পাঠ ১৫
দিল্লীৰ চুলতানসকল



১। উত্তৰ লিখা-

(ক) চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম কি?
 উত্তৰঃ চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম হৈছে - দাস বংশ।

(খ) দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকীৰ নাম কি?
উত্তৰঃ দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকী নাম হৈছে- ৰেজীয়া চুলতানা।

(গ) খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম কি?
উত্তৰঃ খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম হৈছে- আলাউদ্দিন খিলিজি।

(ঘ) ইবনবটুতা কোন আছিল?
উত্তৰঃ ইবনবটুতা আছিল মহস্মদ মৰক্বোৰ পৰ্যটক।

(ঙ) চুলতানী আমােলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্রীজনক কি বুলি কোৱা হৈছিল?
 উত্তৰঃ চুলতানী আমোলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰীজনক 'উজীৰ' বুলি কোৱা হৈছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) কুতুবুদ্দিনে / আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ সপােন দেখিছিল।
উত্তৰঃ আলাউদ্দিন খিলিজিয়ে।

(খ) মহম্মদ বিন টোগলকে / চুলতানা ৰেজিয়াই ব্রোঞ্জৰ মুদ্রা প্রচলন কৰাইছিল।
উত্তৰঃ মহস্মদ বিন টোগলক।

(গ) গিয়াছুদিন বলবনে / আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।
উত্তৰঃ আলাউদ্দিন খিলিজিয়ে।

(ঘ) চুলতানী আমােলৰ উচ্চপদস্থ বিষয়াসকল ক্ষমতাশালী আছিল / নাছিল।
উত্তৰঃ ক্ষমতাশালী আছিল।

(ঙ) চুলতানসকলৰ কৰ ব্যৱস্থাত উৎপন্ন শস্যৰ এক - দ্বিতীয়াংশ / এক - চতুর্থাংশ কৰ হিচাপে দিব লাগিছিল।
উত্তৰঃ একদ্ব-দ্বিতীয়াংশ।

৩। খালী ঠাই পূৰণ কৰা—

(ক) দাসবংশৰ প্রতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবাক

(খ) দক্ষিণাত্য জয় কৰা আলাউদ্দিন খিলিজিয়েই প্রথম চুলতান। 

(গ) মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি দৈলতাবাদত ত স্থাপন কৰিছিল।

(ঘ) পর্যটক ইবনবটুতা মৰক্কো পৰা ভাৰতলৈ আহিছিল।

(ঙ) দিল্লীৰ চুলতানসকলে পাৰস্য দেশৰ ৰাজসভাৰ আদব - কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল।

৪। চুলতানী শাসনকালৰ ৰাজ বংশকেইটাৰ নাম ক্রমানুসাৰে লিখা— 

ছৈয়দ বংশ ,  খিলিজি বংশ , লােডী বংশ , দাস বংশ , টোগলক বংশ ।
উত্তৰ ঃ 
দাস বংশ    -(১২০৬-১২৯০ খ্ৰীঃ) 
খিলিজি বংশ   -(১২৯০-১৩২০ খ্ৰীঃ) 
টোগলক বংশ    -(১৩২০-১৪১৪ খ্ৰীঃ) 
ছৈয়দ    -  (১৪১৪-১৪৫১ খ্ৰীঃ) 
লোডী বংশ    -(১৪৯১-১৫২৬ খ্ৰীঃ)।

৫। পৃথু আৰু বংগৰ শাসনকর্তা বখতিয়াৰ খিলিজিৰ মাজত হোৱা যুদ্ধৰ কাৰণ কি আছিল?
উত্তৰঃ বংগৰ শাসনকর্তা  আৰু কুতুবুদ্দিনৰ সেনাপতি ইবন-বখতিয়াৰ খিলিজিয়ে চীন দেশ জয় কৰিবলৈও ওলাইছিল । কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেই সময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত সংঘর্ষত লিপ্ত হয়। এই সংঘর্ষত বখতিয়াৰ খিলিজি পৰাজিত বংগদেশলৈ উভতি যাবলৈ বাধ্য হয়।

৬। ৫০ টা মান শব্দৰ ভিতৰত তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা—

(ক) চুলতানী আমোলৰ  প্রশাসনিক ব্যৱস্থাৰ উল্লেখযোগ্য দিশসমূহ।
উত্তৰঃ
1) দিল্লীৰ চুলতানী সাম্রাজ্য বিস্তাৰ হোৱাৰ লগে লগে এটি সুশৃংখল প্রশাসনিক ব্যৱস্থা আৰু কিছু নিৰ্ভৰযোগ্য বিষয়াৰ প্রয়োজন হৈছিল। চুলতানসকলে বিশেষকৈ চুলতান ইলটুতমিছে বিষয়া নির্বাচনৰ ক্ষেত্ৰত সম্ভ্রান্ত মানুহ অথবা ভূ-মালিকসকলক নিয়োগ কৰাৰ পৰিৱর্তে সামৰিক সেৱাৰ বাবে ক্রয় কৰা বিশেষ দাসসকলকহে প্রাধান্য দিছিল। কিয়নো এই দাসসকল সম্পূৰ্ণৰূপে তেওঁলোকৰ প্ৰভুৰ ওপৰত অর্থাৎ চুলতানসকলৰ ওপৰত নিৰ্ভৰশীল আছিল। গতিকে চুলতানসকলে তেওঁলোকক নিৰ্ভৰ কৰিব পাৰিছিল। ইলটুতমিছৰ দৰে খিলিজি আৰু টোগলক চুলতানসকলেও এনেধৰণৰ দাসকলক প্রাধান্য দিছিল। 

2) চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত প্রশাসন ব্যৱস্থাৰ ভালেমান সালসলনি ঘটিছিল। দাসবংশৰ প্রতিষ্ঠাতা কুতুবুদ্দিন আইবাকে নিজ সাম্রাজ্যখনৰ সুপৰিচালনাৰ বাবে সাম্রাজ্যৰ ৰাজধানী লাহোৰলৈ স্থানান্তৰ কৰিছিল। টোগলক বংশৰ চুলতান মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি দৌলতাবাদত স্থাপন কৰিছিল বুলি জনা যায়। এই পৰিৱৰ্তনৰ ফলত সৈন্যবাহিনীকে আৰম্ভ কৰি উচ্চ পদস্থ বিষয়া, কর্মচাৰী, স্থানান্তৰ কৰিছিল।

3) ঠিক তেনেদৰে খিলিজি বংশৰ শ্ৰেষ্ঠ ৰজা আলাউদ্দিন খিলজিয়েও প্রশাসনৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিছিল। আলাউদ্দিন খিলিজিয়ে বহু অঞ্চল সফলতাৰে জয় কৰি এক বিশাল সাম্রাজ্যৰ অধিকাৰী হৈছিল।

4) আলাউদ্দিন খিলিজিয়ে সোণৰ মুদ্রা প্রচলন কৰি তাত নিজৰ নাম খোদিত কৰাইছিল। 

5) চুলতানী যুগত ৰজাই সর্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল। তেওঁক শাসন কার্যত সহায় কৰিবলৈ কিছুমান বিষয়া নিয়োগ কৰা হৈছিল। ৰাষ্ট্ৰৰ প্ৰধান মন্ত্রীজনক ‘উজীৰ’ আৰু তেওঁৰ দপ্তৰক ‘দিৱান-ই-উজাৰত বোলা হৈছিল। ধর্ম সম্বন্ধীয় আৰু ন্যায় বিভাগৰ মুৰব্বীজনক ‘চদৰ-উচ-চদুৰ’ বুলি কোৱা হয়। সামৰিক বিভাগৰ নিয়ন্ত্রণকাৰীজনক ‘আৰিজ-ই-মাবালিক’ বোলা হৈছিল। তদুপৰি ৰাজসভা আৰু ৰাজ প্রাসাদৰ দায়িত্ব ‘উকীল-ই-দাৰ’ আৰু আমিৰ-ই-হবিব’ নামৰ বিষয়াৰ হাতত অৰ্পণ কৰা হৈছিল। 

(খ) চুলতানী আমোলৰ ভূমি ব্যৱস্থা
উত্তৰঃ চুলতানী আমোলৰ ভূমি ব্যৱস্থাই এসময়ত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আন চুলতানসকলৰ তুলনাত ভূমি ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত আলাউদ্দিন খিলিজিয়ে সক্ৰিয় ভূমিকা গ্রহণ কৰিছিল বুলি জানিব পাৰি। তেওঁ মাটিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰিছিল। উৎপন্ন সামগ্ৰীৰ এক দ্বিতীয়াংশ কৰ হিচাপে গ্রহণ কৰিছিল৷ চুলতানৰ অধীনস্থ শাসনকর্তাসকলে ভূমিৰ জোখ-মাপ কৰাৰ লগতে সেইসমূহৰ হিচাব বৰ সাৱধানেৰে ৰাখিছিল। কিছুমান বয়সস্থ ভূ-মালিকে কৰ সংগ্ৰহকাৰী হিচাপেও কাম কৰিছিল। তেতিয়াৰ দিনত তিনি ধৰণৰ কৰ আদায়ৰ ব্যৱস্থা আছিল। উৎপন্ন শস্যৰ ওপৰত দিবলগীয়া কৰ, গৰু-ম'হৰ ওপৰত দিবলগীয়া কৰ আৰু ঘৰ বাৰীৰ ওপৰত দিবলগীয়া কৰ। টোগলক বংশৰ চুলতান মহম্মদ বিন টোগলকে সাম্রাজ্যৰ সাৰুৱা মাটিৰ ওপৰত বিশেষ কৰ আৰোপ কৰিছিল বুলি জনা যায়।

(গ) আলাউদ্দিন খিলিজিয়ে কিয় কোনো ব্যক্তিকে নিজাববীয়াকৈ খাদ্য সামগ্রী মজুত ৰাখিব নিদিছিল?
উত্তৰঃ আলাউদ্দিন খিলিজি ৰ শাসন কালত কোনো ব্যক্তিক নিজাববীয়াকৈ খাদ্যশস্য মজুত ৰাখিবলৈ দিয়া নহৈছিল। ইয়াৰ ফলত কোনেও চোৰাংভাৱে খাদ্যসামগ্ৰী  জমা কৰি তাৰ দাম বৃদ্ধি কৰিব নোৱাৰিছিল। তেওঁ দেশৰ আৱশ্যকীয় খাদ্যসামগ্ৰীৰ মূল্য নির্ধাৰণ কৰি সাধাৰণ প্ৰজাক সকাহ দিছিল। প্রয়োজনৰ সময়ত খাদ্যসামগ্ৰী ৰাজহুৱাভাৱে বিতৰণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ জৰিয়তে তেওঁ বজাৰ ব্যৱস্থাটো নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল।

(ঘ) আলাউদ্দিন খিলিজিৰ ৰাজত্ব কালত নতুনকৈ ব্যৱসায় কৰিবলৈ লোৱা ব্যক্তিয়ে নাম পঞ্জীভূক্ত কৰিহে ব্যৱসায় কৰিব পাৰিছিল— মতামত আগবঢ়োৱা।
উত্তৰঃ দেশৰ অর্থনৈতিক ব্যৱস্থা সুস্থিৰ ৰাখিবলৈ হ'লে বজাৰ নিয়ন্ত্রণ কৰাটো অতিশয় জৰুৰী। সেয়েহে আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল।  তাৰে এটা  দিশ আছিল- তেওঁৰ দিনত নতুনকৈ ব্যৱসায় কৰিবলৈ মন মেলা ব্যক্তিয়ে নাম পঞ্জীভূক্ত কৰিহে ব্যৱসায় কৰিব পাৰিছিল। বজাৰ ব্যৱস্থাৰ ভূ ৰখাৰ বাবে তেওঁ চোৰাংচোৱাও নিয়োগ কৰিছিল। বজাৰ ব্যৱস্থাত দূর্নীতি ৰোধ কৰিবলৈ তেওঁ দোষীক কঠোৰ শাস্তি প্রদান কৰাৰো ব্যৱস্থা লৈছিল।



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------