ বুলি কোৱা হয়।)

 

(Reason: This green pigment is responsible for the green colour of most of the plants. (যুক্তিঃ পত্ৰহৰিতৰ বাবে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হয়।)

 

Choose the appropriate answer from the following options: (তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা-)

 

(a) Both Assertion and Reason are true and Reason is the correct explanation of A. (উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা।)

(b) Both Assertion and Reason are true but Reason is not the correct explanation of A. (উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।)

(c) Assertion is true but Reason is false. (উক্তি শুদ্ধ কিন্তু যুক্তি শুদ্ধ নহয়।)

(d) Assertion is false but Reason is true. (উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ।)

Ans. (a)

 

Q. 5. Match the followings:

(স্তন্ত 1-ৰ শব্দবোৰৰ সৈতে স্তম্ভ II-ৰ শব্দবোৰৰ সম্পৰ্ক স্থাপন কৰা-) 

Column-I (স্তম্ভ I)

Column-II (স্তম্ভ II)

(i) Chlorophyll (পত্ৰহৰিৎ)

(a) xylem (জাইলেম)

(ii) Stomata (পত্ৰৰন্ধ)

(b) leaf (পাত)

 

(iii) Photosynthesis (সালোক সংশ্লেষণ)

(c)guard cell (ৰক্ষীকোষ)

 

(iv) Transport of water (পানীৰ পৰিবহণ) 

(d) starch (শ্বেতসাৰ) 

 

Ans. (i) - (b), (ii) - (c), (iii) - (d), (iv) - (a)

 

Q. 6. Answer the following questions briefly. (তলৰ প্ৰশ্ন কেইটাৰ চমু উত্তৰ লিখা -)

(a) Name the sugar produced during photosynthesis. (সালোক সংশ্লেষণত উৎপন্ন হোৱা কাৰ্ব'হাইড্রেটটোৰ নাম লিখা?)

Ans. Glucose (গ্লুক'জ)

 

(b) What is the function of phloem in plants?

(উদ্ভিদত থকা ফ্ল'ৱেমৰ কাম কি?)

Ans. Transportation of food prepared in leaves to all parts of the plant body. (পাতত প্রস্তুত হোৱা খাদ্য উদ্ভিদদেহৰ সকলো অংশলৈ পৰিবাহিত কৰা।)

 

(c) What is the role of stomata in the leaf for production of food? (উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পাতত থকা পত্ৰৰন্ধৰ ভূমিকা কি?)

Ans. The plants obtain carbon dioxide required for production of food from the atmosphere through the stomata. (উদ্ভিদে পত্ৰৰন্ধৰ জৰিয়তে খাদ্য প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজনীয় কার্বন ডাইঅক্সাইড বায়ুমণ্ডলৰ পৰা আহৰণ কৰে।)

 

(d) How would you test the presence of starch in leaves?

(শ্বেতসাৰৰ উপস্থিতিৰ পৰীক্ষা কেনেকৈ কৰিবা?)

Ans. To test the presence of starch in leaves, first a fresh green leaf is boiled in water for a few minutes. Then the leaf is taken out and placed in a test tube containing alcohol. The test tube is kept in hot water so that the alcohol boils. This removes the green colour (chlorophyll) from the leaf and makes it colourless.

After that, the leaf is washed with water and placed on a dish or petriplate. A few drops of iodine solution are then added to the leaf. If the leaf turns blue-black in colour, it shows the presence of starch in the leaf.

(পাতত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ প্ৰথমে এটা সতেজ সেউজীয়া পাত পানীত কেইমিনিটমান উতলাই লোৱা হয়। তাৰ পাছত পাতখিলা উলিয়াই এলক’হল থকা এটা পৰীক্ষানলীত ৰখা হয়। পৰীক্ষানলীটো গৰম পানীত ৰাখি এলক’হল উতলিবলৈ দিয়া হয়। ইয়াৰ ফলত পাতৰ সেউজীয়া ৰং অৰ্থাৎ পত্ৰহৰিৎ এলক’হলত মিহলি হৈ পাতখিলা বৰণহীন হৈ পৰে

তাৰ পাছত পাতখিলা পানীৰে ধুই এখন পেট্ৰিপ্লেট বা থালত ৰখা হয়। এতিয়া পাতখিলাৰ ওপৰত কেইটোপালমান আয়’ডিনৰ দ্ৰৱ দিয়া হয়। যদি পাতখিলাৰ ৰং নীলা-ক’লা হয়, তেন্তে ই পাতত শ্বেতসাৰৰ উপস্থিতি দেখুৱায়।)

 

(e) Write an experiment to show that oxygen is released during photosynthesis. (সালোক সংশ্লেষণত যে অক্সিজেন ওলায় সেয়া দেখুৱাবলৈ এটা পৰীক্ষা কৰা।)

Ans. Ans. To show that oxygen is released during photosynthesis, some fresh branches of an underwater plant like Hydrilla are taken in a beaker filled with water. A little soda water is added to provide carbon dioxide. The plant is then covered with a glass funnel, and a water-filled test tube is inverted over the stem of the funnel. The cut ends of the plant remain inside the funnel facing upward.

The whole setup is kept in sunlight for a few hours. After some time, bubbles of gas are seen coming out from the cut ends of the plant and collecting in the test tube by pushing the water downward. When a burning matchstick is brought near the collected gas, it burns brightly. This proves that the gas collected is oxygen. Therefore, oxygen is released during photosynthesis.

(সালোক সংশ্লেষণত অক্সিজেন ওলায় বুলি দেখুৱাবলৈ পানীৰ তলত গজা উদ্ভিদ যেনে হাইড্ৰিলাৰ কিছুমান সতেজ ডাল পানীভৰা এটা বিকাৰত লোৱা হয়। কার্বন ডাইঅক্সাইডৰ উৎস হিচাপে অলপ চ’ডাপানী মিহলোৱা হয়। তাৰ পাছত গছডাল কাঁচৰ চুপিৰে ঢাকি দিয়া হয় আৰু পানীৰে পূৰ্ণ এটা পৰীক্ষানলী চুপিটোৰ ওপৰত ওভতাই ৰখা হয়। গছৰ কটা অংশবোৰ চুপিৰ ভিতৰত ওপৰমুৱাকৈ ৰখা হয়

এতিয়া সমগ্ৰ সঁজুলিটো কেইঘণ্টামান সূৰ্যৰ পোহৰত ৰখা হয়। কিছু সময়ৰ পাছত গছৰ কটা অংশৰ পৰা গেছৰ বুৰুৰণি ওলাই পৰীক্ষানলীত জমা হোৱা দেখা যায়। জ্বলি থকা দিয়াচলাই কাঠী গেছটোৰ ওচৰলৈ নিলে ই অধিক উজ্বলকৈ জ্বলে। ইয়াৰ পৰা বুজা যায় যে গেছখিনি অক্সিজেন। সেয়েহে, সালোক সংশ্লেষণৰ সময়ত অক্সিজেন নির্গত হয়।)

Q. 7. Imagine a situation where all the plants, and tiny green organisms that perform photosynthesis suddenly disappeared from the Earth. What impact would it have on the air we breathe and the living organisms on the Earth?

(এনে এটা পৰিস্থিতি কল্পনা কৰা য'ত সালোক সংশ্লেষণ কৰা সকলো উদ্ভিদৰ লগতে ক্ষুদ্র সেউজীয়া জীৱবোৰ পৃথিৱীৰ পৰা হঠাতে নোহোৱা হৈ গৈছে। আমি উশাহ লোৱা বায়ু আৰু পৃথিৱীত থকা জীৱবোৰৰ ওপৰত ইয়াৰ কি প্ৰভাৱ হ'ব পাৰে?)

Ans. Since the process of photosynthesis returns oxygen to the atmosphere, in absence of organisms that perform photosynthesis, the air we breathe would lack oxygen. In such situation, the living organisms on the Earth will not be able to survive as they will not be able to carry out respiration without oxygen.

(যিহেতু সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডললৈ অক্সিজেন উভতি যায়, সেয়ে সালোক সংশ্লেষণকাৰী জীৱসমূহৰ অনুপস্থিতিত আমি উশাহত লোৱা বায়ুত অক্সিজেনৰ অভাৱ ঘটিব। এনে পৰিস্থিতিত পৃথিৱীত থকা জীৱসমূহে জীয়াই থাকিব নোৱাৰিব, কাৰণ জীৱসমূহে অক্সিজেনৰ অভাৱত শ্বসন প্রক্রিয়া সংঘটিব কৰিব নোৱাৰিব

 

Q. 8. Which side of the leaf contain more stomata?

(চিত্র 11.14 ত দেখুওৱা পাতখিলাৰ কোনটো পৃষ্ঠত অধিক পত্ৰবন্ধ থাকিব পাৰে?) 
Ans.

 

Q. 9. Look at the following pictures carefully. In Fig. 11.15 (a) the life process of a potato plant is shown and in Fig 11.15 (b) an experiment conducted on a slice of potato is shown.

 

(তলৰ চিত্ৰ দুখন ভালদৰে চোৱা। চিত্র 11.15 (a)-ত আলু গছৰ জীবন প্রক্রিয়া আৰু চিত্ৰ 11.15 (b)-ত আলুৰ চকল এটাৰ ওপৰত কৰা এটা পৰীক্ষা দেখুওৱা হৈছে।) 

 

 

Answer the following questions: (তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -)

 

(i) What does this colour change tell us about the substance stored in the potato? (পৰীক্ষাটোত দেখুওৱা ৰঙৰ এই পৰিৱৰ্তনে আলুত সঞ্চিত হৈ থকা পদাৰ্থৰ বিষয়ে আমাক কি কয়?)

Ans. The substance stored in the potato is starch. (আলুত সঞ্চিত হৈ থকা পদার্থবিধ হ'ল শ্বেতসাৰ।)

 

(ii) This stored substance is not produced in the potato itself. Where does this substance in potatoes come from? (এই সঞ্চিত পদার্থবিধ আলুৰ ভিতৰত প্ৰস্তুত নহয়। ই আলুৰ ভিতৰলৈ ক'ৰ পৰা আহে?)

Ans. This substance in potatoes comes from the leaves. (এই পদার্থবিধ আলুৰ ভিতৰলৈ পাতৰ পৰা আহে।)

 

(iii) In which part of the plant food is synthesised? Name the process of synthesis of food in the plant. (উদ্ভিদজোপাৰ কোনটো অংশত খাদ্য প্রস্তুত হয়? উদ্ভিদজোপাৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি?)

Ans. Food is synthesised in the leaves of the plant. The name of the process of systhesis of food in the plant is photosynthesis. (উদ্ভিদজোপাৰ পাতত খাদ্য প্রস্তুত হয়। উদ্ভিদজোপাৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হ'ল সালোক সংশ্লেষণ।)

 

(iv) Describe the journey of the food from the place of its synthesise to the place where it is stored (potato). Name the structure that carries this food. (প্রস্তুত হোৱা অংশৰ পৰা সঞ্চিত হোৱা অংশ (আলু) লৈ উদ্ভিদৰ খাদ্যৰ পৰিক্ৰমা বৰ্ণনা কৰা। এই খাদ্য কঢ়িয়াই নিয়া গঠনটোৰ নাম লিখা।)

Ans. The food prepared in the leaves is transported to the potato through a set of thin tube - like structure. These structures are called phloem. (উদ্ভিদৰ পাতত প্রস্তুত হোৱা খাদ্য এবিধ নালিকা সদৃশ গঠনৰ দ্বাৰা খাদ্য সঞ্চিত হোৱা অংশ (আলু) লৈ পৰিবাহিত হয়। এই খাদ্য কঢ়িয়াই নিয়া গঠনটোক ফ্ল'ৱেম বোলা হয়।)

 

Q. 10. Ritu set up an experiment with sprouted chickpea seeds in an air-tight closed glass jar (Fig. 11.16). After a few days, she noticed that the limewater turned milky. (ৰিতুৱে বায়ুৰুদ্ধ বন্ধ কাঁচৰ জাৰত গজালি ওলোৱা বুটৰ সৈতে চিত্ৰ 11.16-ত দেখুওৱাৰ দৰে এটা পৰীক্ষা কৰিলে। কিছুদিনৰ পাছত তেওঁ মন কৰিলে যে চূণৰ পানীখিনি গাখীৰৰ দৰে হৈ পৰিছে।)

Answer the questions: (প্রশ্নবোৰৰ উত্তৰ দিয়াঃ)

(i) What idea might she be investigating through this experiment? (এই পৰীক্ষাটোৰ জৰিয়তে ৰিতুৰে কোনটো ধাৰণাৰ বিষয়ে অনুসন্ধান কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি?)

Ans. Through the experiment the idea she might be investigating is that plants release carbon dioxide during respiration.

(এই পৰীক্ষাটোৰ জৰিয়তে ৰিতুৱে অনুসন্ধান কৰিবলৈ বিচৰা ধাৰণাটো হ'ল উদ্ভিদে শ্বসন প্রক্রিয়াত কার্বন ডাইঅক্সাইড গেছ নির্গত কৰে।)

 

(ii) What does this change in limewater show? (চূণৰ পানীৰ এই পৰিৱৰ্তনে কি সূচাইছে?)

Ans. This change in limewater shows that carbon dioxide is produced inside the jar. (চূণপানীৰ এই পৰিৱৰ্তনে সূচাইছে যে জাৰৰ ভিতৰত কাৰ্বন ডাইঅক্সাইড উৎপন্ন হৈছে।) 

 

(iii) Which life process carried out by the germinating chickpeas is responsible for this change?

(অংকুৰিত বুটবোৰত সংঘটিত কোনটো জীৱন প্ৰক্ৰিয়া এই পৰিৱৰ্তনৰ বাবে দায়ী?)

Ans. The life process carried out by the germinating chickpeas, responsible for this change is respiration. (এই পৰিৱৰ্তনৰ বাবে দায়ী অংকুৰিত বুটবোৰত সংঘটিত জীৱন প্ৰক্ৰিয়াটো হ'ল শ্বসন।)

 

(iv) If Ritu had used dry seeds instead of sprouted ones, would the result be the same? Give reason to your answer?

(যদি ৰিতুবে গজালি ওলোৱা বুটৰ সলনি শুকান বুট ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে ফলাফল একেই হ'লহেঁতেননে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া?)

Ans. If Ritu had used dry seeds instead of sprouted seeds, the result would have been different. This is because dry seeds respire very slowly and produce only a very small amount of carbon dioxide. Therefore, the lime water would not turn milky easily.

(যদি ৰিতুৱে গজালি ওলোৱা বুটৰ সলনি শুকান বুট ব্যৱহাৰ কৰিলেহেঁতেন, তেন্তে ফলাফল বেলেগ হ’লহেঁতেন। কাৰণ শুকান বুটত শ্বসন প্ৰক্ৰিয়া অতি ধীৰগতিত হয় আৰু খুব কম পৰিমাণৰ কার্বন ডাইঅক্সাইড উৎপন্ন হয়। সেয়েহে চূণপানী সহজে গাখীৰীয়া নহ’লহেঁতেন।)

 

(v) During the experiment, if the limewater did not turn milky even after a few days, list two possible errors in the setup.

(পৰীক্ষাটো চলি থাকোঁতে, কেইদিনমানৰ পাছতো যদি পানীখিনি গাখীৰৰ দৰে নহয়, তেন্তে ব্যৱস্থাটোত থাকিব পৰা দুটা সম্ভাব্য ভুল কি হ'ব পাৰে?)

Ans. Two possible mistakes in the setup may be—
(a) The glass jar was not properly air-tight, so the carbon dioxide produced escaped outside.
(b) There was not enough oxygen inside the jar for proper respiration to occur.

(ব্যৱস্থাটোত থাকিব পৰা দুটা সম্ভাব্য ভুল হ’ল—
(a) কাঁচৰ জাৰটো সম্পূৰ্ণ বায়ুৰুদ্ধ নাছিল, ফলত উৎপন্ন হোৱা কার্বন ডাইঅক্সাইড বাহিৰলৈ ওলাই গৈছিল

(b) জাৰৰ ভিতৰত শ্বসন প্ৰক্ৰিয়া সঠিকভাৱে চলিবলৈ পৰ্যাপ্ত অক্সিজেন নাছিল।)

 

(vi) How does this experiment help us understand the role of respiration in plant growth? (এই পৰীক্ষাই উদ্ভিদৰ বৃদ্ধিত শ্বাস-প্রশ্বাসৰ ভূমিকা বুজিবলৈ আমাক কেনেদৰে সহায় কৰে?)

Ans. This experiment helps us understand that during respiration, plants break down glucose in the presence of oxygen and release carbon dioxide, water and energy. The energy produced is used for important activities like cell division, absorption of nutrients, repair of tissues and making new substances. These processes help in the growth of plants.

(এই পৰীক্ষাৰ পৰা আমি বুজিবলৈ পাওঁ যে শ্বসন প্ৰক্ৰিয়াত উদ্ভিদে অক্সিজেনৰ উপস্থিতিত গ্লুক’জ ভাঙি কার্বন ডাইঅক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰে। উৎপন্ন হোৱা এই শক্তি কোষ বিভাজন, পৰিপোষক শোষণ, কলাৰ মেৰামতি আৰু নতুন পদার্থ গঠনৰ দৰে কার্যত ব্যৱহাৰ হয়। এই সকলো কার্যই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।)