👉Chapter 2 Question and Answer
👉Download Book PDF Free
👉Click Here Online Exam
👉Chapter 2 MCQs Answer
পাঠ ২
খাদ্য়ৰ উপাদান
New Update 2022
১। আমাৰ খাদ্য়ৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা-
উত্তৰঃ আমাৰ খাদ্য়ৰ প্ৰধান পৰিপোষকসমূহৰ নাম হ'ল- কাৰ্বহাইড্ৰেট, প্ৰ'টিন, স্নেহপদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
২। তলত দিয়াবোৰৰ নাম উল্লেখ কৰাঃ
(ক) আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ।
উত্তৰঃ আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহৰ নাম হ'ল- কাৰ্বহাইড্ৰেট আৰু স্নেহপদাৰ্থ।
(খ) আমাৰ শৰীৰৰ বৃদ্ধি আৰু ইয়াৰ পুনৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ।
উত্তৰঃ আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ হ'ল- প্ৰ'টিন আৰু খনিজ লৱণ।
(গ) দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিন বিধ।
উত্তৰঃ দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিন বিধ হ'ল ভিটামিন A।
(ঘ) হাড় সুস্থ ৰখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ।
উত্তৰঃ হাড় সুস্থ ৰখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ হ'ল- কেলছিয়াম।
৩। তলত দিয়া উপাদান সমৃদ্ধ খাদ্য়বোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।
উত্তৰঃ
(ক) স্নেহপদাৰ্থঃ চিনা বাদাম আৰু মালাই।
(খ) শ্বেতসাৰঃ আলু আৰু কলফুল।
(গ) আহঁজাতীয় খাদ্য়ঃ আলু আৰু সতেজ ফল-মূল।
(ঘ) প্ৰ'টিনঃ গাখীৰ আৰু কণী।
৪। শুদ্ধ বাক্য়টোত শুদ্ধ চিন দিয়া-
(ক) কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়।
উত্তৰঃ অশুদ্ধ।
(খ) সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিব পাৰে।
উত্তৰঃ শুদ্ধ।
(গ) শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্য়বস্তু থাকিব লাগে।
উত্তৰঃ শুদ্ধ।
(ঘ) কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট।
উত্তৰঃ অশুদ্ধ।
৫। খালী ঠাই পূৰ কৰা-
(ক) ভিটামিন D ৰ অভাৱত ৰিকেট বেমাৰ হয়।
(খ) ভিটামিন B ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয়।
(গ) ভটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক স্কাৰ্ভি বুলি কোৱা হয়।
(ঘ) আমাৰ খাদ্য়ত ভিটামিন A ৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয়।
-শ্ৰী হিৰু মনি বৰা
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------