পাঠ ১৭
ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান 



১৷ উত্তৰ দিয়া—

(ক) চাচাৰামৰ সমাধি কোনে নির্মাণ কৰিছিল?
উত্তৰঃ ছেৰছাহ।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ ৰঙা শিলৰ গুৰি।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত?
উত্তৰঃ যমুনা নদী।

(ঘ) ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি?
উত্তৰঃ বেবদন খাঁ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়?
উত্তৰঃ বৈষ্ণৱ আন্দোলন।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা-
 
(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নির্মাণ কৰিছিল জাহাংগীৰে / আকবৰে / বাবৰে।
উত্তৰঃ আকবৰ।

(খ) তাজমহল নির্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে / শুদ্ধ বগা মাৰ্বলেৰে / ইটা-চিমেণ্টেৰে।
উত্তৰঃ শুদ্ধ বগা মাৰ্বলেৰে।

(গ) অসমৰ ভক্তি আন্দোলনৰ হোতা আছিল ৰমানন্দ/গুৰু নানক / শংকৰদেৱ।
উত্তৰঃ শংকৰদেৱ।

(ঘ) মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ / ছাহজাহানৰ / ঔৰংগজেৱৰ শাসন কালত।
উত্তৰঃ জাহাংগীৰ।

(ঙ) তুর্কী ভাষাৰ ‘তুজুক-ইবাবৰী' নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ / আকবৰ / হুমায়ুন।
উত্তৰঃ বাবৰ।

৩। খালী ঠাই পূৰ কৰা—

(ক) পাণিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল।

(খ) ছাহজাহান ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায়।

(গ) জাহাংগীৰৰ দিনত চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ


৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্রকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল।
উত্তৰঃ জাহাংগীৰৰ শাসনকালত মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল। জাহাংগীৰ নিজে এজন চিত্রপ্রেমী হোৱাৰ লগতে এজন চিত্র সমালোচকো আছিল। কল্পনাৰ পৰিৱর্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল ।
জাহাংগীৰৰ দিনত ক্ষুদ্র চিত্রশিল্পইও এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রান্তত বহুতো চিত্ৰশিল্প বিদ্যালয় গঢ় লৈ উঠিছিল ǀ

(খ) মোগল যুগৰ স্থাপত্য, কলা সংস্কৃতিলৈ ছাহজাহানৰ অৱদান।
উত্তৰঃ ছাহজাহানৰ শাসন কালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। ছাহজাহানৰ ৰাজত্বকাল কলা-সংস্কৃতিৰ যোগেদি নদনবদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্যৰ স্বর্ণযুগ বুলি কোৱা হয়। কিন্তু স্থাপত্য-ভাস্কর্য নির্মাণত মুক্তহস্তে খৰচ কৰি শেষৰফালে তেওঁ সর্বস্বান্ত হৈ পৰিছিল। ছাহজাহানে নির্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী। 

ছাহজাহানৰ দিনৰ নির্মাণ কার্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল। তাজমহল শুদ্ধ বগা মার্বলেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ অপূর্ব কাৰুকার্য, মাৰ্বলৰ মনোমোহা সৌন্দর্য, যমুনাৰ পাৰৰ অপৰূপ দৃশ্য— এই সকলোবোৰেই তাজমহলক এক অনন্য মাত্রা প্রদান কৰিছে। পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত তাজমহলো এটা।  কেৱল এয়াই নহয়, আগ্রাৰ দুৰ্গৰ ভিতৰত ছাহজাহানে বহুত অট্টালিকা সজাইছিল। তাৰ ভিতৰত মতি মছজিদ আৰু দেৱান-ই-আম বিখ্যাত আছিল। ছাহজাহানাবাদ নামেৰে সম্পূর্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে তেওঁ এখন অপূর্ব চহৰৰ নিৰ্মাণ কৰিছিল। ছাহজাহানাবাদত তেওঁ চালে চকু ৰোৱা জুমা মছজিদটো সজাইছিল।

ছাহজাহানে আজমীৰত ভালেমান স্থাপত্য নির্মাণ কৰি শিল্প প্রীতিৰ চিনাকী দিছিল। পৃথিৱী বিখ্যাত ময়ুৰ সিংহাসন ছাহজাহানৰ দিনতে সাজি উলিওৱা হৈছিল। দুষ্প্রাপ্য হীৰা, মুকুতা, পান্না আদিৰে সু-সজ্জিত সিংহাসনখন দেখাত এখন খাটৰ দৰে আছিল।

ছাহজাহানে লাহোৰ, কাশ্মীৰ আদি ঠাইতো বহু বিতোপণ অট্টালিকা আৰু মছজিদ নির্মাণ কৰাইছিল। দিল্লীৰ দুৰ্গৰ ভিতৰত সজোৱা দেৱান-ই-আম আৰু দেৱান-ই-খাচ আকৰ্ষণৰ কেন্দ্রবিন্দু আছিল। এইখিনিতে এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে ছাহজাহানে কেৱল স্থাপত্য-ভাস্কর্য নির্মাণতেই গুৰুত্ব দিয়া নাছিল, এইবোৰক সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। সেয়েহে তেওঁক মোগল সাম্রাজ্যৰ প্ৰকৃত নির্মাতা বুলি কোৱা হয়।


(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল?
উত্তৰঃ সম্রাট আকবৰ এজন গোড়া মুছলমান হ'লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্রহণ কৰিছিল। সেয়েহে পিচলৈ এখন বিশাল সাম্রাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধর্ম নীতিয়ে বিশেষভাৱে অৰিহণা যোগাইছিল। আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ ভক্তি আন্দোলনৰ অনুগামীসকল কৰিবৰ বাবে ইবাদখানা অর্থাৎ প্রার্থনা গৃহসজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পিচলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্রণ কৰা হৈছিল। সম্রাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলব্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধর্মমত উলিয়াইছিল। ইয়াকে আমি দিন-ই-ইলাহী বুলি জানো। প্রথম অৱস্থাত এই ধর্মমতৰ নাম আছিল তউহিদই ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্রয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধর্মীয় স্বাধীনতা দিয়াত তেওঁৰ ধর্ম নীতিৰ এক প্রধান বৈশিষ্ট্য আছিল।


৫। মোগল যুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্রস্তুত কৰা।
উত্তৰঃ





ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------