SCERT Class 8 Social Science Chapter 23 Answer 2026 |ভাৰতীয় সংবিধান| Chapter 23 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Ans Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF অসম গৰমেণ্ট বিদ্যালয় অধ্যায় ২৩ | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰভাৰতীয় সংবিধান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |
১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক ‘মৰ্লে মিণ্টো সংস্কাৰ আইন’ বোলে।
১৯১৯ চনত ‘ভাৰত চৰকাৰ আইনে’ ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও ইয়াৰ পৰিসৰ বৰ সীমিত আছিল।
১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনতে পোন প্ৰথম বাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন হয়।
১৯২৭ চনত চাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা কাৰ চাইমন কমিচনৰ প্রতিবেদন মতে ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়।
১৯৩৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰভাৱ গ্ৰহণ কৰে। বৃটিছ চৰকাৰে চাইমনৰ প্রতিবেদন গ্রহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্রতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে তিনিখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন' গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
দ্বিতীয় মহাযুদ্ধৰ (১৯৩৯-১৯৪৫) আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্রিয় হৈ পৰে। বৃটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমর্থন লাভ কৰাৰ উদ্দেশ্যে ১৯৪০ চনত ‘আগষ্ট প্রস্তাব'ৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল।
সেই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্রস্তাৱ অনুসৰিয়েই ভাৰতীয় সংবিধান সভা গঠিত হয়। ড° ৰাজেন্দ্র প্রসাদক এই সভাৰ সভাপতিৰূপে নির্বাচিত কৰা হৈছিল।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে।
১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড° আম্বেদকাৰক সভাপতিৰূপে লৈ ৬ জন সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হয়। ১৯৪৮ চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মত লবলৈ ৮ মাহ সময় লয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। তাৰ পিচত এইখন সংবিধান সভাত গৃহীত হয়। সংবিধান খন ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ ২বছৰ, ১১ মাহ, ১৮ দিন সময় লাগিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হয়।