পাঠঃ ২                                               

যুগমীয়া শৰাইঘাট


 

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer
    👉Short Question and Answer
    👉Paid Answer   (For Membership User)



১। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।

২। উত্তৰ দিয়া।


(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল?

উত্তৰঃ- অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক।

(খ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি?

উত্তৰঃ- বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক।

(গ) ৰামসিংহ কোন আছিল?

উত্তৰঃ- ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংগজেৱ বাদছাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।

(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?

উত্তৰঃ- 
তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল।

(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ- শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।

(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?

উত্তৰঃ
লাচিতৰ অধীনত এক লক্ষ্য সৈন্য আছিল।

(ছ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?

উত্তৰঃ- মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা।

(জ) মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে কাক লােৱা লগাই
থৈছিল?

উত্তৰঃ- মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই
থৈছিল।

(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?

উত্তৰঃ- ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল।

(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?

উত্তৰঃ- লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠাইছিল।

৪। পাঠত থকাৰ দৰে সংলাপবােৰ লিখা।

(ক) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?

উত্তৰঃকথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কৈছিল ー “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈঁছো, তাতে মোৰ শটো থ'বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা।”

বা

    লাচিত বৰফুকনে ৰামসিংহক ৰোধ কৰিবলৈ অসমীয়াৰণুৱাসকলক উৎসাহিত কৰি কৈছিল— “মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থ'বা। নহ'লে বঙালে ধৰি নিব, তোমালোকে ঘৰলৈ উভতি যোৱা।”

(খ) অসম এৰি যােৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?

উত্তৰঃ- অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল 一 “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”

(গ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘােষণা কৰিছিল?

উত্তৰঃ- কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল 一 “যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”

(ঘ) বৰ আই-কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?

উত্তৰঃ- বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল 一 “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত।”

৫। বহলাই লিখা।

(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়ােজন আছে লিখা।

উত্তৰঃ- যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ।

(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।

উত্তৰঃ- সেনাপতি কোৱামৃদ্ধা হাজৰিকাক মোগলে নাওঁৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাওঁ, মাজতে কোৱামৃদ্ধাৰ নাওঁ। হাজৰিকাই ক'লে, “মই নাচিম ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওঁ-বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই ছেগতে কোৱাৰ নাওঁখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাওঁঁ ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াৰ নাওঁ নিজৰ ঠাই পালেগৈ।

বা
    মোগলে কোৱামৃদ্ধা হাজৰিকাক বন্দী কৰি আনন্দতে নাচিবলৈ ক'লে। হাজৰিকাই উত্তৰ দিলে, “মই নাচিম, ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” মোগল সৈন্যই বৈঠা এৰি চাপৰি মাৰিবলৈ ধৰিলে। এই সুযোগতে হাজৰিকাই নিজ নাওঁৰ বৈঠাক টিপ দিলে, নাওঁ মোগলৰ নাওঁ পোনে ঠেলি দিলে। নাচোনত মশগুল মোগল সৈন্য হতচকিত হ’ল, আরামতে হাজৰিকাৰ নাওঁ সাউৎকৰে আঁতৰি গ'ল, আৰু মোগলে ধৰি পেলাবলৈ চেষ্টা কৰোঁতেই অসমীয়াৰ নাওঁ নিজৰ ঠাই পালেগৈ।

(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা।

উত্তৰঃশৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য্য, সংকট নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বৃক্ষৰ গুৰিয়ে-শিপায়ে ঠালে-ঠেঙুলিয়ে উৎপাদন।

বা

    শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কারক আছিল সুচিন্তিত পৰিকল্পনা, বিচক্ষণ সংগঠন, কঠোৰ শৃংখলা, নিয়মৰ কঠোৰ অনুসৰণ, বিপদত ধৈৰ্য্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ সম্পূৰ্ণ দমন, দেশৰ হিতত আত্মবিলোপ, স্বাৰ্থত্যাগ আৰু অভ্যন্তৰীণ বিবাদৰ সম্পূৰ্ণ নিৰ্মূল।

৬। প্রসংগ সংগতি দর্শাই বুজাই লিখা।

(ক) "অগ্নি, সর্প আৰু প্রলােভন, এই তিনি একে ধৰণেৰে বিষাক্ত।"

উত্তৰঃ- “অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত” উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ অন্তৰ্গত "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

            অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে।

            মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত, ৰামচৰণক লোৱা লগাই থ'লে। কাৰণ লাচিত বৰফুকনে জানিছিল যে, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। প্ৰলোভন, সৰ্প এবাৰ যুদ্ধ শিবিৰত
সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল।

বা

    মোগল সেনাপতি ৰামসিংহে আহোম কটকী ৰামচৰণক নিমক-লোভ লগাবলৈ ৰাজপুতনাৰ কাঠৰ চৰাইৰ নাচ দেখুৱালে। চৰাইটো দেখি ৰামচৰণ আকৃষ্ট হৈছিল আৰু অসমলৈ লৈ যাবলৈ এজন চাইছিল। ৰামসিংহে দুটা চৰাই দিলে। এই কথা শুনি লাচিত বৰফুকনে ৰামচৰণক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে। তেওঁ জানিছিল—অগ্নি, সৰ্প আৰু প্ৰলোভন একেই ৰূপে বিধ্বংসী। প্ৰলোভনে শিবিৰত স্থান পালে, সৰ্বনাশ অনিবার্য। মোগলে প্ৰলোভনৰ ফান্দ পাতিলেও, লাচিতৰ বিচক্ষণতাত সেই চাল বিচৰ্ত্তিত হৈছিল।

(খ) "বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহােটা মানুহক শিঙিয়ে বিন্ধে।"

উত্তৰঃ- "বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।" উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

            দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হাজাৰজন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সু-বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব।

বা

    আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে গভীৰ দুঃখ পাই স্বৰ্গদেউলৈ বতৰা পঠাব বিচাৰিলে। তেওঁ নিজৰ সৈন্যক অত্যন্ত মূল্যবান বুলি গণ্য কৰিছিল। কিন্তু সু-বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে কৈছিল, যুদ্ধত কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। বাৰীৰ পুখুৰী সিঁচোঁতে শিঙিয়ে লোক বিন্ধাৰ দৰে, যুদ্ধতো তেনে হব পাৰে। সঠিক পৰিকল্পনা আৰু ক্ষীপ্ৰ পদক্ষেপই শৰাইঘাটৰ বিজয় নিশ্চিত কৰিছিল আৰু আগলৈও ই আৱশ্যক।

(গ) "সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।"

উত্তৰঃ- "সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।" উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

            এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব।এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।

বা

    লাচিতৰ দিনৰ শৰাইঘাট নাথাকিলেও, আজিও নতুন শৰাইঘাট আছে। তেতিয়া যুদ্ধ আছিল সামৰিক, আজিৰ যুদ্ধ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যা শেষ নহয়, একোটা সমাধান হ’লে আনটো সমস্যা মূৰ তোলে। যদি এই সমস্যাবোৰৰ সঠিক সমাধান নহয়, অসমৰ অস্তিত্ব সংকটত পৰিব। অতীতৰ দৰে আজিও সু-বিবেচনাৰে সিদ্ধান্ত লোৱা আৰু ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা অত্যাৱশ্যক। সেইবাবেই, শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।

(ঘ) "আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।"

উত্তৰঃ- "আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হব।" উক্ত বাক্যশাৰী "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

          লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে, তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান। অৰ্থাৎ, সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল।

(ঙ) "এই সমস্যাবােৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।"

উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক হ'ল "সূৰ্য কুমাৰ ভূঞা"।

            বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকপ, ওচৰ চুবুৰীয়া, জাতিবৃন্দৰ লগত লেন-দেন, বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেম আমাক প্ৰতি মুহূৰ্ততে আৱশ্যক।

বা

    অসমে চিৰদিনে বানপানী, খৰাং, ভূঁইকপ, ৰোগ-মৰক, শাসন-শৃংখলা, শিক্ষাৰ সমস্যা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু মানুহৰ কু-প্ৰবৃত্তি দমন আদি নানা সংকটৰ সম্মুখীন হৈ আহিছে আৰু আগলৈও হ’ব। এটা সমস্যা সমাধান হ’লেও নতুন সমস্যা মূৰ তোলাটো অসমৰ জাতীয় জীৱনৰ বাস্তৱ সত্য। এই সমস্যাবোৰ যদি সঠিকভাৱে সমাধান নহয়, তেন্তে অসমৰ অস্তিত্ব সংকটত পৰিব। লাচিত বৰফুকন আৰু তেওঁৰ সাহসী সেনানীৰ দৰে দেশপ্ৰেম, একাগ্ৰতা আৰু দৃঢ় মনোবলৰে এই সমস্যাসমূহৰ সমাধান কৰাটো আজিও সমানভাৱে প্রয়োজনীয়।

 খ — ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ) 

জানাে আহাঃ

• এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব আৰু এক শ্রেণীৰ সমস্যা সমাধান হ'লে আন শ্রেণীৰ সমস্যাই মূৰ দাঙি উঠিব।

•. . . . . . . . . দেশৰ মঙ্গলৰ কার্যত সম্পূর্ণ আত্মবিলােপ . . . . . .

• সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্রতাৰে কাৰ্যপন্থা গ্রহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাট ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল।

    ওপৰৰ বাক্য তিনিটাত থকা ডাঙৰ হৰফৰ পদকেইটাত ণ(মূৰ্দ্ধন্য) আছে। এই পদকেইটাৰ বানান বা আখৰ জোঁটনি (বর্ণবিন্যাস) কৰিলে দেখা যায় যে এই ণ-বােৰৰ আগত ৰ-বর্ণ আছে। অৱশ্যে ধৰণ, ৰণ আৰু কাৰণ এই শব্দকেইটাত -টো একেবাৰে ওচৰত নিজ ৰূপত আছে। সম্পূর্ণ শব্দটোত ৰ-টো (ৰেফ) আকাৰত-অৰ লগত যুক্ত হৈছে আৰু শ্রেণী শব্দত (ৰকাৰ) ৰূপে আছে। 

    তলৰ বাক্যত ব্যৱহাৰ হােৱা ভীষণ আৰু বিশ্লেষণ পদ দুটাৰ ণ-ৰ আগত আছে।
    লাচিতৰ তেতিয়া ভীষণ জ্বৰ।
     এই উক্তিয়ে হৈছে লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ। 

    ঋণ, তৃণ আদি শব্দৰ ণ-ৰ আগত বা < - কাৰ আছে। 

     ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে- ঋ, ৰ আৰু ষ- ৰ পাছত থকা ন-বােৰ মূৰ্দ্ধন্য ণ হয়।কিন্তু নিৰূপণ, গ্রহণ, কৃপণ, ৰাৱণ, নাৰায়ণ, বৰষুণ আদি শব্দৰ ন মূৰ্দ্ধন্য ণ তলৰ নিয়ম অনুসৰি হয় — ঋ, ৰ, ষ আৰু ৰ মাজত কোনাে স্বৰবৰ্ণ বা আৰু বৰ্গৰ কোনাে বর্ণ বা য, ৱ, হ বা অনুস্বাৰ (ং ) থাকিলেও  মূৰ্দ্ধন্য় হয়।

    পিছে এই নিয়ম কেৱল সংস্কৃতমূলীয় শব্দৰ ক্ষেত্ৰতহে খাটে, অসমীয়া শব্দত নহয়। যেনে− ৰইনা, বৰিয়নি, গেৰেকনি, বৰীয়ানী

    আকৌ, এটা শব্দৰ শেষত আৰু দ্বিতীয় শব্দৰ আদিত  থাকি দুয়ােটা শব্দ লগ লাগিলেও ণ-মূৰ্দ্ধন্য নহয়। যেনে一 

    নৰ + নাথ  নৰনাথ,         হৰি + নাথ  হৰিনাথ,         হৰি + নাৰায়ণ ⇒ হৰিনাৰায়ণ,

    নৰ + নাৰায়ণ  নৰনাৰায়ণ,     ত্রি + নয়ন  ত্রিনয়ন,     হৰি+নাম  হৰিনাম, 

    সর্ব + নাম  সর্বনাম ইত্যাদি। 
    
    অসমীয়া স্ত্রী প্রত্যয়ৰ নী-ৰ ন মূৰ্দ্ধন্য- নহয়। যেনে一 বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকিনী ইত্যাদি।

৭। তলত দিয়া শব্দবােৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা।

(ক) কিয় মূৰ্দ্ধন্য  হৈছে

(খ) কিয় মূৰ্দ্ধন্য  নহ'ল

পৰিণাম, পৰিধান, পৰিমাণ, প্রণাম, প্রার্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰানি, নৰানি, ফেৰেঙনি, ৰামায়ণ। 

উত্তৰঃঋ, ৰ আৰু ষ- ৰ পাছত থকা দন্ত্য ন-বোৰ মূৰ্দ্ধন্য ণ হয়। আনহাতে ঋ, ৰ, ষ আৰু ন ৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা ষ, ৱ, হ থাকিলেই ন মূৰ্দ্ধন্য হয়।

     এই ণত্ববিধিৰ নিয়ম অনুসাৰেই পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ 'ন' মূৰ্ধন্য 'ণ' হৈছে।

    উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰানি আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্দ্ধন্য 'ণ' নহ'ল।

 ৮। তলৰ শব্দবােৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। 



উত্তৰঃ- 
পৰীক্ষাঃ-    পৰি    +  ঈক্ষা    = স্বৰসন্ধি

দৈনিকঃ-     দিন    
+  ষ্ণিক্     = ব্যঞ্জনসন্ধি

নৰেন্দ্ৰঃ-      নৰ      +  ইন্দ্ৰ       = স্বৰসন্ধি

উল্লেখঃ-      উৎ      +  লেখ    = ব্যঞ্জনসন্ধি

সংযমঃ-      সম্      +  যম      = ব্যঞ্জনসন্ধি

মহাৰ্ঘঃ-       মহা      +  অৰ্ঘ     = স্বৰসন্ধি

উজ্জ্বলঃ-    উৎ      +  জল      = ব্যঞ্জনসন্ধি

মুনিন্দ্ৰঃ-      মুনি     +  ইন্দ্ৰ      = স্বৰসন্ধি

ইত্যাদিঃ-     ইতি     +  আদি    = স্বৰসন্ধি

প্ৰত্যেকঃ-   প্ৰতি     +  এক      = স্বৰসন্ধি

মহাত্মাঃ-     মহান   +  আত্মা  = স্বৰসন্ধি

নিশ্চয়ঃ-     নিঃ       +  চয়       = বিসৰ্গসন্ধি

সঞ্চয়ঃ-       সম্      +  চয়        = ব্যঞ্জনসন্ধি

নয়নঃ-        নে:     +  অন       = স্বৰসন্ধি

উদ্ধাৰঃ-      উৎ      +  ধাৰ       = ব্যঞ্জনসন্ধি

সম্ৰাটঃ-       সম্      +  ৰাট       = ব্যঞ্জনসন্ধি

উন্নতিঃ-      উৎ       +  নতি      = ব্যঞ্জনসন্ধি

দুৰ্নীতিঃ-      দুঃ       +  নীতি      = বিসৰ্গসন্ধি

দেৱালয়ঃ-   দেৱ     +   আলয়  = স্বৰসন্ধি

হিমালয়ঃ-   হিম      +   আলয়   = স্বৰসন্ধি

বিদ্যালয়ঃ-   বিদ্যা   +   আলয়   = স্বৰসন্ধি

ষড়াননঃ-     ষট্      +    আনন    = স্বৰসন্ধি

সতীশঃ-       সতী    + ঈশ        = স্বৰসন্ধি

দুশ্চিন্তাঃ-     দুঃ      + চিন্তা       = বিসৰ্গসন্ধি

শিৰচ্ছেদঃ-  শিৰঃ   + ছেদ       =  বিসৰ্গ সন্ধি

জগন্নাথঃ-    জগৎ  + নাথ        = ব্যঞ্জন সন্ধি

উচ্ছৃংখলঃ-   উৎ     + শৃংখল    =  ব্যঞ্জন সন্ধি

আশাতীতঃ- আশা   + অতীত   = স্বৰসন্ধি

যথোচিতঃ-   যথা     + উচিত     = স্বৰসন্ধি

ৰামায়ণঃ-    ৰাম     + অয়ন      = স্বৰসন্ধি


৯। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে। বিচাৰি উলিয়াই লিখা।

উত্তৰঃ- বিশেষ্য ---- বিশেষণ

যুগ            -  যুগমীয়া

অসম        -  অসমীয়া

মাতাল       -  মাতলামি

যোগান      -  যোগনীয়া

শৰাইঘাট   -  শৰাইঘটীয়া

ইতিহাস    -  ঐতিহাসিক

সমৰ         -  সামৰিক

অৰ্থনীতি   -  অৰ্থনৈতিক

ৰাজনীতি  -  ৰাজনৈতিক

সমাজ      -  সামাজিক     
     
(ক) বিশেষ্য - - - বিশেষণ

গাঁও       - গাঁৱলীয়া

নগৰ     - নগৰীয়া

চহৰ     -   চহৰীয়া

পাহাৰ   - পাহাৰীয়া

মিছা     - মিছলীয়া

ঘৰ       - ঘৰুৱা

ৰণ       - ৰণুৱা

বন       - বননি

খক      - খকুৱা

পাম     - পমুৱা

(খ) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া।

বিশেষণ - - - বিশেষ্য

সৰলতা      -         সৰল

নম্ৰতা        -          নম্ৰ

ভদ্ৰতা       -          ভদ্ৰ

সত্যতা      -          সত্য

মিত্ৰতা      -          মিত্ৰ

দুষ্টালি       -          দুষ্ট

টেঙৰালি  -          টেঙৰ

ধূৰ্তালি      -          ধূৰ্ত

ধিতিঙালি -          ধিতিঙা

ভালৰি      -          ভাল


১০। তলত উল্লেখ কৰা সমস্যাৰাজি 'যুগমীয়া শৰাইঘাট' পাঠটোৰ সহায়ত চমুকৈ লিখা।

(ক) ৰাজনৈতিক

(খ) সামাজিক

(গ) অৰ্থনৈতিক 

(ঘ) ঐতিহাসিক 

(ঙ) প্ৰাকৃতিক

১৪। শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেইবীৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্ব কাহিনী লিখা। 

উত্তৰঃ- শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন।

১৫। চমু উত্তৰ লিখা।

(ক) 'চিলাৰায় দিৱস' কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ- 'চিলাৰায় দিৱস' ৯ ফেব্ৰুৱাৰীত পালন কৰা হয়।

(খ) 'লাচিত দিৱস' কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ- 'লাচিত দিৱস' ২৪ নৱেম্বৰত পালন কৰা হয়।

(গ) 'চুকাফা দিৱস' (অসম দিৱস) কেতিয়া পালন কৰা হয়?

উত্তৰঃ'চুকাফা দিৱস' ২ ডিচেম্বৰত পালন কৰা হয়।

১৬। ৰচনা লিখা।

(ক) অসমৰ প্ৰাকৃতিৰ দুৰ্যোগ।

উত্তৰঃ- আৰম্ভণিঃ- প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুত আছে যেনে- ভূমিস্খলন, বানপানী, ভূমিকম্প, গৰাখহনীয়া আদি।

ভূমিস্খলনঃ- নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ-গছনি, মাটি ওখহি পৰে তাকে ভূমিস্খলন বোলে। ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়।পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয়। 

বানপানীঃ- প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি-পথাৰ লগতে জীৱ-জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বানপানী হোৱা সম্ভৱনা থাকে। বানপানী হ'লে আমাৰ বহুত অসুবিধা হয়। বানপানী অসমৰ জলন্ত সমস্য়া। 

ভূমিকম্পঃ- ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প সাগৰতো হয়। ভূমিকম্প হ'লে বহুত অট্টালিকা ধ্বংস হয়। ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলৰ খুটিত ধৰি থাকিব লাগে। 

গৰাখহনীয়াঃ- নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰিয়া মাটিৰ পৰিমাণ কমি আহে। বানপানী হৈ যোৱাৰ পাছত নৈৰ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয়।

সামৰণিঃ- অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লে ৰক্ষা পাব পাৰি যদিও কিছুমান দুৰ্যোগে এটিয়াও দুৰ্ভোগ ভোগাই আছে। 

১৭। চমুটোকা লিখা।

(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহঃ- জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।

বা

    স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ১৬৬৩ চনত আহোম সিংহাসনত অধিষ্ঠিত হয়। তেওঁ দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া আছিল। জয়ধ্বজ সিংহৰ সময়ত আহোম ৰাজ্য মোগলৰ কৰতীয়া হৈছিল, কিন্তু চক্ৰধ্বজ সিংহে লাচিত বৰফুকনক সেনাপতি হিচাপে নিযুক্তি দিয়ে আৰু মোগলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। লাচিতৰ নেতৃত্বত আহোমসকলে জয়দুৱাৰ, ইটাখুলি, পাণ্ডু আৰু উত্তৰ গুৱাহাটী দখল কৰে। কিন্তু ১৬৬৯ চনৰ আলাবৈ ৰণত ১০,০০০ আহোম সৈন্য নিহত হোৱাত চক্ৰধ্বজ সিংহ শোকাক্ৰান্ত হয় আৰু কিছুদিনৰ ভিতৰত মৃত্যু হয়।

(খ) লাচিত বৰফুকনঃ- লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।

বা

লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা। লাচিতৰ নেতৃত্বত আহোম-মোগলৰ মাজত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল, য’ত তেওঁ অসীম বীৰত্বেৰে মোগলক পৰাস্ত কৰে।  

    দেশপ্ৰেমৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ লাচিতে, আমিনগাঁৱত গড় নিৰ্মাণৰ দায়িত্ব নিজ মোমায়েকক দিয়াৰ পিছতো গাফিলতি দেখা যাওঁতে "দেশতকৈ মোমাই ডাঙৰ নহয়" বুলি তেওঁক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পারে থকা মোমাই কটা গড় লাচিতৰ দেশপ্ৰেম আৰু ত্যাগৰ প্ৰমাণ হিচাপে আজিও অৱস্থিত।

(গ) ৰামসিংহঃ- ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য-সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।


ঘ 一 প্ৰকল্প

১৮। দেশপ্ৰেমমূলক গীত এটি সংগ্ৰহ কৰি গীতটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃতোমালোকে চেষ্টা কৰা।

১৯। বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেধৰণে দায়িত্ব পালন কৰিবা সেই বিষয়ে লিখা।

উত্তৰঃ- তোমালোকে চেষ্টা কৰা।

২০। ভাৰতৰ স্বাধীনতা যুঁজাৰুসকলৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ- তোমালোকে নিজে কৰা





Check by - Mukesh Borah

Post ID : DABP002970

New Update 2025

১) ইয়াত দীঘলীয়া উত্তৰ সমূহৰ চুটি কৈও পাব।

২) পাঠভিত্তিক উত্তৰ গোটেই খিনি আছে।