Lesson 8
মিছাইল মানৱ
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
👉MCQ Online Exam
👉MCQ Answer
👉Paid Answer (For Membership User)
১) উত্তৰ দিয়া।
(ক) 'মিছাইল মানৱ' নামেৰে কাক জনা যায়?
উত্তৰঃ- 'মিছাইল মানৱ' নামেৰে এৰ'নেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নালআবেদীন আব্দুল কালামক জনা যায়।
(খ) সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰঃ- সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল - ৰোহিনী।
(গ) আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল?
উত্তৰঃ- আব্দুল কালামে শেষ নিশ্ৱাস শ্বিলঙৰ ভাৰতীয় ব্য়ৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতেই মৃত্যক আঁকোৱালী লৈছিল।
(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন?
উত্তৰঃ- তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈ পিতৃ- মাতৃ ,প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষক সকল আদৰ্শ নায়ক।
২) উত্তৰ দিয়া।
(ক) সপোন দেখা , সপোন দেখা ,সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰতিয়েই হ'ল কাম- এই কথাষাৰি কোনে, কাক কৈছিল?
উত্তৰঃ- এই কথাষাৰ আব্দুল কালামে অকণিহঁতক কৈছিল।
(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল?
উত্তৰঃ- তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাই বোৰে আকাশী-পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰিক্ষণ কৰিছিল।তেওঁৰ এইবোৰ বিষয়ৰ অনুৰাগী আছিল।
(গ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল?
উত্তৰঃ- আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাই জাকৰ ৰহস্য়ই প্ৰভাৱান্বিত কৰিছিল ।
(ঘ) মনে -প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল?
উত্তৰঃ- মনে-প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিছাৰিছিল।
৩) শব্দৰ লগত অৰ্থ মিলোৱা ।
উৎক্ষেপন প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা
প্ৰজ্বলিত বৰকৈ জ্বলা (জুই)
অভ্যন্তৰীণ ভিতৰুৱা
বিচক্ষণ অলংকাৰ
অদম্য যাক দমাব বা বশ কৰিব নোৱাৰিব
দিগন্ত দ্গিবলয়, আকাশৰ সীমা
ভূষণ পাৰ্গত, উত্তম
নিৰীক্ষণ দূৰৈৰ পৰা ভালকৈ চোৱা
ষষ্ঠ শ্রেণীত তােমালােকে ণত্ববিধিৰ কথা পাই আহিছা । যেনে— গৱেষণা, বৰণ আদি শব্দ। এই পাঠটোত প্রক্ষেপণ, উৎক্ষেপণ, ৰূপায়ণ আদি শব্দবােৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দ কেইটাৰ মূর্ধণ্য ‘ ণ’ৰ ঠিক আগত ‘ ঋ ’ , ‘ ৰ ’ আৰু ষ ’ বর্ণটো নাই। এই ক্ষেত্ৰত আন এটা ণত্ববিধিৰ নিয়ম ইয়াত প্রয়ােগ হৈছে । সেয়া হৈছে— ঋ, ৰ, ষ আৰু নৰ মাজত কোনাে স্বৰবৰ্ণ বা ক, খ, গ, ঘ, ঙ ( কবর্গ ) বা ‘ প, ফ, ব, ভ, ম ( প-বর্গ ) ’ বা য, ৱ, হ, য় বা ‘ং ’ ( অনুস্বৰ ) থাকিলেও দন্ত্য ন মূদ্ধণ্য হয় । যেনে , প্রক্ষেপণ = প্র - ক্ষেপণ ( ইয়াত ণৰ আগত পবর্ণ থকাৰ কাৰণে মূর্ধণ্য ণ হৈছে ), ৰাৱণ=ৰা-ৱ-ণ ( ইয়াত ৰ আৰু ণ ৰ মাজত ৱ থকাৰ কাৰণে দন্ত্য ন মূর্ধণ্য ণ হৈছে )। কিন্তু ঋ, ৰ, ষ আৰু ন -ৰ মাজত অন্য বর্ণ থাকিলে দন্ত্য ন টো মূর্ধণ্য ণ নহয়। যেনে - ৰােদন, ৰঞ্জন, স্ৰজন।
( টোকা— সংস্কৃতত 'য়’ আৰু 'য’ ধ্বনি একে )
৪) পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে 'ণ' আৰু 'ষ' ব্যৱহাৰ হৈছে কোৱা।
প্ৰাণ
ভূষণ
ৰোহিণী
বিচক্ষণ
উৎক্ষেপন
অভ্যন্তৰীণ
৬) তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা ।
জাগ্ৰত- নিন্দা
কৃত্ৰিম- প্ৰাকৃতিক
সুপ্ত- জাগি থকা
সফলতা - বিফলতা
উৎসাহ- নিৰুৎসাহ
অক্ষম- সক্ষম
৭) বাক্য ৰচনা কৰা ।
মণে-প্ৰাণে - মণে -প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল।
শয়নে সপোনে- ৰহিমে শয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰিছে ।
আকাশী- পথ- ৰকেট খন আকাশী পথত উৰা মাৰিছে ।
অদম্য ইচ্ছা- ৰামৰ এজন ভাল খেলোৱৈ হোৱাৰ অদম্য় ইচ্ছা আছে ।
বিনিময় - জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান-প্ৰদান কৰা হয়।
Spelling Check By- Mukesh Borah
Post Id: DABP000824
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------