পাঠ ২২
গণতন্ত্ৰ নাগৰিক আৰু নাগৰিকত্ব


১। চমু উত্তৰ লিখা-

(ক) গণতন্ত্ৰৰ অর্থ কি?
উত্তৰঃ গণতন্ত্ৰ এনে এক ব্যৱস্থা য'ত সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশ গ্ৰহণৰ সুবিধা আছে। এই ব্যৱস্থাই মূলতঃ ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণৰ পোষকতা কৰে।

(খ) গণতন্ত্ৰৰ কেই প্ৰকাৰৰ?
উত্তৰঃ গণতন্ত্ৰ দুই প্ৰকাৰৰ-
    ১) প্ৰত্যক্ষ গণতন্ত্ৰ আৰু
    ২)পৰোক্ষ গণতন্ত্ৰ।

(গ) নাগৰিক শব্দৰ অর্থ কি?
উত্তৰঃ বৰ্তমান সময়ত এখন ৰাষ্ট্ৰৰ ভূ-খণ্ডত স্থায়ীভাৱে বাস কৰা সকলো লোককে সেই দেশৰ নাগৰিক হিচাপে গণ্য কৰা হয়। নাগৰিকে ৰাষ্ট্ৰই প্ৰদান কৰা  অধিকাৰ ভোগ কৰিব পাৰে।

(ঘ) বিদেশী মানে কি?
উত্তৰঃ যেতিয়া কোনো এখন দেশৰ নাগৰিকে অন্য এখন দেশলৈ গৈ দীৰ্ঘদিন ধৰি তাত থাকে তেতিয়া তেনে লোকক বিদেশী বোলা হয়।

২। উত্তৰ লিখা—

(ক) গণতন্ত্রৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ হৈছে-

(i) নির্বাচন গণতন্ত্রৰ এক অপৰিহার্য অংগ।

(ii) নির্বাচনত উচ্চ-নীচ, ধনী-দুখীয়া নির্বিশেষে সকলোৱে একোটাকৈ ভোটদানৰ অধিকাৰ পায়। অর্থাৎ ভোটদানৰ অধিকাৰৰ মাজেৰে এই ব্যৱস্থাই সকলো শ্ৰেণীৰ লোকৰ মাজত সমতা স্থাপন কৰে।

(iii) এই ব্যৱস্থাত নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নির্বাচন অনুষ্ঠিত হয় য'ত প্রাপ্তবয়স্কসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে

(iv) গণতান্ত্রিক ব্যৱস্থাত দুই বা তাতোধিক ৰাজনৈতিক দল থাকে।

(v) জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত। চৰকাৰৰ নীতিসমূহ জনমতৰ বিৰুদ্ধে গ'লে জনসাধাৰণে সাংবিধানিক আৰু শান্তিপূর্ণ উপায়েৰে চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে।

(vi) বিৰোধী দলে গণতন্ত্রত বিশেষ ভূমিকা পালন কৰে।

(vii) গণতন্ত্র এক জনকল্যাণমুখী ব্যৱস্থা।

(খ) প্রত্যেক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র কাক বোলে?
উত্তৰঃ  প্রত্যেক্ষ গণতন্ত্র- যি গণতন্ত্রত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পোনপটীয়াকৈ অংশগ্রহণ কৰে তেনে ব্যৱস্থাক প্রত্যক্ষ গণতন্ত্ৰ বোলে। প্রাচীন গ্রীচৰ নগৰ ৰাষ্ট্ৰসমূহত প্রত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল।

পৰোক্ষ গণতন্ত্ৰ- যি গণতন্ত্রত জনসাধাৰণে প্রত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলোকে সময়ে সময়ে নির্বাচন কৰি দিয়া প্রতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰোক্ষ গণতন্ত্র বোলে। ভাৰতবৰ্ষ, ইংলেণ্ড, মার্কিন যুক্তৰাষ্ট্র, ৰাছিয়া আদি দেশত পৰোক্ষ গণতন্ত্র প্রচলন আছে।

(গ) এজন বিদেশীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে?

উত্তৰঃ ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰাৰ উপায়কেইটা হৈছে- 
(i) পঞ্জীয়নৰ দ্বাৰা,
(ii) দেশীয়কৰণৰ দ্বাৰা,
(iii) জন্মসূত্রে,
(iv) বংশানুক্রমে আৰু
(v) ৰাজ্যক্ষেত্র চামিলকৰণৰ দ্বাৰা।

(ঘ) পৌৰ অধিকাৰসমূহ কি কি?

উত্তৰঃ আমাৰ পৌৰ অধিকাৰ সমূহ হৈছে- 
(i) জীৱন ৰক্ষাৰ অধিকাৰ, 
(ii) মতামত প্ৰকাশৰ অধিকাৰ, 
(iii) ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ আৰু
(iv) শিক্ষাৰ অধিকাৰ।

(ঙ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে।

উত্তৰঃ নাগৰিকত্ব বিলোপ হোৱাৰ কাৰণসমূহ হৈছে-
(i) যদি কোনো ব্যক্তি সৈন্যবাহিনীৰ পৰা পলাই যায়, বা কোনোৱে যদি দেশ বিৰোধী কাম কৰে তেনেহ'লে তেওঁ ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব।

(ii)  যদি এখন দেশৰ নাগৰিকে নিজ ৰাষ্ট্রৰ অনুমতি নোলোৱাকৈ অন্য দেশৰ পৰা কোনো উপাধি গ্রহণ কৰে তেতিয়াহ'লে তেওঁৰ নাগৰিকত্ব বিলোপ হ’ব। 

(iii)ভাৰতীয় ছোৱালী এজনীয়ে যদি অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰে তেতিয়াহ'লে তেওঁ ভাৰতৰ নাগৰিকত্ব হেৰুৱাব।
 
(iv) কোনো ব্যক্তি বহু বছৰ ধৰি একেৰাহে নিজৰ দেশৰ পৰা আঁতৰি থাকে তেতিয়াও আমাৰ এই দেশৰ নাগৰিকত্ব বিলোপ হ'ব পাৰে।

৩। খালী ঠাই পূৰ কৰা

(ক) ভাৰতীয় গণতন্ত্রত প্রত্যেক নাগৰিকৰ একোটাকৈ ভোট দিয়াৰ আছে।

(খ) জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত।

(গ) বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে।

(ঘ) এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।

(ঙ) চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্ৰ চামিলকৰণ ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ / ৰাজনৈতিক অধিকাৰ লাভ কৰে।

উত্তৰঃ পৌৰ অধিকাৰ।

(খ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে / ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে।

উত্তৰঃ ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে।

(গ) গণতান্ত্রিক চৰকাৰ হ’ল প্রতিনিধি মূলক চৰকাৰ / স্বেচ্ছাচাৰী চৰকাৰ।

উত্তৰ- প্রতিনিধি মূলক চৰকাৰ।

(ঘ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে / আনুগত্য প্রকাশ কৰে।

উত্তৰঃ আনুগত্য প্রকাশ কৰে।


ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

Spelling Check By - Rajashri Bora 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------