LIFE PROCESSES IN ANIMALS

প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া

CHAPTER 10

EXERCISE (অনুশীলনী)

Q. 1. Trace the path of air through the respiratory system by filling the boxes with the correct parts. (শ্বাস-প্রশ্বাস তন্ত্ৰৰ মাজেৰে বায়ুৰ পথ অনুসন্ধান কৰি তলৰ বাকচবোৰ সঠিক অংশৰে সম্পূৰ্ণ কৰা।)





Q. 2. Rita added iodine solution to three test tubes A, B, and C containing wheat flour, sugar, and boiled potato respectively. What results will she get in each case? Give reasons.

(ৰীতাই ক্ৰমে ঘেঁহুৰ আটা, চেনি আৰু সিজোৱা আলু থকা তিনিটা পৰীক্ষা নলী A, B আৰু C ত আয়'ডিনৰ দ্ৰৱ যোগ কৰিলে। প্ৰতিটো ক্ষেত্ৰতে তাই কি ফলাফল পাব? কাৰণ দর্শোৱা।)

Ans. When iodine solution is added, the wheat flour in test tube A and the boiled potato in test tube C will change into a blue-black colour. This happens because both wheat flour and potato contain starch, and iodine gives a blue-black colour in the presence of starch. On the other hand, no colour change will be seen in test tube B containing sugar, as sugar does not contain starch and does not react with iodine.
(আয়'ডিনৰ দ্ৰৱ যোগ কৰিলে পৰীক্ষানলী A ত থকা ঘেঁহুৰ আটা আৰু পৰীক্ষানলী C ত থকা সিজোৱা আলুৰ ৰং নীলা-ক'লা হৈ যাব। কাৰণ আটা আৰু আলুত শ্বেতসাৰ থাকে আৰু আয়'ডিনে শ্বেতসাৰৰ উপস্থিতিত নীলা-ক'লা ৰং দিয়ে। আনহাতে, চেনি থকা পৰীক্ষানলী B ত কোনো ৰঙৰ পৰিৱৰ্তন নহ’ব, কাৰণ চেনিত শ্বেতসাৰ নাথাকে আৰু ই আয়'ডিনৰ লগত বিক্ৰিয়া নকৰে।)

Q. 3. Darken the circle of correct answer : 

(শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।)

(i) What is the primary role of the large intestine? (বৃহদন্ত্ৰৰ প্ৰাথমিক ভূমিকা কি?)

(a) Absorption of nutrients (পৰিপোষক শোষণ কৰা)

(b) Absorption of water and salts (পানী আৰু লৱণ জাতীয় দ্রব্য শোষণ কৰা)

(c) Digestion of proteins (প্র'টিন হজম কৰা)

(d) Production of enzymes (এনজাইমৰ উৎপাদন কৰা)

Ans. (b)

 

(ii) What is the function of alveoli in the lungs? (হাঁওফাঁওত থকা বায়ুমোনাৰ কাম কি?)

(a) To pump air into the lungs (হাওঁফাওঁত বায়ু পাম্প কৰা)

(b) To filter dust from inhaled air (উশাহত লোৱা বায়ুৰ ধূলি পৰিশ্ৰুত কৰা)

(c) To exchange oxygen and carbon dioxide (অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইডৰ বিনিময় কৰা)

(d) To store carbon dioxide (কার্বন ডাইঅক্সাইড জমা কৰা)

Ans. (c)

 

(iii) Which gas do we inhale during respiration? (শ্বসনৰ সময়ত উশাহত তলৰ কোনটো গেছ আমি গ্রহণ কৰোঁ?)

(a) Carbon dioxide (কার্বন ডাইঅক্সাইড)

(b) Nitrogen (নাইট্র'জেন)

(c) Oxygen (অক্সিজেন)

(d) Hydrogen (হাইড্র'জেন)

Ans. (c)

 

(iv) Which muscle helps in breathing? (তলৰ কোনটো পেশীয়ে শ্বাস-প্রশ্বাসত সহায় কৰে?)

(a) Diaphragm (মধ্যচ্ছদা)

(b) Heart (হৃদ্যন্ত্র)

(c) Rib cage (কামিহাড়)

(d) Stomach (পাকস্থলী)

Ans. (a)

 

Q. 4. Fill up the blanks (খালী ঠাই পূৰ কৰা।)

(a) The first part of alimentary canal where digestion begins is the _____. (পাচন আৰম্ভ হোৱা পাচনতন্ত্ৰৰ প্ৰথম অংগটো হ'______)

Ans. mouth (মুখ)

 

(b) The food pipe that connects the mouth to the stomach is called the ______ (মুখ আৰু পাকস্থলী সংযোগ কৰা খাদ্যৰ নলীটোক _____বোলে।)

Ans. oesophagus (গ্রাসনলী)

 

(c) The ______ stores and churns food while mixing it with digestive juices______. ( য়ে খাদ্য পাচন ৰসৰ সৈতে মিহলাই মন্থন কৰে আৰু তাক জমা কৰি ৰাখে।)

Ans. stomach (পাকস্থলী)

Q. 5. Match the following (তলত দিয়া ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা।) 

 

Column A (স্তম্ভ ক)

Column B (স্তম্ভ খ)

(i) Oxygen (অক্সিজেন) 

(a) Waste gas exhaled from the body (শৰীৰে নিশাহত বৰ্জন কৰা গেছ)

(ii) Carbon dioxide 

(কার্বন ডাইঅক্সাইড)

(b) Site of gaseous exchange in lungs (হাঁওফাঁওত বায়ুৰ বিনিময়ৰ স্থান)

(iii) Alveoli

(বায়ুমোনা) 

(c) Helps in breathing by contracting and relaxing (সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা উশাহ লোৱাত সহায় কৰে)

(iv) Diaphragm

(মধ্যচ্ছদা)

(d) Process of taking in oxygen and giving out carbon dioxide (অক্সিজেন লোৱা আৰু কার্বন ডাইঅক্সাইড উলিয়াই দিয়া প্রক্রিয়া)

(v) Breathing

(শ্বাস-প্রশ্বাস) 

(e) Gas required for respiration (শ্বাস-প্রশ্বাসৰ বাবে প্রয়োজনীয় গেছ)

 

Ans. (i) - (e), (ii) - (a), (iii) - (b), (iv) - (c), (v) - (d)

 

Q. 6. Ananya says to her classmate Madhurjya that all animals breathe through lungs. What question(s) can her friend Madhurjya ask to make her understand that some animals use gills or skin for breathing?

(অনন্যাই সহপাঠী মাধুর্যক ক'লে যে সকলো জীৱ-জন্তুরে হাওঁফাওঁৰ জৰিয়তে উশাহ লয়। "কিছুমান প্রাণীয়ে যে উশাহ-নিশাহৰ বাবে ফুল বা ছাল ব্যৱহাৰ কৰে”-সেই কথাটো বুজাবলৈ তাইৰ বন্ধু মাধুর্যই তাইক কি কি প্রশ্ন সুধিব পাৰে?)

Ans. Madhurjya can ask Ananya the following questions to help her understand that some animals breathe through gills or skin—
(i) In what way do fishes and tadpoles breathe inside water?
(ii) How do grown-up frogs breathe while staying in water?
(iii) By which organ do earthworms breathe?

মাধুর্যই অনন্যাক তলৰ প্ৰশ্নসমূহ সুধিব পাৰে যাতে তাই বুজি পায় যে কিছুমান প্রাণীয়ে ফুল বা ছালৰ সহায়ত উশাহ-নিশাহ লয়—
(i) মাছ আৰু লালুকীবোৰে পানীৰ ভিতৰত কেনেকৈ উশাহ-নিশাহ লয়?
(ii) ডাঙৰ ভেকুলীবোৰে পানীত থাকোঁতে কেনেদৰে উশাহ-নিশাহ লয়?
(iii) কেঁচুবোৰে কোন অঙ্গৰ সহায়ত উশাহ-নিশাহ লয়?

 

Q. 7. Read the following statements and state whether they are correct or not. Support your answer. (তলৰ উক্তিবোৰ পঢ়া আৰু সেইবোৰ শুদ্ধ হয় নে নহয় কোৱা। তোমাৰ উত্তৰটোৰ সমর্থনত মতামত আগবঢ়োৱা।)

Statements:

(a) Chewing food is not necessary for proper digestion.

(b) The small intestine is the main site for absorption of nutrients.

 

উক্তিসমূহ:

(a) সঠিক পাচনৰ বাবে খাদ্য চোবাই খোৱাৰ প্ৰয়োজন নাই

(b) ক্ষুদ্রান্ত্ৰই হৈছে পৰিপোষক শোষণৰ মূল স্থান

Ans. (a) Not correct. Because chewing helps in breaking down food into small pieces which fecilitates better digestion.

 

(শুদ্ধ নহয়। কাৰণ চোবালে খাদ্যবস্তুবোৰ ক্ষুদ্র ক্ষুদ্র অংশলৈ ভাঙি যায়, যাৰ বাবে খাদ্যৰ পাচনত সহায়ক হয়।)

 

(b) Correct. Because, internally the small intestine has a thin lining with thousands of finger - like projections that increase the surface area, for efficient nutrient absorption. (শুদ্ধ। কাৰণ, ক্ষুদ্ৰান্তৰ আভ্যন্তৰীণ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ প্ৰৱৰ্ধৰ এক পাতল আৱৰণ থাকে, যিয়ে পৃষ্ঠকালিৰ বৃদ্ধি ঘটাই পৰিপোষকৰ শোষণত সহায় কৰে।)

 

Q. 8. We often cough when we inhale smoke from fire. What can be the possible explanation for this? (জুইৰ ধোঁৱা উশাহত লওঁতে আমি প্রায়ে কাহ মাৰোঁ। ইয়াৰ সম্ভাব্য ব্যাখ্যা কি হ'ব পাৰে?)

Ans. When we breathe in smoke from fire, the tiny particles and harmful gases present in the smoke irritate the inner lining of our respiratory tract. As a result, our body reacts by coughing to remove those irritating substances from the air passage.

(জুইৰ ধোঁৱা উশাহত লওঁতে ধোঁৱাত থকা সৰু সৰু কণিকা আৰু ক্ষতিকাৰক গেছবোৰে আমাৰ শ্বাসনলীৰ ভিতৰৰ অংশত জ্বলা-পোৰা বা খজুৱতিৰ সৃষ্টি কৰে। ফলত, সেই বিৰক্তিকৰ পদার্থবোৰ বাহিৰলৈ উলিয়াই দিবলৈ আমাৰ শৰীৰে কাহ মাৰে।)

 

Q. 9. Sita sets up an experiment to check the action of saliva on carbohydrates. She added rice flour and water to two test tubes, M and N. She added saliva to test tube N and left both for 35 minutes. After adding iodine to both test tube solution, she observed the colour change. What do you think Sita wanted to test? (সীতাই কাৰ্ব হাইড্রেটৰ ওপৰত লালটিৰ ক্ৰিয়া নিৰীক্ষণ কৰিবলৈ এটা পৰীক্ষা কৰিব বিচাৰিলে। M আৰু N নামৰ দুটা পৰীক্ষানলীত চাউলৰ গুড়ি আৰু পানী যোগ কৰিলে। পৰীক্ষানলী N ত পুনৰ অলপ লালটি মিহলাই দি দুয়োটা পৰীক্ষা নলী 35 মিনিট সময় ৰাখিলে। তাৰ পাছত দুয়োটা পৰীক্ষা নলীত আয়'ডিন দ্ৰৱ যোগ কৰি তাই ৰঙৰ পৰিৱৰ্তন পর্যবেক্ষণ কৰিলে। সীতাই কি পৰীক্ষা কৰিব বিচাৰিছিল বুলি তুমি ভাবিছা?)

Ans. Sita wanted to test whether saliva helps in breaking down starch into sugar. (লালটিয়ে শ্বেতসাৰক চেনিলৈ ভাঙি পেলোৱাত সহায় কৰে নে নকৰে সেয়া সীতাই পৰীক্ষা কৰিব বিচাৰিছিল।)

 

Q. 10. A student filled two test tubes with lime water. He blew air from his lungs into one tube and allowed the other to remain with just room air passing through. After some time, he saw a difference. What concept is being tested and how can he be sure of his conclusion?

(এজন ছাত্রই দুটা পৰীক্ষানলীত চূণৰ পানী ল'লে। তেওঁ এটা নলীত হাওঁফাওঁৰ পৰা ওলাই যোৱা বায়ু নাকেৰে এৰি দিলে আৰু আনটো নলীত কোঠাৰ বায়ু পাৰ হৈ যাবলৈ দিলে। কিছু সময়ৰ পাছত তেওঁ এটা পার্থক্য দেখিলে। ইয়াত কি ধাৰণা পৰীক্ষা কৰা হৈছে আৰু তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে কেনেকৈ নিশ্চিত হ'ব পাৰে?)

Ans. The experiment tests the idea that the air exhaled from our lungs contains more carbon dioxide than the normal air around us.

The student can confirm this by noticing that the lime water in the test tube through which exhaled air was passed turned milky, while the lime water in the other test tube, through which ordinary room air passed, showed little or no change. This happens because carbon dioxide reacts with lime water and makes it milky.

(ইয়াত পৰীক্ষা কৰা ধাৰণাটো হ’ল আমি নিশাহত এৰি দিয়া বায়ুত সাধাৰণ বায়ুতকৈ অধিক পৰিমাণে কার্বন ডাইঅক্সাইড থাকে

ছাত্ৰজনে এই সিদ্ধান্তত উপনীত হ’ব পাৰে এইদৰে যে, হাওঁফাওঁৰ পৰা ওলাই যোৱা বায়ু পাৰ কৰা চূণপানীখিনি গাখীৰৰ দৰে বগা হৈ পৰে, কিন্তু সাধাৰণ কোঠাৰ বায়ু পাৰ হোৱা চূণপানীখিনিত বিশেষ পৰিৱর্তন দেখা নাযায়। ইয়াৰ কাৰণ হ’ল কার্বন ডাইঅক্সাইডে চূণপানীৰ লগত বিক্ৰিয়া কৰি তাক গাখীৰীয়া কৰি তোলে।)