Lesson- 2 
  প্ৰাণীৰ পৰিপুষ্টি  
১) খালী ঠাই পূৰ কৰা ।
(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল -  আহাৰ গ্ৰহণ ,  পাচন , শোষণ , পৰিমিশ্ৰণ আৰু মলত্য়াগ  ।
(খ) মানুহৰ দেহত  থকা আটাইতকৈ ডাঙৰ গ্ৰন্থটো হ'ল যকৃৎ ।
(গ) পাকস্থলীয়ে হাইড্ৰক্লৰিক এছিড আৰু   পাচক  ৰস উলিয়ায়, যিয়ে খাদ্য়ৰ ওপৰত ক্ৰিয়া কৰে।
ঘ) ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱধ থাকে যাক ভিলাই  বোলে  ।
ঙ) এমিবাৰ খাদ্য় খাদ্য়ৰিক্তিকা ত হজম হয় ।
২) যদি বাক্য়বোৰ সঁচা হয় শু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা ।
ক) শ্ৱেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয়  ।
উত্তৰঃ- অশুদ্ধ।
খ) জিভাই লালটিৰ লগত খাদ্য় মিহলোৱাত সহায় কৰে ।
উত্তৰঃ- শুদ্ধ    ।
গ)  পিত্তাসয়ে  অস্থায়ীভাৱে  পিত্তৰস জমা কৰে  ।
উত্তৰঃ- শুদ্ধ   ।
ঘ) ৰোমন্থকে গিলি খোৱা ঘাঁহ বোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে ।
উত্তৰঃ- শুদ্ধ ।
৩) নিম্নলিখিত শুদ্ধ  উত্তৰত চিন দিয়া ।
ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় ।
১) পাকস্থলী ২) মুখত ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদন্ত্ৰত ।
উত্তৰঃ- ৩) ক্ষুদ্ৰান্ত্ৰত ।
খ)পাচন নোহোৱা আহাৰৰ পানীৰ প্ৰধানকৈ শোষণ হয়  ।
১) পাকস্থলীত ২) খাদ্য়নলী ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদন্ত্ৰত
উত্তৰঃ- ৪) বৃহদন্ত্ৰত ।
৪) স্তম্ভ ১ত দিয়াবোৰ স্তম্ভ ২ৰ লগত মিলোৱা ।
       স্তম্ভ ১                    স্তম্ভ ২
খাদ্য়ৰ উপাদান পাচনৰ ফলাফল
কাৰ্ব'হাইড্ৰেট চেনি।
খাদ্য়ৰ উপাদান পাচনৰ ফলাফল
কাৰ্ব'হাইড্ৰেট চেনি।
প্ৰটিন এমিন'এছিড।
স্নেহ পদাৰ্থ ফেটি এছিড বা গ্লিছাৰল ।
৫) ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি  ?
উত্তৰঃ- ভিলাই হৈছে ক্ষুদ্ৰান্ত্ৰৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলি সদৃশ গঠন 
সেইবোৰৰ অৱস্থিতি-ঃ  ভিলাইবোৰক ক্ষুদ্ৰান্ত্ৰৰ বেৰত পোৱা যায়   ।
কাৰ্য-ঃ ভিলাই পাচন হোৱা খাদ্য় বস্তুবোৰ শোষণ কৰি খাদ্য়বস্তুৰ পৃস্থকালি বৃদ্ধি কৰে   ।
৬) পিত্তৰস ক'ত উৎপন্ন হয় । খাদ্য়ৰ কোনটো উপাদানক ই হজম কৰায় ।
উত্তৰঃ- পিত্তৰস যকত বা লিভাৰত উৎপন্ন হয় । ই খাদ্য়ৰ চৰ্বী বা স্নেহপদাৰ্থ হজম কৰায় । 
৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি লিখা।
উত্তৰঃ- কাৰ্বহাইড্ৰেট বিধৰ নাম হ'ল  - ছেলুলজ। ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত্ৰৰ আৰু বৃহদন্ত্ৰৰ  মাজত অন্ধ্ৰান্ত্ৰ বা ছিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে । য'ত খাদ্য়ৰ ছেলুলজবোৰ নিদিৰ্ষ্ট ক্ৰিয়াৰ দ্ৱাৰা হজম কৰায়। 
    সেই বেক্টেৰিয়া মানুহৰ দেহত নাথাকে বাবে মানুহে ছেলুলজ হজম কৰিব নোৱাৰে।
৮) আমি কিয় গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ  ?
উত্তৰঃ- কোষবোৰত গ্লুকজ অক্সিজেনৰ সহায়ত কাৰ্বন - ডাই - অক্সাইড আৰু  পানীলৈ ভাঙি যায়, আৰু শক্তি উৎপন্ন হয় ।  সেয়েহে আমি গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ   ।
৯) তলত দিয়াবোৰ খাদ্য়নলীৰ কোনটো অংশৰ লগত জড়িত ঃ
ক) খাদ্য়ৰ শোষণত  ক্ষুদ্ৰান্ত্ৰ   ।
খ)  খাদ্য চোবোৱাত মুখ গহ্বৰ  ।
গ) বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী ।
ঘ) খাদ্য় সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত্ৰ ।
ঙ) মল সৃষ্টি হোৱাত বৃহদ্ৰন্ত্ৰ ।
গ) বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী ।
ঘ) খাদ্য় সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত্ৰ ।
ঙ) মল সৃষ্টি হোৱাত বৃহদ্ৰন্ত্ৰ ।
১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য় আৰু পাৰ্থক্য় লিখা।
উত্তৰঃ-
             সাদৃশ্য় -  দুয়োটাই অন্তঃ গ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য় গ্ৰহণ কৰে।
             পাৰ্থক্য় -  এমিবাই খাদ্য় ৰিক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত  ।
১১) স্তম্ভ ১ৰ বিষয়বোৰৰ লগত স্তম্ভ ২ৰ উপযুক্ত বিষয়বোৰ মিলোৱা  ।
স্তম্ভ ১ স্তম্ভ ২
ক) লালটি গ্ৰন্থি গ) লালটি নিঃসৰণ কৰে ।
খ) পাকস্থলী ঘ) এছিড বাহিৰ কৰে ।
গ) যকৃৎ ক) পিত্তৰস নিঃসৰণ হয়।
ঘ) মলাশয় ছ) মল ত্য়াগ কৰে ।
ঙ) ক্ষুদ্ৰান্ত ঙ) পাচন সম্পূৰ্ণ হয়।
চ) বৃহদন্ত্ৰ                      চ) পানীৰ শোষণ ।
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্নৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------