মৌলিক অধিকাৰ | Chapter 23 | Class 8 Social Science Answer | Assam Government School | Class 8 Social Science Question And Answer | অধ্যায় ২৩ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অসম গৰমেণ্ট স্কুলৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মৌলিক অধিকাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ | Class VIII Social Science Suggestion Assam Government School | Class 8 Social Science Notes Assam Government School | Class 8 Social Science Free Question And Answer Assam Government School

মৌলিক অধিকাৰ
পাঠ-২৩


১) চমু উত্তৰ দিয়া-

ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?

উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ  সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ।


খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল ?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ (বিল অৱ ৰাইটছ্) ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল ।


গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?

উত্তৰঃ সংবিধানৰ ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ উল্লেখ আছে ।


ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?

উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।


ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?

উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ।



২) খালী ঠাই পূৰ কৰা-

ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি

খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিচ্ছেদ্য অংগ ।

ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব  বিকাশত সহায় কৰে ।


৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ নোৱাৰে।


খ) মৌলিক অধিকাৰৰপৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে / নোৱাৰে ।
 
উত্তৰঃ পাৰে।


গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা  বনুৱালৈকে সকলো সমান হয়/ নহয় ।

উত্তৰঃ হয়।

ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত  সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ।

উত্তৰঃ পাৰে।

ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ।

উত্তৰঃ পাৰে।


৪) সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা।

উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে- 
→এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয়,

 এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায়,

মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো বৈষম্য নথকা

বাবে সকলো শ্ৰেণীৰ লোকে জাতি –ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে ।


ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)

SPELLING CHECK
              BY
          DIKHA

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------