পাঠ ১৪
মধ্যযুগত ভাৰতবৰ্ষ
১। উত্তৰ দিয়া一
(ক) ভৰতবৰ্ষৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? এই ভাগকেইটা কি কি?
উত্তৰঃ ভাৰতবৰ্ষৰ ইতিহাসক ৩ টা ভাগত ভাগ কৰা হৈছিল। এই ভাগকেইটা হৈছে-
১। প্ৰাচীন যুগ,
২। মধ্যযুগ আৰু
৩। আধুনিক যুগ।
(খ) চুলতান মামুদে কি কাৰণে বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ চুলতান মামুদে সিংহাসনত বহিয়েই ভাৰতৰ প্ৰচুৰ ঐশ্বৰ্য-বিভূতিৰ কথা শুনি ভাৰত আক্ৰমণ কৰে।
(গ) তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধ ১১৯২ খ্ৰীঃত হৈছিল।
(ঘ) গজনী ৰাজ্য ক'ত প্ৰতিষ্ঠিত হৈছিল?
উত্তৰঃ গজনী ৰাজ্য আফগানিস্তানত প্ৰতিষ্ঠিত হৈছিল।
(ঙ) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল- বাবৰ।
(চ) মোগলসকলৰ শেষ বাদছাহজনৰ নাম কি আছিল?
উত্তৰঃ মোগলসকলৰ শেষ বাদছাহজনৰ নাম আছিল- বাহাদুৰ ছাহ।
২। শুদ্ধ / অশুদ্ধ বাছি উলিওৱা一
(ক) ভাৰতবৰ্ষত / আৰৱদেশত ইছলাম ধৰ্মৰ অভূদ্যয় হৈছিল।
উত্তৰঃ আৰৱদেশত।
(খ) আলপ্তগীনে / চুলতান মামুদে আফগানিস্তানৰ গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল।
উত্তৰঃ আলপ্তগীনে।
(গ) বাবৰ / আকবৰ মােগল সাম্রাজ্যৰ প্রতিষ্ঠাতা।
উত্তৰঃ বাবৰ।
(ঘ) লােডী বংশ / চৈয়দ বংশ চুলতানী আমােলৰ শেষ ৰাজবংশ।
উত্তৰঃ লোডী বংশ।
(ঙ ) কুতুবুদ্দিন আইবাকে দিল্লীৰ / লাহােৰৰ পৰা শাসনকার্য চলাইছিল।
উত্তৰঃ দিল্লীৰ পৰা।
৩। খালী ঠাই পূৰ কৰা一
(ক) গিয়াছুদ্দিন বলবন ____________বংশৰ ৰজা আছিল।
উত্তৰঃ দাস।
(খ) জালালুদ্দিন __________ বংশৰ প্রতিষ্ঠাতা।
উত্তৰঃ খিলিজি।
(গ) ইবনবটুতা এগৰাকী আছিল।
উত্তৰঃ পৰিব্ৰাজক।
(ঘ) ___________ নামৰ এজন তুর্কী ক্রীতদাসে গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল।
উত্তৰঃ আলপ্তগীন।
(ঙ) চাহাবুদ্দিন ইতিহাসত ___________ নামে জনাজাত।
উত্তৰঃ মহস্মদ ঘোৰী।
৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা।
|
তিনিজন
বিদেশী পৰিব্ৰাজকৰ নাম
|
তিনিজন
স্মৃতিচিহ্নৰ নাম
|
তিনিজন
লিখকৰ নাম
|
|
১।
পাৰস্যৰ আব্দুৰ ৰজ্জাক
|
১।
তাজমহল
|
১।গুলবদন বেগম
|
|
২।
মৰক্কোৰ ইবনবটুতা
|
২।
আগ্ৰাৰ জামে মছজিদ
|
২। বাবৰ
|
|
৩।
ইউৰোপৰ মাৰ্কো পলো
|
৩।
কুতুবমিনাৰ
|
৩।
আবুল ফজল
|
৫। মানচিত্ৰ চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া一
(ক) চুলতানী শাসনৰ অধীনস্থ চাৰিখন উত্তৰ ভাৰতৰ আৰু চাৰিখন দক্ষিণ ভাৰতৰ ঠাইৰ নাম লিখা।
উত্তৰঃ
উত্তৰ ভাৰতৰ চাৰিখন ঠাইৰ নাম হৈছে- কনৌজ, আজমীৰ, পেচোৱাৰ আৰু কাশ্মীৰ।
দক্ষিণ ভাৰতৰ চাৰিখন ঠাই নাম হৈছে- পাণ্ড্য, চোল, দৌলতাবাদ আৰু ৰাষ্ট্ৰকূট।
(খ) মানচিত্ৰ দেখুওৱা স্বাধীন ৰাজ্যবোৰ উল্লেখ কৰা।
উত্তৰঃ-
(গ) ঝীলাম, শতদ্ৰু, নৰ্মদা, তাপ্তী, গংগা, গোদাবৰী, নৈবোৰ কোন কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে? উল্লেখ কৰা।
উত্তৰঃ- ঝীলাম, শতদ্ৰু, নৰ্মদা, তাপ্তী, গংগা, গোদাবৰী, নৈবোৰ কোন কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে তলত উল্লেখ কৰা হ'ল一
|
নদী
|
ৰাজ্য
|
|
ঝীলাম
|
পেচোৱাৰ
|
|
গংগা
|
বিহাৰ
|
|
গোদাবৰী
|
যাদৱ
|
|
নৰ্মদা
|
গুজৰাট
|
|
শতদ্ৰু
|
লাহোৰ
|
|
তাপ্তী
|
দৌলতাবাদ
|
পাঠভিত্তিক অতিৰিক্ত প্ৰশ্নঃ-
১। কিমান খ্ৰীষ্টাব্দত গজনী ৰাজ্যৰ প্ৰতিষ্ঠা হয়?
উত্তৰঃ ৯৬২ খ্ৰীষ্টাব্দত গজনী ৰাজ্যৰ প্ৰতিষ্ঠা হয়।
২। ভাৰত আক্ৰমণ মামুদে কেইবাৰ কৰিছিল?
উত্তৰঃ ভাৰত আক্ৰমণ মামুদে সোতৰবাৰ কৰিছিল।
৩। মামুদে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দৰ ভিতৰত ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ ১০০০ খ্ৰীষ্টাব্দৰ পৰা ১০২৭ খ্ৰীষ্টাব্দৰ ভিতৰত ভাৰত আক্ৰমণ কৰিছিল।
৪। দাসবংশ প্ৰতিষ্ঠা কোন আছিল?
উত্তৰঃ দাসবংশ প্ৰতিষ্ঠা কতুবুদ্দিন আছিল।
৫। খিলিজি বংশ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ খিলিজি বংশ প্ৰতিষ্ঠাতা হৈছে- জালালুদ্দিন খিলিজি।
৬। তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ লগত সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল?
উত্তৰঃ মহম্মদ ঘোৰী আৰু চৌহান বংশীয় ৰাজপুত ৰজা পৃথ্বীৰাজৰ মাজত সংঘটিত হৈছিল আৰু এই যুদ্ধ ১৯৯১ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।
৭। ভাৰতবৰ্ষৰ ইতিহাসক কেইটা যুগত ভাগ কৰা হৈছে আৰু এই যুগ কেইটা নাম লিখা।
উত্তৰঃ তিনিটা। এই যুগকেইটা নাম হৈছে-
১। মধ্যযুগ।
২। আধুনিক যুগ।
৩। প্ৰাচীন যোগ।
৮। দাসবংশৰ শেষ ৰজাজনৰ নাম কি?
উত্তৰঃ গিয়াচ্ছুদিন বলবন।
৯। কিমান খ্ৰীষ্টাব্দত চুলতানী শাসনৰ সামৰণি হয়?
উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দত।
১০। মধ্যযুগৰ কেইগৰাকীৰ মান উল্লেখযোগ্য লিখকৰ নাম লিখা।
উত্তৰঃ জীয়াউদ্দিন, বৰানী, গুলবদন বেগম, আমিৰ খশ্ৰু, বাবৰ, আব্দুল ফজল আদি।
১১। মধ্যযুগৰ কেইগৰাকীমান বিদেশী পৰিব্ৰাজকৰ নাম লিখা।
উত্তৰঃ ইউৰোপৰ মাৰ্কো পলো, পাৰস্যৰ আব্দুৰ ৰজ্জাক, মৰক্কোৰ ইবনবটুতা, নিকলকণ্টি আদি।
Check by - Mukesh borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------