পাঠ ২৩

নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া

 
১। চমু উত্তৰ লিখা —

(ক) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?

উত্তৰঃ বিধানসভাৰ সদস্য়সকলক একোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে।

(খ) শাসক দল মানে কি?

উত্তৰঃ নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্টতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনে দলকে শাসক দল বোলা হয়।

(গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?

উত্তৰঃ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ’লে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয়।

(ঘ) ৰাজ্যৰ বিধানসভাৰ কার্যকাল কিমান বছৰ?

উত্তৰঃ ৰাজ্য়ৰ বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ। 

(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?

উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ'ল-

১) ভাৰতীয় জনতা পাৰ্টী (বি জে পি ) আৰু

২) ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ)।

(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।

উত্তৰঃ অসম গণ পৰিষদ (অ গ প)।


২। উত্তৰ লিখা —

(ক) ভাৰতৰ নির্বাচনী প্রক্রিয়াটো কেনেধৰণৰ? বর্ণনা কৰা।

উত্তৰঃ নির্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্রক্রিয়া আছে। ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্রপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়।  নির্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে। নির্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নিদের্শনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নির্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল'ব পাৰে। নির্বাচনী আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে। 

(খ) গণতন্ত্ৰত ৰাজনৈতিক দলৰ কার্যাবলীসমূহ কি কি ?

উত্তৰঃ গণতন্ত্ৰত ৰাজনৈতিক দলসমূহ দুই ধৰণৰ। এক শাসক দল যিয়ে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আৰু আনটো বিৰোধী  যিয়ে চৰকাৰী কামকাজৰ খুটি নাটি ডাঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে। নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে।  ৰাজনৈতিক দলসমূহে নিজ দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰিবলগীয়া নেতাজনক লগত লৈ নিজ নিজ সমষ্টিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলৰ লক্ষ্য, উদ্দেশ্য, ভৱিষ্যতৰ কর্মপন্থা ৰাইজৰ আগত দাঙি ধৰে। তদুপৰি নির্বাচনী প্রচাৰ অভিযানৰ বাবে দলৰ কৰ্মীসকলে ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নিজৰ প্রার্থীজনক ভোট দিবলৈ অনুৰোধ জনায়। ভোটৰ তালিকাত পৰিয়ালৰ প্রাপ্তবয়স্কসকলৰ নাম আছে নে নাই তাক নিশ্চিত কৰে। নিজ দলে ভৱিষ্যতে কৰিবলগীয়া কৰ্মৰাজি ইস্তাহাৰ হিচাপে প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰে। কিছুমান দলীয় সমর্থকে দলৰ প্রতীক, বেনাৰ আৰু প্রার্থীক লৈ চাইকেল, মটৰচাইকেল আদিৰ সমদল উলিয়াই নির্বাচনী সভা অনুষ্ঠিত কৰে।

(গ) গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে?

উত্তৰঃ গণতন্ত্রত বিৰোধী দলে তলত দিয়া ধৰণেৰে চৰকাৰক নিয়ন্ত্রণ কৰে- 

(i) ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নির্বাচন অনুষ্ঠিত কৰাত সহায় কৰে।

(ii) চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কার্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কার্যৰণৰ বাবে সুস্থ জনমত গঠন কৰে।

(iii) আইন প্রণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

(iv) প্রয়োজন সাপেক্ষে দোষ-ত্রুটি আঙুলিয়াই দিয়ে।

(v) সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্রীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে।

(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে? যুক্তি দর্শোৱা।

উত্তৰঃ নির্বাচন গণতান্ত্রিক শাসন ব্যৱস্থাৰ এটা অন্যতম দিশ। এখন গণতান্ত্রিক চৰকাৰ গঠন কৰিবৰ বাবে নির্বাচন অপৰিহার্য।

(i) নির্বাচন জনসাধাৰণৰ মত প্রকাশৰ এক গুৰুত্বপূর্ণ মাধ্যম।

(ii) নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে চৰকাৰক নিজৰ নিয়ণন্ত্ৰণত ৰাখিব পাৰে, অন্যথা শাসকীয় দল স্বেচ্চাচাৰী হ'ব।

(iii) নিৰ্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে।

(iv) নিৰ্বাচনৰ জৰিয়তে নাগৰিকে  দেশৰ  ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পায়।


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা 

(ক) ভাৰতৰ উপ-ৰাষ্ট্রপতি প্রত্যক্ষ / পৰোক্ষভাৱে নির্বাচিত হয়।

উত্তৰঃ পৰোক্ষভাৱে।

(খ) লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ / ১২৬ জন।

উত্তৰঃ ৫৪৫জন।

(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল।

উত্তৰঃ আঞ্চলিক দল।

(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।

উত্তৰঃ ৰাজ্যপাল।

(ঙ) বিধানসভাৰ কার্যকাল ৭ / ৫ বছৰ।

উত্তৰঃ ৫ বছৰ


৪। চমুটোকা লিখা 

(ক) সার্বজনীন প্রাপ্ত বয়স্ক ভোটাধিকাৰ।

উত্তৰঃ সার্বজনীন প্রাপ্ত বয়স্ক ভোটাধিকাৰ ব্যৱস্থাত এটা নিৰ্দিষ্ট বয়সৰ ওপৰত দেশৰ সকলো নাগৰিকে ভোটাধিকাৰ পায়। এই ক্ষেত্ৰত ভাষা, ধৰ্ম, জাতি, লিংগ, ধনী-দুখীয়া আদি বৈষম্য অনা নহয়। ভাৰতবৰ্ষত ১৮ বছৰ বয়সৰ ওপৰত সকলো নাগৰিকে ভোটদান কৰিব পাৰে।

(খ) নির্বাচনী আয়োগ।

উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্রপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়।  নির্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে। নির্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে।

(গ)ৰাজনৈতিক দল।

উত্তৰঃ ৰাজনৈতিক দল হৈছে উমৈহতীয়া ভাৱধাৰাৰ দ্বাৰা সংগঠিত কিছু ব্যক্তিৰ গোট যিয়ে নিৰ্বাচনত অংশ গ্ৰহণ কৰি ক্ষমতা দখলৰ  চেষ্টা চলায়। গণতন্ত্ৰত ৰাজনৈতিক দলসমূহে দুই ধৰণৰ এক শাসক দল যিয়ে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আৰু আনটো বিৰোধী  যিয়ে চৰকাৰী কামকাজৰ খুটি নাটি ডাঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে।



ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

Spelling Check By - Rajashri Bora 

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
-------------------------------