Lesson: 2
চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাগ


অতি চমু  উত্তৰৰ প্রশ্নঃ 

১ । চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন ?

উত্তৰঃ
চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক নাম হ'ল- প্লেটো।

২ । বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ ?

উত্তৰঃ
বৰ্তমান বিশ্বৰ  আটাইতকৈ জনপ্ৰিয় চৰকাৰ হ'ল一 সংসদীয় পদ্ধতিৰ চৰকাৰ ।

৩ । সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা ।

উত্তৰঃ
 সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল一 ইংলেণ্ড।                                  
৪ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্রধান আৰু ৰাষ্ট্রপ্রধান কোন ?

উত্তৰঃ
সংসদীয় থকা পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি।

৫। ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্রকাৰৰ চৰকাৰৰ থাকে ?

উত্তৰঃ
ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতি চৰকাৰ থাকে ।

৬ । ৰাষ্ট্রপতীয় চৰকাৰ থকা এখন ৰাষ্ট্রৰ নাম লিখা ।

উত্তৰঃ 
ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল一 আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰ।

৭ । এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা ।

উত্তৰঃ
এককেন্দ্ৰীয়  চৰকাৰ  থকা  ৰাষ্ট্ৰ এখনৰ নাম হ'ল 一 জাপান ।

৮ । যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?

উত্তৰঃ
যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ দুবিধ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ ।

৯। ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?

উত্তৰঃ
ছুইজালেণ্ডত  যুক্তৰাষ্ট্ৰীৰ পদ্ধতিৰ চৰকাৰ আছে ।

১০ । ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰঃ 
ভাৰতবৰ্ষত  দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ।


চমু  উত্তৰৰ প্ৰশ্ন ঃ

১ । বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?

উত্তৰঃ বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ'ল一 এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয়। 

২ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ সংসদীয়  পদ্ধতিৰ চৰকাৰৰ  দুটা বৈশিষ্ট্য হ'ল一 

১। দুজন মুৰব্বী।

২। মন্ত্ৰী পৰিষদৰ সামূহিক দায়ৱদ্ধতা। 


৩ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা । 

উত্তৰঃ সংসদীয় চৰকাৰ দুটা গুণঃ

১। এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ । 

২। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে  । ফলত যিকোনো সমস্যা আইনৰ সহায়ত সমাধান কৰিব পাৰি ।

সংসদীয় চৰকাৰ দুটা দোষঃ

১। ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়িনী আৰু কাৰ্যকৰী  ক্ষমতা ন্যস্ত থাকে। যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী  শাসন চলোৱাৰ সম্ভাৱনা থাকে ।

২। এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে । দলবিলাকৰ মাজত থকা অন্তঃকন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই  ।

৪ । ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ? 

উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল一 ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত  দায়ৱদ্ধ নহয় । দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন । বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে । 

৫ । ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'লঃ

ক) ৰাষ্ট্রপ্রধানৰ নির্দিষ্ট কার্যকালঃ ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এক নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হয় । সংবিধান অৱমাননাৰ দোষত তেওঁৰ বিৰুদ্ধে মহাভিযােগ প্রস্তাৱ গৃহীত হােৱাৰ বাহিৰে আন কোনাে কাৰণত ৰাষ্ট্রপতিজনক তেওঁৰ কাৰ্য্যকালত পদবীৰ পৰা আঁতৰ কৰিব পৰা নাযায় । এজন ৰাষ্ট্রপতিক মহাভিযােগ প্রস্তাৱৰ জৰিয়তে ক্ষমতাৰ পৰা আঁতৰ কৰা প্রক্রিয়া অতি জটিল । 

খ) বিধানমণ্ডলৰ নির্দিষ্ট কার্যকালঃ ৰাষ্ট্ৰপতীয় চৰকাৰত বিধানমণ্ডলৰ নির্দিষ্ট কার্যকাল শেষ হােৱাৰ আগতে কোনাে কাৰণত ভংগ নহয় । ৰাষ্ট্রপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই ।

৬ । এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা। 

উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ'লঃ 

ক) এককেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম । ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে । 

খ) এনে চৰকাৰৰ সংবিধানখন নমনীয় চৰিত্ৰৰ হোৱা বাবে পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে সহজে সংশোধন কৰিব পৰা যায় ।

এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষঃ

ক) এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় ।

খ) এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক । এনে চৰকাৰত আমোলাসকলেই প্ৰকৃততে শাসন চলায় ।

দীঘল উত্তৰৰ প্রশ্ন ঃ

১ । ৰাষ্ট্রপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা ।
 
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ সমূহ হ'লঃ
 ১ । ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয় । ইয়াত বিধানমণ্ডলৰো নির্দিষ্ট কার্যকাল থাকে ।

 ২ । ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় । উল্লেখযোগ্য যে এই চৰকাৰত  'অৱৰোধন আৰু সন্তুলন’ ( Checks and balance ) নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হ’ব নোৱাৰে ।

৩। এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী । যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিৰজনৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্রভাৱে লোৱাতো সহজ হয় ।

৪। কার্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে ।

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ।

 
ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ সমূহ হ'লঃ

১। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে ।

২। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে । সামগ্রিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায় । 

৩। ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান । সংবিধানখন অনমনীয় হ’লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে ।

8। ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক ।

 ৫। এই চৰকাৰত মন্ত্ৰীত্ব ( ছেক্ৰেটাৰী / সচিব ) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে ।

২ । সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'লঃ

ক। দুজন মুৰব্বীঃ  এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে । এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা । প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্রী পৰিষদখন হ'ল প্রকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্রপ্রধানজন ( ৰজা / ৰাণী / ৰাষ্ট্রপতি ) নামমাত্র কার্যপালিকাহে ।

খ। কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য : এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰাে সদস্য । 

গ। বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পর্ক নিবিড় ।

ঘ। মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলাে কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে । বিধানমণ্ডলে অনাস্থা প্রস্তাৱ গ্ৰহণ কৰিলে মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয় ।

ঙ। মন্ত্রীপৰিষদৰ সামূহিক দায়বদ্ধতাঃ এই চৰকাৰত মন্ত্রীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় । মন্ত্রীপৰিষদৰ এজন সদস্যৰ ব্যর্থতাৰ বাবে সকলাে সদস্য দায়বদ্ধ হয় ।
 
৩ । যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈছে, উদাহৰণসহ আলােচনা কৰা । 

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈছে, উদাহৰণসহ আলােচনা কৰা হ'লঃ

১। ক্ষমতাৰ বিকেন্দ্রীকৰণঃ  কেন্দ্রীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য । 
২। ক্ষমতাৰ পৃথকীকৰণঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কর্মক্ষেত্ৰত স্বাধীন । এটা আনটোৰ পৰিপূৰক নহয় ।
 
৩। লিখিত আৰু দৃঢ় সংবিধানঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন হ’ল লিখিত সংবিধান। এই সংবিধানখন অনমনীয় অথবা দৃঢ় । এই সংবিধানখন সংশােধন কৰা পদ্ধতিও অতি জটিল ।

৪। দুই প্রকাৰৰ চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে । এবিধ কেন্দ্রীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ । দুয়ােবিধ চৰকাৰৰে নিজা নিজা সংবিধান থাকে । 

৫। দ্বৈত-নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভােগ কৰিব পাৰে । সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হােৱাৰ লগতে ইয়াৰ নাগৰিকসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মর্যাদা লাভ কৰে । 

৬। স্বাধীন ন্যায়পালিকাঃ  যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে,0 যিয়ে সংবিধানৰ চৰম কার্যকর্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে ।
        এনেবোৰ কাৰণত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈ উঠিছে । 

৪ । এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'লঃ

ক) শক্তিশালী কেন্দ্রীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে । ফলত ইয়াত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী । 

খ) লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দ্রীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে । উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।
গ) একক নাগৰিকত্বঃ  একক নাগৰিকত্ব এককেন্দ্রীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য । যুক্তৰাষ্ট্ৰত থকাৰ দৰে দ্বি - নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই । 

ঘ) দুর্বল ন্যায়পালিকাঃ এককেন্দ্রীয় চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয় । আইন সভাই প্রস্তুত কৰা আইন সমগ্র দেশৰ বাবে প্রযােজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে । আইন সভাই প্রণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘােষণা কৰিব নােৱাৰে । 

ঙ) নমনীয় সংবিধানঃ এককেন্দ্রীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয় । কেন্দ্রীয় চৰকাৰে নিজৰ প্ৰয়ােজনত সংবিধানখন সংশােধন কৰিব পাৰে ।

৫ । এককেন্দ্রীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে ? সমালােচনা আগবঢ়োৱা ।

উত্তৰঃ গণতান্ত্রিক দেশসমূহ এককেন্দ্ৰীয় অথবা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় যদিও এককেন্দ্ৰীয় চৰকাৰক প্ৰকৃতাৰ্থত গণতান্ত্ৰিক চৰকাৰ বুলিব নোৱাৰে । গণতন্ত্ৰ মানে হৈছে জনসাধাৰণ বা ৰাইজৰ শাসন । এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয় । কেন্দ্ৰীয় চৰকাৰে কৰাৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে । এককেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে । এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক । এনে চৰকাৰত আমোলাসকলেই প্ৰকৃততে শাসন চলায় । এককেন্দ্ৰীয় চৰকাৰ স্বেচ্চচাৰী হোৱাৰ আশংকা প্ৰৱল । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰত কেন্দ্ৰ আৰু অংগ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাক এনে চৰকাৰে নিজ ইচ্ছাৰে শাসন চলায় । এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণৰ ব্যক্তি স্বাধীনতা খৰ্ব কৰাক বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ বাবেহে এই চৰকাৰ উপযোগী । সেয়েহে এককেন্দ্রীয় চৰকাৰক প্ৰকৃতাৰ্থত এখন গণতান্ত্ৰিক দেশৰ চৰকাৰ আখ্যা দিয়া নহয় । 

Apubra Kakati
Check By: Himashree Bora.