পোহৰ |
আন্ধাৰ |
জটিল |
সহজ |
অসাধ্য |
সাধ্য |
বেছি |
কম |
বিলোভ |
লোভ |
মিছা |
সঁচা |
জতুৱা
ঠাঁচ |
অৰ্থ |
|
বেছিকৈ কথা কোৱা অতি আপোনজন সদায় ঘৰতে থাকি ভাল পোৱা, নিজ ঘৰ এৰি আনঠাইলৈ নোযোৱা ভণ্ড |
জানাে আহা
ওপৰৰ সংলাপখিনিত কান - সমনীয়া ( সমবয়সীয়া ) , চকু - মুদা ( মৃত্যুহােৱা ) , হাত - দীঘল ( ক্ষমতাশালী ) , নাম - জ্বলা ( বিখ্যাত ) আদি শব্দবােৰ পাইছা । হাত’শব্দৰ লগত দীঘল ’ শব্দটো লগ লাগি হাত দীঘল ’ এটি নতুন শব্দ গঠিত হৈছে । ঠিক তেনেদৰে হাতসাৰ ( মুক্ত হােৱা ) হাত - টান ( কৃপণ ) , হাত-লৰ ( চোৰ ) , হাত - ধাে ( আশা এৰ ) , হাড়ে - ছালে লাগ ( লেৰেলা হাড়ক - মাটি কৰ ( কঠিন পৰিশ্ৰম কৰা ) আদি শব্দবােৰাে আমাৰ ভাষাত পােৱা যায়।
১১। তৰা-নৰা ছিঙি, আলৈ-আথানি, বাটল'লে, আলাসৰ লাডু় এই জতুৱাঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা।
জানো আহা
‘ নিশিকিলে , নাজানিলে ফকৰা - যােজনা
হয় বােলে তেনে লােক বুধিত টোকোনা ।'
কবিতা দুশাৰীৰ জৰিয়তে তােমালােকে জানিব পাৰিছা যে ফকৰা - যােজনা নাজানিলে বুধিত টোকোনা হয় ।' কাৰণ , ফকৰা - যােজনাৰ সুকীয়া অন্তর্নিহিত অর্থ সহায়ত বহু কথা ক'ব পাৰি । তলৰ কথাখিনিৰ পৰা ফকৰা - যােজনানাে কি সেই সম্পর্কে জানি লােৱা ।
ফকৰা - নীতি শিকোৱা, দৃষ্টান্ত দেখুওৱা বা কথাৰ উদাহৰণ দিয়া এফাকি বা দুফাকিত লিখা সাঁথৰৰ নিচিনা কথা। যেনে, অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ।
যােজনা— এটা কথা বুজাবৰ নিমিত্তে আন এটা কথাৰ লগত তাক মিলাই বা তুলনা কৰি কোৱা কথা। যেনে, অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা । অর্থাৎ , ঢেৰুৱা শাকৰ ঠাৰি সিজোৱা যেনে টান , বুজিব নােখােজা মানুহক বুজোৱাটোও তেনে কঠিন ।
এই দুয়ােবিধকে একেলগে সাহিত্যত ফকৰা - যােজনা বুলি কোৱা হয় । প্রাচীন কালৰ পৰাই ফকৰা - যােজনাবিলাক মানুহৰ মুখে মুখে চলি অহাৰ বাবে ই মৌখিক সাহিত্যৰ অন্তৰ্গত। ভাষাৰ সৌষ্ঠৱ আৰু ব্যঞ্জনা প্রকাশত ফকৰা - যােজনাৰ গুৰুত্ব অসীম । ইয়াৰ মাজত এটা জাতিৰ জাতীয় চৰিত্র প্রকাশ পায় । ফকৰা - যােজনাই ভাবৰ প্রকাশ উজু কৰি অর্থ বুজাত সহায় কৰে। জীৱনৰ বিভিন্ন দিশত মানুহে আগবাঢ়ি যাওঁতে লাভ কৰা অভিজ্ঞতাসমূহৰ আধাৰতে এইবােৰ ৰচিত হৈছিল ।
১২। তলৰ যোজনা দুফাকিৰ অৰ্থ বুজাই লিখা।
(ক) আপদৰ মাত, আকালৰ ভাত।
উত্তৰঃ আপদৰ মাত, আকালৰ ভাত মানে হৈছে যদি ওচৰ চুবুৰীয়াৰ কোনো লোক বিপদত পৰে তেন্তে টকা-পইচা দি সহায় কৰিব নোৱাৰিলেও এষাৰ মাত দিব লাগে। ঘৰ এখনত যদি বহুত অভাৱ হয় আৰু তেওঁলোকৰ খাবৰ বাবে একো নাথাকে তেন্তে ভাত দিব লাগে।
(খ) কথাতে বঁটা পায়, কথাতে কটা যায়।
উত্তৰঃ এই ফকৰা যোজনাটিৰ মূলভাৱ হৈছে আমি কেতিয়াবা কাৰোবাৰ সৈতে কথা পাতিলে এনেকুৱা কিছুমান সত্য আৰু আনৰ প্ৰিয় কথা কওঁ যাৰ বাবে বেলেগৰ উপকাৰ হয় আৰু মানুহে আমাক ভাল পায় আৰু বাঃ বাঃ দিয়ে। আমি কেতিয়াবা সত্য হ'লেও কিছুমান কথা কব নালাগে কাৰণ সেই কথাটো আন কাৰোবাৰ বাবে অপ্ৰিয় হ'বও পাৰে আৰু সেইবোৰ কথা ক'লে মানুহে আমাক বেয়াকৈ কয় নাইবা বেয়া বুলি ভাৱে।
Type by: Bipasha kakati
Spelling Check By-MUkesh BOrah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
12 Comments
From,
Tanaya Boruah.
Class-7