পাঠ ৫

মানৱ সৃষ্ট পৰিৱেশ


১। কেৱল উত্তৰ লিখা-

(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ পৰিৱেশ ঘাইকৈ দুটা ভাগত ভগাব পাৰি।

(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?

উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা ভাল বস্তুবোৰক সম্পদ বোলে। 

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।

উত্তৰঃ ভাৰত চৰকাৰ 'মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়'এ দেশৰ মানৱ সম্পদ উন্নয়ন দিশটো চোৱা-চিতা কৰে।

(ঘ) ভূ- প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ ভূ-প্ৰকৃতিৰ ভিত্তিক অসমক দুটা ভাগত ভগোৱা হৈছে। 

(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান কি নামেৰে জনা যায়?

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান ডিমা-হাছাও নামেৰে জনা যায়।


২। খালী ঠাই পূৰ কৰাঃ

(ক) মানৱ সৃষ্ট পৰিৱেশক                     পৰিৱেশো বোলা হয়।

উত্তৰঃ সাংস্কৃতিক।

(খ) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক                      সম্পদ বোলে। 

উত্তৰঃ মানৱ।

(গ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ                          সম্পদ।

উত্তৰঃ শ্ৰেষ্ঠ।

(ঘ) অসম দক্ষিণ                   মৌছুমী  জলবায়ুৰ গতি পথত অৱস্থিত।

উত্তৰঃ পশ্চিম।

(ঙ) অসমৰ কৃষি উ
পাদিত শস্যক                   প্ৰধান ভাগত ভাগ কৰিব পাৰি।

উত্তৰঃ তিনিটা।


৩। শুদ্ধ উত্তৰটো বাছি লিখা-

(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি/বাসগৃহ।

উত্তৰঃ বাসগৃহ।

(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান / কৃষি প্ৰধান দেশ।

উত্তৰঃ উদ্যোগ প্ৰধান।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকা চাকৰি / কৃষি।

উত্তৰঃ কৃষি।

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/ সেৰেঙা।

উত্তৰঃ সেৰেঙা।

(ঙ) কাবি আংলং/ উত্তৰ কাছাৰ পাৰ্বত্য় জিলাৰ  বৰ্তমান নাম ডিমা হাছাও।

উত্তৰঃ উত্তৰ কাছাৰ।


৪। শুদ্ধ অশুদ্ধ লিখা -

(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।

উত্তৰঃ অশুদ্ধ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান সমূহ সৃষ্টি কৰা হয়।

উত্তৰঃ শুদ্ধ

(গ)  মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।

উত্তৰঃ শুদ্ধ। 

(ঘ)  শাৰীৰিক আৰু মানসিকভাৱে উপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।

উত্তৰঃ শুদ্ধ। 

(ঙ) ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খণ্ডত বিভক্ত কৰিব পাৰি।

উত্তৰঃ 
শুদ্ধ।


৫। চমু উত্তৰ লিখা- (৪০ টা মান শব্দৰ ভিতৰত )

(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।

উত্তৰঃ যি সকল ব্য়ক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদন মুখী কাম কৰি সমাজৰ বিকাশৰ বাবে অৰিহণা আগবঢ়াবলৈ সক্ষম সেই সকল ব্যক্তি মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰ্যবসিত কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণস্বৰূপে- প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ  প্ৰধান আৰু ধনী দেশত পৰিণত  কৰিছে।

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যোগত গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ চহৰ, মহানগৰ সমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন।


৬। বহলাই লিখা- (৮০ টা মান শব্দৰ ভিতৰত )

(ক) মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ  উপাদানসমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ মানুহে জ্ঞান বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদানসমূহ হ’ল一 ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।
        
মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰকৃতিক পৰিৱেশৰউপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন হ’লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। এনেকৈয়ে পৰিৱেশ প্ৰদূষণ হ’বলৈ ধৰে। এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে।

(খ) কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ ফলপ্ৰসূ যুক্তি দি দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ অসমত বানপানী হোৱাৰ কাৰণ হ’ল一
    (ক) অসমৰ নদীসমূহে পাহাৰীয়া উৎপত্তি অঞ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল, বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।
 (খ) ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়।
        বানপানীৰ সৈতে সহাৱস্থান কৰা ফলপ্ৰসূ যুক্তি দি দুটা ব্যৱস্থা হ’ল一
    (ক) বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষি ব্যৱস্থাত গুৰুত্ব দিয়া। ইয়াৰ উৎপাদনৰ উপাৰ্জনেৰে প্ৰয়োজনীয় ধান-চাউল ক্ৰয় কৰাৰ ব্যৱস্থা কৰা।
    খ) বানপানী হোৱাৰ আগতে প্ৰয়োজনীয় ঔষধ, খাদ্য সামগ্ৰী, অস্থায়ী গৃহ-নিৰ্মাণৰ সামগ্ৰী, বীজাণুনাশক দ্ৰব্য মজুত কৰি ৰখা।

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------