Lesson- 2 
  প্ৰাণীৰ পৰিপুষ্টি  


১) খালী ঠাই পূৰ কৰা ।

(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল -  আহাৰ গ্ৰহণ পাচন , শোষণ , পৰিমিশ্ৰণ আৰু মলত্য়াগ 

(খ) মানুহৰ দেহত  থকা আটাইতকৈ ডাঙৰ গ্ৰন্থটো হ'ল যকৃৎ 

(গ) পাকস্থলীয়ে হাইড্ৰক্লৰিক এছিড আৰু   পাচক  ৰস উলিয়ায়, যিয়ে খাদ্য়ৰ ওপৰত ক্ৰিয়া কৰে।

ঘ) ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱধ থাকে যাক ভিলাই  বোলে  ।

ঙ) এমিবাৰ খাদ্য় খাদ্য়ৰিক্তিকা ত হজম হয় ।


২) যদি বাক্য়বোৰ সঁচা হয় শু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা ।

ক) শ্ৱেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয়  ।

উত্তৰঃ- অশুদ্ধ।

খ) জিভাই লালটিৰ লগত খাদ্য় মিহলোৱাত সহায় কৰে ।

উত্তৰঃ- শুদ্ধ    ।

গ)  পিত্তাসয়ে  অস্থায়ীভাৱে  পিত্তৰস জমা কৰে  ।

উত্তৰঃ- শুদ্ধ   ।

ঘ) ৰোমন্থকে গিলি খোৱা ঘাঁহ বোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে ।

উত্তৰঃ- শুদ্ধ ।


৩) নিম্নলিখিত শুদ্ধ  উত্তৰত চিন দিয়া ।

ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় ।

১) পাকস্থলী ২) মুখত ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদন্ত্ৰত  ।

উত্তৰঃ- 
৩) ক্ষুদ্ৰান্ত্ৰত     ।

খ)পাচন নোহোৱা আহাৰৰ পানীৰ প্ৰধানকৈ শোষণ হয়  ।

১) পাকস্থলীত ২) খাদ্য়নলী ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদন্ত্ৰত

উত্তৰঃ-
 
৪) বৃহদন্ত্ৰত     ।


৪) স্তম্ভ ১ত দিয়াবোৰ স্তম্ভ ২ৰ লগত মিলোৱা ।

       স্তম্ভ ১                    স্তম্ভ ২

খাদ্য়ৰ উপাদান            পাচনৰ ফলাফল   

কাৰ্ব'হাইড্ৰেট              চেনি।

প্ৰটিন                          এমিন'
এছিড।

স্নেহ পদাৰ্থ                 ফেটি এছিড বা গ্লিছাৰল   ।


৫) ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি  ?

উত্তৰঃ- ভিলাই হৈছে ক্ষুদ্ৰান্ত্ৰৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলি সদৃশ গঠন 

সেইবোৰৰ অৱস্থিতি-ঃ  ভিলাইবোৰক ক্ষুদ্ৰান্ত্ৰৰ বেৰত পোৱা যায়   ।

কাৰ্য-ঃ ভিলাই পাচন হোৱা খাদ্য় বস্তুবোৰ শোষণ কৰি খাদ্য়বস্তুৰ পৃস্থকালি বৃদ্ধি কৰে   ।


৬) পিত্তৰস ক'ত উপন্ন হয় । খাদ্য়ৰ কোনটো উপাদানক ই হজম কৰায় ।

উত্তৰঃ- পিত্তৰস যকত বা লিভাৰত উপন্ন হয় । ই খাদ্য়ৰ চৰ্বী বা স্নেহপদাৰ্থ হজম কৰায় । 


৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি লিখা।

উত্তৰঃ- কাৰ্বহাইড্ৰেট বিধৰ নাম হ'ল  - ছেলুলজ। ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত্ৰৰ আৰু বৃহদন্ত্ৰৰ  মাজত অন্ধ্ৰান্ত্ৰ বা ছিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে । য'ত খাদ্য়ৰ ছেলুলজবোৰ নিদিৰ্ষ্ট ক্ৰিয়াৰ দ্ৱাৰা হজম কৰায়। 
    সেই বেক্টেৰিয়া মানুহৰ দেহত নাথাকে বাবে মানুহে ছেলুলজ হজম কৰিব নোৱাৰে।


৮) আমি কিয় গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ  ?

উত্তৰঃ- কোষবোৰত গ্লুকজ অক্সিজেনৰ সহায়ত কাৰ্বন - ডাই - অক্সাইড আৰু  পানীলৈ ভাঙি যায়, আৰু শক্তি উৎপন্ন হয় ।  সেয়েহে আমি গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ   ।


৯) তলত দিয়াবোৰ খাদ্য়নলীৰ কোনটো অংশৰ লগত জড়িত ঃ

ক) খাদ্য়ৰ শোষণত  ক্ষুদ্ৰান্ত্ৰ   
খ)  খাদ্য চোবোৱাত মুখ গহ্বৰ 
গ) বেক্টেৰিয়া ধ্বংস কৰাত  পাকস্থলী   
ঘ)  খাদ্য় সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত্ৰ  ।
ঙ)
  মল সৃষ্টি হোৱাত  বৃহদ্ৰন্ত্ৰ

১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য় আৰু পাৰ্থক্য় লিখা।

উত্তৰঃ-
             সাদৃশ্য় -  দুয়োটাই অন্তঃ গ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য় গ্ৰহণ কৰে।
             পাৰ্থক্য় -  এমিবাই খাদ্য় ৰিক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত  ।

১১) স্তম্ভ ১ৰ বিষয়বোৰৰ লগত স্তম্ভ ২ৰ উপযুক্ত বিষয়বোৰ মিলোৱা  ।

 স্তম্ভ ১                             স্তম্ভ ২

ক) লালটি গ্ৰন্থি          গ) লালটি নিঃসৰণ কৰে  ।

খ) পাকস্থলী                 ঘ) এছিড বাহিৰ কৰে   ।

গ) যকৃৎ                      ক) পিত্তৰস নিঃসৰণ হয়।

ঘ) মলাশয়                    ছ) মল ত্য়াগ কৰে  ।

ঙ) ক্ষুদ্ৰান্ত                    ঙ) পাচন সম্পূৰ্ণ হয়।

চ) বৃহদন্ত্ৰ                      চ) পানীৰ শোষণ ।





Answered by Bipasha Kakati 

Update by Dipawali Bora (28.04.2022)

Spelling Check By - Mukesh Borah 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্নৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------