Chapter 12 - 

সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ 

অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:

(ক) পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: পৰিয়াল হৈছে সমাজৰ সৰু unit বা একক। এটি পৰিয়ালত একেটা ঘৰতে বাস কৰা অভিভাৱক, সন্তান আৰু আন কিছুমান আত্মীয়-স্বজন থাকে।

(খ) পৰিয়াল এটাত সদস্য কি কি প্রকাৰে যোগ হয়।

উত্তৰ: পৰিয়ালত সদস্য জন্ম, বিবাহ আৰু দত্তকৰ জৰিয়তে যোগ হয়।

(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে।

উত্তৰ: পৰিয়াল এটাৰ সদস্যসকলে একে-অন্যক সহায় সহযোগিতা, আদৰ-স্নেহ আৰু মৰম প্ৰদান কৰিব লাগে।

(ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?

উত্তৰ: ভাৰতীয় পৰম্পৰাত পৰিয়ালক 'ঘৰ' বুলি কোৱা হয়, যি আমাৰ জীৱনৰ আটাইতকৈ বিশেষ স্থান।

২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ।

উত্তৰ: পৰিয়ালৰ পৰা আমি আদৰ-স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায়-সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ লাভ কৰোঁ।

অনুশীলনী – ২

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) প্রতিবেশী মানে কি?

উত্তৰ: আমি যিসকল মানুহৰ ওচৰত বাস কৰোঁ, তেওঁলোকেই আমাৰ প্রতিবেশী।

(খ) ৰাইজ বুলিলে কি বুজা।

উত্তৰ: এখন গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে, এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়।

(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসব উল্লেখ কৰা।

উত্তৰ:  (i) বিহু

(ii) ঈদ

(ঘ) সামুহিক গোটৰ এটা উদাহৰণ দিয়া।

উত্তৰ: নামঘৰ, মন্দিৰ, ভোজ, উৎসৱ, পুৰণি ঘৰৰ মাক-পিতালৈ সহায়—এইবোৰ সামুহিক গোটৰ উদাহৰণ।

৩. সমাজ এখন সুচাৰুৰূপে চলাত প্রতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।

উত্তৰ: সমাজৰ মানুহে একেলগে মিলি উৎসৱ উদযাপন কৰে, বিপদত সহায় কৰে আৰু দৈনন্দিন জীৱনত একে-অন্যক সহায়-সহযোগিতা কৰে। সেয়েহে সমাজ চলাবলৈ প্রতিবেশীৰ ভূমিকা গুৰুত্বপূর্ণ।

৪. অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰ: অসমত ৰাইজে নামঘৰ, ভোগালী ভোজ, উৎসৱ পালন, পুৰণি মানুহৰ যত্ন আদিৰ ক্ষেত্ৰত একেলগে মিলি কাম কৰে। ইয়ে সমাজত সৌহাৰ্দ্য আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰে।

Additional Question-Answer (অতিরিক্ত প্ৰশ্ন-উত্তৰ)

(১) পৰিয়ালক সমাজৰ একক কিয় বোলা হয়?

উত্তৰ: পৰিয়ালত ছোৱালী-ছোৱালীয়ে প্ৰথম শিকি উঠে; সমাজৰ বাবে উপযুক্ত নাগৰিক হোৱাৰ পৰা আৰম্ভ হয় পৰিয়ালৰ পৰা। সেয়ে পৰিয়ালক সমাজৰ একক বোলা হয়।

(২) পৰিয়ালত সদ্ভাৱ কিদৰে গঢ়ি তুলিব পাৰি?

উত্তৰ: সদস্যসকলৰ মাজত সহানুভূতি, মৰম, সহায়-সহযোগিতা আৰু দায়িত্ববোধৰ জৰিয়তে সদ্ভাৱ গঢ়ি তোলা যায়।

(৩) ৰাইজে সমাজ গঠনত কেনেদৰে সহায় কৰে?

উত্তৰ: ৰাইজে পৰিস্কাৰ পৰিৱেশ, সুস্থ চিন্তাভাবনা আৰু সহযোগিতামূলক কাৰ্যৰ জৰিয়তে সমাজ গঠনত সহায় কৰে।

(৪) কিয় আমাক পৰিয়াল আৰু প্রতিবেশীৰ সৈতে সদায় ভাল সম্পৰ্ক ৰাখিব লাগে?

উত্তৰ: কাৰণ জীৱনত সহানুভূতি, সহায়-সহযোগিতা আৰু সুৰক্ষাৰ বাবে পৰিয়াল আৰু প্রতিবেশীয়ে বিশেষ ভূমিকা পালন কৰে।

OLD

পাঠ নং ১২
সিন্ধু উপত্যকাৰ সভ্যতা


    👉MCQ Online Exam
    👉Text Book PDF 
    👉Click Here YouTube Video
    👉MCQs Answer 
(১) উত্তৰ লিখা-

(ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল?

উত্তৰঃ সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা। নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু ইয়াং - চিকিয়াং নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিল।

(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটইতকৈ বেছি?

উত্তৰঃ সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি।

(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্য়তাৰ লগত মেছ'পটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি?

উত্তৰঃ বেপাৰ-বাণিজ্যৰ উপৰত ভিত্তি কৰি।

(ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা।

উত্তৰঃ সিন্ধু সভ্যতাৰ বেপাৰ-বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। সিন্ধু সভ্যতাত ব্যবহৃত মোহৰ, মণি আদি মেছ'পতেমিয়াত পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পতেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যত নাৱেই প্ৰধান আছিল।



৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'    -    'খ'

(১) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ মানুহে - ইৰাকৰ লগত বেপাৰ-বাণিজ্য় কৰিছিল।
(২) মোহৰবোৰ আছিল - চতুৰ্ভুজ, ঘুৰণীয়া আৰু চুঙা আকৃতিৰ 
(৩) সিন্ধু উপত্য়কাৰ মানুহে বস্তু কঢ়িয়াবলৈ - উট আৰু গাধ ৰাখিছিল।
(৪) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ ভঁৰালবোৰ ব্য়ৱহাৰ কৰা হৈছিল - শস্য় ৰাখিবৰ বাবে।
(৫) সিন্ধু উপত্য়কাৰ সমসাময়িক সভ্য়তা - মেছ'পটেমিয়া সভ্য়তা।


৫। শুদ্ধ বাক্যত শুদ্ধ চিন দিয়া।

(ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল।

উত্তৰঃ সত্য।

(খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল।

উত্তৰঃ অসত্য।

(গ) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল।

উত্তৰঃ সত্য়।

(ঘ) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ মানুহে লিপি ব্য়ৱহাৰ কৰিছিল।

উত্তৰঃ অসত্য়।

(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী।

উত্তৰঃ সত্য।


৬। সিন্ধু উপত্য়কাৰ সভ্য়তাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা।

উত্তৰঃ সিন্ধু উপত্য়কা সভ্য়তাৰ নগৰ পৰিকল্পনা অতি সু চিন্তিত আছিল বুলি ক'ব পাৰি। সিন্ধু নদীৰ উপত্য়কাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজআলিবোৰ আহল-বহল আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ এমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল। এই আলিবাটবিলাকে লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ ধেনুভিৰীয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান-বাহনবোৰ সহজতে চলাচল কৰিব পাৰে। ডাঙৰ আলিবাটবিলাকৰ দাঁতিত অট্ৰালিকাবোৰে শোভাবৰ্দ্ধন কৰিছিল। ঘবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল।

৭। হৰপ্পা সংস্কৃতিৰ মানুহে ব্য়ৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ ব্য়ৱহাৰ কৰিছিল। সেই সময়ত কুমাৰ, কাৰিকৰ, বাঢ়ৈ আদি শ্ৰেণীৰ লোক আছিল। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন আকাৰ-আকৃতিৰে গঢ়া পাত্ৰসমূহ আকৰ্ষণীয় আছিল।বিভিন্ন ৰং আৰকু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতচুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৰা মাটিৰে বাচন-বৰ্তন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।
ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। ভগ্নাৱশেষবোৰৰ মাজত কিছুমান এমহলীয়া আৰু কিছুমান দুমহলীয়া ঘৰো পোৱা গৈছে। প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰি ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্য়ৱস্থা আছিল। প্ৰতিটো ঘৰতে একোখনকৈ ডাঙৰ চোতাল আছিল।






Answered by Hiru Moni Bora

Last Update by Dipawali Bora (02.05.2022)

Check by - Mukesh Borah 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------

Post Id: DABP000795