পাঠঃ ২২ 

নাগৰিক আৰু নাগৰিকত্ব

অনুশীলনীঃ

১।    চমু উত্তৰ লিখা -

(ক) নাগৰিক শব্দৰ অৰ্থ কি ?

উত্তৰঃ যি ব্য়ক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ লৰে তেনে ব্য়ক্তিক নাগৰিক বোলে।

(খ) বিদেশী মানে কি ?

উত্তৰঃ যেতিয়া কোনো ব্য়ক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ লাভ কৰে তেনে ব্য়ক্তিক বিদেশী বোলে।

(গ) নাগৰীকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰি ?

উত্তৰঃ নাগৰীকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। 

(ঘ) কোন চনত চিকিম ভাৰতৰ লগত চামিল হয় ?

উত্তৰঃ ১৯৭৫ চনত চিকিম ভাৰতৰ লগত চামিল হয়।

২।    উত্তৰ লিখা -

(ক) এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰি ?

উত্তৰঃ এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰি।

(খ) পৌৰ অধিকাৰসমূহ কি কি ?

উত্তৰঃ পৌৰ অধিকাৰসমূহ হ'ল- জীৱনৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্য়ক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি।

(গ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে ?

উত্তৰঃ ৰাষ্ট্ৰবিৰোধ কৰিলে এজন নাগৰিক নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে।

৩।    খালী ঠাই পূৰ কৰা -

(ক) বিদেশীসকলে                  অধিকাৰ ভোগ কৰিব নোৱাৰে।

উত্তৰঃ ৰাজনৈতিক।

(খ) আমাৰ দেশ ভাৰতত এজন ব্য়ক্তিয়ে                 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।

উত্তৰঃ ১৮ বছৰ।

(গ) চিকিমৰ জনসাধাৰণে                 ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।

উত্তৰঃ ৰাজ্য়ক্ষেত্ৰ চামিলকৰণ।

৪।    শুদ্ধ উত্তৰটো বাছি উলিওৱা -

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে।

উত্তৰঃ পৌৰ অধিকাৰ।

(খ) এজন নাগৰীকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বেলোপ হ'ব পাৰে।

উত্তৰঃ ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে।

(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য় প্ৰকাশ নকৰে/আনুগত্য় প্ৰকাশ কৰে।

উত্তৰঃ আনুগত্য় প্ৰকাশ কৰে।

(ঘ) কোনো এজন ব্য়ক্তিৰ নিজৰ দেশৰ পৰা অন্য় দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয়।

উত্তৰঃ বিদেশী বোলা হয়।


Type By - Kishor Nath



Post ID: DABP001933